10 Assamese Poems on Love : Assamese Poetry Ultimate Post
অসমীয়া কবিতা - New Assamese Poetry 2021 | Beautiful Assamese Poem
অসমীয়া কবিতা 1 - অৱশেষ
আহিনমহীয়া নিয়ৰকণাৰ টোপাল মূৰে গালে সানি তেওঁ আহিছিল...
সৰলগছে আৱৰা দীঘল পদূলিটোত তেওঁৰ দীঘল খোজ কেইটাই সাঁচ বহুৱাই গৈছিল...
যেনেকৈ মোৰ মনৰ কেনভাচত অনুৰাগৰ তুলিকাই আঁকি লৈছিল তেওঁৰ প্ৰতিচ্ছবি,
পুৰণি গুহাত খোদিত কোনোবা নিপুণ খনিকৰৰ ভাস্কৰ্য সদৃশ।
আহ্লাদেৰে গ্ৰহণ কৰি চিঠিখন পঢ়িছিলো,
ইতিমধ্যে মোৰ ঠুনুকা কাঁচৰ ছবিখন ভাঙি চিঙি চূৰমাৰ হৈছিল...
গালখনত অনুভৱ কৰিছিলোঁ নিয়ৰ এটোপাল পৰিছে,
নিয়ৰ পৰিছিল জানো, নে ক্ষত হৃদয়ৰ তেজৰ টোপাল আছিল সেয়া
বৈ আহিছিল অশ্ৰু ৰূপত...
তেওঁ গ'লগৈ, অহা বাটেদিয়েই
আবতৰীয়া বৰষুণ এজাকে মচি নিলে ধূলিয়ৰি পদূলিৰ তেওঁৰ পদচিহ্ন,
ৰৈ গ'ল মাথোঁ কিছু স্মৃতি,
পদূলি মুখৰ শেৱালিজোপাৰ পৰা এপাহ ফুল সৰি পৰিল,
হিমসিক্ত দূবৰিডালে তাক বুকুত সাবটি ল'লে।
- অগ্নিবাস্য
বজালী,অসম
অসমীয়া কবিতা Assamese Poem- 2 , বেবেৰিবাং
বিচাৰি ফুৰাবোৰত ইমান মায়া ।
মই চুলেই যেন হাঁহি থাকিব আপুনি ,
পৌৰাণীক চিত্ৰ এখনত খোদিত হোৱাৰ দৰে ।
ঠিক চুলেই জয় পৰা লাজুকী বনৰ দৰে,
কথাবোৰ ঠিক এনেকুৱা ।
ইমান কথা ,
বুকুত খুন্দা মাৰি থকা কথা ,
তাৰ মাজত হাঁহি ;
জোৰকৈ মৰা হাঁহি ,
মিচিকিয়াই থকা হাঁহি ।
হাঁহিৰ মাজত কন্দা যায়নে
হয়তো যায় , নাযাবও পাৰে ।
মোলৈ চাই আপুনি হাঁহি থাকোতে মোৰ কান্দিবৰো মন যাব পাৰে ।
ঐচ্ছিক বিষয়ৰ নিচিনাকৈয়ে মগজুৰো ঐচ্ছিক ইচ্ছাত চলে কান্দোন-হাঁহি , হাঁহি-কান্দোন !
Also Read Old Assamese Poem | Nalinibala Devi Assamese Poem Collection
হৃদয়ৰ ইচ্ছাত কি চলে তেন্তে !
ইমান প্ৰশ্ন কিয় কৰে আপুনি !
প্ৰশ্ন নকৰাকৈ যে উত্তৰো পোৱা নাযায় !
এইয়াই চিৰন্তন সত্য বুলি যদিও কোৱা নাযায় ,
সাধাৰণভাৱে সাধাৰণীকৰন কৰিব পাৰি নিশ্চয় ।
সাগৰিকা বড়ো
কামৰূপ
অসমীয়া কবিতা Assamese Poem 3 বিধবাৰ জীৱনগাঁথা
শিৰৰ সেন্দুৰকণে যিদিনা মোক এৰা দিছিল
সেইদিনাই সমাজৰ চকুত পিন্ধি লৈছিলো বিধবাৰ মালাধাৰী।
সমাজে সেইদিনা শিৰৰ সেন্দুৰকণ মোহাৰি
দেহত পিন্ধাই দিছিল ফটফটীয়া বগা সাজযোৰ।
উকা কপালখন, বগা সাজযোৰেই হৈ পৰিছিল
মোৰ বিধবা জীৱনৰ প্ৰথম পৰিচয়।
মোৰ শিৰত সেইদিনাই সমাজে পিন্ধাই দিছিল
কুলক্ষণীৰ গঢ়ুৰ মুকুট টো।
যাৰ বোজা প্ৰতিক্ষণে কঢ়িয়াই কঢ়িয়াই মই
অৱস হৈ পৰিছোঁ!
