Daini Assamese Novel Part 38 | Free Assamese Books To Read

Part 37 Daini Assamese Novel | Free Assamese Books 2023

Part 37

প্ৰথম অধ্যায়ত নৰবলি আৰু আত্মবলিদানেৰে  ঈশ্বৰৰ ওচৰত আত্ম উৎসর্গ আৰু বলিদানৰ ৰীতি-নীতিৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। অধ্যায়টোৰ এটা ঠাইত নিজৰ শিশু বলিদানক আটাইতকৈ মহিমামণ্ডিত বুলি উল্লেখ কৰা হৈছে। মই বিতৃষ্ণাত মুখখন বেঁকা কৰি ল’লোঁ। এই বলি প্ৰায় সকলো ধৰ্মতে বিদ্যমান। আমেৰিকাত প্ৰাচীন ৰেড ইণ্ডিয়ানসকলে দেৱতাক সন্তুষ্ট কৰিবলৈ বিদেশী নাৱিকৰ মাংস বলি দিছিল। এতিয়াও প্ৰায় প্ৰতি বছৰে একাংশই  ভগৱানৰ নামত জীৱ জন্তু বলিদান দিয়ে।

মই বুজিলোঁ যে ঈশ্বৰৰ এই নিষ্ঠাবান উপাসকসকলে ঈশ্বৰক নৃশংস বুলি চিহ্নিত কৰিছে। নাস্তিকতা তাতকৈ ভাল। নাস্তিকসকলে ঈশ্বৰক বিশ্বাস নকৰে গতিকে তেওঁলোকৰ দ্বাৰা ঈশ্বৰ অপমানিত হোৱাৰ কোনো প্ৰশ্নই নাহে। তেওঁলোকৰ মতে যাৰ অস্তিত্বই নাই, তেওঁক কেনেকৈ অপমান কৰিব? 

দ্বিতীয় অধ্যায় আধ্যাত্মিকতা আত্মাবশীকৰণত পৃথিৱীৰ প্ৰাণী, মানুহ আৰু উদ্ভিদৰ আত্মাৰ জ্যামিতিক বিৱৰণ দিয়া হৈছে। ইয়াত কোৱা হৈছে যে যদি জীৱ-জন্তু আৰু মানুহৰ মুঠ জীৱিত আত্মাৰ সংখ্যা উদ্ভিদৰ মুঠ জীৱিত আত্মাৰ সংখ্যাতকৈ অধিক হয়, তেন্তে পৃথিৱীখন ধ্বংস হ’ব। এই উক্তিটো অতি বৈজ্ঞানিক আৰু নিৰ্ভৰযোগ্য যেন লাগে। আধ্যাত্মিকভাৱে বৰ্ণনা কৰা হৈছে যদিও সেই অন্ধকাৰ মধ্যযুগত উদ্ভিদৰ প্ৰয়োজনীয়তা লেখকে উপলব্ধি কৰিছিল।

তেওঁৰ এই উপলব্ধি  নিঃসন্দেহে প্ৰশংসাৰ যোগ্য। তদুপৰি এই অধ্যায়ত দুষ্ট আত্মাৰ ক্ষতিৰ পৰা হাত সাৰিবলৈ কিচুমান মন্ত্ৰ দিয়া হৈছে। সৰু যেন দেখি মই এটা মন্ত্ৰ মুখস্থ কৰি ললো। কব নোৱাৰো। কামত আহিবও পাৰে।

তৃতীয় অধ্যায় মৃতুপুৰী আৰু প্ৰত্যাৱৰ্তনত,  মৃত্যুৰ পিছত আত্মাৰ স্বাভাৱিক যাত্ৰা ৰোধ কৰাৰ সাতটা পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। তাৰ ভিতৰত এটা মোৰ মধ্যমা আঙুলিত পিন্ধা   আঙঠিটো । এই অধ্যায়টো পঢ়াৰ পিছত এই আঙঠিটোৰ ৰহস্য মোৰ সন্মুখত সম্পূৰ্ণৰূপে প্ৰকাশ পালে।

