Part 45

মই: “হেল্ল’ আদিন। এতিয়া যদি ফ্ৰি আছা মোৰ কটিগলৈ আহিব পাৰিবানে?” 

আদিন: “তোমাৰ যদি কোনো আপত্তি নাই, মই এতিয়াই আহি যাম।” 

মই: “ঠিক আছে। তুমি খৰধৰকৈ আহা। মই ৰৈ আছো।” 

তেওঁৰ ফৰ্ডখন আধা ঘণ্টাৰ ভিতৰতে আহিল। কিন্তু এইবাৰ তেও গাড়ীখন পোনে পোনে গেৰেজত থৈ আহিল। কুঁৱাটোৰ কাষেৰে গাড়ী চলোৱাৰ দুসাহস নেদেখুৱালে। 

কিন্তু আমি কুঁৱাটোৰ কাষেৰে পাৰ হৈ গৈ কটিগত সোমালোঁ। তেওঁ এটা প্ৰকাণ্ড লাগেজ লৈ আহিছিল। ভিতৰত কি আছে চাবলৈ মোৰ বৰ কৌতূহল জাগিল। 

কটিগৰ সন্মুখৰ দুৱাৰৰ সন্মুখত থিয় হৈ সি লাগেজ খুলিলে। লাগেজটো উৎকট ৰিচুয়াল সামগ্ৰীৰে ভৰি আছে। 

লাগেজৰ পৰা তেওঁ এখন পুৰণি চামৰাৰ কিতাপ, সৰু সৰু মাটিৰ পাত্ৰ কেইটামান, মমবাতিৰ পেকেট এটা উলিয়াই আনিলে। সন্মুখৰ দুৱাৰখন খোলা আছিল। দুৱাৰখন খুলি তেও সোমাই গ’ল। ময়ো পিছে পিছে সোমাই আহিলো। কিন্তু মোক তেও মানা কৰিলে। “অলপ সময় তোমাৰ কটিগত অকলে থাকিব বিচাৰো। যদি তোমাৰ আপত্তি নাই।” 

মই মুৰ দুপিয়াই ক’লোঁ “ঠিক আছে।” 

কিন্তু মনটো ইচাত বিচাত কৰিবলৈ ধৰিলে। মোৰ অনুপস্থিতিত মোৰ কটিগত তেও কি কৰিব বিচাৰে মই বুজি পোৱা নাই। বাহিৰত অকলে থিয় হৈ মই ৰৈ থাকিলোঁ। অপেক্ষাৰ সময়টো সঁচাকৈয়ে আমনিদায়ক। হঠাৎ মোৰ এনে লাগিল যে আদিনক এনেকৈ অকলে মোৰ কটিগত সোমাবলৈ দিয়া উচিত নাছিল। মই তেওঁক চিনি পোৱাৰ মাত্ৰ কেইদিনমানহে হৈছে। তেওঁৰ বিষয়ে মোৰ ভাল ধাৰণা এটা নাই। কেইমাহমানৰ আগতে তেওঁ আছিল এজন উদ্দেশ্য়হীন ভাবে ঘূৰি ফুৰা মানুহ। মোৰ কটিগত যিকোনো সময়তে তেও লঙ্কাকাণ্ড কৰিব পাৰে। 

এইবোৰ কথা ভাবি থাকোঁতে ভিতৰৰ পৰা আদিনৰ মাত শুনিবলৈ পালোঁ। “ প্লিজ ভিতৰলৈ আহিবানে?” 

দ্বিধাগ্ৰস্ত খোজেৰে সোমাই আহিলোঁ। কিন্তু আদিন ক’লৈ গ’ল! মই তেওঁক দেখা নাই! মই ছিঞৰি মাতিলোঁ, “আদিন, তুমি ক’ত আছা?” 

