-->

Assamese Online Novel Daini Part 24

Assamse online Novel Free Reading

Click Here To Read  Part 23 ডাইনী Assamese Pdf Novel
মই সকলো বাদ দি মৃত মানুহৰ দৰেই পৰি ৰলো । এফালে লোৰ  কফিনৰ ভিতৰত অক্সিজেনৰ নাটনি তাৰোপৰি গলত চেপি ধৰা  প্ৰিষ্টৰ বিশাল হাত। বচাৰ কোনো আশাই  নাছিল । তেতিয়াই হঠাৎ মনত পৰিল , মই  যিটো স্কাৰ্ট পিন্ধিছো সেইটোৰ  পকেটত এখন  সৰু পকেট নাইফ আছে। প্ৰিষ্টৰ  আঙুলিটো সেইখনেৰে এবাৰত কাটিব পৰা যাব । এটা আঙুলি টানি চিঙাতকৈ বহুত সহজ হব। বুজি পাইছিলো  মোৰ  সময় খুব দ্ৰুত গতিত উভতি আহিছে । আৰু সৰ্বোচ্চ ত্ৰিছ চেকেন্ড এনেদৰে শ্বাস নোলোৱাকৈ থাকিব নোৱাৰিম । তাৰপৰাই সকলো  শেষ। সমস্ত মনযোগ একত্ৰিত কৰি  চুৰী উলিয়াই আনিলো । ছুৰীৰ  ফোল্ড খোলতেই যেন সমস্ত শক্তি নিঃশেষিত হল। কিন্তু ইয়াতেই শেষ নহয়। হাত যিদৰে কপিছে তাতে প্ৰিষ্টৰ  আঙুলি কাটিব গৈ হয়তো নিজৰ হয়তো নিজৰ হাতেই কটা যাব । মাত্ৰ এটা কথাই মনত  আহিছে । যেনেকৈ নহওক চয়তানটোক শেষ কৰিব লাগে । ইয়াত যদি মই মৰিবও লগীয়া হয় তেন্তে মোৰ কোনো আপত্তি নাই। মোৰ গলত টিপি থকা মধ্যমা আঙুলিটোত চকু বন্ধ কৰি দিলো এক টান। হঠাৎ মোৰ  গলত  চাপ কমি গল । চেপি ধৰা হাত দুখন নিস্তেজ হৈ পৰিল । তাৰ পিছতেই শ্বাস লবলৈ পাৰি   মুখখন হা কৈ মেলি পৃথিবীৰ গোটেই বতাহ মোৰ বুকুত ভৰাবলৈ বিছাৰিলো । ঠিক তেতিয়াই ধামমমমমমম... কৈ কফিনৰ দৰ্জা খন খুলি গল। প্ৰিষ্টৰ দেহটো যেন কপিবলৈ ধৰিছে। প্ৰাকৃতিক শুদ্ধ বতাহে মোৰ বুকুখন ভৰাই তুলিলে। মোৰ  চাৰিওফালে ঘুৰ্ণীবতাহৰ অনুভৱ  কৰিলো। সমগ্ৰ কফিনটো ঘুৰি ঘুৰি  যেন এক ঘুৰ্ণীবতাহৰ জন্ম দিছে ! তাৰপৰা এক বিষ্ময়কৰ বজ্ৰপাত! কিন্তু প্ৰাকৃতিক বজ্ৰপাতৰ সৈতে অলপো মিল নাই , সাধাৰণ বজ্ৰপাত আকাশৰ পৰা মাটিত পৰে । কিন্তু এই বজ্ৰ কফিনত পৰি থকা আঙঠিটোৰ পৰা  উৎপন্ন হৈ আকাশত  হেৰাই গল । লগে লগে   প্ৰিষ্টৰ দেহটো একদম নিথৰ হৈ পৰিল । প্ৰিষ্ট সম্ভৱত এই মাত্ৰ নৰকত ভৰি দিছে । তাৰ উচিত শাস্তিৰ ভাৰ মই  স্ৰষ্টাৰ হাতত এৰি দিলো । অন্যহাতে মোৰ কান্ধৰ এফালে প্ৰচন্ড বিষ অনুভব কৰিছো ! হাত দিয়েই বুজি পালো তাৰ পৰা তেজ ওলাই আছে । কিন্তু এয়া নিশ্চিত যে মোৰ  গলৰ  শিৰ কটা যোৱা নাই । সেয়া কাটিলে একেবাৰে ফিচকাৰীৰ দৰে তেজ ওলাই আহিল । তাৰ পিছতো নিজৰে খুব ক্লান্তবোধ হৈছে । শ্বাসপ্ৰশ্বাস কিছু স্বাভাবিক হলেও  মুৰটো এতিয়াও ঘুৰাই আছে । কফিনৰ পৰা উঠাৰ চেষ্টা কৰোতেই জ্ঞান হেৰুৱাই সেইটোৰ ভিতৰতেই আকৌ পৰি গলো ।