ইমান দিনে মই প্ৰিষ্টক আঙঠিটোৰ মালিক বুলি ভুল কৰিছিলোঁ। কিন্তু মই আগতেই বুজি পাইছিলোঁ যে সেই যৌনতা পাগল প্ৰিষ্টৰ বাবে ইমান চমৎকাৰী আঙঠি এটা বনোৱাটো অসম্ভৱ। এই আঙঠিটো এই বুদ্ধিমান মহিলাগৰাকীয়ে নিৰ্মাণ কৰিছিল। এই আঙঠিটো প্ৰিষ্টৰ যৌন দাস সংগ্ৰহৰ বাবে নিৰ্মাণ কৰা হোৱা নাছিল। মাৰ্গাৰেটে এই আঙঠিটো নিজৰ আত্মাক বচাবলৈ বনাইছিল। প্ৰিষ্টে হয়তো পিছত কেনেবাকৈ ইয়াক নিজৰ দখলত লৈছে।

মধ্যমা আঙুলিৰ পৰা আঙঠিটো খুলি চকুৰ সন্মুখত ধৰিলো। আঙঠিটোৰ মাজত থকা উজ্জ্বল ৰঙা পাথৰটো দিনৰ পোহৰত জিলিকি উঠিল! এই আঙঠিটোৰ কি আচৰিত শক্তি আছে। কিন্তু মোৰ মধ্যমা আঙুলিত আঙঠিটোৱে বগা দাগ এটা বহাই দিছে। 

এইটো মোৰ ভাল লগা নাছিল। কেৱল মোৰ বাগদত্তাৰ আঙঠিটোৱেহে মোৰ হাতত দাগ বহাব পৰিব। মাৰ্গাৰেটৰ আঙঠিটো সেয়েহে মধ্যমা আঙুলিৰ পৰিৱৰ্তে   কনিষ্ঠা আঙুলিত পিন্ধিবলৈ ললো । কি আচৰিত! কনিষ্ঠা আঙুলিতো ই এক নিখুঁত ভাৱে খাপ খাই গল। কিন্তু যি আঙঠিটো মধ্যমা আঙুলিত ধুনীয়াকৈ খাপ খাইছিল , ই কনিষ্ঠা আঙুলিতোত ঢিলাহে হব লাগিছিল !

কনিষ্ঠা আঙুলিতোৰ পৰা আঙঠিটো খুলি বুঢ়া আঙুলিত  পিন্ধিলোঁ। এতিয়াও ফিট হল, অলপো টান নহয় আৰু অলপো ঢিলা নহয়। হঠাতে মোৰ মনত পৰিল বেছমেণ্টৰ কাৰাগাৰত এলেছৰ সপোনটো। সিদিনা ৰাতি মোক এলিছৰ ঠাইত ফাঁচী দিয়া হৈছিল। মোৰ শৰীৰটো পুথিভঁৰাললৈ আনি শুদ্ধিকৰণ আৰু প্রিষ্টৰ  ভোগৰ বাবে অনা হৈছিল।  মোৰ অশৰীৰীৰ সন্মুখতে তেওঁ মোৰ শৰীৰটো উপভোগ কৰিবলৈ ধৰিলে। মোৰ স্পষ্টকৈ মনত আছে যে তেওঁৰ বিশাল শৰীৰটোৱে মোৰ শৰীৰটো সম্পূৰ্ণৰূপে আৱৰি ধৰিছিল।

