Daini Part 36 Assamese Novel | Free Assamese Books Pdf 2023
বাথৰুমৰ আইনাখন কালি নিশা মোৰ চকুৰ সন্মুখত ভাঙি গ’ল। ভাঙি যোৱাৰ শব্দ শুনি লৰালৰিকৈ উঠিবলৈ লওতে মই টাবটোত পিছলি পৰিলোঁ। কিন্তু এতিয়া দেখিছোঁ আইনাখন ঠিকে আছে। ঠিক আগৰ দৰেই বেৰত ওলমি আছে। যেন একো হোৱা নাই। কিন্তু টাবটো ভাঙি গৈছে। মই আইনাখনৰ সন্মুখত অলপ সময় থিয় হৈ থাকিলোঁ। আইনাখনত মোৰ বাহিৰে আন কাকো দেখা নাযায়। অলপ সময় আইনাখনত নিজকে চাই চাই সন্তুষ্ট মনেৰে বেচিনটোৰ সমুখত মূৰটো নমাই লৈ পানী ঢালিবলৈ ধৰিলোঁ। তাৰ পৰা নাক মুখ ধুই আকৌ এবাৰ আইনাখনলৈ চালো।
ও গদ ! মোৰ কপালৰ মাজত এটা প্ৰকাণ্ড ঘূৰণীয়া ঘাঁ ! ঘাঁটো হালধীয়া পূজেৰে ভৰি পৰিছে।
ছি ,,,,, কিমান যে ঘিণ লগা ধৰনৰ ! মই ভয়তে চিঞৰি উঠিলোঁ। নো ও ও ও ও ও ,,,
অলপ নাৰ্ভাছ হৈ কপালত হাত থৈ চালোঁ। নহয় ,,,,,,, মই অনুভৱ কৰিলোঁ মোৰ কপালত মসৃণ অক্ষত ছালখন। কিন্তু ঘাঁটো এতিয়াও আইনাখনত দেখা গৈছে । অলপ পিছতে শোৱা কোঠাৰ পৰা খোজৰ শব্দ শুনা গ’ল। হয়তো মনিকা মোৰ আতংকিত চিঞৰ শুনি দৌৰি আহিল। মোৰ নিজৰ ওপৰত তেতিয়া ইমানেই বিৰক্ত হৈ পৰিছিলো আৰু সেয়ে মই মোৰ খংটো আইনাখনত পেলাই দিলোঁ।
ফাল্টু আইনা । চাবোনৰ কেচটো তুলি লৈ পোনে পোনে আইনাখনলৈ মাৰি পঠিয়ালো ৷ আইনাখন ভাঙি গ’ল। ঠিক তেনেতে ধমধম কৈ কোনোবাই বাথৰুমৰ দুৱাৰত খুন্দা মাৰিবলৈ ধৰিলে। বুজিলোঁ, এইজনী মনিকাহে। তাই দৌৰি আহিছিল মই ঠিক আছে নে নাই চাবলৈ।
মই খঙেৰে ক'লোঁ, "যোৱা মনিকা। মই ১০০% ভালেই আছো।"
মই ভাবিছিলো মনিকা এতিয়া গুচি যাব। কিন্তু তাৰ পৰিৱৰ্তে তাই ভয় খোৱা মাতেৰে কাকুতি মিনতি কৰা যেনকৈ কলে, “লাইব্ৰেৰীৰ পৰা কোনোবাই মোক মাতি থকা যেন লাগিছিল ।
প্ৰথম মই ভাবিছিলো সেইটো তুমি ৷ কিন্তু যেতিয়াই পুথিভঁৰালৰ ভিতৰলৈ গৈছিলো তেতিয়াই বাথৰুমত তোমাৰ চিঞৰ-বাখৰ শুনিবলৈ পালোঁ। সেয়ে কি হৈছে চাবলৈ ইয়ালৈ আহিলোঁ। তাৰ পিছত এতিয়া গ্লাছ ভাঙি যোৱাৰ প্ৰচণ্ড শব্দ। ডাৰ্লিং প্লিজ, সঁচা কথা কোৱা, এইবোৰ কি হৈছে? " "
উফ । এতিয়া তাইক মই কি কও ! মই স্পষ্টকৈ বুজিব পাৰিলোঁ যে এই ছোৱালীজনীয়ে তাইৰ প্ৰশ্নৰ সন্তোষজনক উত্তৰ নোপোৱালৈকে ইয়াৰ পৰা নাযায়। কিন্তু এই মুহূৰ্তত তাইক দিবলৈ মোৰ হাতত কোনো উত্তৰো নাই। ইয়াত সঠিকভাৱে কি চলি আছে মইও নাজানো। কি উত্তৰ দিম মই !
