Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Daini Part 51: Assamese Novel Books Free

Assamese Novel Books Free | Free best assamese books on amazon | Best flipkart assamese books

From Part 50

এইবোৰ কথা ভাবি থাকোতে চকুটো হঠাতে এলেচৰ ফালে গ’ল। তাই ভয়াৰ্ত  চাৱনিৰে  মোৰ ফালে চাই আছে। বাৰু, আকৌ তাইক হত্যা কৰিলে কেনেকুৱা হ’ব?  তাই মুক্তিয়েইতো বিচাৰিছিল। মই তাইক জোৰ কৰিহে জীয়াই দিলোঁ। তাইক আকৌ হত্যা কৰি মৃতদেহটো পাকঘৰলৈ লৈ গৈ, মই মনিকাক তাইৰ মৃতদেহটো দি দিম। কিন্তু অলপ পিছতে মই বুজিলোঁ যে মই কেতিয়াও এলেচক হত্যা কৰিব নোৱাৰিম। যোৱা নিশাৰ আনন্দময় সপোনটোৰ পিছত মই অজানিতে তাইৰ প্ৰেমত পৰিলোঁ। মই তাইৰ ভয় খোৱা ওঁঠ দুটাত চুমা খাই ক'লোঁ, "চিন্তা নকৰিবা এলেচ। সকলো ঠিকেই হ'ব। যেতিয়ালৈকে নহয় আমি আৰু সেই পাকঘৰটোলৈ নাযাওঁ। এতিয়াৰ পৰা আমি বাহিৰৰ পৰা সকলো কিনি খাম, কিন্তু সেই পাকঘৰটোত কেতিয়াও প্ৰৱেশ নকৰো। কেনে হব?"

এলেচে মুৰটো দুপিয়াই সন্মতি প্ৰকাশ কৰিলে। তাৰ পাছত আকৌ মেকড’নাল্ডছলৈ ফোন কৰি ৰাতিৰ আহাৰ অৰ্ডাৰ দিলোঁ। আমি দুয়ো দুয়ো একেলগে ৰাতিৰ আহাৰ খাই সোনকালে শুই পৰিলোঁ। আজি আমি ইমান ফুৰিছিলো যে দুয়োজনেই বৰ ভাগৰুৱা হৈ পৰিছো। কিন্তু সেইবুলি এলেচে একেবাৰেই এৰি দিয়া নাই । শুৱাৰ আগতে তাই মোক আকৌ সুখৰ সাগৰত উটুৱাই দিলে।

সেইৰাতি সংঘটিত হোৱা দুৰ্ঘটনাৰ পূৰ্বে লিখকে নিজৰ টেবলেটৰ "Virtual Diary"ত লিখিছিল এই কথা। তেনেতে লিখক আৰু এলেচে মৰমেৰে ইজনে সিজনৰ ওপৰত সাবতি বিচনাখনত শুই পৰিল। কিন্তু  ভুলবশতঃ পাকঘৰৰ জ্বলি থকা চৌকাটো বন্ধ কৰিবলৈ পাহৰি গল। পিছত মনিকাৰ ভয়ত দুয়োৰে কোনোৱেই পাকঘৰলৈ  নাহিল। গোটেই ৰাতি চৌকাটো জ্বলি থাকিল। পুৱাৰ ভাগত পাকঘৰত থকা ডিপ ফ্ৰীজৰ দৰ্জাখন আকৌ এবাৰ খোল খালে। ঠিক তেতিয়াই জ্বলি থকা চৌকাটোৰ পৰা ওলোৱা শিখা এটাই পাকঘৰটোক জ্বলাই দিলে। দুয়োৰে অজানিতে জুইয়ে লাহে লাহে এটাৰ পিছত এটা ৰুমলৈ বিয়পি পৰিল।