আদিন: “মই ড্ৰয়িং ৰুমত বহি আছো। সোনকালে আহা।” 

হঠাতে মই মোৰ ফোনটো উলিয়াই ভিডিঅ’ কৰিবলৈ ধৰিলোঁ। যিয়েই নহওক, ভাল হওক বা বেয়া হওক, মই ইয়াক ভিডিঅ’ ডকুমেণ্টিং কৰিবলৈ আগ্ৰহী। ড্ৰয়িং ৰুমলৈ গৈ দেখিলো আদীন চোফাত বহি আছে। মই ড্ৰয়িং-ৰুমত সোমাবলৈ ওলাইছিলো হে তেও হাতখন তুলি মোক ৰখিবলৈ দিলে। ড্ৰয়িং ৰুমৰ ভিতৰখন ভালদৰে চাই দেখিলো, মজিয়াত মমবাতি এডাল মাটিৰ পাত্ৰত ৰখা হৈছে, মাটিৰ পাত্ৰটোত অলপ পানী। পাত্ৰটোত পানীৰ স্তৰ এনেকুৱাকৈ ৰখা হৈছে যাতে মমবাতিৰ দুই তৃতীয়াংশ পানীত ডুব যায় যদিও বাকী থকা অংশ পানীৰ ওপৰত থাকে। 

এতিয়া আদিনে মোৰ সন্মুখত মমবাতিটো জ্বলালে। মমবাতিটো স্বাভাৱিকভাৱে জ্বলি উঠিল। তাৰ পাছত তেও মোক ভিতৰলৈ আহিবলৈ ইংগিত দিলে। মই সোমাওঁতে মাটিৰ পাত্ৰটোৰ পানীৰ পৰা এটা ডাঙৰ ঢৌ উঠি আহিল, আৰু মমবাতিটোৰ জ্বলি থকা অংশটোৰ ওপৰেৰে বৈ গ’ল। তেনেতে পাত্ৰটোত থাকিল তিতা, নুমাই যোৱা মমবাতিডাল। তাৰ পাছত মোৰ লগত তেও সিটো ৰূমলৈ সোমাই গ’ল। আটাইকেইটা কোঠাতে ড্ৰয়িং ৰুমৰ দৰে মমবাতি জ্বলি আছিল। মই সোমাই যোৱাৰ লগে লগে সেইবোৰো একেদৰে নুমাই গল। তাৰ পাছত আদিনে মোক বেছমেণ্টলৈ লৈ গ’ল। কিন্তু আমি তাত সোমাই দেখা পালোঁ যে তাত থকা মমবাতিটো ইতিমধ্যে নুমাই আছে। 


তাৰ পিছত শেষত আমি মোৰ শোৱনি কোঠালৈ আহিলো। বেছমেণ্টৰ দৰে একে অৱস্থা। আমি অহাৰ আগতেই মমবাতিটো নুমাই গৈছে! কোৱা বাহুল্য যে মোৰ ভিডিঅ’ কেমেৰাটোৱে সকলো ৰেকৰ্ডিং কৰি আছিল। একো বুজিব নোৱাৰি মই বিছনাত বহি পৰিলোঁ। মই হতাশ হৈ মই ক’লোঁ, “ এইবোৰ কি হৈছে আদিন। মই আৰু টেনচন লব নোৱাৰো। মই কটিগটো বিক্ৰী কৰি দিম।” 

আদিনে ক’লে, “এবাৰ মাত্ৰ ভাবি চোৱাচোন, তুমি যিজন ব্যক্তিক কটিগ বিক্ৰী কৰিবা, তেওঁৰো একেই দশা হ’ব। তুমি নিজে সহ্য কৰিব নোৱাৰা বস্তুবোৰৰ বোজা আনক কিয় দিবা? এইটো একেবাৰেই ঠিক নহ’ব।” 

মই: “কিন্তু আদিন, ইয়াতকৈ আৰু বেছি কি কৰিব পাৰিম?” 

আদিন: “নিৰাশ নহ’বা। এই সকলোবোৰৰ ব্যাখ্যা মোৰ লগত আছে। তোমাৰ সহায়ত আমি এই সমস্যাটোৰ সমাধান কৰিব পাৰো।” 

মই: “কি ব্যাখ্যা আছেনে? আৰু সমাধান কি?” 