মোক মনে মনে থকা দেখি তাই আকৌ কলে, " ডাৰ্লিং। কিয় একো কোৱা নাই ? প্লিজ তেনেকুৱা নকৰিবা। খুলি কোৱা, ইয়াত কি হৈ আছে?"
তাইৰ কথাত মই থতমত খাই বাথৰুমৰ পৰা ওলাই আহিলোঁ। ইফালে মোৰ খঙত মূৰটো জ্বলিছে।
মোৰ সন্মুখত মনিকাক দেখি মই চিঞৰি উঠিলোঁ, "এই । এইটোৱেই হৈছে নেকি? মই তোমাৰ ওচৰত সকলো কথাই কব লাগে কিয়?"
কাৰো ওচৰত ক্লিয়াৰিফিকেচন দিবলৈ মই ইচ্ছুক নহয়। যদি তোমাৰ ইয়াত আপত্তি আছে ইয়াৰ পৰ আঁতৰি যোৱা।"
মোৰ এই অপ্ৰত্যাশিত ব্যৱহাৰৰ বাবে মনিকা সম্পূৰ্ণৰুপে অপ্ৰস্তুত আছিল। ক্ষন্তেক সময়ৰ বাবে তাই থতমত খাই মোৰ ফালে চালে, তাৰ পিছত হাঁহি এটা মাৰি তাৰ পৰা গুছি গল। তাই যোৱাৰ লগে লগে এক প্ৰবল অনুশোচনাই মোক জোকাৰি গ’ল। তাইক তেনেকৈ কোৱাটো মোৰ বাবে ঠিক নাছিল। মোৰ নিজকে বৰ দোষী অনুভৱ হল। মই মনিকাৰ পিছে পিছে গেষ্ট ৰুমলৈ গ'লোঁ। মই গৈ দেখিলোঁ যে তাই বিচনাত পৰি কান্দি আছে। মোৰ নিজৰ ওপৰত খুব খং উঠিল। তাৰ পিছত কুঁৱাটোত থকা আদবয়সীয়া অশৰীৰী মহিলাগৰাকীলৈ নিজৰ ওপৰত উঠি থকা খংটো গুচি গল। ইয়াৰ বাবেই মোৰ মেজাজ সলনি হৈ গল।
এই কাৰণেই ছোৱালীজনীয়ে এতিয়া কান্দিছে। খঙত গজ গজ কৰি ষ্ট’ৰ ৰূমলৈ দৌৰি আহিলোঁ। তালৈ গৈ নাইলনৰ দীঘল ৰছী এটা, টৰ্চ লাইট এটা আৰু সেই পকেট ছুৰীখন তুলি ল’লো। হাতুৰীটোও তুলি লবলৈ ধৰিছিলো কিন্তু জোকাৰি পুনৰ থৈ দিলোঁ। ইয়াক দাঙি থিয় হৈ থকাটোৱে টান যেন লাগে , তাতে আকৌ কুঁৱাৰ পানীত ওপঙি থকাটো প্ৰায় অসম্ভৱ হব। তেতিয়ালৈকে মই সিদ্ধান্ত লৈছিলো। আজি একেবাৰে সেই ৰহস্যময় কুঁৱাটোৰ মাজলৈ নামি যাম। তাত যি আছে, মই তাক সিপাৰলৈ পঠিয়াই দিম আৰু তাৰ পিছত ওলাই আহিম। খঙৰ ভমকত মনৰ পৰা ভয়টো সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ’ল। মই দৃঢ় খোজেৰে পোনে পোনে কুঁৱাৰ ফালে আগবাঢ়িলোঁ। তালৈ গৈ ৰছীৰ এটা মূৰ কুঁৱাৰ বাল্টি টানিবলৈ ৰখা খুটিত টানকৈ বান্ধি আনটো মূৰ তললৈ ওলোমাই দিলোঁ।
