Voyonkor Hei Rati Part 8 Assamese New Novel ভয়ংকৰ সেই ৰাতি

Assamese horror Novel | assamese Ghost Story

Voyonkor Hei Rati Part 8 Assamese New Novel ভয়ংকৰ সেই ৰাতি


ৰাহুল যেন একেবাৰে বোবা হৈ গৈছিল। তাৰ ভয়াৰ্ত চকুদুটাই গাড়ীৰ খিৰিকীৰে কাৰোবাক যেন বিচাৰি ফুৰিছিল।অৰ্চনাদেৱী কান্দো কান্দো স্বৰত কলে , "এনেওতো হব পাৰে, আমি ৰাস্তা হেৰুৱাই ভুল ৰাস্তাত আহিছো ..."এইবাৰ ৰাহুলে কবলৈ ধৰিলে , "মা..দেউতা... আমি ৰাস্তা ভুল কৰা নাই ...মইও  প্ৰথম প্ৰথম এয়াই ভাবিছিলো ..কিন্তু পিছত বুজিছো , আচলতে মুঠেও তেনে নহয়।  ৰাস্তা হেৰুওৱা নাই ।"

"...কি কবলৈ বিচাৰিছা তুমি ?" উৎকণ্ঠিতভাবে কলে  সংগ্ৰাম সিঙে ।

"...দেউতা, আমি  যেতিয়া  জঙ্গলৰ পৰা ওলাই আহিছিলো ৰাস্তাৰ পিনে ...তেতিয়াই মই  তোমাক  বাৰে বাৰে কৈছিলো ...যিমান সোনকালে সম্ভৱ গাড়ী ষ্টাৰ্ট দি  ইয়াৰপৰা যাব লাগে ...তেতিয়া ৰাস্তাৰ কাষত এখন নামফলক মোৰ চকুত পৰিছিল। মই সেয়া মনে মনে  চিন হিচাপে ৰাখি থৈছিলো ...আৰু তুমি ইমানসময়  ধৰি গাড়ী চলাই আছা ...কিন্তু সেই নামফলকখন  এতিয়াও মই দেখা পাইছো ...ঠিক সেই  ঠাইত .... তাৰ মানে...আমি এতিয়াও একে জাগাতে ৰৈ আছো নেকি ..." তাৰপিছতেই ৰাহুল হাউমাউ কৰি উঠিল ।

"...কি? কি হল ৰাহুল?" গাড়ীৰ বাকী সকলো ব্যস্ত হল  ৰাহুলৰ পিনে  , "অমনি কৰিছা কিয় ?.....কি হৈছে কোৱা ?"

ৰাহুলে কাষৰ  খিৰিকীৰে  তৰ্জনী আঙুলিৰে বাহিৰলৈ  নিৰ্দেশ কৰি কলে,," এই চোৱা ..এই চোৱা...সিহত ৰৈ আছে ...সিহত ৰৈ আছে...চোৱা..." কৈ কৈ আতংকত দাঁতত দাঁত নিকটাবলৈ ধৰিলে  ৰাহুলে।

"...কোন..কোনে ৰৈ আছে ?" অৰ্চনাদেৱী, গীতা, সংগ্ৰাম সিং, তিনিওজনেই উৎকণ্ঠিতভাবে গাড়ীৰ খিৰিকীৰে অনুসন্ধানী দৃষ্টি নিক্ষেপ কৰিলে , "তুমি কাক দেখা পাইছা , ৰাহুল? কত কোন ৰৈ  আছে ?"

"...সেয়া তো...সেয়া তো...তোমালোকে দেখা  পোৱা  নাই নে?" কঁপি কঁপি কলে ৰাহুলে , "সেই বুঢ়ী আৰু লৰাটো ....সেই  গছৰ তলত ৰৈ আছে ...দেখিছে ...আমাক....জানো...জানো..সিহতে কোনোপধ্যেই আমাক  যাবলৈ  নিদিব..সিহতে ইয়াৰ পৰা  আমাক এখোজো যাবলৈ নিদিব ...আৰু ...আৰু ..."।

"...আৰু ... কি...ৰাহুল...?" উৎকণ্ঠাৰে সুধিলে  গীসেয়ে।

"...প্ৰতি দহ মিনিট...অন্তৰে অন্তৰে...মই . সিহত দুয়োজনকে...সেই একে ঠাইতে ৰৈ থকা  দেখিছো....সিহতে...সিহতে ...একে জাগাত আমাক  বাৰ বাৰ ঘুৰাই আনিছে ....সিহতে ...এখন ...মায়াজালত বন্দী কৰি পেলাইছে আমাক.."

