Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Pdf Novel Daini Part 50 : Assamese Best Books Download

Assamese Novel Books Free | Free best assamese books on amazon | Best flipkart assamese books

From Part 49

এলেচৰ খঙাল চাৱনিয়ে মোৰ হৃদয়খন জোকাৰি গ’ল! মই ভাবিছিলো তাই মোক আক্ৰমণ কৰিবলৈ ওলাইছে। কিন্তু নহয়৷ বৰঞ্চ তাই পোলিছ ভাষাত কবলৈ আৰম্ভ কৰিলে, "তুমি মোক কিয় ঘূৰাই আনিলা? মই ঘূৰি আহিব বিচৰা নাছিলো। মই মাত্ৰ মুক্তি পাব বিচাৰিছিলো। মই এই পৃথিৱীখনক ঘৃণা কৰো।"

মই: "অ' গড! চোৱা এলেচ, তোমাৰ মৃত্যুৰ বহু দিন হ'ল।"

পৃথিৱীখন আগৰ তুলনাত এতিয়া অধিক বসবাসযোগ্য হৈ পৰিছে।মানুহবোৰ সলনি হৈছে, সমাজো সলনি হৈছে। এই নতুন সময়ৰ লগত সঠিকভাৱে খাপ খাব পাৰিবা বুলি মোৰ বিশ্বাস আছে। ইয়াৰ বাবে মই তোমাক সৰ্বোচ্চ পৰিমাণে সহায় কৰিম।"

এলেচ: "কিন্তু মাৰ্টিনিৰ কি হ'ব? তাই মোৰ বাবেতো অপেক্ষা কৰি আছে।"

মই: "তাই তোমাৰ বাবে হাজাৰ হাজাৰ বছৰ ধৰি অপেক্ষা কৰি আছে। অৰ্থাৎ সহজেই আৰু ৪০-৫০ বছৰ অপেক্ষা কৰিব পাৰে। তেতিয়ালৈকে তোমাৰ আয়ুসো শেষ হ'ব। তুমি স্বাভাৱিক মৃত্যুৰে মৃত্যুবৰণ কৰি তেওঁৰ ওচৰ পাবা।"

এলেচ: "আৰু ৪০-৫০ বছৰ,,,,,! মই যে আৰু এটা মুহূৰ্তও ৰৈ থাকিব নোৱাৰা হৈ পৰিছো।"

মই: " মই সঁচাকৈয়ে দুঃখিত এলেচ। মোৰ হাতত আন উপায় নাছিল। কটেজত তুমিয়েই একমাত্ৰ আত্মা বাকী আছিলা। তুমি নিজকে মোৰ বেষ্ট ফ্ৰেণ্ড বুলি প্ৰমাণ কৰিলা। প্লিজ। মোৰ পৰিস্থিতিটো বুজিবলৈ চেষ্টা কৰা। মোক ক্ষমা কৰা ,,, ,,, ,"

কথাবোৰ কওঁতে মোৰ কান্দোন ওলাই আহিল। সঁচাকৈয়ে এলেচে  মুক্তি হ’বলৈ চেষ্টা কৰি থাকোঁতে অনিচ্ছাকৃতভাবে মই হে ফান্দত পেলাই দিলোঁ। মোৰ সকলো দোষ।

মোৰ চকুপানী দেখি এলেচে আগবাঢ়ি আহি মোক  সান্ত্বনা দিবলৈ ধৰিলে। মইও নিজকে তাইৰ উষ্ণ বাহুবন্ধনত নিজকে এৰি দিলোঁ। তাই মোৰ পিঠিত থপৰিয়াই মোক সান্ত্বনা দিলে।

