voyonkor hei rati part 7 assamese new Novel ভয়ংকৰ সেই ৰাতি

Voyonkor hei rati part 7 assamese new Novel ভয়ংকৰ সেই ৰাতি

Click Here To Read voyonkor hei rati part 6 assamese new Novel ভয়ংকৰ সেই ৰাতি
"...দহ বছৰ আগৰ সেই ৰাতিটো এতিয়াও মনত  আছে মোৰ ...." হঠাৎ হাহি বন্ধ কৰি কবলৈ আৰম্ভ কৰিলে সেই বুঢ়ীজনীয়ে , "যি ৰাতি মোৰ আৰু মোৰ সোনটিৰ প্ৰাণ  লৈছিল....গাড়ীখনে মোক খুন্দা মাৰি গুচি গৈছিল ...বহুসময় মই তাত চটফটাই পৰি আছিলো ...উফঃ  কি যন্ত্ৰণা!....কিন্তু কোনো আগুৱাই নাহিল মোক সহায় কৰিবলৈ ....আজিও মোক সহায়ৰ  দৰকাৰ....কিন্তু আজিও এয়া ভাবি নাপালো , মই কাৰ কি ক্ষতি কৰিছিলো যাৰ বাবে মোৰ এই পৰিণতি হল ?...." শেষৰ কথাখিনি কোৱাৰ  সময়ত বুঢ়ীজনীয়ে খঙত গৰ্জি উঠিল । আৰু মোৰ অবস্থা তেতিয়া শোচনীয়। মোৰ ভৰি দুখনে থিয় হৈ   থকাৰ শক্তি হেৰুৱাই পেলাইছিল । মই কপিছিলো। মই যেতিয়া ভাবিবলৈ ধৰিলো , এই বুঢ়ীজনী নিশ্চয় কোনো পাগলী  হব, ঠিক তেতিয়াই বুঢ়ীৰ কোলাত থকা বাচ্ছাটো, যাক মই ইমানপৰে অচেতন ভাবিছিলো , সি হঠাৎ চকু   মেলি মোৰ পিনে চাবলৈ ধৰিলে । সেয়াই নহয় , সি থিয় হৈ উঠিল যেন তাৰ একোৱেই হোৱা নাই । মই অজানিতে দুখোজ  পিছুৱাই আহিলো । এইবাৰ সেই বুঢ়ীজনীয়ে লাহে লাহে মোৰ পিনে আগবাঢ়ি আহিবলৈ ধৰিলে । তাই  যেতিয়া  মোৰ পিনে চালে , তেতিয়া বুঢ়ীজনীৰ মুখখন দেখি মই এনে ভয় খালো  যে কিছুসময়ৰ বাবে  মোৰ এনে লাগিল , মই যেন এই পৃথিবীতে নাই ।  কি ভয়ানক  মুখ! কোনো মানুহৰ মুখ এনে  হব নোৱাৰে । বুঢ়ীয়ে কাষৰ পৰা কিবা এটা বুটলি ললে । টৰ্চৰ পোহৰত  দেখিলো, গছ কটা এখন তীক্ষ্ণ দা। মোৰ অন্ঠ কন্ঠ শুকাই গৈছিল । মই এখোজো আগুৱাব বা পিচুৱাব পৰা নাছিলো। তাতে থিয়া হৈ হৈ কপিবলৈ ধৰিলো মেলেৰিয়া হোৱা ৰোগীৰ দৰে । বুঢ়ীজনীয়ে মোৰ অবস্থা দেখি গলগলীয়া মাতেৰে  হাঁহিবলৈ ধৰিলে । গোটেই জঙ্গল যেন সেই বীভৎস হাঁহিত কঁপি  উঠিল । এসময়ত হাহি বন্ধ কৰি আকৌ কবলৈ ধৰিলে -

"...এই দাখন দেখিছ ...এইখনেৰে মই গছ কাটিছিলো...খৰি জোগাৰ কৰিছিলো ...আৰু এই দাখনেৰে  সেইদিনা মই সেই  গাড়ীত থকা সকলোৰে মুৰটো কাটিলো হয় ...যদিহে মই জীয়াই থাকিলোহেঁতেন ....তহত গাড়ীৱালা লোকসকল হৈছ চয়তান.....অমানুহ...মই তহতৰে অপেক্ষাত  আছিলো....এই অমাবস্যাৰ ৰাতি....এই ৰাতিটা মোৰ বাবে খুবেই  শুভ...এই ৰাতি মই দুগুণ শক্তি পাওঁ ....আজি ৰাতি মই মোৰ প্ৰতিশোধৰ জুই নুমুৱাম  ...তহত  সকলোকে মাৰিম...." এই বুলি তাই দাখন দাঙি  মোৰ পিনে এখোজ এখোজকৈ আগুৱাই আহিল ...আৰু ...আৰু মই এখোজ এখোজকৈ পিছুৱাই আহি থাকিলো । মোৰ মগজুয়ে যেন কাম  কৰাই বন্ধ কৰি দিছিল সেয়ে নিজকে বচোৱাৰ সহজাত তাগিদাত মই তেতিয়া পিছুৱাই আহি আছিলো । মই কোনোৰকমে তাইক বুজাব খুজিছিলো , "আমাক...ক্ষ...ক্ষমা...কৰা...মই তো... সহায়হে কৰিব বিছাৰিছিলো ...মই তো.... তোমাৰ ...কোনো ক্ষতি কৰা নাই ....মাফ কৰা আমাক....প্লিজ, মোক যাবলৈ  দিয়া....মই তোমাৰ কোনো ক্ষতি কৰা নাই ....দয়া কৰি এৰি দিয়া...."