"....কি কৈছা তুমি ৰাহুল?"

"....মই ঠিকেই কৈছো ..দেউতা..."

"....তাৰ মানে...আমি একে ঠাইতে বাৰে বাৰে ঘুৰি আছো ...একে ৰাস্তাত? হে ভগবান, এয়া  কি আৰম্ভ হল?"

"....মোৰ  এনে লাগিছে ...যেন এক সময়চক্ৰত আমি  ফচি গৈছো ..সেয়ে প্ৰতি দহ মিনিটৰ অন্তৰে অন্তৰে আগৰ সময়ত পুনৰ আহি পৰিছো ..."

ৰাহুলে চুপ  হৈ কিবা  যেন ভাবিবলৈ ধৰিলে । হঠাৎ সি প্ৰশ্ন কৰিলে , "দেউতা, তোমাৰ ঘড়ীত এতিয়া  কিমানটা  বাজিছে ? মোৰ ঘড়ীটো বন্ধ হৈ গৈছে ..."

নিজৰ হাতৰ ঘড়ীত সময় চাই সংগ্ৰাম সিং আৰু এবাৰ ভীষণভাবে চমকি উঠিল । এঘাৰটা চল্লিছ! মনত  আছে, এই জঙ্গলত  সোমাই সিহতৰ গাড়ী দূৰ্ঘটনাত পৰাৰ আগেয়ে এই টাইমেই দেখিছিল  তেওঁৰ ঘড়ীত । মাজত ইমান  সময় পাৰ হৈ গৈছে ...এতিয়াও সেই একে টাইম দেখাই আছে ! তেও এইবাৰ পত্নীক সুধিলে, "অৰ্চনা, চোৱাচোন ...তোমাৰ ঘড়ীত কেইটা বাজিছে ?"

ঘড়ীটো চাই  অৰ্চনাদেৱী নিজেও বিস্ময়ত বাকৰুদ্ধ হৈ পৰিল । আনকি গীতাও নিজৰ ঘড়ীৰ টাইম দেখি  বিস্মিত হল। কোনোৱে এতিয়ালৈকে খেয়াল কৰা নাছিল , সকলোৰে ঘড়ী একেই সময়ত  অতি অলৌকিকভাবে বন্ধ হৈ গৈছে । এয়া কেনেকৈ সম্ভব!। সংগ্ৰাম সিঙে এইবাৰ গাড়ীৰ ডেচবোৰ্ডৰ ঘড়ীৰ পিনে চালে । তাতো ঘড়ীৰ কটা ৰৈ গৈছে এঘাৰটা চল্লিছত ।

জীৱনত এই প্ৰথমবাৰ আতঙ্কত ঠকঠক কৈ কপিব ধৰিলে সংগ্ৰাম সিং। অস্ফুট স্বৰত কলে, "ও মাই গড! কোন চয়তানী সময়চক্ৰত ফঁচিলো  আমি । "

"....দেউতা!" আৰ্তনাদ কৰি উঠি কলে ৰাহুলে, " সেই চোৱা , আকৌ সিহতক দেখা গৈছে ...সেই বুঢ়ী আৰু নাতিটোক...গছৰ তলত থিয় হৈ আমাক চাই আছে ...."

সকলোৱে গাড়ীৰ খিৰিকীৰে চোৱাত  যি দেখিলে আতংকত সকলোৱে থৰথৰ কৈ কঁপি উঠিল । ৰাহুলৰ কথাই ঠিক। পথৰ কাষত  এজোপা গছৰ তলত দেখা গৈছে এজনী বুঢ়ী আৰু লগত  এটা সৰু লৰা ৰৈ আছে । বুঢ়ীজনীৰ হাতত  এখন গছ কটা তীক্ষ্ণ দা। অন্ধকাৰত জিলিকি উঠিছে ক্ষুৰধাৰ দাখন । অমাবস্যাৰ অন্ধকাৰ আৰু ঘন কলা ছা হৈ দুটা অমানুষিক প্ৰেতমূৰ্তি ৰৈ আছে।  আঙঠাৰ দৰে জ্বলি আছে সিহঁতৰ দুচকু। গীতা আৰু  অৰ্চনাদেৱী দুয়োজনেই দেখাৰ পিছত চিঞৰি উঠিল।