তাইক মোৰ খুব আপোন যেন লাগিছে ৷ বৰ ভাল লাগে তাইক।যেন বহু বছৰীয়া পৰিচিত বন্ধু বন্ধু। হঠাৎ অনুভৱ কৰিলোঁ তাই মোৰ ডিঙিত চুমা খাইছে ! তাইক ৰখাবলৈ মোৰ ক্ষমতাও নাছিল, ইচ্ছাও নাছিল। মই কেৱল ক'লোঁ, "আহা এলছ। এতিয়া ওপৰলৈ যাওঁ।"

তাই আলিংগন ভাঙি তাইৰ ডায়েৰীখন তুলি ললে আৰু মোৰ সন্মুখতে ফালি পেলালে। মই বুজি পালো যে তাই নিশ্চিত হ’ব খোজে যে যদি এইবাৰ তাইৰ মৃত্যু হয়, তেন্তে তেওঁক এই কটেজটোত কোনো বস্তুৱেই  তাইক আবদ্ধ কৰি ৰাখিব নোৱাৰে। তাইৰ কাম শেষ হোৱাৰ পিছত আমি দুয়ো বেছমেণ্টৰ পৰা ওলাই আহি ওপৰলৈ আহিলোঁ৷ অভিশপ্ত বেছমেণ্টটো এতিয়া সঁচাকৈয়ে খালী হৈ পৰিছে।

সেইদিনা আমি জাম্পেচ ডিনাৰ কৰিলো। মোৰ ফ্ৰীজত থকা সকলো ফুড আইটেম সকলোখিনিয়েই ব্যবহাৰ কৰি প্ৰস্তুত কৰি ললো। ইমান বছৰ অনাহাৰে থকাৰ পিছত এলেচে আকৌ খাৱ । আজি মই তাইৰ ভোক ভালদৰে নিষ্পত্তি কৰিম। হেহেহেহেহেহে।

এলেচে কাঁটাচামুচ, বা চুৰীৰ ব্যৱহাৰ কৰিব নাজানে। মধ্যযুগীয় পোলেণ্ডত খাদ্য গ্ৰহণৰ আচাৰ-ব্যৱহাৰ বুলি একো নাছিল। আমাৰ দৰে খাবলৈ হাত ব্যৱহাৰ কৰিছিল। সেয়ে আজি মাংসৰ আইটেমটো খাবলৈ তাইৰ বহুত অসুবিধা হৈছে। তাকে দেখি মই নিজ হাতেৰে তাইক খুৱাই দিলোঁ। ডিনাৰ টেবুলত গোটেই সময়খিনি তাই মোৰ ফালে চাই থাকিল। সেই আবেদনময় চাৱনিটোত মই প্ৰেমৰ অৰ্থ দেখিলোঁ।

ডিনাৰৰ পিছত আমি টিভি চাবলৈ ড্ৰয়িং ৰুমলৈ গ’লোঁ৷ এলেচে কেতিয়াও টিভি দেখা নাছিল। প্ৰথমবাৰ টিভিটো অন কৰাৰ সময়ত তাই ভয় খাই মোক সাৱটি ধৰিলে। টিভি চেনেলটোত এখন প্ৰাচীন যুদ্ধৰ চলচ্চিত্ৰ চলি  আছিল। আদিম অস্ত্ৰৰে সজ্জিত ঘোঁৰাত উঠি দুটা সেনাবাহিনীৰ মাজত যুদ্ধ। মই বুজি পাওঁ যে এলছে যুদ্ধ বিগ্রহক ঘৃণা কৰে। মইও কৰোঁ ৷ কিন্তু মই কেনেকৈ তাইক বুজাও যে আদিম মৃত্যুলীলা এতিয়াও শান্ত হোৱা নাই। আধুনিক পৃথিৱীত এতিয়াও শক্তিশালীবোৰে দুৰ্বলসকলক আক্ৰমণ কৰে।

ছি, কি লজ্জাজনক। ৰিম’টটো টিপি  চেনেলটো সলনি কৰি মিউজিক চেনেল এট  লগালো। আর্থ ডে উপলক্ষে এটি গান প্লে হৈ আছিল। এতিয়া এলেচে নিজৰ ভয়টো আতৰাই  টিভিটোৰ স্ক্ৰীনখনত চুই চাই ক'লে, "এই ঘৰটোত কি অসাধাৰণ যাদুকৰী খিৰিকী লগাই দিলা! বাৰু, তুমি যাদু জনা কোনো ডাইনী নেকি?"

