পেৰানৰ্মেল কনফেশ্বন বক্স Real Assamese Ghost Experience

পেৰানৰ্মেল কনফেশ্বন বক্স Real Assamese Ghost Experience

পেৰানৰ্মেল কনফেশ্বন বক্স Real Assamese Ghost Experience

২০১১ চন।মই তেতিয়া একাদশ শ্ৰেণীৰ ছাত্ৰী।**** নৱোদয় বিদ্যালয় **** হোষ্টেলত থাকি পঢ়ি আছিলো।সেই সময়ত আমাৰ লগৰ বান্ধৱী এজনীয়ে আত্মহত্যা কৰিছিল।

অৱশ্যে সেই ঘটনাটো তাইৰ নিজৰ ঘৰত হৈছিল।আমি খবৰ পাই হতবাক হৈ পৰিছিলো।মেডিয়া আহিছিল অলেখ প্ৰশ্ন উঠিছিল আমাৰ বিদ্যালয় খনৰ ওপৰত।।যিহেতু ঘটনাৰ স্থান আমাৰ বিদ্যালয় নাছিল সেইকাৰণে কথা বোৰ তেনেকৈয়ে তল পৰিল।

পিছে  তাইৰ মৃত্যুৰ অলপদিন পাছত হোষ্টেলত কিছুমান ঘটনা হৈছিল।।তাই আৰু মই একেটা হোষ্টেলৰ বাসিন্দা আছিলোঁ।তাই যি খন বিচনাত শুইছিল সেই বিচনা খনত পাছলৈ আমাৰ জুনিয়ৰ ছোৱালী এজনী থাকিবলৈ ললে।।মোৰ বান্ধৱী গৰাকী ৰ বেগ এটা তেতিয়াও বিচনাৰ ওপৰত ৱালত ওলমি আছিল।

আমিও মন কৰা নাছিলোঁ।এদিন ৰাতি জুনিয়ৰ ছোৱালীজনীয়ে টোপনিৰ পৰা সাৰ পাই চিয়ৰি দিলে।আমি ও খপ জপকৈ উঠিলোঁ।কি হল বুলি সোধাত তাই কলে যে" বিচনা ৰ কাষত(মৃত বান্ধবীৰ নাম কৈ) তাই বহি মোৰ ফালে চাই আছিল"।

আৰু তেনেকৈ কৈ তাই ভয়ত কান্দিব ধৰিলে।আমাৰো ভয় নলগা নহয়।কিন্তু সৰু কেইজনিৰ বেছি ভয় লাগে বুলি আমি বুজনি দিলোঁ যে তেনেকুৱা একো নাই।আমাৰ লগৰ এজনীয়ে কলে "মইহে টোপনি নহা কাৰণে বহি আছিলোঁ তাত"।

তেনেকৈ কোৱাৰ পাছত জুনিয়ৰ জনীৰ ভয়টো অলপ কমিল।।আমিও আকৌ নিজৰ বিচনা লৈ উভতি গলো।।সেই ৰাতিয়ে চাদত কিবা অদ্ভুত শব্দ কিছুমান শুনিছিলোঁ।।

পাছত আমি আলোচনা কৰিছিলোঁ আচলতে ঘটনাটো কিনো আছিল বুলি।।কিন্তু আজিলৈকে সেই ৰহস্য ৰ ভেদ নহল ।

মনতে আমিবোৰে ভাবিলোঁ সঁচাকৈয়ে তাই আহিছিল নেকি??নিজেই শোৱা বিচনা খনৰ মোহ এৰিব পৰা নাছিল নেকি তাই??

সেই ৰাতিটোৰ কথা মনত পৰিলে আজিও গাৰ নোম সিয়ৰি উঠে।সেইয়া আমাৰ ভ্ৰম আছিল নে কি আজিলৈকে বুজি নাপালোঁ।

(তই যতেই নাথাক কিয় কুশলে থাক)

লিখিছে : Nandita Dutta