সংগ্ৰাম সিঙে  গাড়ী নৰখালে । অন্ধকাৰ ৰাস্তাৰে   তেতিয়া সিহতৰ গাড়ী গৈ আছে , যদিও তেওঁ ইতিমধ্যে বুজি পাইছে, এইদৰে দুষ্ট প্ৰেতাত্মাৰ হাতৰ পৰা ওলাবলৈ সক্ষম নহব সিহত । অথচ এই অশুভ সময়চক্ৰৰ পৰা ওলাবলৈ অন্য কোনো উপায়ৰ কথাও নাজানে তেওঁ।

হঠাৎ ৰাহুলে কলে, "দেউতা! এবাৰ গাড়ীখন  ৰখোৱা চোন !"

"...কিয় ? গাড়ী ৰখাব লাগে ?" সেই বিপদসংকুল পৰিস্থিতিত গাড়ী ৰখাই বিপদ ত্বৰান্বিত কৰাৰ কোনো ইচ্ছা নাছিল  সংগ্ৰাম সিঙৰ।

"...এবাৰ ৰখোৱা না...এই সময়চক্ৰৰ পৰা বাহিৰ হোৱাৰ  এটা উপায় আছে....মই ভাবিছো ...."

"....কিদৰে ?"

"..আমি এইবাৰ ওলোটা ৰাস্তাৰে  গৈ চাব লাগিব ....মানে যৰ পৰা আমি আহিছিলো ...সেই পিনে  এবাৰ গাড়ীখন  ঘুৰোৱা ....এবাৰ  উল্টা  ৰাস্তাৰে  চলোৱা ...হয়তো আমি বাচি  যাবলৈ পাৰো ...."

সংগ্ৰাম সিঙে এক মূহুৰ্তৰ বাবে  ভাবিলে । তেওঁৰো এনে লাগিল , হয়তো ৰাহুলে ঠিকেই কৈছে ...গাড়ীখনক এবাৰ বিপৰীত দিশত চলোৱা যাওক । তেওঁ গাড়ীখন ৰখালে । গাড়ীখনক বেক গিয়াৰত লগাই ওলোটা পিনে ঘুৰালে। তাৰপিছত যিটো ফালৰ পৰা সিহত সন্ধিয়া আহিছিল সেই পিনে গাডীখন চলাবলৈ ধৰিলে।

গাড়ীৰ ভিতৰত সকলো  উৎকন্ঠাৰ বহি আছে । সকলোৰে মনত এটাই প্ৰাৰ্থনা,  যেন বুদ্ধিটোৱে কাম কৰে । প্ৰেতাত্মাৰ কবলৰ  পৰা এইবাৰ  যেন সিহত ভালে  ভালে বাহিৰ  আহিব  পাৰে।

পাৰ হৈ  গল দহ মিনিট। সকলোৰে  দৃষ্টি খিৰিকীৰ বাহিৰৰ  জঙ্ঘলৰ পিনে । না, এইবাৰ আৰু সেই বুঢ়ী আৰু বাচ্চা লৰাটোক কতো দেখা পোৱা নাই । গাড়ী আগুৱাই যোৱাৰ সৈতে বাহিৰৰ  দৃশ্যপট সলনি হৈ গৈছে । এতিয়া আৰু  এনে নালাগিল যে , সিহত একে জাগাত  ঘুৰি আছে ।

"....বাচিলো  আমি !" আনন্দত কৈ  উঠিল ৰাহুলে, "দেউতা! উই আৰ সেভড! বাচি  গলো !" অৰ্চনাদেৱী আৰু গীতাও ৰাহুলৰ আনন্দত  আনন্দ প্ৰকাশ কৰিবলৈ ধৰিলে   কিন্তু এজন তেতিয়াও চুপ হৈ আছিল। সেইজন  হল সংগ্ৰাম সিং, একমাত্ৰ তেওঁৰ মুখতেই  কোনো কথা নাই । ৰাহুল বেচ কিছুক্ষণ ধৰি সেয়া লক্ষ্য কৰি কলে,"দেউতা! তুমি একো কোৱা নাই যে !"