আদিন: “তেন্তে শুনা। প্ৰতিটো কোঠাত মমবাতি জ্বলি থকাৰ অৰ্থ হ’ল এই কোঠাবোৰত কোনো প্ৰেতাত্মাৰ প্ৰভাৱ নাই। কিন্তু তুমি সোমোৱাৰ লগে লগে মমবাতিবোৰ নুমাই যায়, যিয়ে প্ৰেতাত্মাৰ প্ৰভাৱৰ ইংগিত দিয়ে। প্ৰেতাত্মাই তোমাক বাহন হিচাপে ব্যৱহাৰ কৰি আছে। তুমি মাৰ্গাৰেটৰ পোষণকাৰী হিছাপে কাম কৰি আছা।” 

মই: “কিন্তু বেছমেণ্ট আৰু বেডৰুমত মমবাতি জ্বলি থকা নাছিল। এই কথাটো কেনেকৈ বুজাই দিবা?” 

আদিন: তুমি কল্পনা কৰা ধৰণে মাৰ্গাৰেটক এই শোৱা কোঠাটোতে ফাঁচী দিয়া হৈছিল, তাইৰ স্বাভাৱিক প্ৰভাৱ ইয়াত আছে। সেয়ে মমবাতিটো নুমাই গ’ল। কিন্তু বেছমেণ্টত মই নিশ্চিতকৈ কব নোৱাৰো। মাৰ্গাৰেটো হ’ব পাৰে, বা তাত অত্যাচাৰ কৰা আন কাৰোবাৰ আত্মাও হ’ব পাৰে, আনকি বতাহৰ বাবেও মমবাতিডাল নুমাব পাৰে। “ 

মই: “ঠিক আছে। বুজিলোঁ। কিন্তু মাৰ্গাৰেটৰ মিডিয়াম হোৱাৰ পৰা কেনেকৈ বাহিৰ ওলাই আহিম? নিশ্চয় কিবা এটা উপায় আছে?” 

আদিন: “চোৱা। ৰেষ্টুৰেণ্টত মোক মাৰপিট কৰিবলৈ যোৱাৰ সময়ত মই বুজিলোঁ যে তুমি মাত্ৰ মিডিয়াম আছিলা। আচলতে মাৰ্গাৰেটেহে সকলো কৰি আছে। গতিকে আজি অহাৰ সময়ত মই তাৰো ব্যৱস্থা এটা কৰি আহিছো।” 

মই আগ্ৰহেৰে সুধিলোঁ, “আদিন! সেইটো কি?” 

আদিন: চোৱা, আমাৰ শৰীৰটো কম্পিউটাৰৰ হাৰ্ডৱেৰৰ দৰে। কম্পিউটাৰৰ এটা অপাৰেটিং চিষ্টেম সলনি কৰি আন এটা অপাৰেটিং চিষ্টেম যেনেকৈ উপযুক্ত পদ্ধতিৰে ইনষ্টল কৰিব পাৰি, তেনেকৈয়ে আমাৰ শৰীৰৰ পৰা এটা আত্মাক আঁতৰাই আন এটা আত্মাৰে উপযুক্তভাৱে ভৰাই তুলিব পাৰি। এইবোৰ উচ্চমানৰ ক’লা যাদুৰ বিষয়।” 

মই: “হয়। মাৰ্গাৰেটেও একেই বিচাৰে। মোৰ শৰীৰটো নিজৰ দখললৈ লৈ যাবলৈ, , , , “

কথাবোৰ কওঁতে মোৰ ডিঙিত লাগি গ’ল। সঁচাকৈয়ে মই মোৰ শৰীৰটোক ভাল পাওঁ। এয়াই মোৰ জীৱন্ত জগতৰ অস্তিত্ব। আন এজন ব্যক্তিয়ে ইয়াক ব্যৱহাৰ কৰাটো মই কল্পনা কৰিবও নোৱাৰো। 

আদিনে মোক সান্ত্বনা দিলে, “চিন্তা নকৰিবা। তুমি যিদৰে আছে তেনেদৰেই থাকিবা। কিন্তু মোৰ এটা প্লেন আছে। কাম হ’ব পাৰে বা নহ’বও পাৰে।” 

মই: “সেইটো কি?” 