তাইৰ প্ৰশ্ন শুনি মোৰ হাঁহি উঠিল।

মই: "অ' মূৰ্খ, ই খিৰিকী নহয়। টেলিভিছন। ইয়াত দূৰৰ পৰা বস্তুবোৰ চাব পাৰি। আৰু মই ডাইনী নহয়। এজন ফাৰ্মাচিষ্ট। এজন মেডিচিন বিশেষজ্ঞ।"

তাই কি বুজি পালে, সেইটো তাইহে জানিব। তাই মাথোঁ হাঁহি এটা মাৰি মূৰটো জোকাৰিলে। চেনেলটো আকৌ সলনি কৰি আন এটা চেনেল টিউন কৰিলো। সেই চেনেলটোত পোলিচ ভাষাত ডাব কৰা "ফেন্সি নেন্সি" চিনেমাখন দেখুওৱা হৈছিল। মোৰ এই চিনেমাখন ভাল লাগে। চিনেমাখনৰ এটা সময়ত ৰোমান্টিক চুমা খোৱাৰ দৃশ্য আহিল।

এলেচে উত্তেজিত হৈ মোৰ হাতখনত ধৰিলে। তাইৰ অৱস্থা দেখি মোৰ হাঁহি উঠিল। মই এৰুৱাবলৈ বিছাৰিলো। কিন্তু এলেচে মোৰ হাত এৰি দিয়া নাছিল। তাৰ পৰিৱৰ্তে মোৰ হাতত ধৰি চুমা খালে। ইয়াৰ বাবে মই একেবাৰেই সাজু নাছিলোঁ। কিন্তু মই কেতিয়াও এলেচক নিৰাশ কৰিব বিচৰা নাই। মই তাইক ঘূৰাই আনিলোঁ, নহ’লে এতিয়ালৈকে তাই মাৰ্টিনীকে চুমা খাই থাকিলহেতেন।

অৱশ্যে বিষয়টো এৰাই চলাই ভাল। বহুসময় আমি ইজনে সিজনৰ লগত কথা নাপাতিলো। মই মনে মনে চিনেমা চাবলৈ ধৰিলোঁ। চিনেমাখন শেষ হোৱাৰ লগে লগে এলছে মোক আকৌ সাৱটি ধৰি চুমা খালে। তাইৰ মুডটো ভাঙিবলৈ মন নগ’ল। হয়তো ইমান বছৰৰ পাছতো মোক লগ পোৱাৰ পিছত তাইৰ হৃদয়ত থকা সকলো মৰম উথলি উঠিছে। লাহে লাহে মইও তাইৰ প্ৰেমৰ মাজত হেৰাই যাবলৈ ধৰিলোঁ।

সিদিনা আমি মোৰ শোৱা কোঠাত একেলগে শুলো। এই কটেজলৈ অহাৰ পিছৰে পৰা দুইএকৰাতিৰ বাহিৰে মোৰ প্ৰায় প্ৰতি নিশাই দুঃস্বপ্নতেই পাৰ কৰিছো । কিন্তু সেই ৰাতিটো আছিল এটা  অসাধাৰণ স্বপ্নময় ৰাতি। মই মাথোঁ বিচাৰিছিলো এই মধুৰ সপোনটোৰ কেতিয়াও শেষ নহওক। সাৰ পোৱাৰ প্ৰয়োজন কিয়? এই সুন্দৰ নিশা চিৰদিন টিকি থাকক।