এইবাৰ সংগ্ৰাম সিং লাহে লাহে পিছৰ চিটৰ পিনে ঘুৰিলে , যদিও তেওঁৰ দুই হাত তেতিয়াও স্টিয়াৰিং'ৰ  ওপৰত । গাড়ীখনক বিন্দুমাত্ৰ স্লো নকৰাকৈ  সংগ্ৰাম সিং স্লো মোচনত ৰাহুলৰ পিনে চাওতে ৰাহুলে মন কৰিলে , তাৰ  হৃদপিণ্ডটো যেন তীব্ৰ এক কিবাহে টিপি ধৰিছে। এয়া কি! এয়া কি দেখিছে সি চকুৰ আগত! এয়া তো তাৰ দেউতা নহয়! দেউতাৰ মুখৰ পিছত  কাৰ ছা
 সেই যে...সেই যে....

'...হা...হা....হা...হা...'  সংগ্ৰাম সিঙৰ ভয়াবহ অমানুষিক অট্টহাস্য আৰু গাড়ীৰ ভিতৰৰ বাকী তিনিজনৰ প্ৰাণকাতৰ আৰ্তনাদত নিস্তব্ধ ৰাতিটোও কঁপি উঠিল ।

অন্ধকাৰ ৰাস্তাৰে তেতিয়া  তীব্ৰতাৰে গৈ আছে সিহঁতৰ  গাড়ী। ৰাস্তাত গাড়ীৰ চকাৰ কৰ্কশ শব্দ উঠিছে , তাৰ লগতে এক ভয়াবহ পুৰুষকন্ঠৰ অট্টহাহি আৰু বহুতৰ  অসহায় বুকুফটা আৰ্তনাদ!

শেষত শুনা  গল  ভয়াবহ এটা সংঘৰ্ষৰ শব্দ। নিস্তব্ধ বননি কঁপি উঠিল সেই শব্দত । কেইচেকেণ্ডমানৰ বাবে শুনা গল  সম্মিলিত অন্তিম আৰ্তনাদ।

তাৰপিছত সকলো  চুপচাপ।

অমাবস্যাই যেন নিস্তব্ধ গভীৰ বনভূমিৰ ওপৰত  আৰু এখন কলা চাদৰ মেৰিয়াই দিলে।

.................................................................................................
সেই ঘটনাৰ পিছত ছয় বছৰ পাৰ হৈ গৈছে ।
নিৰ্জন ৰাস্তাটোৰে  এখন গাড়ী  চলি আছে । ৰাস্তাৰ দুয়োপাৰে  নিবিড় ঘন জঙ্গল।

ৰাতি এতিয়া বেচ গভীৰ। ঘড়ীৰ কাঁটা এঘাৰটা চল্লিছ বাজিবৰ হৈছে । এয়া জঙ্গল এলেকা বুলি এতিয়াহে অনুভৱ হৈছে ।

চলন্ত গাড়ীৰ ভিতৰত বহি আছে এক পৰিবাৰ। স্বামী-স্ত্ৰী আৰু তিনি সন্তান। সকলোৱে  নিজৰ মাজতে মত্ত।

"...আজি  মজা হৈছে। কিমান দিন পিছত উইকএণ্ডত গৈছো গোটেই পৰিবাৰ মিলি, নহয়নে ?.....মোৰতো বহুত মজা লাগিছে...!"

ইয়াৰ  উত্তৰত কোনোবাই কিবা কবলৈ লওতেই , ঠিক তেতিয়া সিহতৰ গাড়ীৰ আগত কিবা যেন আহি পৰিল ...সঙ্ঘৰ্ষ হোৱাৰ এটা শব্দ...গাড়ীৰ চালকে আপ্ৰাণ চেষ্টা কৰিল ব্ৰেক মাৰিবলৈ ...নোৱাৰিলে...বেচ কিছু দূৰ গৈ কৰ্কশ শব্দ কৰি ৰৈ গল  সিহঁতৰ গাড়ীখন।

"...কি হল?" পিছৰ চিটৰ পৰা চিঞৰি কলে  মহিলাগৰাকীয়ে

"... নাজানো..." গাড়ীৰ স্টিয়াৰিং কন্ট্ৰোল কৰি থকা মানুহজনে কলে , "এনে লাগিল যেন  ...কিবা এটা   গাড়ীৰ আগত আহি পৰিছিল ...সুনীতা, তুমি  ঠিকে আছাতো? কাৰোৰ ক্ষতি খুন হোৱা নাইতো? "

"...নাই ...আমি  ঠিকেই আছো" ভয় খোৱা ধৰণে কলে  স্ত্ৰী সুনীতাই, "কিন্তু হৈছে কি অৰ্জুন?"

স্বামী অৰ্জুন কোনোৰকমে ঢোক গিলি কলে, "গাড়ীৰ আগত হঠাৎ  কিবা এটা  আহি পৰিছিল ...কোনোবাই যেন খুন্দা খালে আমাৰ গাড়ীত...."

উইন্ডস্ক্ৰিনৰ মাজেৰে  অৰ্জুন আৰু সুনীতা উৎকণ্ঠিতভাবে আগৰ ৰাস্তাৰ পিনে চাওতেই সচাকৈ কাৰোবাক যেন দেখা পালে  ৰাস্তাত । কেনোবা এজন যেন ৰৈ আছে ৰাস্তাৰ ঠিক মাজত । ইমান  ৰাতি কোন  এই জঙ্গলৰ ৰাস্তাত? চোৰ -ডকাইত নহয়তো? অৰ্জুন-সুনীতা দুয়োজনেই ভয়ত বিতত হল ।

অৰ্জুনে কলে, " হয়তো এই লোকজনে আহত হৈছে আমাৰ গাড়ীত...নামি গৈ এবাৰ চাও...চাও, যদি কিবা সহায় কৰিব  পাৰো"।

গাড়ী পৰা নামি  গল অৰ্জুন। কেইখোজমান গৈয়েই এজন বয়স্ক লোক ৰাস্তাৰ মাজত  নিৰ্বিকাৰে ৰৈ থকা দেখা পালে । অৰ্জুনৰ পিনেই চাই ৰৈ আছিল লোকজন ।

"...ক্ষমা কৰিব ", কলে অৰ্জুন, "ঠিক ধৰিব পৰা নাই  আপোনাক ...আপুনি ঠিকেই আছেতো? খুন্দা খালে নেকি ?"

"...মই ঠিকেই আছো", উত্তৰ আহিল অন্ধকাৰ ৰাস্তাৰ মাজৰ  পৰা।

"...আপুনি এই  ৰাতি ...এই জঙ্ঘলৰ ৰাস্তাত...." অমাত  অমাত কৈ  কলে  অৰ্জুনে। তেতিয়া আকাশৰ  জোনটো আছিল  মেঘৰ আৰত আৰু লাহে লাহে প্ৰকৃতিৰ বুকত আন্ধাৰে বিৰাজ কৰিছিল  । সেয়ে অৰ্জুন একো  ভালদৰে চিনিব পৰা নাছিল ।

"...মই মেজৰ সংগ্ৰাম সিং", সেই ছায়ামূৰ্তিটোৱে কৈ  উঠিল , "আচলতে...আমাৰ...গাড়ীখন...হঠাৎ এক্সিডেন্ট হল.!"

"....ওঃ, কত আপোনাৰ গাড়ী?" জানিব বিছাৰিলে অৰ্জুনে।

"...এই...আগত", কলে সংগ্ৰাম সিঙৰ ছায়ামূৰ্তিটোৱে, "সেয়ে আপোনালোকৰ সহায় বিছাৰি  গাড়ীখনক ৰখাবলৈ চেষ্টা কৰিছিলো "।

"...ও...ক্ষমা কৰিব ...দেখা পোৱা নাছিলো...আচলতে আজিৰ ৰাতিটো বেছি অন্ধকাৰ ...জোনটোও তেতিয়াৰ পৰা মেঘৰ আৰত লুকাই আছে ...সেয়ে ভালদৰে একো ধৰিব নোৱাৰিলো ...!"

"..একো নাই ..." শান্তনাৰ সুৰত কলে  সংগ্ৰাম সিংৰ ছায়ামূৰ্তিটোৱে , "আপুনি যদি সঠিক সময়ত গাড়ীৰ ব্ৰেক নামাৰিলেহেতেন তেন্তে বিপদ হৈ গলহেতেন  ."

