Part 37 Daini Assamese Novel | Free Assamese Books 2023
হঠাতে সেই আত্মা কঁপোৱা হাঁহিটো বন্ধ হৈ গ’ল৷ কুঁৱাৰ ভিতৰত নিস্তব্ধতা। মই কেনেবাকৈ কুঁৱাৰ বেৰত ধৰি ওপঙি আছিলো। টৰ্চটো মুখত জোৰেৰে কামুৰি ধৰি ৰাখিলো। এই আন্ধাৰত টৰ্চটোৱেই একমাত্ৰ সম্পদ। কিছুসময়ৰ পাছতে নিস্তব্ধতা ভাঙি কলকলাই উঠা পানীৰ শব্দ শুনিলোঁ। বাথৰুমৰ ফ্লাছটো অন কৰিলে হোৱা শব্দৰ দৰেই। কুঁৱাৰ শান্ত পানীৰ তলত প্ৰথমে এটা সৰু ঘূৰ্ণীৰ সৃষ্টি হ’ল। ক্ৰমান্বয়ে ঘূৰ্ণীটো ডাঙৰ হৈ কুঁৱাৰ পৰিধিৰ কাষলৈকে বিয়পি পৰিল। পানীৰ প্ৰচণ্ড সোঁতে মোক ঘূৰ্ণীৰ কেন্দ্ৰলৈ টানি নিবলৈ চেষ্টা কৰিছে। মোৰ শামুক এটাৰ দৰে কুঁৱাৰ বেৰত নিজকে খাপ খুৱাই ল’বলৈ বৰকৈ চেষ্টা কৰিলো ৷ কিন্তু সেয়া নহ'ল। মোৰ হাতখন পিছলি গ’ল। মই চিটিকি ঘূৰ্ণীৰ মাজত পৰিলোঁ। তাৰ পিছত টুপুককৈ মই ডুব গ’লোঁ।
বন্ধ কুঁৱাটোৰ পানীত এটা ফ্লেনেল আকৃতিৰ নিম্নমুখী ঘূৰ্ণীৰ সৃষ্টি হল। পানীৰ বেগৰ সৈতে মোকাবিলা কৰিব নোৱাৰি মই তাত ডুব গ’লোঁ ৷ ঘূৰ্ণীৰ মাজত ডুব গৈ গৈ মই কুঁৱাৰ তললৈ, গাড়ীখনৰ ঠিক কাষতে আহি পৰিলো ৷ টৰ্চৰ পোহৰত দেখা পালোঁ গাড়ীখনৰ দুৱাৰখন খোলা আছে। কিন্তু ভিতৰৰ কংকালটো এতিয়া অদৃশ্য হৈ পৰিছে। গাড়ীখনত শেলাই আৰু বেঙৰ ছাতিবোৰ নাই। জিকমিক কৰি আছে মোৰ স্পীডষ্টাৰ । কিন্তু মই এতিয়া এই গাড়ীৰ ময়া এৰিব লাগিব । যিকোনো প্ৰকাৰে মোৰ দেহত অক্সিজেন শেষ হোৱাৰ আগতেই পানীৰ তলৰ পৰা ওপৰহলৈ আহি উশাহ লব লাগিব। সমস্ত শক্তিৰে মই সাঁতুৰিবলৈ ধৰিলোঁ, কিন্তু ওপৰলৈ আহিব নোৱাৰিলোঁ। নিম্নমুখী পানীৰ সোঁতে মোক বাৰে বৰে ডুবাই দিছে।
তেনেতে এটা প্ৰচণ্ড সোঁতে মোক গাড়ীৰ খোলা দুৱাৰেদি ভিতৰলৈ টানি নিলে। মই সোমাই যোৱাৰ লগে লগে গাড়ীৰ দুৱাৰখন নিজে বন্ধ হৈ গ’ল৷ খিৰিকীৰে সাঁতুৰি ওলাই আহিবলৈ চেষ্টা কৰিলোঁ। কিন্তু দুয়োফালে খিৰিকীৰে পানীৰ তীব্ৰ ধাৰা বৈ আছে। খিৰিকীৰ ওচৰলৈও যাব নোৱাৰিলোঁ। অত্যধিক আত্মবিশ্বাস আৰু খঙে মোক আজি এই মৃত্যুৰ গাঁতলৈ লৈ গ’ল। মই বুজিলোঁ গাড়ীৰ ড্ৰাইভিং চিটত বহি থকা কংকালটো আন কাৰো নহয় , সেইটো মোৰেই। এই কুঁৱাটোত প্ৰৱেশ কৰাৰ পিছত প্ৰথম ডুবাতেই ভৱিষ্যত দেখিছিলোঁ। আৰু এতিয়া দেখিছোঁ তাৰ বৰ্তমান। এই কুঁৱাটোত ডুব যোৱা গাড়ীখনৰ ভিতৰতে আবদ্ধ হৈ মৰিবলৈ হয়তো মোৰ কপালত লিখা আছিল। কপালৰ লিখা খণ্ডনযোগ্য নহয়। নিজকে ভাগ্যৰ হাতত এৰি মই নিশ্চিত হলো ৷