যাত্ৰা পথত এটি নিভাঁজ হাঁহিৰে
মৰমৰ এষাৰি মাত দিয়া গৰাকীয়ে
আজি মোক দেখিলে
কেটেৰা-জেঙেৰাৰে থকা-সৰকা কৰে!
কাৰণ মই যে বিধবা!
ৰঙীন সপোনৰ আশা কৰাটো মোৰ অপৰাধ,
উচ্চস্বৰত এটি হাঁহি মৰাটোও মোৰ বাবে অপৰাধ।
বৈধব্যৰ জীয়া যন্ত্ৰনাৰ জুয়ে মোক
ক্ৰমশঃ ছাঁই কৰি পেলাইছে।
গভীৰ নিশা শেতেলীত পৰি
টোপোলাটো খুলি আঙুলিৰ মুৰত হিচাপ কৰোঁ
বৈধব্য জীৱনত বিসৰ্জন দিয়া সপোনবোৰ!
লুপ্তপায় মোৰ সপোনবোৰ বুকুত বান্ধি
শত শত সংগ্ৰামেৰে জৰ্জৰিত বৈধব্যৰ
জীয়া যন্ত্ৰনাই মোক নিঃশেষ কৰি পেলাইছে!
বৈধব্যৰ সাজযোৰ কুলুষিত হোৱাৰ ভয়ত
সপোনবোৰ জলাঞ্জলী দি
এতিয়া ৰংবিহীন, সপোনবিহীন হৈ
কংকালসাৰ দেহতো লৈ জীয়াব শিকিছোঁ...।
ডলীপ্ৰিয়া দেৱী।
শোণিতপুৰ, অসম।
Assamese Poem অসমীয়া কবিতা 4 , হায় সময়
কোনেনো কয়
বগা বোলে শান্তিৰ বৰণ!
মইটো দেখা নাই
বিধৱাৰ বগা পোচাকত
শান্তিৰ আলয়।
দেখিছো মাঁথো সময়ৰ অৰাজকতা,
পোচাকযোৰেই দেখাই কৰি দিয়ে
নিসংগতাৰ ঠিকনা।
বগা পোচাকযোৰে
কেতিয়াও ভাবি নাচায়
কোন সেয়া!!!
বুঢ়ী কিম্বা গাভৰু তিৰোতা!!!
মাথো লাগে তাক
নাৰীৰ আলিংগন,
যাতে মনত সুমুৱাই দিব পাৰে
স্বপ্ন ভঙাৰ বেদনা।
পোচাকযোৰৰ
আঁহে আঁহে
লুকাই আছে
কাৰোবাক হেৰোৱাৰ যন্ত্ৰণা।
স্মৃতিৰ বোকোচাত সাঁচি ৰখা
ক্ষোভৰ বা লাগি
উৰে বাৰে বাৰে বগাচাদৰ,
হায় সময়,
মানুহে কয় আকৌ
বগা বোলে শান্তিৰ বৰণ।।।
কুলজিৎ বৰ্মন, বাক্সা জিলা
Assamese Poem অসমীয়া কবিতা 5 , শৰৎ এটি অনুভৱ
অবুজন কৰি হাঁহিতো নামাৰিবা তুমি
সাথঁৰ হৈ ৰওঁ মই
বাৰু
শৰৎ আহিব দিয়া,
নিয়ৰবোৰেও লাজ কৰিব তোমাৰ পৰশ পায়
শৰৎৰ সন্ধিয়াবোৰত
জোনাকবোৰ বুটলি কবিতা ৰচিম ,
থাকিব তোমাৰ আঁচলৰ
পৰশত জীপাল হৈ ৰোৱা কেইপাহীমান শেৱালি,
শৰৎৰ সেই সুগন্ধিবোৰ প্ৰিয় মোৰ
কুৱলীয়ে বাধা দি ৰাখিব নোৱাৰে
তোমাৰ সেই মেলা চুলিখিনিৰ সৌন্দৰ্য্যবোৰ
পুৱাৰ বতাহজাকে আনে তোমাৰ খৱৰ
সজাল হৈ উঠা ধাননিদৰাৰ থাকে মিঠা সান্নিধ্য ৷
উম ,
আহিব দিয়া শৰৎ
এটা মিঠা অনুভৱ হয় ৷
আমিবোৰ শব্দৰ প্ৰেমিক
সাথঁৰ ভাঙি শব্দৰ গভীৰতাত খোজ দি ভাল পাওঁ ,
বেছি একো নালাগে মাথোঁ
তোমাৰ সাহসৰ হাতখন,
আৰু এটা বাক্য মই আছোঁ ৷৷
ইশান চাংমাই, লখিমপুৰ
Join the conversation