অৰ্জুন এইবাৰ সংগ্ৰাম সিংকে অনুসৰণ কৰি যত সংগ্ৰাম সিংৰ গাড়ীখন দূৰ্ঘটনাত পতিত হৈছে , সেইপিনে আগুৱাবলৈ ধৰিলে । কিছু দূৰ গৈয়েই দেখা পালে , পথৰ দাতিত এখন  গাড়ী গছৰ  গুৰিত খুন্দা খাই পৰি আছে। গাড়ীৰ কাষলৈ আহি ভালদৰে চোৱাতেই  অৰ্জুনেৰ কলিজা গোট মাৰি গল । সংগ্ৰাম সিংৰ গাড়ীখন দেখি অনুমান হৈছে , যেন বহু বছৰ আগেয়ে এই গাড়ীখন জুইত  সম্পূৰ্ণ জ্বলি ছাৰখাৰ হৈছে । গাড়ীৰ আচল ৰঙ উঠি গৈছে , গাড়ীৰ কঙ্কালটো মাত্ৰ কোনোৰকমে টিকি আছে। না, এই গাড়ীখন যেন আজি দূৰ্ঘটনাত পৰা নাই ...এইখন গাড়ী বহুকাল আগতেই দূৰ্ঘটনাত বিধ্বস্ত হৈ গৈছে !

কিন্তু তেতিয়া আৰু  কিবা দেখিবলৈ বাকী আছিল।

এখুজি দুখুজিকৈ  অৰ্জুনে গাড়ীৰ কাষলৈ আহি ভিতৰত জুমি চাওতেই তেঁওৰ গলেৰে অস্ফুট আৰ্তনাদ বাহিৰ হৈ আহিল । গাড়ীৰ ভিতৰৰ পিছৰ চিটত এজন যুবক আৰু এজনী যুবতীৰ অগ্নিদগ্ধ বীভৎস মৃতদেহ। আৰু ড্ৰাইভিং ছিটৰ কাষত এগৰাকী মধ্যবয়সী মহিলাৰ জুইয়ে পোৰা বিদগ্ধ মৃতদেহ। কিন্তু সকলোতকৈ ভয়ানক কথা হল, তিনিওজনৰেই চকুত  জীৱনৰ লক্ষণ। জুইয়ে পুৰি শেষ হৈ গলেও কিবা অস্বাভাবিক ভাবে তিনিওজনেই জীবন্ত। তিনিওজনৰ মুৰটো ধীৰে ধীৰে অৰ্জুনৰ পিনে ঘুৰিবলৈ ধৰিলে । সিহত প্ৰত্যেকৰে চকুৱেমুখে এক পৈশাচিক ভাব।

"...না...না...এয়া...এয়া..হব নোৱাৰে ", অস্ফুটভাবে চিঞৰিলে অৰ্জুনে। তাৰপিছত পিছুৱাবলৈ ধৰিল । কিন্তু পিছৰ পৰা অহা অট্টহাস্যই তেওঁক ৰখিবলৈ বাধ্য কৰিলে ।সচকিত হৈ অৰ্জুন পিছলৈ চাওতে দেখিলে, সংগ্ৰাম সিংৰ বিদগ্ধ পোৰা শৰীৰটোৱে তেওঁৰ পিনে চাই হাঁহি আছে .....

অৰ্জুন বিমূঢ়ৰ দৰে ৰৈ গল  কিন্তু স্ত্ৰী সুনীতাৰ কণ্ঠস্বৰে তেওঁক যেন জগাই তুলিলে।

কিছু দূৰৰ পৰা  গাড়ীৰ ভিতৰত থকা সুনীতাই চিঞৰিলে , "অৰ্জুন, আহা ...গুচি আহা ..শীঘ্ৰে উঠা  গাড়ীত...!"

বাঘে খেদা হৰিণৰ দৰে  অৰ্জুন দৌৰি আহিল নিজৰ  গাড়ীৰ পিনে ।সংগ্ৰাম সিঙৰ ভৌতিক মূৰ্তিটোৱে তেঁওক খেদি আহিছে নে নাই তাক  এবাৰলৈও পিছৰ পিনে চোৱাৰ সাহস নহল । গাড়ীতে উঠিয়েই সোনকালে দৰ্জা বন্ধ কৰি  দিলে অৰ্জুনে। ফেপাইছে তেওঁ। জোৰে জোৰে উশাহ লৈছে  যেন বহুদূৰ পৰা প্ৰাণৰ ভয়ত  পলাই আহিছে । যি ভয়ঙ্কৰ দৃশ্য তেওঁ চকুৰ আগত দেখিছে , তাৰ পিছতো তেওঁৰ মুৰটো কিদৰে সুস্থ আছে, তাক লৈ তেওঁ নিজেও কম আশ্চৰ্য হৈছে । সুনীতা বহিছিল ড্ৰাইভিং চিটত। তাই  আৰু দেৰি নকৰি সোনকালে ইঞ্জিন স্টাৰ্ট  দিলে। সিহতৰ গাড়ীখন যেতিয়া সংগ্ৰাম সিঙক পাৰ কৰি গুচি গল , তেতিয়া দেখা গল, সংগ্ৰাম সিং পথৰ দাতিত ৰৈ সিহতৰ পিনে অদ্ভুতভাবে চাই আছে । মুখত  এটা ৰহস্যময় হাহি।