তাৰ পাছত ৰছীডালত ধৰি ওলমি আন্ধাৰ কুঁৱাটোৰ ভিতৰলৈ সোমাই গ’লোঁ৷ মই যিমানেই তললৈ যাবলৈ লৈছো সিমানেই আন্ধাৰ ঘন হৈ পৰিছে। মই টৰ্চটো জ্বলাই দিলোঁ। টৰ্চৰ কোমল পোহৰে কুঁৱাৰ আন্ধাৰৰ সৈতে প্ৰতিযোগিতা কৰিব পৰা নাছিল। মই বুজি পালো যে ইয়াত দিন আৰু ৰাতিৰ মাজত প্ৰায় কোনো পাৰ্থক্য নাই। ইয়াত আন্ধাৰৰ চিৰন্তন ৰাজত্ব।মই যিমানেই তললৈ নামি গৈ আছো সিমানেই ভয় বাঢ়ি গৈ আছে । মোৰ ভয় লাগিবলৈ আৰম্ভ কৰিছে। তাৰ পাছত হঠাতে মোৰ টৰ্চৰ পোহৰত পানীৰ পৃষ্ঠত জিলিকি উঠিল।
যিয়েই নহওক। মই ভাবিছিলো এই গাঁতটো পৃথিৱীৰ এটা পৃষ্ঠৰ পৰা আনটো পৃষ্ঠলৈকে বিস্তৃত হৈ আছে। ৰছীডাল এৰি পানীত জপিয়াই পৰিলো। স্থবিৰ,পানীৰ পৰা এটা গেলা গেলা গোন্ধ ওলাই আহিল। কেনেবাকৈ নাক মুখত ধৰি সহ্য কৰিলো। মই কুঁৱাৰ এফালে বেৰখন ধৰি পানীত ওপঙিবলৈ ধৰিলোঁ। হঠাৎ গাড়ীখনৰ কথা মনত পৰিল।
আৰে! সেইখন ক'তো দেখা নাই যে ! এই সৰ্বভোজী কুঁৱাটোৱে মোৰ গাড়ীখন গিলি পেলালে নেকি? মই মন কৰিলোঁ যে কুঁৱাৰ তলটো মোৰ ভৰিখনে চুব পৰা নাই ! তাৰমানে মানুহ এজনক ডুবাই পেলাব পৰাকৈ গভীৰ! পিছে কিমান গভীৰ! মোৰ গাড়ীখন বা কিমান গভীৰতাত লুকাই আছে? এইবোৰ ভাবি মই কুঁৱাটোত ডুব মাৰিলো ৷ টৰ্চৰ পাতল জিলিকনিত মই প্ৰায় দহ ফুট গভীৰতাত মোৰ গাড়ীখন দেখা পালোঁ। গাড়ীৰ চাদত শেলাই আৰু বেঙ ছাতি গজিছে! মোৰ প্ৰিয় গাড়ীখনৰ এই অৱস্থা দেখি হৃদয়ে কান্দি উঠিল। মই সাঁতুৰি আগুৱাই গৈ গাড়ীৰ ফালে আগবাঢ়িলোঁ।
উইণ্ডশ্বিল্ডৰ কাষেৰে টৰ্চটো জ্বলাই দিওঁতে ড্ৰাইভিং চিটত মানুহৰ কংকাল এটা দেখা পালোঁ। ভয়ত মোৰ প্ৰাণ মৰহি গ’ল। মনত পৰিল, কালি ৰাতি মই সময়মতে গাড়ীৰ পৰা নামিব নোৱাৰিলে আজি মোৰ শৰীৰটো তাতেই থাকিলহেঁতেন। পিছে এইটো কোন দুৰ্ভগীয়াৰ শৰীৰ? মোৰ গাড়ীলৈ ই কেনেকৈ আহিল?
যিয়েই নহওক । মই আৰু ভাবিব পৰা নাই। বহুসময়ৰ পৰা পানীৰ তলত থাকি এতিয়া শ্বাস ৰুদ্ধ হৈ যোৱাৰ উপক্ৰম হৈছে আছো। গতিকে খৰধৰকৈ পানীৰ তলৰ পৰা ওলাই আহি উশাহ এটা ল’লোঁ৷ ইয়াত মই যি দেখিবলগা আছিল দেখিছো। এতিয়া ৰছীডালেৰে উঠি এই মৃত্যুৰ গাঁতৰ পৰা ওলাই অহাটোহে ভাল হব ।
কিন্তু কি আচৰিত! ৰছীডাল টানি দিয়াৰ লগে লগে সম্পূৰ্ণ খোল খাই কুৱাৰ ভিতৰত পৰিল ।
হায় হায় ! মই কুৱাৰ পৰা এতিয়া কেনেকৈ ওপৰলৈ উঠি যাম? মোৰ অতি ওচৰত কোনোবাই হাঁহিবলৈ ললে। সেই ভয়ংকৰ পৈশাচিক হাঁহিটো। মই বুজিলোঁ যে মোৰ দুঃস্বপ্ন বাস্তৱ হ’বলৈ ওলাইছে।
Join the conversation