পিছদিনা ৰাতিপুৱা আমি দুয়ো একেলগে সাৰ পালোঁ। আমি বাথৰুমলৈ গৈ এজন এজনকৈ ফ্ৰেছ হলোঁ। তাৰ পিছত মেকড’নাল্ডছলৈ ফোন কৰি ব্ৰেকফাষ্টত খাদ্য আৰু জুচ অলপ অৰ্ডাৰ দিলোঁ। আধা ঘণ্টাৰ ভিতৰতে হোম ডেলিভাৰী আহি পালেহি। কিন্তু ব্ৰেকফাষ্ট টেবুলত যেন মৃত নিস্তব্ধতা। যোৱা নিশাৰ উত্তেজনা আমাৰ কোনো এজনৰেই নাই। মই দেখিলোঁ এলেচে  ব্ৰেকফাষ্ট টেবুলত বহি খোৱাখিনিক মাত্ৰ চুই চাই আছে। একো খোৱা নাই দেখি মই খুৱাই দিবলৈ গলো, যেনেকৈ যোৱা নিশা মই তাইক খুৱাইছিলো। কিন্তু তাই কেৱল পানী অলপ খাই টেবুলৰ পৰা উঠি বেডৰুমলৈ গ'ল। বুজিছোঁ, আজি তাইৰ মনটো ভাল নহয়। মইও বাৰু আজি অফিচলৈ নাযাওঁ। মুখ্য কাৰ্যবাহীৰ বিশেষ ক্ষমতাৰ বলত মই বছৰত তিনিটা দিন অফিচ ছুটী বুলি ঘোষণা কৰিব পাৰো। সেই সুযোগ আজি মই ব্যৱহাৰ কৰিলোঁ। অফিচত থকা সকলোকে মেচেজ কৰি জনাই দিলোঁ যে আজি অফিচ বন্ধ ।

অফিচৰ চুটী দি মই বেডৰুমলৈ আহিলোঁ।বেডৰুমলৈ গৈ দেখিলোঁ এলেচ অকলে বহি কান্দি আছে। মোক দেখি তাই চকুপানী লুকুৱাবলৈ বৃথা চেষ্টা কৰিলে। মই আগলৈ হেলান দি তাইক চুমা খালোঁ, "কি হৈছে এলেচ? মাৰ্টিনিক ইমান মিছ কৰিছা?"

তাই মাত্ৰ মূৰ দুপিয়ালে।

মই: "এলেচ, প্লিজ, মন বেয়া নকৰিবা। মইতো ইয়াতে আছো। বলানা বাহিৰৰ পৰা ফুৰি আহো। বাহিৰত সকলোবোৰ পুনৰ সজাই তোলা হৈছে। আজি তুমি হাজাৰ বছৰৰ আগৰ পোলেণ্ডৰ সৈতে আধুনিক পোলেণ্ডখনো দেখিবা। প্লিজ, আহা।আহা।”

মোৰ জোৰত অৱশেষত তাই মান্তি হ’ল। প্ৰথমে মই তেওঁক মণ্টগোমাৰী চিনেমালৈ লৈ গ’লোঁ।আমি বিশাল 3D পৰ্দাৰ সন্মুখত বহি এখন ৰোমান্টিক চিনেমা চালো। তাৰ পাছত শ্বপিং মলটোলৈ গ’লোঁ৷ মই তাইৰ বাবে নতুন কাপোৰ চাপোৰ কিনিলোঁ। তাই এটাৰ পিছত এটাকৈ প্ৰশ্ন কৰি তাই মোক সকলো সময়তে আমনি কৰি থাকিল।

এলেচ: "সেইটো চোৱা, উৰন্ত দানৱ, ই মানুহ খায় নেকি?"