জুই ক্ষীপ্ৰতাৰে গোটেই কটেজটোতে আগুৰি ধৰিলে। লিখক, আৰু মনিকাৰ দেহত এলেচ টোপনিত লালকাল । যোৱা নিশাটো তেওঁলোকৰ এটা ডাঙৰ ৰাতি আছিল। হয়তো ১২০০ বছৰ আগতে এলেচে মাৰ্টিনিৰ সৈতে এনে এটা নিশাৰ কথা নিজৰ ডায়েৰীত লিখিছিল। ধোঁৱাবোৰ ওচৰ চাপি আহিছে। লিখকে হঠাতে এটা আঁচোৰ মাৰি সাৰ পালে। তেতিয়ালৈকে শোৱা কোঠাৰ সন্মুখৰ দুৱাৰখন জুইয়ে আগুৰি ধৰিছিল।  খৰধৰকৈ টোপনি যোৱা এলেচক জগাই তুলিলে। জ্বলন্ত মৃত্যুৰ সন্মুখত দুয়ো স্তম্ভিত হৈ থিয় দিলে।

বিশাল কটেজটোৰ আশে-পাশে জনসংখ্যা অতি কম। কটেজটোৰ চাৰিওফালে ২০ ফুট উচ্চতাৰ বেৰ। চুবুৰীয়াই বেৰৰ ওপৰেৰে ধোৱা দেখি অগ্নিনিৰ্বাপক বাহিনীক ফোন কৰাৰ সময়লৈকে কটেজটো সম্পূৰ্ণৰূপে জুইৰ শিখাই আগুৰি ধৰিছিল। গতিকে অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ ইমান সফল নহল। তেওলোকে শোৱনি কোঠাটোত সোমাই দুৱাৰৰ সন্মুখত মনিকাৰ জ্বলি যোৱা মৃতদেহটো পালে। এলেচ, তেতিয়ালৈকে, দ্বিতীয় মৃত্যুৰ সোৱাদ লৈ শৰীৰ এৰি থৈ গৈছে । সেই আবদ্ধ বাথৰুমতে লিখকক উদ্ধাৰ কৰা হ’ল।  শৰীৰৰ ২৫টা অংশ জ্বলি যোৱাৰ পিছতো দেহত অলপ প্ৰাণ আছিল।  ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কটেজটোৰ বীমা কৰিছিল ভিগাটিয়াৰ কোম্পানীয়ে। লিখকে কৰিছিল।

পিছদিনা কোম্পানীটোৰ দুৰ্ঘটনা বিশেষজ্ঞ ৰবাৰ্ট’ ট্ৰেভেজে আহি কটেজটো পৰিদৰ্শন কৰে। তেওঁ অগ্নিনিৰ্বাপক বাহিনীৰ বিশেষজ্ঞৰ সৈতে কথা পাতি গম পালে যে পাকঘৰৰ চৌকাটোৰ পৰাই জুইৰ সূত্ৰপাত হৈছিল। তেওঁ নিজেই পৰীক্ষা কৰিছিল। এনে লাগিছিল যেন কোনোবাই গেছটো খুলি পিছত জুই লগাই দিছে। সেইবাবেই কটেজখন জ্বলি ছাই হৈ গ’ল। তেও মনে মনে সুখীয়েই হল । কাৰণ তেওঁৰ কোম্পানীয়ে এই দুৰ্ঘটনাৰ ক্ষতিপূৰণ দিব নালাগে। ট্ৰেভেজে দুগুণ উৎসাহেৰে কটেজটোৰ প্ৰতিটো কোঠা পৰীক্ষা কৰিলে । শোৱনি কোঠাত সোমাই তেও ছাই হৈ যোৱা বিচনাখনৰ ওপৰত এখন জ্বলি যোৱা এটা নেক্সাছ ৭ পালে। সম্পূৰ্ণৰুপে ডেড হৈছে ফোনটো। কিন্তু মেমৰি ষ্টৰেজ এতিয়াও হয়তো ঠিকেই আছে।

অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু আৰক্ষীয়ে গম নোপোৱাকৈ লাহেকৈ ফোনটো তেও পকেটত ভৰালে। সকলোৱে ব্যস্ত হৈ থকাৰ বাবে কোনেও লক্ষ্য কৰা নাছিল। ঘৰলৈ যাওঁতে চুপাৰ মাৰ্কেটৰ পৰা আন এটা নেক্সাছ ফোন কিনিলে। ঘৰলৈ উভতি অহাৰ পাছত তেওঁ লিখকৰ জ্বলি যোৱা ফোনটো ভাঙি মেম’ৰী ষ্ট’ৰেজটো উলিয়াই নতুন ফোনটোৰ মাদাৰব’ৰ্ডত ভৰাই দিলে। চুইচটো টিপিদিয়াত ফোনটো অন হ’ল! এই সময়ত তেওঁ নিজকে ডাক্তৰৰ তুলনাত কম অনুভৱ কৰা নাছিল। বিখ্যাত মোবাইল চাৰ্জন ডাঃ ৰবাৰ্ট ট্ৰেভেজ। অলপ সময় নিজৰ মাজতে হাঁহি এটা মাৰিলে। তাৰ পাছত  ষ্ট’ৰেজৰ ফাইলবোৰ চাই থাকোঁতে ফোল্ডাৰ এটা তেওৰ চকুত পৰিল।নাম আছিল “Virtual Diary“

তাত এটা ৱৰ্ড ফাইল আছিল। খুলি চাওতে কিছুমান অদ্ভুত লিখনি ওলাই আহিল। ট্ৰেভেজে ভাষাটো নাজানে। কিন্তু প্ৰবাসী লিখকে সম্পূৰ্ণ নিজৰ ভাষাত ডায়েৰীটো লিখিছিল। তেওঁ ফাইলটো ৱাৰ্ছত এজন সুপৰিচিত ভাষাবিজ্ঞানৰ অধ্যাপকলৈ ইমেইলযোগে প্ৰেৰণ কৰে। ভাৰ্চুৱেল ডায়েৰীৰ ইংৰাজী অনুবাদখিনি সাত দিনৰ পিছত ট্ৰেভেজলৈ ইমেইলত ঘুৰি আহিল। ট্ৰেভেজে একে উশাহতে সকলো পঢ়িলে! অবিশ্বাস্য! এইবোৰ বাৰু সঁচা হ’ব পাৰেনে? কিন্তু যদি সঁচা নহয় তেন্তে ডায়েৰীত এইবোৰ কিয় লিখিব? অৱশ্যে ট্ৰেভেজে অনুভৱ কৰিছিল যে ডায়েৰীখনৰ মালিকে এই সকলোবোৰ কথাৰ প্ৰকৃত ব্যাখ্যা দিব পাৰে।

গাড়ীখন লৈ ট্ৰেভেজে লগে লগে  হস্পিতাললৈ ওলাই গ’ল। কিন্তু লিখকৰ শাৰীৰিক অৱস্থা ভাল নহয় বাবে চিকিৎসকে ট্ৰেভেজক লগ কৰিবলৈ নিদিলে। পিছৰ সপ্তাহত তেওঁ আকৌ গ’ল। এইবাৰ অনুমতি পালে। কোঠাত সোমাই দেখিলে বিচনাত পৰি আছে । মাক-দেউতাক চিন্তিত হৈ কাষত বহি আছে। ট্ৰেভেজে তেওঁলোকৰ পৰা লিখকৰ সৈতে একান্তভাৱে কথা পাতিবলৈ অনুমতি বিচাৰিলে । বাকী সকলো ৰুমৰ পৰা ওলাই আহিল।

চকী এখন টানি তেওঁ লিখকৰ ফালে মুখ কৰি বহিল। "তাত জুই কেনেকৈ লাগিল ক'ব পাৰিবনে?"- চকুলৈ চাই ট্ৰেভেজে সুধিলে।

"মইয়েই চৌকাটোৰ পৰাই জ্বলাই দিলো"  উকা মুখৰ ভাব এটাৰে উত্তৰ দিলে।

ট্ৰেভেজে প্ৰথমতে আচৰিত হৈ হাঁহিলে, কিন্তু অলপ পিছতে নিজৰ স্থিৰতা ঘূৰাই নিম্ন মাতেৰে ক'লে, "মই তোমাৰ ভাৰ্চুৱেল ডায়েৰীখন পঢ়িলোঁ। তুমি লিখা সকলো কথা সঁচা নেকি?"