নতুন সূৰ্য্যৰ পোহৰে মোক চকু মেলিবলৈ বাধ্য কৰিলে । জ্ঞান পায়েই কফিনৰ ভিতৰৰ পৰা উঠি বহিলো । এতিয়াও বিষ আছে। কান্ধত হাত দিওতেই জমা হৈ থকা ৰক্তপিণ্ডৰ  উপস্থিতি  পালো । প্ৰথমে কিছু বুজি  নাপালেও লাহে লাহে সকলো মনত পৰিল । মোৰ তলতে  সেই চয়তানৰ নিথৰ দেহটো পৰি আছে। তাৰ কাষতে আঙুঠি পিন্ধা মধ্যমাটো সহ আৰু দুটা বিচ্ছিন্ন আঙুলি । মধ্যমাটো তুলি লৈ ভালকৈ লাৰি চালো  । তাৰপিছত লাহেকৈ  টান দিওতেই আঙঠিটো তাৰ পৰা ওলাই আহিল । এই সৰু  এটা আঙঠিয়ে কি যে অসাধাৰণ খেল দেখুৱালে। আজি ৰাতিৰ ভয়াবহ অভিজ্ঞতাৰ  স্মৃতি হিচাপে সেয়া চিৰকাল মোৰ লগতে ৰাখিম । সেইটো মোৰ মধ্যমাত  পিন্ধিলো । বাহ! বেচ সুন্দৰকৈ ফিট হৈছে ! মোৰ আৰু প্ৰিষ্টৰ মধ্যমাৰ আকাৰ প্ৰায় সমান। আঙঠিটো সেয়ে  আমাৰ দুজনৰ হাতত সমানভাবে ফিট হৈছে । মোৰ  হাতত  তাৰ  মৃত্যু লেখা আছিল বুলিয়েই হয়তো আমাৰ দুয়োজনৰে আঙুলিৰ মাপ একে। কথাটো মনত  আহোতেই এবাৰ চালো প্ৰিষ্টৰ মুখৰ পিনে । মাত্ৰ নিশ্চিত হবলৈ বিছাৰিছিলো  যে সঁচাকৈয়ে মৰিছেনে । দেখিলো তাৰ  মুখখন হা কৈ মেলি  আছে। সেই মুখেৰে কলা কলা   দাঁতকেইটা  ভয়ানক ভাবে বাহিৰত ওলাই আছে । চেহেৰাত মৃত্যু যন্ত্ৰনাৰ সুস্পষ্ট ছাপ। অবশেষত নৰকত পঠিয়ালো ।
মোৰ মুখেৰে দুষ্ট হাঁহিটো ওলাই আহিল । বাহ। কি সুন্দৰ মুখখন হাঁ কৰি মেলি আছে। যেন মোৰ  প্ৰতীক্ষাত। প্ৰথমে চাৰিওপিনে এবাৰ ভালকৈ চালো  । কোনো নাই দেখি প্ৰিষ্টৰ বুকুৰ ওপৰত  ভৰি থৈ  স্কাৰ্টটো কলাফুললৈ দাঙি দিলো। তাৰ পিছত চিচিচচিচিচিচচিচিচি... একদম  হা কৰা মুখৰ মাজত । জীৱনত মই  হাজাৰ বাৰ প্ৰস্ৰাৱ কৰিছো । কিন্তু কেতিয়াও এনেকুৱা তৃপ্তি পোৱা নাই । আ আ আ আ আ আ আ আহহ । কি প্ৰশান্তি....

Click Here To Read Part 25 

Also Read

Comments

  1. Sj bora
    ২৫ তম খন্ড কেতিয়া আহিব অপেক্ষা কৰি আছো
  2. Sj bora
    Eagerly waiting for part 25