"...কি......কি হৈছে অৰ্জুন?" ষ্টিয়াৰিং ঘুৰাই  প্ৰশ্ন কৰিলে সুনীতাই ।

"...সুনীতা!" চিঞৰি উঠি  কলে অৰ্জুনে, "এক মূহুৰ্তৰ বাবেও গাড়ী  নৰখাবা...আৰু এতিয়া একো  কথা নকবা  ...নাজনো সেই  মানুহজন কোন আছিল ...কি আছিল...আৰু সেই ফেমিলি...উঃ! আৰু ভাবিবলৈ পৰা নাই ...গাড়ী চলোৱা ...স্পীডত চলোৱা !"

ভয়ে কপি আছে অৰ্জুনে। গাড়ীখন স্পীডত গৈ আছে ।

কিন্তু পাঁচ মিনিট পিছত পথৰ কাষত  ঠিক সেই ঠাইত সংগ্ৰাম সিঙৰ ছায়ামূৰ্তিটো একেদৰে ৰৈ থকা দেখা গল। মাত্ৰ সংগ্ৰাম সিঙেই  নহয় , লগত  তেওঁৰ গোটেই পৰিবাৰ। প্ৰত্যেকৰে চেহেৰা বীভৎসভাবে জুইয়ে পোৰা।

"...এয়া..এ...এয়া কি হৈছে অৰ্জুন? " কলে  সুনীতাই , "আমি সেই একে  জাগাত আহিলো কিদৰে ? এয়া  তো হব নোৱাৰে ! এই ৰাস্তাটো কি গোলাকাৰ  নেকি?"

"...ব্ব...ব্ব...বুজি  পেৱা নাই ..." কঁপি কঁপিয়েই  কলে অৰ্জুনে, "ইমান  সময় ধৰি গাড়ী চলোৱাৰ পিছতো কিদৰে আকৌ আহিলো ইয়াত ....!!! মুৰটোৱে কাম কৰা নাই মোৰ !"

সুনীতাই গাড়ী নৰখালে । পুনৰ পাৰ হল  পাঁচ মিনিট। আকৌ সেই আগৰ দৃশ্য! পথৰ দাতিত ৰৈ আছে সেই সংগ্ৰাম সিং আৰু তেঁওৰ পৰিবাৰ । কিন্তু এইবাৰ এক নতুন সংযোজন দেখা গল। সংগ্ৰাম সিঙৰ  পৰিবাৰৰ সৈতে  এইবাৰ এজনী বুঢ়ী আৰু এটা সৰু বাচ্ছা ৰৈ থকা  দেখা গল। সেই বুঢ়ীগৰাকীৰ হাতত আছে  অন্ধকাৰতো জ্বলি থকা  এখন ক্ষুৰধাৰ দা ।

জোনটো সেই মেঘৰ আঁৰত  লুকাইছে , আৰু প্ৰকাশিত নহল ।  ৰাতিটোৱে আৰু এখন কলা  চাদৰ মেৰিয়াই দিলে অন্ধকাৰ বনভূমিৰ ওপৰত ।

..........মানুহে কয় , সেই অঞ্চলৰ জঙ্ঘলৰ সেই পথৰ  মাজত  এতিয়াও ঘটি থাকে এনেৰকমৰ ঘটনা। ৰাতি হলেই সেই ৰাস্তাত  নামি আহে এক অজানা বিভীষিকা। তেতিয়া সেই অঞ্চলেৰে যিখন গাড়ী চলে সেই গাড়ীৰ যাত্ৰীৰ সৈতে ঘটে এনেৰকমৰ  ভয়াবহ  কাণ্ড!

( সমাপ্ত)

Download The Full Novel  Password www.jonakaxom.in 

Download Now /download/button/#038103