আদিন: “আঙুঠিটো পিন্ধি থকাত তোমাক মই অক্ষত অৱস্থাত মাৰি পেলাম।গতিকে তোমাৰ আত্মা মুক্ত হোৱাৰ সলনি ইয়াতেই আবদ্ধ হৈ থাকিব। আনহাতে মাৰ্গাৰেটৰ বাবে তোমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰাটোও সহজ হ’ব। তাৰ পিছত মাৰ্গাৰেট তোমাৰ শৰীৰত সোমোৱাৰ লগে লগে আঙুঠিটো খুলি দিম। তেতিয়া মই আকৌ আগৰ দৰে অক্ষত অৱস্থাত মাৰ্গাৰেটক মাৰিম। ইয়াত ফলত তেওঁৰ আত্মা মুক্তি হৈ যাবলৈ বাধ্য হ’ব। তেতিয়া তোমাৰ আত্মাক পুনৰ নিজৰ শৰীৰলৈ লৈ আনিম! “ 

মই: “এই প্লেনটো পাহৰি যোৱা আদিন। তুমি মোক কেতিয়াও হত্যা কৰিব নোৱাৰিবা। তোমাৰ এইটো পাগলে বনোৱা প্লেন। ই তোমাৰ আগৰ প্ৰচেষ্টাবোৰৰ দৰে বিফল হ’ব।  এইবোৰৰ মাজত মোৰ প্ৰাণ গুছি যাব।” 

আদিন: “তোমাৰ ইয়াতকৈ ভাল প্লেন আছেনে? প্লীজ। বিশ্বাস কৰা মোৰ প্লেনে কাম কৰিব। এইখন যে মোৰ হাতত চামৰাৰ কিতাপ দেখিছা ইয়াত আত্মাক মৃতদেহত প্ৰৱেশ কৰোৱাৰ মন্ত্ৰ আছে। সেয়া পঢ়িলেই তুমি তোমাৰ শৰীৰলৈ ঘূৰি আহিবা। আৰু এইটো চোৱা, এই পেকেটত চাইনাইডৰ টেবলেট আছে। ইয়াৰে এটা লৈ শুই যোৱা। মই তোমাক সোনকালে জগাই দিম।” 

মই: “নাই নাই আদিন। মই তোমাৰ দৰে মই পাগল নহয়। তোমাৰ দৰে পাগলৰ কথাত চাইনাইড খাই আত্মহত্যা কৰাত নাই। মই মোৰ শৰীৰ, মোৰ পৰিয়াল, মোৰ জীৱনটোক বহুত ভাল পাওঁ। মই’ তোমাৰ দৰে এজন বিচ্ছিন্ন হৈ  ঘূৰি ফুৰাও মানুহ নহয়। “

সন্মুখত টেবলেট এটা লৈ আদিনে এখোজ আগুৱাই আহিল। মই পিছুৱাই গ’লোঁ। মই বুজি পালো যে মই যদি খাবলৈ মন নকৰো তেন্তে তেও জোৰকৈ টেবলেটটো মোৰ মুখত সোমাই দিব। কেমেৰাটো তেতিয়াও তেওৰ ওপৰত ফ’কাচ হৈ আছিল। আগবাঢ়ি আহি আহি তেও কোঠাটোৰ মাজত থকা চেণ্ডেলিয়াৰটোৰ ঠিক তললৈ আহিল। ঠিক য’ত মাৰ্গাৰেটক ফাঁচী দিয়া হৈছিল। হঠাতে গধুৰ চেণ্ডেলিয়াৰটো ওপৰৰ পৰা তেওত মূৰত পৰিল। মই ভয়তে চিঞৰি উঠিলোঁ, নাই আ আ আ