মই: "অ' আহ । এইখন এখন পুলিচৰ হেলিকপ্টাৰ। ই মানুহক কিয় খাব? বৰঞ্চ মানুহে ইয়াত উঠি ঘূৰি ফুৰে।"

এলেচ: "অ' ভাল, কিন্তু এই ল'ৰাটোৱে কিয় তেনেকৈ থিয় হৈ আছে? কোনোবাই যাদুৰে বন্দী কৰি পেলাইছিল নেকি?"

মই: "অ' নহয়।এইটো এটা দোকানৰ ডামি। ইয়াৰ কাপোৰ পিন্ধাই কাপোৰযোৰ কেনে দেখি সেইটো দেখুৱাবলৈ থৈ দিছে।"

এলেচ: "ইমান ধুনীয়া পুতলা কোনে বনায়? অনুগ্ৰহ কৰি তেওঁক কোৱা যে মোৰ দৰে চেহেৰাৰ পুতলা এটা বনাওক।"

শেষ৷ এইজনীৰ লগত মলটোত বেছি ঘূৰি ফুৰিব নোৱাৰি। প্ৰশ্নৰ উত্তৰ দি দি মোৰেই প্ৰাণবায়ু বাহিৰ হ’ব।

মই: "ঠিক আছে এলেচ। এতিয়া এই কাপোৰৰ পেকেটবোৰ লৈ যোৱা। আজি পুতলা বনোৱাজন অহা নাই। কাইলৈ ​​তোমাৰ চেহেৰাৰ পুতলা এটা বনাবলৈ ক'ম। কেনেকুৱা হ'ব? আহাচোন, ইয়াৰ পৰা ওলাই যাওঁ।"

কোনো আপত্তি নকৰাকৈ তাই মোৰ লগত মলৰ পৰা ওলাই আহিল  । উফ মলটোৰ ভিতৰত মানুহৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। তাইৰ এই প্ৰশ্নবোৰ শুনিলে সিহতে নিশ্চয় হাহিলহেতেন ।

মলৰ পৰা ওলাই আহোঁতে প্ৰায় দুপৰীয়া হল ৷  আমি ভাল ৰেষ্টুৰেণ্ট এখনত সোমাই দুপৰীয়াৰ আহাৰ খালোঁ। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত আমি স্থানীয় ষ্টেডিয়াম এখনলৈ ৰাগবী খেল এখন চাবলৈ গ’লোঁ৷ খেলৰ আৰম্ভণিতে, এলেচৰ উত্তেজনা! চিঞৰি চিঞৰি তাই খেলুৱৈসকলক উৎসাহিত কৰি আছে।

এলেচ: "হিট, হিট, হিট হাৰ্ডাৰ। সিহঁতক মাৰি পেলোৱা।এই ভালকৈ মল্লযুঁজ কৰিছা !"

আৰে! কি আচৰিত! তাই ৰাগবীক মল্লযুঁজ বুলি ভাবিছে। হেহেহেহেহেহে

মই: "হেই এলেচ! সিহঁতে মল্লযুঁজ কৰা নাই। সিহঁতে ৰাগবী খেলিছে। চোৱা। সেই সৰু বলটো তুমি দেখিছা যে , সিহঁতে ইজনে সিজনৰ পৰা লৈ গ'ল দিবলৈ চেষ্টা কৰিছে।"

এলেচ: "তুমি বুজাব বিচাৰিছা যে সিহঁতে কাজিয়া কৰা নাই?"

মই: "অৱশ্যেই নহয়। সিহঁতে খেলিছে।"

এলেচ: "তেন্তে? আজিকালি কোনোৱে কাজিয়া নকৰে নেকি?"

মই: "এবছল্টিউটলি নকৰে যে তেনে নহয় । কৰে। কিন্তু অতি কমেইহে। অন্যায়ভাৱে যুঁজ কৰিলে শাস্তি  দিয়া হয়।"

এলেচ: "কোনে শাস্তি দিয়ে? প্ৰিষ্টে?"

