Part 46
হঠাৎ গধুৰ চেণ্ডেলিয়াৰটো আদিনৰ মূৰত পৰিল। ইয়াৰ বাবে মই একেবাৰেই সাজু নাছিলোঁ। মই ভয়তে চিঞৰি উঠিলোঁ। লগে লগে মই তেওঁৰ ওচৰলৈ দৌৰি আহিলোঁ। “আদিন! আদিন, তুমি ঠিকেই আছা নে? “ কিন্তু কোৱা বাহুল্য যে তেওঁ থিকে নাছিল। চেণ্ডেলিয়াৰৰ গ্লাছ ভাঙি গৈছিল, আৰু এইবোৰ তেওঁৰ গোটেই মূৰটোত সোমাই গৈছে, এটা চকু ওলাই আহিছে, আৰু গোটেই মুখখন তেজেৰে ৰঙা হৈ পৰিছে। কি ভয়ানক দৃশ্য। মোৰ খং উঠিবলৈ ধৰিলে! “মাৰ্গাৰেট, মই তোক নৰকলৈ পঠিয়াই দিম, বিচ”
মই কান্দিবলৈ ধৰিলোঁ। লগে লগে আকৌ সেই খিল খিল হাঁহিটো শুনিবলৈ পালো।
মোৰ মূৰত জুই জ্বলি উঠিছে। খং বাঢ়ি অহাৰ লগে লগে হাঁহিটো আৰু বেছিকৈ বাঢ়ি আহিল। খংত যি গালি মোৰ মনলৈ আহিল, মাৰ্গাৰেটক সেই গালি পাৰিবলৈ ধৰিলোঁ। সেই সুযোগতে সোঁহাতখনে নিজাববীয়াকৈ কাম কৰিবলৈ ধৰিলে। আদিনৰ হাতৰ পৰা পৰি যোৱা চাইনাইড টেবলেটটো তুলি ল’লে। তাৰ পাছত চিঞৰিবলৈ মুখখন মেলি দিওঁতে হাতখনে টেবলেটটো মোৰ মুখত সোমাই দিলে। আচৰিত কিবা দেখাৰ পিছত সকলো মানুহেই নিজকে ঢোক গিলি নিজকে প্ৰস্তুত কৰি লয়। ময়ো তেনেকুৱাই কৰিলোঁ। কিন্তু আত্মঘাতী ভুল হৈ গ’ল। ঢোক গিলাতেই টেবলেটটোও পেট গৈ পালে। ঘটনাৰ আকৰ্ষিকতাই মোক সম্পূৰ্ণৰূপে আচৰিত কৰি তুলিছিল। আকৌ মাৰ্গাৰেটে মোৰ খংটোক ব্যৱহাৰ কৰিলে। সোনকালে খংটো নিয়ন্ত্ৰণত আনিলো। কিন্তু তেতিয়ালৈকে সকলো শেষ হৈ গৈছিল। মই চাইনাইডৰ টেবলেট খাইছো। অতি কম সময়তে মোৰ নিশ্চিত মৃত্যু। তাৰ পিছত মাৰ্গাৰেটে মৃতদেহটো নিজৰ দখললৈ আনিব।
মোৰ প্ৰচণ্ড কান্দোন বাহিৰ ওলাই আহিছে। মই আদিনক বচাব নোৱাৰিলোঁ, নিজকে বচাব নোৱাৰিলোঁ। এক হতাশাৰ অৱস্থা। এইখিনি সময়ৰ ভিতৰতে মোৰ হাত-ভৰি পক্ষাঘাতগ্ৰস্ত হ’বলৈ ধৰিলে। বিশ্বাসঘাতক সোঁহাতখনলৈ চালোঁ। মৃত্যুৰ আগতে ইয়াৰ পৰা আঙুঠিটো আঁতৰাই পেলাব লাগিব। কিন্তু অশুভ হাতখন মোৰ নিয়ন্ত্ৰণৰ বাহিৰত। হাতখনে টানকৈ মুঠি মাৰি আছে। । বাও হাতখনেৰে সোঁহাতৰ মুঠিটো খুলিবলৈ চেষ্টা কৰিলো। কিন্তু অলপো খুলিব পৰা নাই। সোনকালে মই যথেষ্ট দুৰ্বল হ’বলৈ ধৰিলোঁ। তাৰ পিছত এইবাৰ মই হাৰ মানি ললোঁ। নহব। মুঠি খুলিব পৰা নাযাব। তাৰ পৰিৱৰ্তে চেণ্ডেলিয়াৰৰ পৰা ভঙা গ্লাছৰ ডাঙৰ টুকুৰা এটা তুলি ললো। ভাবিলোঁ মোৰ হাতখনকেই কাটি পেলাই দিম। এনে প্ৰতাৰণামূলক হাত ৰাখি কি লাভ? চকু দুটা মুদি মোৰ হাতৰ কব্জিত এটা আঘাত মাৰিলোঁ। কিন্তু গ্লাছটুকুৰাহে ঝনঝনাই ভাঙি গ’ল।
