Romantic Love Story Assamese : আপোনাৰ পচন্দ হৈছেনে ?

assamese love story,assamese sad story,assamese story

Romantic Love Story Assamese : আপোনাৰ পচন্দ হৈছেনে ?

বিয়াৰ পিছত তাই মোক কৰা ১ মে প্ৰশ্নটো আছিল, “মোক আপোনাৰ পচন্দ হৈছেনে? মই কৈছিলো “ ঘেণ্টা হৈছে। .... এসোপামান মেক আপ কৰি উঠি, দহবিধ অলংকাৰ পিন্ধিলেই সুন্দৰী বুলি নকয় “ মনত প্ৰচণ্ড দুখ থাকি গল। মোৰ পৰিয়ালক বিয়াত ৰাজি নহও বুলি কবলৈ নোৱাৰিলো, সেয়েহে তোৰ দৰে এজনী মোৰ গলত ওলমিবলৈ পালে।  এতিয়াৰ পৰা তই তোৰ মতে থাকিবি মই মোৰ মতে থাকিম। “

দুদিন পিছত গুৱাহাটীলৈ গুচি আহিলো।  মোৰ ফোনটো বেয়া হোৱা বুলি খবৰ দি চুইছ অফ কৰি থলো। পিছত ঘৰ আহি দেখিলো, মোৰ আপদটো মাকৰ ঘৰলৈ গুচি গৈছে। মোৰ জীৱনটো ভাললৈ আহিল। কিন্তু কেইদিন পিছত এদিন দেখিলো কুলক্ষিণীজনী আহি আকৌ মোৰ ঘৰত হাজিৰ। 

এনেদৰে প্ৰতি ৰাতি তাইৰ সৈতে কাজিয়া হয়। কাৰণ আঁঠুৱাখন তাই টানি দিয়ে। মোৰ পুৰণি অভ্যাস এটা আছে। আঁঠুৱাখন নিজে নতৰিলে মোৰ শান্তি নালাগে। টোপনি নাহে। হঠাৎ এদিন মাজৰাতি মোৰ কাণত তাই জোৰকৈ কবলৈ ধৰিলে,

 “ঐ শুনা কোৱাচোন কোৱা, তুমি মোক ভালপোৱানে, ?” চকুটো ডাঙৰ কৰি দাত মুখ চেপি কৈ দিলো
”একমাত্ৰ তোক নহয়, তোৰ লগতে মায়ে বাপেৰে, তোৰ চৈধ্য গোষ্ঠীকো মই ভালপাঁও “

আৰম্ভ হল আক্ৰমণ, প্ৰত্যাক্ৰমণ। ছোৱালী মানুহ ভাই। কেতিয়া কি কৰে পাত্তা নাই। ভয়ত সেয়ে বাথৰুমত সোমালো! এতিয়া শান্তি, , , , , 

হঠাৎ ভিতৰৰ পৰা শুনিলো মোৰ মোবাইলটো ৰিং হৈছে, তাৰাতাৰি বাহিৰলৈ ওলাই ফোনটো হাতত লৈ চালো, তাই হাঁহি হাঁহি কবলৈ ধৰিলে, “ মই কল কৰিছো তোমাক বাথৰুমৰ পৰা বাহিৰলৈ আনিবলৈ। হাহাহা।” 

মই হাতজোৰ কৰি কলো “মোক মাফ কৰি দি তই। মাফ কৰি দে। হব আৰু। “

প্ৰাকৃতিক সৌন্দৰ্য্যৰ লীলাভূমি গোলাঘাটৰ চাহ বাগানৰ ফালে এদিন কিবা কামত যাবলগীয়া হৈছিল। হঠাৎ তাইৰ ফোন আহিল।” ঐ শুনা মোৰ বাবে ১ কেজি ধুনীয়া চাহ পাত লৈ আনিবা “..একো নকৈ ফোনটো মই কাটি দিলো, মনে মনে ভাবিলো।” কেলা, কোন ছোৱালীয়ে গিৰিয়েকৰ পৰা চাহপাত খোজে বে, এনে এটা আনকালচাৰ্ড ঘৈণী মোৰ ভাগ্যত হে পৰে না।” 

এদিন ৰাতি ঘৰলৈ ঘূৰি আহি মই ভাত খাবলৈ লৈছো তাই খৰধৰকৈ বিছনাৰ পৰা নামি কবলৈ ধৰিলে, “আজি মই নিজ হাতে আপোনাক খুৱাই দিম, যদি আপোনাৰ কোনো প্ৰব্লেম নাই? কি কৰিম, খাই দিলো আৰু একো নকৈ শুবলৈ গুচি গলো। 

পিছৰ দিনাও অন্য এক আবদাৰ “আমি আজি একেখন বিছানাত থাকিম “ কি আজব ছোৱালী ভাই, , , জোৰ কৰিয়েই ভালপোৱা আদায় কৰিব খোজে, কি কৰিম, এটা ভুতৰ সৈতে ৰাতিটো কটালো। পিছৰ দিনাও একেই আবদাৰ, তাই মোৰ হাতত ধৰি কবলৈ ধৰিলে, 

”এই সপ্তাহটা মোক দিয়ক প্লিজ”
”প্ৰতিদিন তোৰ ওপৰত কৰুণা কৰা মোৰ পক্ষে সম্ভব নহয়”