মই: " কি যে কোৱা , এই যুগত প্ৰিষ্টৰ সময় আছে নেকি?  এই যুগত সকলো বিছাৰ আদালতত ন্যায়াধীশে বিছাৰ কৰে। তেওঁলোক অতি ন্যায়পৰায়ণ আৰু উচ্চ শিক্ষিত।"

এলেচ: "অ' তেনেহ'লে? ভাল কথা। বাৰু, এই যুগত প্ৰিষ্টৰ দৰে চয়তান নাই নে?"

এই প্ৰশ্নটোৱেই সুধিব বুলি মোৰ ভয় আছিল। কেনেকৈ ক’ম এই আধুনিক সমাজত, প্ৰিষ্টৰ  দৰে আজিও কিচুমান মানুহ ভাল মানুহৰ মুখা পিন্ধি  সমাজৰ ওখ আসনত বহি আছে ৷

মই কথা সলনি কৰি ক'লোঁ, "এলেচ, এই খেলবোৰ চাবলৈ মোৰ মন যোৱা নাই। বীচলৈ যাও বলা। আজি আমি মুকলি সাগৰত বহু সময় সাঁতুৰিম। আহা প্লিজ।"

এলেচ: "ঠিক আছে। যাওঁ।"

গাড়ী নথকাৰ বাবে বহু দূৰ খোজ কাঢ়ি সাগৰৰ পাৰলৈ যাব লগা হ’ল। বাটত বীমা কোম্পানী এটাৰ ওচৰলৈ গৈ মোৰ কটেজটোৰ বীমা কৰিলোঁ। বীমা নথকাৰ বাবে গাড়ীখন নোহোৱা হৈ গৈছে। এতিয়া কেৱল  কটেজটোহে বাকী আছে। সেইটো নিশ্চিত কৰিবলৈ বীমাটো কৰিলো। দুপৰীয়া চাৰি বাজিছিল যেতিয়া এলেচৰ সৈতে বীচ পালোঁ।  আচলতে ৰাতিপুৱা যাওঁতে সাগৰৰ পাৰলৈ অহাৰ কোনো পৰিকল্পনা নাছিল। সেইবুলিয়েই কি মই সাগৰৰ পানীত ননমাকৈ গুছি যাম নে? কোনোপধ্যে নহয়. দুয়োজনী পানীত নামিলোঁ৷ পানীত নামি অহাৰ পাছত আমি দুয়ো পাৰৰ পৰা কিছু দূৰৈত নির্জন  ঠাইত আহিলোঁ৷

এলেচে মোক সাৱটি ধৰি চুমা খাইছে। অলপ সময় আমি দুয়ো একেলগে সাঁতুৰিলোঁ । তাৰ পিছত ক্লান্ত হৈ পাৰলৈ উভতি আহিলোঁ। যোৱাৰ সময় হৈছে। যোৱাৰ সময়তে এলেচে ৰিংটো খুলি সাগৰত পেলাবলৈ ওলাইছিল। মই তাইৰ হাতখন ধৰিলোঁ।

মই: "কি কৰিব ওলাইছা এলেচ?"

এলেচ: "ৰিংটো পেলাই দিও। ই মোক আকৌ বন্দী কৰি পেলাব।"

মই: "কিয় পেলাই দিব লাগে? তাৰ পৰিৱৰ্তে মোক দিয়া। তোমাৰ প্ৰয়োজন নহ'লেও মোৰতো থাকিব পাৰে।"

এলছ: "ঠিক আছে। লৈ লোৱা।"

এলেচৰ পৰা আঙঠিটো লৈ মই আকৌ নিজৰ মধ্য়মা আঙুলিত পিন্ধি ললো । কটেজত আৰু কোনো অশৰিৰী নাই। গতিকে আঙঠিটো পিন্ধিবলৈ বেছি নিৰাপদ।? তাৰোপৰি কোনে জানে হাজাৰ বছৰৰ পাছত হয়তো এদিন ব্যৱহাৰ কৰি মই এলেচৰ দৰে ঘূৰি আহিম।