ভঙা গ্লাছৰ টুকুৰাটোৱে মোৰ হাতত গভীৰ ক্ষত এটা কৰিলে। বুজিলোঁ যে হাতৰ ওচৰত থকা এই গ্লাছটুকুৰাৰে হাড় কাটিব নোৱাৰি। এই গ্লাছৰ টুকুৰাই কাটিব পৰা শক্তি ছাল আৰু মাংসতেহে সীমাবদ্ধ হৈ আছে। ষ্ট’ৰ ৰুমত গৈ হাতখন কাটিবলৈ চুৰী এখন আনিব লাগিব। মই থিয় হৈ ষ্ট’ৰ ৰুমলৈ যাবলৈ চেষ্টা কৰিলোঁ। কিন্তু তেতিয়ালৈকে মোৰ ভৰি দুখনে চাইনাইডৰ প্ৰতিক্ৰিয়াত পেৰেছিছ হৈ গৈছিল। থিয় হৈ আগবাঢ়িব লওঁতেই আকৌ ধপচকৈ পৰি গলোঁ। পৰিলো, আকৌ চেণ্ডেলিয়াৰৰ ভঙা গ্লাছৰ টুকুৰাবোৰৰ ওপৰতে। চোকা ভঙা বহুতো কাঁচৰ টুকুৰা একেলগে মোৰ পিঠিৰ মাংস ভেদ কৰি সোমাই গল। বিষটো সহ্য কৰিব নোৱাৰিলোঁ। মই আৰ্তনাদ কৰি উঠিলোঁ। কিন্তু মাৰ্গাৰেটৰ হাঁহিটোৱে মোৰ আৰ্তনাদক ভেটি ধৰিলে। একেদৰেই বাজি থাকিল, “হিহিহিহিহিহি।”
মোৰ কাণৰ তাল মাৰি ধৰিছে। মই মৰিবলৈ লৈছোঁ আৰু মাৰ্গাৰেটে হাঁহিত পাগল হৈ গৈছে। যেন কোনোবাই মৃত্যুমুখত পৰা মানুহৰ মৃত্যুৰ বাবে অপেক্ষা কৰি আছে। মই মোৰ জীৱনৰ চূড়ান্ত সিদ্ধান্তটো ললো। ভঙা কাঁচেৰে হাড় কাটিব নোৱাৰিলেও মাংস ভালদৰে কাটিব পৰা যায়। ইয়াৰ সহায়ত হাত কটা অসম্ভৱ হ’লেও ডিঙি কটাটো অতি সহজ। “মই তোমাৰ উভতি অহাৰ পথ প্ৰতিহত কৰিম মাৰ্গাৰেট। তোমাৰ বাবে মোৰ শৰীৰটো কেতিয়াও নাথাকিব।” -মই বিৰবিৰাই উঠিলোঁ।
মই আন এটা গ্লাছৰ টুকুৰা তুলি ললো। ৱাঃ। দেখাত বৰ চোকা। শেষবাৰৰ বাবে মোৰ সোঁহাতখনলৈ চালোঁ। হাতখনে এতিয়াও মুঠি মাৰি আছে। কোনোৱেই তাৰ পৰা আঙুঠিটো উলিয়াব নোৱাৰিব। জীৱনৰ অন্তিম দৃশ্যটো চাই মই চকু দুটা মুদি দিলো। নিজৰ ডিঙিটো কাটি থাকোঁতে কেতিয়াও চাব নোৱাৰো। সেই সাহস মোৰ নাই। মনৰ গভীৰতাত মাৰ হাঁহিমুখীয়া মুখখন দেখা পালো। এই সকলো সত্ত্বেও মই নিজৰ সিদ্ধান্তত অটল হৈ থাকিলোঁ। এনেও মৰিম তেনেও মৰিম। দুয়োটা এতিয়া মোৰ বাবে সমান।
ভঙা গ্লাছৰ টুকুৰাটো বাও হাতেৰে ডিঙিৰ মাজভাগত থৈ দিলোঁ। তাৰ পিছত ডিঙিত জোৰেৰে ঠেলি ঘঁহিবলৈ ধৰিলোঁ। ডিঙিৰ তললৈ বৈ অহা গৰম তেজৰ ধাৰা এটাই গ্লাছখনে কাম কৰি থকাৰ ইংগিত দিলে।
Post a Comment