মই মাত্ৰ এয়াই কলো। 

পিছৰ সপ্তাহ চাকৰিত যোগদান কৰিলো। অকলশৰে থাকো, বহুত ভালদৰে আছো। কেইমাহমানৰ পিছত তাই মোক ফোন কৰি কলে, ডাক্টৰে কৈছে সু-খবৰ, কৈয়েই ফোনটো কাটি দিলে, , এইখিনি কবলৈও লাজ, , , 

কি এটা আনস্মাৰ্ট ছোৱালী। ছিঃ

ঘৰলৈ গুচি আহিলো এক সপ্তাহৰ ছুটি লৈ। নিবিড় পৰিচৰ্যাত ৰাখিবলৈ ললো তাইক, যিয়েই নহওক কিয় হবলগীয়া সন্তানটোতো মোৰেই না।  এই ভাবি কাম কাজ কৰিবলৈ নিদিলো, সময়মত নিজ হাতে খুৱাই দিও, শুৱাই দিও। এদিন শেষ ৰাতি হঠাৎ হঠাৎ সাৰ পাই দেখিলো। , তাই মোক সাবটি শুই আছে। দেখিও নেদেখা ভাও জুৰি মই একো নকলো। সিদিনা এনে লাগিছিল যেন মই অলপ অলপ ভালপাবলৈ লৈছো। 

কিছুদিন পিছত কন্যাসন্তানৰ দেউতা হলো, মোৰ ছোৱালীজনী দেখিবলৈ খুবেই ধুনীয়া। ছোৱালীজনী সুস্থ। কিন্তু মাকজনী সুস্থ নহয় ,কাৰণ অতিৰিক্ত ব্লিডিং হৈছে, ৰক্তসল্পতাত ভুগিছে, মই নিজে তেজ দিলো, যেতিয়া তাই অচেতন হৈ আছিল আৰু মই কাষৰ চিটত তেজ দি আছিলো, এজনী ছোৱালী কিমান অসহায় হব পাৰে, কাষত থাকি নিজ চকুৰে নেদেখিলে হয়তো মই কেতিয়াও নুবুজিলোহেতেন। তাইৰ জ্ঞান উভতি অহাৰ পিছতে মোক সুধিছিল,  ”মই বাচিমতো? বাচি থাকিলে তোমাৰ বুকত মুৰ থৈ শুৱাৰ সুযোগ দিবানে মোক? আৰু যদি মৰি যাও তেতিয়া হলে কাকো তুমি বিয়া কৰিবলৈ নোৱাৰিবা, এতিয়াও তুমি মোৰ, মৃত্যুৰ পিছতো তুমি মোৰ “

মই আৰু কান্দোন ধৰি ৰাখিবলৈ নোৱাৰিলো, সেইদিনা প্ৰথম তাইৰ দুহাতত ধৰি কৈছিলো।  “তুমি প্লিজ মোক ক্ষমা কৰি দিয়া, মোৰ চকুৰ পানী তাই নিজ হাতে মচি দি কৈছিল “তোমাক বহুত ভালপাও।” ভগবানৰ ওচৰত হাতযোৰ কৰি সিদিনা ১ম তাইকেই বিচাৰিছিলো,  ”মোৰ বিনিময়ত হলেও তাইক ভাল কৰি দিয়া ভগবান।” 

সেইসময়ত ডাক্তৰে আহি কলে,এটি আৰু সৰু অপাৰেচন কৰিব লাগিব। অলপ সময় পিচত আমি আৰম্ভ কৰিম এই বুলি মোৰ কাষৰ পৰা তাইক লৈ যোৱা হল। 

মই যেতিয়া ভীষণ আপেক্ষাত ৰৈছো, মোৰ ঘৈণীজনী সুস্থ হৈ ওলাই আহিব। কিছুসময় পিছত ডাক্তৰে মোক মাতি নি কলে

”Sorry, She is no more, due to insufficiency of blood”

ডাক্তৰৰ ভৰিত ধৰি কৈছিলো, “তাই বচাই দিয়ক প্লিজ। মোৰ সকলো তেজ লৈও তাইক মোক ওভোটাই দিয়ক”

Also Read Best Assamese Love Story | এটি ৰোমান্তিক লাভ ষ্টৰি | Love Story In Assamese Language

ডাক্টৰে নুশুনিলে। সকলোৱে মোৰ সৰু ছোৱালীজনীক আলপৈচান ধৰিলে। বগা কাপোৰৰে মোৰ পত্নীগৰাকীক মোৰ আগৰপৰা লৈ যোৱা হ ল। 

শেষ বিদায় দি যেতিয়া উভতিছিলো, তেতিয়া বাৰ বাৰ যেন কাণত সেই কথাবোৰে আমনি কৰি আছিল।  “এই সপ্তাহটো মোক দিয়কনা প্লিজ”

”মোৰ কাৰণে এক কেজি তাজা চাহ লৈ আহিব “

অকলশৰে প্ৰায় পাঁচ বছৰ পাৰ হৈ গল। তাৰ পিছতো এতিয়াও তাইৰ স্মৃতিবোৰ লগত লৈ ফুৰিছো। আজি আমাৰ পাহিৰ পঞ্চম জন্মবাৰ্ষিকী, অলপ সময় আগতে তাই মোৰ কোলাত উঠি মোৰ কান্ধত তাইৰ মুৰটো থৈ কবলৈ ধৰিলে। 

”দেউতা তুমি কি আজিও মোৰ সেই আনকালচাৰ্ড মাজনীকে ভালপোৱা নে?”

(ভাল লাগিলে শ্বেয়াৰ কৰিব)

~ভাবানুবাদ