গোটেই দিনটো বাহিৰত পাৰ কৰাৰ পিছত আমি ভাগৰুৱা দেহেৰে সন্ধিয়া ৭ বজাৰ ওচৰত কটেজলৈ উভতি আহিলোঁ৷ কটেজলৈ উভতি আহি এলেচে ক'লে, "কালি তুমি কষ্টেৰে ৰাতিৰ আহাৰ ৰান্ধিলা। আজি মই তোমাৰ আৰু কষ্ট হ'বলৈ নিদিওঁ। আজি মই ৰাতিৰ আহাৰ ৰান্ধিম।তুমি নিশ্চয় আমাৰ কালৰ কিছুমান জনপ্ৰিয় খাদ্য খাই বেয়া নাপাবা নহয়নে ?"

মই: "নিশ্চয় বেয়া নালাগিব ডিয়াৰ। তুমি যি ৰান্ধিবা তাকে খাম।" আহাচোন, মই তোমাক ৰন্ধা-বঢ়াৰ সকলো বাচন-বৰ্তন দেখুৱাও।"

এলেচক খৰধৰকৈ ষ্ট’ভ ব্যৱহাৰ কৰিবলৈ শিকাই ফ্ৰীজ খুলি সামগ্ৰী উলিয়াই মই শোৱনি কোঠালৈ উভতি আহিলোঁ। তাইক অকলে ৰান্ধিবলৈ দিয়া ভাল, মই থাকিলে তাই অস্বস্তি অনুভৱ কৰিব পাৰে। বেডৰুমলৈ উভতি আহি টাৱেল এখন গাত মেৰিয়াই বাথৰুমলৈ গা ধুবলৈ গ’লোঁ৷ বাথৰুমত গা ধুওঁতে আইনাখনলৈ চাই মই আচৰিত !

হেৰা! মনিকা যে!  তাই আকৌ ইয়ালৈ কেনেকৈ আহিল!

কিন্তু অলপ পিছতে আইনাখনৰ পৰা তাইৰ প্ৰতিচ্ছবি নোহোৱা হৈ গ’ল। মই স্তম্ভিত হৈ আইনাখনৰ সন্মুখত অলপ সময় থিয় হৈ থাকিলোঁ। ঠিক সেই সময়তে পাকঘৰৰ পৰা এলেচৰ চিঞৰিলে। মই বাথৰুমৰ পৰা ধুমুহাৰ দৰে ওলাই আহি পাকঘৰলৈ দৌৰিলোঁ।

মই দৌৰি গৈ পাকঘৰলৈ গ’লোঁ আৰু মজিয়াত অচেতন হৈ পৰি থকা এলেচক দেখিলোঁ। মূৰত ফাটি গৈ এটা অংশত তেজ ওলাইছে। আটাইতকৈ আশ্চৰ্যজনক কথাটো হ’ল ডিপ ফ্ৰীজটো খোলা আছে। সেই একেটা ফ্ৰীজতে মই মনিকাৰ মৃতদেহটো থৈ দিছিলোঁ। ফ্ৰীজৰ দুৱাৰখন জপাই অচেতন এলেচক পাকঘৰৰ পৰা মোৰ বেডৰুমলৈ লৈ গ’লোঁ৷ তাৰ পাছত তাইক বিচনাখনত বহুৱাই বাথৰুমৰ পৰা পানী আনি তাইৰ মুখ আৰু চকুত ছটিয়াই দিলো। অতি কম সময়ৰ ভিতৰতে তাই চেতনা ঘূৰাই পালে। তাৰ পাছত দুৰ্বল কঁপনি মাতেৰে ক'লে, "তাই যোৱা নাই। ইয়াতে আবদ্ধ হৈ আছে। এতিয়া তাই নিজৰ শৰীৰটো ঘূৰাই লব বিচাৰিছে।"

মই: "কি! কি কথা কৈছা? কোন আবদ্ধ ? মাৰ্গাৰেট?"

এলেচ: "নাহ. মনিকা।"

আৰে! তেন্তে! মই ভাবিব পৰা নাছিলো! যেতিয়া মোৰ আঙঠিৰ সোঁহাতখন মনিকা ডিঙিত আবদ্ধ হৈ পৰিছিল, তাই সেই হাতখনৰ পৰা নিজকে মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিলে। জীৱনৰ শেষ মুহূৰ্তলৈকে তাইৰ দুয়োখন হাতে মোৰ সোঁহাতখন ডিঙিৰ পৰা মুকলি কৰিবলৈ চেষ্টা কৰিছিল। তাই জীয়াই থাকিবলৈ ইমানেই বদ্ধপৰিকৰ আছিল যে মৃত্যুৰ পিছতো তাইৰ হাত দুখনে মোৰ সোঁহাতখন ধৰি ৰাখিছিল। অন্যহাতে আঙঠিটো মোৰ সোঁহাতত পিন্ধা আছিল। অৰ্থাৎ মৃত্যুৰ সময়ত মনিকা হাতখনেও আঙঠিটো স্পৰ্শ কৰিছিল! গতিকে তাইৰ আত্মা ইয়াৰ বাহিৰলৈ নগল। তাৰ পৰিৱৰ্তে পাকঘৰতে আবদ্ধ হৈ আছে! ইছ! বৰ ভুল হৈ গল। আগতে ধৰিব পৰা নাছিলো। সেয়ে মনিকাক আওকাণ কৰি তাইৰ শৰীৰটোক এলেচৰ আত্মাটোক  দিলোঁ। সাংঘাতিক অন্যায় হৈ গল মনিকাৰ সৈতে।

মই: "বাৰু এলেচ, ঠিক কি হৈছিল সেই বিষয়ে আৰু অলপ ক'ব পাৰিবানে? প্লিজ।"

এলেচ: "তাই পাকঘৰত আবদ্ধ হৈ আছে। সেই বগা বাকচটোত (ডিপ ফ্ৰীজত), প্রত্যাবর্তণৰ  অপেক্ষা কৰি আছে। তুমি যোৱাৰ পিছত তাই মোক মাৰি পেলাবলৈ চেষ্টা কৰিছিল। মই চিঞৰিলোঁ আৰু অজ্ঞান হৈ পৰিলোঁ।"

উপলব্ধি কৰিলো যে মনিকাৰো আত্মাই মাৰ্গাৰেটৰ দৰে আচৰণ কৰিব লৈছে। কামবেকৰ বাবে তাই কাকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। আৰু মইও অজানিতে তাইক ঘূৰি অহাৰ চাবিটো দিলোঁ। যোৱা নিশা যেতিয়া মই মনিকাৰ শৰীৰ ধুবলৈ পৰিষ্কাৰ পানী আনি পাকঘৰত সোমাইছিলো, তেতিয়া সেই মন্ত্ৰটো আদিনৰ কিতাপৰ পৰা আওৰাই আছিলো, সোনকালে মুখস্থ হবলৈ। মন্ত্ৰটো শুনাৰ পিছতেই হয়তো মণিকাই বুজি পালে। এতিয়া তাই মাথোঁ বিচাৰে এটা অক্ষত শৰীৰলৈ ঘূৰি আহিবলৈ। লাগে কেৱল এটা দেহ। মোৰেই হওক বা এলেচৰ হওক।  কটেজটোত এটাৰ পিছত আনটো সমস্যা। মই বহুত সহ্য কৰিছো, কিন্তু আৰু নহব। যিমান সোনকালে পাৰো মই এইটো বিক্ৰী কৰিম ।

সকলোৱে বাচি থাকিবতো?

Read Part 51

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

إرسال تعليق