Assam Tech Info | Best 11 WhatsApp Hidden Features Tricks And Tips In Assamese
Assam Tech Info | Best 11 WhatsApp Hidden Features Tricks And Tips In Assamese
বিশ্বত প্ৰায় 1.5 billion subscribers ৰ সৈতে whatsapp জনপ্ৰিয় android app বোৰৰ ভিতৰত এটা। এই জনপ্ৰিয়তাৰ আৰৰ কাৰণটো এয়াই যে মানুহে নিজৰ বন্ধু মহলৰ সৈতে বাকী mobile app ৰ তুলনাত whatsapp ত বেছিকৈ সুৰক্ষিত আৰু শান্তি অনুভৱ কৰে।
Facebook এ কিনি লোৱা messaging app Whatsapp এ সদায় নতুন features আৰু updates লৈ আহি থাকে। যাতে ব্যৱহাৰকাৰীয়ে সম্পূৰ্ণ সন্তষ্ট আৰু সুখৰ অভিজ্ঞতা লাভ কৰিবলৈ পাৰে। কিন্তু তাৰ মাজতে কিছুমান Whatsapp hidden features আছে যিবোৰ আমি বহুতে গম নাপাও। আজিৰ পোষ্টত 11 টা WhatsApp hidden features আমি আপোনাক কম যাতে আপুনিও এক নিৰাপদ তথা আৰামদায়ক মেছেজৰ সুধিবা লব পাৰে। Assam tech info বা প্ৰযুক্তিৰ কথাবোৰ আপুনি ভাল পালে বাকীসকলৰ সৈতেও শ্বেয়াৰ কৰক।
1. Pin important conversations:
কিছুমান chat বাকীবোৰত কৈ সদায়েই ইম্পৰ্টেন্ট নহয়নে। সেয়া হওক প্ৰিয়জনৰ নতুবা অফিচৰ কামৰ। আৰু এই whatsapp chat আপোনাৰ একেবাৰে ওপৰত ৰাখিবলৈ আপুনি তাক pin কৰিব পাৰে. এইখিনি কৰিবলৈ আপুনি চ্যাটটোত টিপি ধৰি থাকক আৰু একেবাৰে ওপৰত নতুনকৈ দেখা দিয়া পিন বুটামটোত ক্লিক কৰক। আইফোন ব্যৱহাৰ কাৰীসকলে chat টো বাওঁফালে বা সোঁফালে ঠেলি দি সেয়া কৰিব পাৰে।
2. The typewriter font:
টাইপৰাইটাৰ দৰে আখৰ কেনেকৈ লিখিব। হোৱাটচএপত বহুতে আজিকালি নতুন ষ্টাইলত আখৰ লিখে। আপুনিও WhatsApp Typewriter Font ব্যৱহাৰ কৰিবলৈ (`) symbol টো তিনিবাৰ শব্দটোৰ দুয়োমুৰত ব্যবহাৰ কৰক। উদাহৰণস্বৰূপে , “`Assamese“`. এই চিন্হটো আপোনাৰ মোবাইলৰ Assamese keyboard খনতো উপলব্ধ আছে।
Also Read বন্ধ হব windows 7 কম্পিটাৰবোৰ । সোনকালে কৰক এইকেইটা কাম
3. Bookmark your messages:
প্ৰায়ে আমি বিচাৰো কিছুমান WhatsApp Conversation মনত ৰাখিব বিচাৰো। আপুনি সেয়া এটা star কৰি ৰাখি থব পাৰে। মাত্ৰ মেছেজটোত টিপি ধৰি ৰাখক আৰু ষ্টাৰ দেখিলে তাত ক্লিক কৰক। পিছত সেই মেচেজ WhatsApp menu ৰ Starred messages section ত গৈ চাব পাৰে। Android আৰু iOS দুয়োৰে বাবে একেই পদ্ধতি
4. Add desktop shortcut:
প্ৰিয় মেছেজবোৰৰ বাবে গোটেই WhatsApp App টো খোলাৰ সলনি আপুনি বিশেষ মানুহজনৰ মেছেজ home screen থৈ দিব পাৰে .তাৰ কাৰনে আপুনি ফোনৰ স্ক্ৰীনত টিপি থাকক আৰু widget অপচনলৈ যাওক। তাত থকা WhatsApp ৰ পৰা বিশেষ Chat টো বিচাৰি ক্লিক কৰি আৰু টিপি ধৰি ফোনৰ home screen ত আনি লওক। .
5. WhatsApp Fingerprint Unlock:
আপোনাৰ হোৱাটচএপত Fingerprint Unlock ব্যবস্থাটোও কৰিব পাৰে। তাৰ কাৰণে হোৱাটচএপ Settings লৈ গৈ পিছত account পিছত privacy আৰু তাত গৈ Fingerprint Lock চিলেক্ট কৰক . আপোনাৰ পচন্দ অনুসৰি ছেটিংছ কৰি লওক।
6. See who you chat with the most: কাৰ সৈতে কথা বেছিকৈ কয়
এইটো জানিবলৈ আপুনি যাওক Settings > Data and storage usage > Storage usage. তাত আপুনি তথ্য পাব।
7. Two-Factor Authentication:
আপোনাৰ WhatsApp security বাহাল ৰাখিবলৈ , আপুনি two-factor authentication enable কৰিব পাৰে . তাৰ বাবে WhatsApp Settings > Account গৈ Two-Step verification. ক্লিক কৰক। এবাৰ enable কৰাৰ পিছত , যেতিয়া WhatsApp টো নতুন ফোনত খুলিব otp ৰ লগতে app টোৱে two-step verification code বিচাৰিব .
8. Read messages without being given away by Blue Ticks:
যদি আপুনি কাৰোবাৰ মেছেজ তেও গম নোপোৱাকৈ পঢ়িব খোজে তেন্তে তলৰ খিনি কৰক।
a) আপুনি blue tick disable বা বন্ধ কৰি লব পাৰে। তাৰবাবে যাওক (Settings>>Account>>Privacy>> uncheck Read Receipts).
b) আপুনি notification panel ৰ পৰাও মেছেজ পঢ়িব পাৰে . দীঘল মেছেজ বা বহুতো মেছেজ পঢ়িবলৈ notificationত ক্লিক কৰি তললৈ থেলি দিয়ক।
c) তৃতীয় পদ্ধতিটো হল আপুনি আপোনাৰ ফোনটো AirPlane mode কৰক , এতিয়া মেছেজবোৰ পঢ়ক। app টো বন্ধ কৰি আকৌ AirPlane mode off কৰক. .
9. Stop photos, videos from automatically saving in your phone ফটো ভিডিঅ নিজে নিজে save হোৱাৰ পৰা কিদৰে বন্ধ কৰিব।
যদি আপোনাৰ ফোনত whatsapp picture বোৰ নিজে নিজে ডাউনলোড হৈ থাকে তেন্তে অপুনি তলৰ কাম কৰি mobile internet data save কৰিব পাৰে.। ফলত ফটোবোৰ নিজে নিজে ডাউনলোড হৈ ডাটা শেষ হোৱা সমস্যাটো দূৰ হব। তাৰ বাবে কৰক Settings -> Chats -> turn off Save Incoming Media.
10. Delete message after you have sent them: চেণ্ড কৰা মেছেজ ডিলিট কিদৰে কৰিব
Whatsapp App টোৱে আপোনাক ‘unsend’ messages option দিছে। যদি কিবা মেছেজ ভূলতে আপুনি send কৰে সেয়া ৬০ মিনিটৰ ভিতৰত ডিলিট কৰিব পাৰে। মেছেজটোত টিপি ধৰি delete for everyone. বুটামত ক্লিক কৰক। কিন্তু ৬০ মিনিট হৈ যোৱা পিছত মেছেজ ডিলিট কৰিব নোৱাৰিব
11. Share Live Location (Real Time): নিজৰ লকেচন মেছেজত send কৰক।
আপুনি আপোনাৰ বন্ধুক নিজৰ live location send কৰিব পাৰে। এক নিৰ্দিষ্ট সময়ৰ বাবে আপুনি যত যায় তেওঁ আপোনাক দেখি থাকিব। তাৰ কাৰণে মেছেজৰ কাষৰ attachment icon কাষৰ ‘location’ ত ক্লিক কৰি Share Live Location ক্লিক কৰক। আৰু সময়টো নিৰ্ধাৰণ কৰি send কৰক। আপুনি ১৫ মিনিট, ১ ঘণ্টা আৰু ৮ ঘন্টালৈ live location whatsapp ত send কৰিব পাৰে।
আজিৰ 11 interesting WhatsApp hidden features ইমানেই আছিল। যদি আপোনাৰ Assam Tech info টো ভাল লাগিল শ্বেয়াৰ কৰক। নতুবা কিবা জানিবলৈ থাকিলে তলৰ কমেন্ট বক্সত কমেন্ট কৰক।
Post a Comment