প্ৰশ্ন শুনি লিখকে অগ্নিমূৰ্তি ধৰিলে। হঠাতে ট্ৰেভেজৰ ডিঙিত ধৰি চিঞৰি উঠিল "মই , মনিকা। ইহত নাই। মই জীয়াই আছো, কেৱল মই।"

চিঞৰ শুনি ডাক্তৰ আৰু নাৰ্চে আহি ট্ৰেভেজক লৈ গ’ল। কিন্তু খৰখেদাকৈ ট্ৰেভেজৰ নেক্সাছটো বিচনাত পৰি ৰল।সকলোৱে কোঠাটোৰ পৰা ওলাই আহিল। এই সুযোগতে লিখকৰ দেহত থকা মনিকাই নেক্সচটো ল’লে। তেওঁৰ ভাৰ্চুৱেল ডায়েৰীৰ ফোল্ডাৰটো বিচাৰি উলিয়ালে আৰু চিৰদিনৰ বাবে ফোনটোৰ পৰা ডিলিট কৰি দিলে।

অলপ পিছতে এগৰাকী নাৰ্চে টোপনিৰ বেজী এটা লৈ কোঠাটোত সোমাই গ’ল।  বেজীটো খাই আকৌ লিখক আকৌ টোপনি গ’ল।

আনহাতে, ডাক্তৰজন অতি অপ্ৰস্তুত হৈ ট্ৰেভেজক লিখকৰ মানসিক অৱস্থাৰ বিষয়ে ক’লে। চিকিৎসকগৰাকীয়ে জনোৱা মতে, দুৰ্ঘটনাটোৰ পিছতে লিখকৰ মাল্টিপল আইডেন্টিটি ডিছঅৰ্ডাৰ হয়। এই মানসিক বিকাৰৰ বাবে লিখকে নিজকে নিজৰ মৃত বান্ধবী মনিকা বুলি ভুল কৰিছে।

কিন্তু ডায়েৰীখন পঢ়াৰ পাছত ট্ৰেভেজৰ সকলো কথা স্পষ্ট হৈ পৰে। মাৰ্গাৰেটৰ কাৰণে সেইদিনা লিখকে মনিকাক হত্যা কৰে। তাৰ পিছত আকৌ তাইক হত্যা কৰে যেতিয়া মাৰ্গাৰেট মনিকাৰ শৰীৰত প্ৰৱেশ কৰে। তাৰ পাছত মাৰ্গাৰেটৰ হাতৰ পৰা মুক্ত হৈ তাই দিশহাৰা হৈ পৰিল। ইয়াৰ পিছত তেওঁ আদিনৰ ক’লা যাদুৰ কিতাপখন ব্যৱহাৰ কৰি হত্যাৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ এলেচৰ আত্মাক মনিকাৰ শৰীৰলৈ স্থানান্তৰিত কৰে। কিন্তু যিহেতু মনিকাৰ মৃতদেহটো পাকঘৰত বেছি সময় থোৱা আছিল, গতিকে তাইৰ আত্মাটো তাতেই আবদ্ধ হৈ পৰিল। ঠিক যেনেকৈ এলেচৰ আত্মাটো বেছমেণ্ট, লাইব্ৰেৰীৰ শোৱা কোঠা আৰু কুঁৱাটোত আবদ্ধ হৈ আছিল। এলেচৰ আত্মাই যেনেকৈ মমবাতিৰ পৰা আদিনৰ ধৰ্মীয় কিতাপবোৰত জুই লগাইছিল, ঠিক তেনেকৈয়ে মনিকাই চৌকাটোৰ পৰা গোটেই কটেজটোত জুই জ্বলাই দিছিল।

মনিকাৰ মৃতদেহত থকা এলেচৰ এই জুইত মৃত্যু হয়। কিন্তু উপস্থিত থাকিবলৈ যথেষ্ট স্মাৰ্ট লিখকে বাথৰুমত সোমাই নিজকে বচাবলৈ চেষ্টা কৰিলে । তথাপি জীয়াই থাকিব নোৱাৰিলে। শ্বাসৰুদ্ধ হৈ বাথৰুমতেই মৃত্যুক সাৱটি লবলগা হয়। কিছুসময়ৰ পাছত মণিকাৰ আত্মা ভাৰ্চুৱেল ডায়েৰীৰ লিখকৰ শৰীৰত সোমাই পৰে। চিকিৎসকে এতিয়াও ইয়াক মাল্টিপল আইডেন্টিটি ডিছঅৰ্ডাৰ হিচাপে গণ্য কৰি আছে।