বুকুৰ বিষ হবলৈ আৰম্ভ হৈছে । তথাপিও অলপ অলপকৈ উশাহ ধৰি আছো। যিমান পাৰি দেৰিকৈ জীৱনৰ শেষ উশাহটো ল’ব মন গৈছে। জানো জীৱনটো বৰ নিষ্ঠুৰ কিন্তু ইমান সোনকালে মৰিবও মন নাই। কিন্তু এদিনতো মই মৰিব লাগিব। সেই দিনটো আজি হওক বা কাইলৈ। এইবোৰ কথা ভাবি থাকোঁতে মোৰ চকু গাড়ীৰ ডেচব’ৰ্ডলৈ গ’ল। ইনফ্লেটেবল ট্ৰেচ বেলুনটোৱে (গাড়ী দুৰ্ঘটনা হ’লে চালকৰ মূৰটো ডেচব’ৰ্ডত খুন্দা মৰাৰ পৰা ৰক্ষা কৰিবলৈ ফুলি উঠা বেলুন) গোটেই ডেচব’ৰ্ডখন আবৰি ৰাখিছে ! যোৱা নিশা গাড়ীখনে কুঁৱাৰ বেৰত খুন্দা মৰাৰ সময়ত ট্ৰেচ বেলুনটো ফুলি উঠা নাছিল। কিন্তু তাৰ পিছত হয়তো গাড়ীখন কুঁৱাটোত খুন্দা মৰাৰ ফলত ফুলি উঠিছিল। ট্ৰেচ বেলুনটোৱে বেলুনত সাধাৰণতে হিলিয়াম গেছ থাকে, যিটো বায়ুতকৈ পাতল ।
যদি মই এই ট্ৰেচ বেলুনটো কেনেবাকৈ গাড়ীৰ খিৰিকীৰে বাহিৰলৈ উলিয়াব পাৰো তেন্তে ই পানীৰ সোঁতক আওকাণ কৰি পোনে পোনে পানীৰ ওপৰলৈ যাব। তাৰ পিছত মই মাত্ৰ ইয়াত ধৰি থাকিলে হল। সেইটোৱে মোক পানীৰ ওপৰলৈ লৈ যাব।
লগত থকা ছুৰীখন উলিয়াই আনিলোঁ। তাৰ পাছত খৰধৰকৈ ট্ৰেচ বেলুনটো ধৰি থকা তিনিওডাল ৰছী এডাল এডালকৈ কাটি পেলালোঁ। বেলুনটো মুক্ত হৈয়েই গাড়ীৰ চাদত ওপঙিবলৈ ধৰিলে । ইফালে মোৰ দেহত অক্সিজেন দ্ৰুতগতিত শেষ হৈ গৈ আছে। বায়ুৰ অভাৱৰ বাবে হাওঁফাওঁ টানি ধৰি ফাটি যাও যাও হৈছে।
অজানিতে মুখত লৈ থকা পৰা টৰ্চটো কামুৰি পেলালো। প্রাণপণে গাড়ীৰ খিৰিকীৰ পৰা বেলুনটো ঠেলি উলিয়াই তাৰ এডাল ৰছী জোৰেকৈ ধৰিলো। কপাল ভাল যে ই কাম কৰিলে।
বেলুনটোৱে মোক খিৰিকীৰে বাহিৰলৈ টানি আনিলে। তাৰ পাছত দ্ৰুতগতিত ওপৰলৈ উঠিবলৈ ধৰিলে। মোকো লগত লৈ গ'ল। তেনেকৈয়ে মই আকৌ মৃত্যুক ফাঁকি দিলো । প্ৰচণ্ড সোঁতক আওকাণ কৰি পানীৰ ওপৰলৈ ওপঙি গৈ বেলুনটাক দেখি মই বুজিলোঁ যে চেষ্টা অবিহনে ভাগ্য বুলি একো নাই। মানুহে নিজৰ ভাগ্য গঢ়ি তোলে প্ৰচেষ্টাৰ দ্বাৰা। কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি গাড়ীৰ ভিতৰত হাৰ মানিলে এতিয়ালৈকে মই সিপাৰ পালোঁহেঁতেন।
মই ওপৰলৈ ওপঙি যোৱাৰ লগে লগে ঘূৰ্ণীবতাহো বন্ধ হৈ গ’ল। পুনৰ সেই শান্ত বন্ধ পানী। বেলুনটো বতাহত ওপৰলৈ ওপঙি যাবলৈ চেষ্টা কৰিছে। কিন্তু মই টানকৈ ধৰি ৰাখিলোঁ। মোৰ অনুভৱ হল যে বেলুনটো এৰি দিয়াৰ লগে লগে এই ভোকাতুৰ ক’লা পানীয়ে মোক আকৌ তললৈ টানি লৈ যাব। হাতত থকা ছুৰীখনলৈ কৃতজ্ঞতাৰে চালোঁ। এইটোৱে মোৰ জীৱন দুবাৰ ৰক্ষা কৰিলে। মই ছুৰীখনত চুমা খালোঁ। হঠাৎ মোৰ এনে লাগিল যে এই ছুৰীখনেই মোক ইয়াৰ পৰা উলিয়াই নিব পাৰে। কুঁৱাৰ তিতা বেৰখন পৰীক্ষা কৰিলোঁ ! হয়,,,, এই বেৰত সহজে ছুৰীৰে সৰু সৰু ফুটা কৰিব পাৰি। সেই গাঁতবোৰত হাত থৈ এই ঠেক দেৱালখনৰ ওপৰেৰে সহজেই বগাই যাম। এই চিন্তাটো মনলৈ অহাৰ লগে লগে মই কামত লাগি গ’লোঁ৷ মোৰ ধাৰণাটোৱে কাম কৰিলে। কিন্তু এই ধৰণে বগাই উঠি অহা বাবে মোৰ শৰীৰৰ শেষখিনি শক্তিও নিঃশেষিত হ’ল।
কুঁৱাৰ পৰা ওলাই অহাৰ লগে লগে তীব্ৰ সূৰ্য্যৰ পোহৰত মই অন্ধ হৈ পৰিলোঁ। সূৰ্যৰ পোহৰৰ তীব্ৰতাৰ পৰা চকু দুটা বচাবলৈ দুয়োহাতেৰে চকু দুটা ঢাকি দিলোঁ। তাৰ পিছত আৰু একো মনত নাই। অসম্ভব ক্লান্ত হৈ যোৱা বাবে মই অজ্ঞান হৈ পৰিলোঁ। চেতনা ঘূৰাই পোৱাৰ লগে লগে দেখিলোঁ যে দুপৰীয়াৰ ৰ’দটো মোৰ মূৰৰ ঠিক ওপৰত। গোটেই ৰাতিপুৱাটো মই এই কুঁৱাৰ আঁৰত কটালো নেকি ?
কিন্তু একোৱেই কামত নাহিল। মই এতিয়াও নাজানো সেই মহিলাগৰাকী কোন, কি উদ্দেশ্য তাইৰ ! ব্যার্থ মনোভাবত মই আকৌ কটিগলৈ উভতি আহিলোঁ। কটিগলৈ উভতি অহাৰ লগে লগে সেই খিলখিল হাঁহিটো ভাহি আহিল। লাইব্ৰেৰীৰ পৰা আহি আছে । দৌৰি গৈ লাইব্ৰেৰীলৈ গ’লোঁ৷ কিন্তু লাইব্ৰেৰীৰ দুৱাৰখন ভিতৰৰ পৰা তলা মাৰি থোৱা আছে। ভিতৰত আবদ্ধ হৈ আছে নেকি মনিকা?
হেৰা হে মই চিঞৰিলো , "মনিকা। মনিকা । ভিতৰত কি কৰি আছা। প্লিজ মোক ভিতৰলৈ যাবলৈ দিয়া। আজি ৰাতিপুৱা যিটো হ'ল তাৰ বাবে মই সঁচাকৈয়ে দুখী।"
কোনো সঁহাৰি নাহিল। এতিয়া মই জোৰেৰে দুৱাৰত খুন্দিয়াবলৈ ধৰিলোঁ। কিন্তু দুৱাৰখন খোল নাখালে। মোৰ মনত পৰিল ষ্ট’ৰৰুমত থকা সেই হাতুৰীটো। একপ্ৰকাৰে দৌৰি গৈ ষ্ট’ৰৰুমৰ পৰা লৈ আহিলোঁ। মই দুৱাৰখনত হাতুৰীটো মাৰিবলৈ ওলোৱাৰ লগে লগে দুৱাৰখন নিজেই খোল খাই গ’ল। লাইব্ৰেৰীৰ মজিয়াত নিথৰ হৈ পৰি আছে মনিকা। মোৰ হৃদয়খন ছোৱালীজনীৰ বাবে হাহাকাৰ কৰি উঠিল।
"মনিকা, কি হৈছে?!" ঈশ্বৰক ধন্যবাদ, তাই জীয়াই আছে। কিন্তু উশাহ-নিশাহ অতি লেহেমীয়া, আৰু শৰীৰটো সাধাৰণতকৈ বহুত বেছি ঠাণ্ডা। তাই মোৰ ফালে অদ্ভুত চাৱনি এটাৰে চালে। মই তাইক তুলি লৈ আলহী কোঠালৈ লৈ গ'লোঁ। আদিনে ঠিকেই কৈছিল। এই হান্টেড কুটিগটোত মনিকাক কেতিয়াও থাকিব দিয়া উচিত নাছিল। আজি অলপ ভাল হওঁক তাই। কাইলৈ মই তাইক সকলো কথা বুজাই দি ইয়াৰ পৰা বিদায় দিম।
তাইক অতিথিশালালৈ আনি বিচনা চাদৰেৰে ভালকৈ মেৰিয়াই শুৱাই দিলো। বেচেৰি.....