মোৰ মৃতদেহৰ হাতখন এবাৰ তেও হাতৰ মুঠিত ধৰি লৈছিল। চকু মুদি মই সেই দৃশ্যটো মনত পেলাবলৈ চেষ্টা কৰিলো। ও !! মনত পৰিল পিঞ্জৰাত থকা চৰাইৰ দৰে মোৰ হাতখন তেওৰ বিশাল হাতত আবদ্ধ হৈ পৰিছিল! তেওৰ হাতখন মোতকৈ দুই-তিনিগুণ ডাঙৰ আছিল। ডাঙৰ হাতখনৰ পৰা ডাঙৰ পৰিধিৰ আঙঠিটো যেতিয়া মোৰ হাতত উঠি আহিল, তেতিয়া আকৃতি সলনি হৈ সৰু হৈ পৰিল! ই মোক ক্ষন্তেক সময়ৰ বাবে ভাবিবলৈ বাধ্য কৰিলে যে প্ৰিষ্টৰ হাতখন আৰু মোৰ হাতখনৰ আঙুলিৰ আকৃতি একেই। কিন্ত দুয়োখন হাত কেতিয়াও সমান নাছিল। এই আঙঠিটোৰ এটা অনন্য বৈশিষ্ট্য হ’ল ইয়াক যিয়ে  পিন্ধে তেওৰ হাতৰ আকৃতিৰ লগত খাপ খাই পৰে! 

বিস্ময়কৰ!

কিতাপখন পঢ়াৰ পাছত গম পালোঁ যে কোনোবাই যদি মৃত্যুৰ সময়ত এই আঙঠিটো পিন্ধে তেন্তে তেওঁৰ আত্মাই সিপাৰলৈ যাত্ৰা নকৰাকৈয়ে পৃথিৱীত মুক্তভাৱে বিচৰণ কৰিব। কিন্তু কপালত এই গৰম আঙঠিৰ এটা দাগ দিলে, মৃত্যুৰ সময়ত আঙঠিটো পিন্ধি নাথাকিলেও আত্মাই পাৰ নহ’ব, যদিহে আত্মাই পাৰ হ’বলৈ অতি আগ্ৰহী নহয়।।এতিয়াহে মাৰ্গাৰেটৰ কপালত জ্বলি যোৱা দাগটোৰ ৰহস্যটো প্ৰকাশ পালে।

এলিছ বা মাৰ্টিনিৰ আত্মাক দেখিছিলো তেওঁলোকৰ কপালত আঙঠিৰ কোনো দাগ নাছিল। কিন্তু প্ৰতিবাৰেই যেতিয়া মাৰ্গাৰেটৰ আত্মা মোৰ আগত , গাড়ীৰ আইনাত বা সপোনত দেখা দিছিল, তাইৰ কপালত আঙঠিটোৰ দাগটো স্পষ্টকৈ উপস্থিত হৈছিল। কাৰণ আন ছোৱালীবোৰক প্রিস্টৰ নিৰ্দেশত নিজৰ ইচ্ছাৰ বিৰুদ্ধে কপালত দাগ লবলৈ বাধ্য কৰোৱা হৈছিল। কিন্তু মাৰ্গাৰেটে নিজেই কপালত আঙঠিটোৰে দাগ দিয়ে। বুদ্ধিমান মহিলাগৰাকীয়ে নিশ্চয় কেনেবাকৈ অনুভৱ কৰিছিল যে প্রিস্টে তাইৰ পৰা আঙঠিটো কাঢ়ি নিবলৈ ওলাইছে। গতিকে এয়া তাইৰ অদ্ভুত কাণ্ড। গৰম আঙঠিটোৰে কপালখন জ্বলাই তেওঁ নিজৰ আত্মাক সিপাৰলৈ যোৱা যাত্ৰা বন্ধ কৰি দিয়ে। সঁচাকৈয়ে মহিলাগৰাকীৰ সাহসৰ শলাগ লৈছো। কিন্তু পিছলৈ প্রিস্টে আঙঠিটো নিজৰ দখললৈ লৈ যায় আৰু তেওঁক হত্যা কৰে। 

Upcoming Part 39

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog