Assamese Article About Maggriage | Assamese biya | বিয়া,বয়স, বুঢ়া ইত্যাদি

Assamese Article About Maggriage | Assamese biya | বিয়া,বয়স, বুঢ়া ইত্যাদি


(আৰম্ভণিৰ আদিতে...)

"ভু-ভাৰস্তৰ ছবেই বিয়া ও পাতলা, ছ'লি ও জন্ম পালা, নাতি পুতিৰে চোতাল ভৰি গেল, মোৰ হে কপাল'ত নাই দে...এনকেই মৰবা লাগব দে মই...."

'আবু' মানে দেউতাৰ মাক, মোৰ আইতা জনীৰ মুখৰ শব্দ আছিল হেনো এই কেইটা l বাৰ্দ্ধক্যজনিত কাৰণত পিছলৈ চকুৰে কমকৈ দেখা পোৱা আইতাই হেনো মন কৰিছিল দেউতাৰ উদাসীনতা, নাৰী আৰু বিয়া সম্পৰ্কে সৰুকালৰ পৰাই l যৌৱনৰ ভৰ দুপৰীয়াৰ পৰাই দেউতা নিমগ্ন আছিল ৰাজহুৱা মেল মিটিংৰ মুখিয়াল হিচাপে, অঞ্চলটোৰ সহজ সৰল লিখা পঢ়া নাজানা খিনিৰ যাৱতীয় কাম কাজৰ নথি পত্ৰ লিখা মেলা, যা-যোগাৰ কৰি দিয়াত, চুবুৰীয়াৰ বিবাদ নিস্পত্তি কৰা, ঘৰৰ গৰু মহৰ গোহালি চম্ভালা ,খেতি বাতিত নিমগ্ন,লগতে নিজৰ পঢ়া শুনা ও সমান্তৰালভাৱে চলাই নিছিল l সেয়েহে ককা আইতা উভয়েই ভয় খাইছিল, একপ্ৰকাৰ নিশ্চিত হৈছিলেই কিজানি তেওঁলোকৰ পুত্ৰই (দেউতা) বিয়া নাপাতিবয়েই কাহানিও...অথচ পুতেকৰ মনটো দৃঢ় আছিল ল'ৰালিৰ পৰাই l উপৰ্জানক্ষম হলে হে বিয়া বাৰুৰ চিন্তা মনলৈ আনিৱ, লাগিলে জীৱনৰ বেলা বিয়লিয়েই হওক..ধনীৰ দুলাল দেউতা অগাধ পৈতৃক সম্পত্তিৰ মাজত ডুবি থাকিলেও স্বাৱলম্বি হোৱাৰ মানসিকতা তেওঁৰ মনত হয়তো প্ৰৱল আৰু দৃঢ় আছিল...যিটো বয়সত সমনীয়াই ন কইনা লগত লৈ শহুৰৰ ঘৰত যোৱা আৰম্ভ কৰিছিল তেঁও তেতিয়া কেইজনমান একেই অঞ্চলৰ উদ্যমী ডেকাক লৈ গাওঁখনৰ একমাত্ৰ হাইস্কুলখন জন্ম দিয়াৰ কামত ব্ৰতী হৈ খেৰ-কুটা বাঁহ কাঠ গোটাই ফুৰিছিল l আজি তাৰেই ফলস্ৰুতিত আমিবোৰ মাত্ৰ ২ কি:মি: দূৰতেই হাইস্কুলীয়া শিক্ষা লভিৱ পৰা হলো, যি শিক্ষা দেউতা হঁতে লভিছিল সুদীৰ্ঘ ১৫ কি.মি. দূৰ পদপথে অতিক্ৰম কৰি,যিটো কল্পনা কৰাটো ও আমাৰ বাবে কঠিন l কিন্তু সেইবোৰ যে বাস্তৱেই আছিল l জীয়া বাস্তৱ/দেউতাৰ জীৱনৰ..

সুৰ্য্যাস্ত - সুৰ্য্যোদয় হৈয়েই থাকিল..... বিনা বেতনৰে শিক্ষকতাৰ মাজত দেউতা ও ডুবিয়েই থাকিল..l
বিশেষ ভংগিমাৰে মুৰত পাগুৰী মাৰি পুৱতি নিশাই পথাৰত পঁইতা ভাত খাই হাল কোৰ মৰা খেতিয়কজন/ লৰালৰিকৈ ঘৰলৈকে আহি ধুতি পাঞ্জাবীৰে সু সজ্জিত হৈ স্কুললৈ বুলি গম্ভীৰ গমন ....নিত্য নৈমিত্তিক ছবি মোৰ গাওঁখনৰ, তাহানিৰ দিনৰ...

অৱশেষত সেই দিনতো আহি পাইছিল, ২৩ জেঠ, ১৯৮৩ ইং চন l সু সজ্জিত দৰা বেশেৰে বেণ্ডপাৰ্টি ৰাইজ আয়তী সহ দেউতা উপস্থিত হলগৈ আইৰ পদুলীত.. ওৰণি টানি ন-কইনা আহিল, চোতালৰ দুবৰি ও মৰিল l আইতাৰ কোলা লৰা সন্তানৰ খলকনিৰে ৰজনজনাই উঠিল l চকুৰে মনিব নোৱাৰিলে ও পো-নাতিৰ স্পৰ্শ সুখেৰে তৃপ্ত হৈ আইতা গুছি গলগৈ... আৰু আজি মা দেউতাৰ বিবাহ বাৰ্ষিকীৰ দিনটোত মোৰ দোমোজা : কতা ! দেউতা মা'ৰ সংসাৰখনত তো একোৱেই অস্বাভাৱিকতা চকুত পৰা নাই আজিলৈ l নিজৰ সন্তানক সাধ্যানুসাৰে ৰাজকীয় ভৰণ পোষণ,নীতি আদৰ্শ,আনুস্থানিক শিক্ষা দিয়া আদি কেউদিশৰপৰাই তো তেওঁলোক সফল l কিয় জানো আইতাই ভয় খাইছিল বিয়াৰ বয়স পাৰ হোৱা বুলি, দেউতা বৰলাতেই বুঢ়া হোৱা বুলি,আজিও ভাৱি নাপালো.. কিমান নো বয়স হৈছিল দেউতাৰ, ৩২ নাইবা ৩৪ বছৰ । হয়তো তথাকথিত সামাজিক সোঁতৰ ভাঁজত আইতাৰ মন ও থৰক বৰক হৈছিল, নহ'ব নো কিয়, চুবুৰীৰ খুৰা, বৰদেউতা হঁতৰ ল'ৰা ছোৱালী যে ডাঙৰ হৈয়েই উঠিছিল দেউতাই বিয়া লৈ মন মেলাৰ বহু আগতেই...

( চলিত দিনৰ চিন্তা : )
....
যোৱাকালি আৱেলি তাইৰ সতে মুখামুখি হৱলগা হল l তাইৰ উদ্দেশ্যে স্পষ্ট,নিজৰ মানুহজনৰ বিপক্ষে আদালতৰ ওচৰ চাপিব বিচাৰে কোলাৰ কেচুৱাৰ যাবতীয় খৰচ বিচাৰি l মানুহজনী লক্ষ কৰিলো, বয়স কিমান হৱ অনুমান কৰা কঠিন l গিৰিজনাৰ মাৰ খাই শাৰিৰীক মানসিক ভাৱে ভাঙি পৰিছে তাই l কথা প্ৰসংগত গম পালো, ঘৰৰ অমততেই এদিন পলাই গৈছিল তাই ৫ বছৰীয়া গোপন প্ৰেমৰ যবনিকা পেলাই l মাক দেউতাকৰ অলক্ষিতে শিৰত আঁকি লৈছিল প্ৰিয়জনৰ সেন্দুৰ l আৰু আজি দুয়োৰে মৰমৰ চিন কোলাৰ দেৱশিশু লৈ আদলতৰ দ্বাৰস্থ তাই.... মই সংসাৰৰ মায়াজালত বৰ্তমানলৈকে সোমোৱা নাই যিহেতু ধুকি ও নাপাও এই মেৰপাকবোৰ l
নাজানো কিয় এনে হয়, বুকুৰ আপোনজনৰ লগতে এদিন শত্ৰুপক্ষ হৈ থিয় হৱলগা সেই যন্ত্ৰণা কাতৰ হৃদয়খনৰ অৱস্থা বা কি হব মই অনুমান কৰিবলৈ অপৰাগ..বোধকৰো ইজনে সিজনক বুজি নোপোৱাকৈয়েই অপৈণত বয়সতে জোৰ কৈ পৈণত হৱ খোজাৰ বাবেই নেকি এনেবোৰ বিসংগতি দিনে দিনে সৰহকৈ হৱ ধৰিছে ..l কেৰেলা ফেমিলি কোৰ্টৰ ২০১৪ ইং চনৰ ভয়লগা তথ্য মতে প্ৰতিদিনে দু ঘণ্টাত ৫ টা কৈ বিবাহ বিচ্ছেদৰ ৰেজিষ্টাৰ হৈছিল..প্ৰতি দিনে ১৩০ হাল দম্পত্তি পাৰিবাৰিক খামখিয়লিৰ মাজেৰে দিন পাৰ কৰিছে.... যাৰ সংসাৰ খনেই সুস্থিৰ নহয়, তেনে জনৰ পৰা সামাজিক সুস্থিৰতা আশা কৰাটো ও প্ৰশ্নবোধক নহয় জানো..?
তুলনামূলক ভাৱে চাওঁ যদি কথাটো স্পষ্ট, কম বয়সৰ দম্পত্তিৰ ( দুয়োপক্ষৰ সহমতৰ বিচ্ছেদ হোৱাখিনিৰ কথা কোৱা নাই )পাৰিবাৰিক খামখিয়লি বেছি হোৱা পৰিলক্ষিত হৈছে l ইয়াৰ অন্তৰালত কি কাৰণ নিহিত হৈছে ঠাৱৰ কৰা কঠিন যদিও কিন্তু কম বয়সত হোৱা বিবাহ বা ক্ষন্তেকীয়া মোহতেই পৰস্পৰে ইজনে আন জনক ভালদৰে  নুবুজাকৈ সম্পৰ্ক স্থায়ী ৰূপ দিবলৈ চেষ্টা কৰাটোৱেই প্ৰধান বুলি মনে ধৰে l

Written By Niranjan Das

0/Post a Comment/Comments

Previous Post Next Post