ঠাণ্ডাত কিমান যে কষ্ট পাইছে । হঠাৎ কথা এটা মন কৰিলো। মনিকা একেৰাহে দুদিন লাইব্ৰেৰীলৈ গৈ বেমাৰত পৰিল। আজি ৰাতিপুৱা কুঁৱাটোৰ ওচৰত যি বিচাৰিলোঁ সেয়া চাগে লাইব্ৰেৰীতহে আছে। লাইব্ৰেৰীত থকা সেই অদ্ভুত কিতাপখনলৈ মনত পৰিল। সেইদিনা কিতাপখন পঢ়িবলৈ লোৱাৰ লগে লগে এলাৰ্মটো বাজি উঠিল। গতিকে পঢ়া নহ’ল। ওহো ! আচৰিত!
এই বিষয়টো মই সম্পূৰ্ণৰূপে মন কৰা নাছিলোঁ। সেইদিনা ৰাতিপুৱা ৬ বজাত এলাৰ্ম বাজিল। কিন্তু মোৰ বেডৰুমৰ ঘড়ীটোত প্ৰতিদিনে ৰাতিপুৱা ৮ বজাত এলাৰ্ম থাকে। অৰ্থাৎ সেইদিনা কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিবলৈ নিৰ্দিষ্ট সময়ৰ দুঘণ্টা আগতে এলাৰ্ম বাজি উঠিল? অৰ্থাৎ কোনোবা অশৰিৰীয়ে মই কিতাপখন পঢ়াতো নিবিচাৰে । কিন্তু কিয়? সেই কিতাপখনত কি আছে? এই প্ৰশ্নবোৰৰ উত্তৰ কেৱল লাইব্ৰেৰীতহে পোৱা যাব। মই খৰধৰকৈ লাইব্ৰেৰীৰ ফালে আগবাঢ়িলোঁ।
লাইব্ৰেৰীলৈ গৈ ভিতৰৰ পৰা দুৱাৰখন বন্ধ হৈ থকা দেখিলো ! আচৰিত! এই লাইব্ৰেৰীতটোত কি কি গোপনীয়তাই আগুৰি ধৰিছে?
সেই কথা মই জানিব লাগিব। এইডছৰ শ্লোগানটো মনত পৰিল, "বাচিবলৈ হলে আপুনি জানিব লাগিব", আৰু জানিবলৈ প্ৰৱেশ কৰিব লাগিব, লাইব্ৰেৰীৰ ভিতৰত। অলপ আগতে অনা হাতুৰীটো ওচৰত পৰি আছিল। সেইটো তুলি লৈ দুৱাৰৰ তলাটোত মাৰিলোঁ। তলাটো ভাঙি আধা ফাক হৈ গল। দ্বিতীয়বাৰ হাতুৰীৰে কোবাই দিয়াৰ সলনি কান্ধেৰে ঠেলি ঠেলি দুৱাৰখন খুলিলোঁ। সেই আকাংক্ষিত কিতাপখন টেবুলৰ মাজত পৰি আছে। পৃষ্ঠাটো ওলোটাই দিয়াৰ লগে লগে আকৌ লেখিকা মাৰ্গাৰেটৰ স্কেচটো ওলাই আহিল। সিদিনা তাইক চিনি নাপালেও আজি তাইক ভালকৈ চিনি পালোঁ। চিমেট্ৰিৰ পৰা উভতি আহোঁতে গাড়ীৰ আইনাখনত মোৰ কাষৰ চিটত বহি থকা দেখাজনীয়েই এইজনী ৷ এই মহিলাগৰাকী দুঃস্বপ্নত মোৰ আগত আবিৰ্ভাৱ হৈছিল। তাইকেই ডিঙিত ফাঁচ এটা লৈ বেডৰুমৰ চেণ্ডেলিয়াৰত ওলমি থকা দেখিলোঁ। এতিয়া মই প্ৰথম পৃষ্ঠা আৰু বিষয়বস্তুৰ তালিকাখন ওলোটাই কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ।
Join the conversation