এলেচ আৰু লিখক সঁচাকৈয়ে সিপাৰলৈ নগৈ এতিয়াও কটেজত আবদ্ধ হৈ আছে নেকি ? গম পোৱাৰ এটাই উপায়। ট্ৰেভেজে নিজে সেই অভিশপ্ত কটেজটোলৈ উভতি যোৱাৰ প্ৰয়োজন।

ট্ৰেভেজে সম্পূৰ্ণ ত্বৰান্বিতাৰে চিকিৎসালয়ৰ পৰা ওলাই আহিল। গন্তব্য স্থান অভিশপ্ত কটেজ। কিন্তু বাটত এখন বিপৰীত লেনত আহি তেওঁৰ গাড়ীয়ে তেওৰ গাড়ীত খুন্দা মাৰিলে। ট্ৰেভেজৰ গাড়ীখন ওলোটা হৈ এটা খাৱৈত পৰিল। যদিও শীঘ্ৰে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়, তথাপিও দুদিনৰ মূৰত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ লগে লগে এলেচ, মাৰ্টিনি, লিখক আৰু প্ৰিষ্টৰ অজ্ঞাত কাহিনী জনসাধাৰণৰ চকুৰ পৰা হেৰাই গ’ল।

৮ বছৰৰ পাছত!

মণিকাই লিখকৰ শৰীৰৰ লগত খুব ভালকৈ খাপ খাই পৰে। ইফালে বিয়াও হ;ল। সিহঁতৰ সন্তান দুটিও ডাঙৰ হৈ আহিছে। মনিকাই বহুবিবাহ আৰু সুৰাৰ আসক্তি ত্যাগ কৰি সুখী পাৰিবাৰিক জীৱন উপভোগ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু দুৰ্ঘটনাটোৰ পিছত কটেজটো বিক্ৰী কৰি দিয়া হল। এতিয়া তাতেই এটা ওখ শ্বপিং মল নিৰ্মাণ কৰা হৈছে। এদিন গ্ৰীষ্মকালত লিখকৰ মাকে বালটিছত থকা ঘৰলৈ আহিল। দুদিন থকাৰ পিছত সি সেই শ্বপিং মললৈ গৈ দুটা সৰু সৰু ক্ৰয় কৰিবলৈ গল। দুই নাতিৰ বাবে খেলনা কিছুমান কিনি লৈ তেও গহনা দোকান এখনত সোমালে। ষ্ট’ৰৰ শ্ব’কেছত ৰঙা পাথৰৰ এটা আঙঠি তেওৰ পছন্দ হল ।

জন্মদিন আহি আছে।তেও জন্মদিনত এই ধুনীয়া আঙঠিটো উপহাৰ দিয়াৰ  সিদ্ধান্ত লৈছিল। আঙঠিটো  হাতত পিন্ধি লৈ নিজকে কলে । ৱাঃ! ভাল ফিট হব। আঙুলিৰ আকাৰ তেওঁৰে সমান। একেবাৰে চুট কৰিব। আনন্দৰে আঙঠিটোৰ দাম দি  মলৰ তৃতীয় মহলালৈ গৈ নিজৰ বাবে কাপোৰ কিছু কিনিবলৈ গ’ল। আঙঠিটো তেতিয়াও হাতত আছে । সেই ষ্ট’ৰত কেইটামান গাউন পছন্দ কৰি লোৱাৰ পিছত তেও ট্ৰাইল ৰুমত সোমাই গ’ল। ট্ৰাইল ৰুমৰ আইনাখনলৈ চাই চক খাই উঠিল ৷ নিৰীহ চকুৰে আইনাখনৰ পৰা তেওক জীয়েকে চাই আছে ! 

(সমাপ্ত )

সঁচাকৈয়ে শেষ হ’ল নেকি? ডাইনী ২ আহি আছে ! তলৰ কমেন্ট বক্সত মতামত লিখক। অতি সোনকালে ঘূৰি আহিম এটা নতুন ৰহস্যময় কাহিনী লৈ।

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

تعليق واحد

  1. Next series lage hunkale