মই পিছুৱাই গৈ আছিলো। সেই বুঢ়ী আৰু  নাতিটোৱে ক্ৰমশ আগবাঢ়ি আহিছিল মোৰ পিনে ...সিহত দুয়োজনৰ চকুত প্ৰতিহিংসাৰ জুই জ্বলি আছে । মোৰ কাতৰ অনুনয় বিনয় স্বত্ত্বেও কোনো কথা কোৱা নাছিল । মোক ৰেহাই দিয়াৰ কোনোৰকম লক্ষণই দেখা নাছিলো সিহতৰ ভাবভংগিত ।

"...এই ৰাস্তাৰে ....যিয়ে গাড়ী চলাই যাব..সেই গাড়ীৰ প্ৰত্যেকেই মৰিব..." পিছত  অট্টহাস্য মাৰি কলে  বুঢ়ীজনীয়ে , "সকলোকে মই মাৰি  পেলাম ....কোনো নাবাচে ....মৰিবি ...তহত সকলো মৰিবি আজি ...মোৰ হাতত...."

বুঢ়ীজনীৰ দুচকু প্ৰতিহিংসাত জ্বলি উঠিল ।

মই এইবাৰ সকলো পাহৰি  জ্ঞান হেৰুৱাই যিটো ফালৰ পৰা আহিছিলো , সেইপিনে দৌৰিবলৈ আৰম্ভ কৰিলো । ...কত গছৰ গাত  খুন্দা খালো ...পিছলি পৰিলো ...দুখ পালো ..একো  মোৰ খেয়াল  নাছিল ...মাত্ৰ জানো...পলাব লাগিব ...এবাৰলৈও পিছলৈ নাচালেও বুজি পাইছিলো , সেই বুঢ়ী আৰু নাতিটোৱে তেতিয়াও মোক  অনুসৰণ কৰি আছিল । কাৰণ পাত বোৰ খৰমৰ শব্দ কৰি মোৰ ওচৰলৈ আহিব খোজা শব্দ পিছৰ পৰা আহি আছিল ....ৰলে নহব  ...মই দৌৰি থাকিব লাগিব ...এই জংঘলৰ পৰা যিমান শীঘ্ৰে বাহিৰ ওলাব লাগিব...."

ৰাহুলৰ কথা শেষ হোৱাৰ পিছত গাড়ীৰ ভিতৰত যেন এক অখণ্ড নীৰবতা নামি আহিল । সংগ্ৰাম সিং, অৰ্চনাদেৱী, গীতা - কাৰোৰ মুখত কোনো এটা টু শব্দ নাই। ৰাহুলৰ মুখত এইবোৰ শুনাৰ পিছত সকলো যেন শিল পৰা কপৌৰ দৰে হৈ পৰিছে । আতঙ্কত , বিস্ময়ত  সকলো একেবাৰে চুপচাপ হৈ গৈছে ।

"...দেউতা...দেউতা...সেইসময়ত ...মোক বিচাৰি .. নহা হলে ...কি যে হলহেঁতেন ...." পুনৰ কবলৈ আৰম্ভ কৰিলে  ৰাহুলে। তাৰ কন্ঠস্বৰ শুনি এনে লাগিছে , যেন ভিতৰৰ পৰা ওলোৱা  কান্দোন প্ৰবলভাবে বন্ধ কৰাৰ চেষ্টা কৰিছে সি। তাৰপিছত অৰ্চনাদেৱীক উদ্দেশ্য কৰি সি কলে , "মা...তুমি...ঠিকেই ...কৈছিলা....মই ইমানদিন....এইবোৰত বিশ্বাস কৰা নাছিলো...কিন্তু আজি মোৰ....বিশ্বাসৰ হৈ গল ...মই বুজিব পাৰিছো ....ভূতপ্ৰেত সচাকৈয়ে আছে....অমাবস্যাৰ ৰাতি....সিহত খুব বেছি শক্তিশালী হৈ উঠে....অসহায় মানুহৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে সিহত ৰৈ থাকে ....আজ ৰাতি ....আজ ৰাতি ....মই ফচিলো সিহতৰ হাতত...." কৈয়েই কান্দিবলৈ ধৰিলে ৰাহুলে। গাড়ীৰ ভিতৰৰ প্ৰত্যেকেই এতিয়া আতংকিত, বাকৰুদ্ধ। সংগ্ৰাম সিঙে তেতিয়ালৈকে ভাবি পোৱা নাই , তেওঁৰ লৰাই এইমাত্ৰ যি ঘটনাৰ  কথা কলে, সেয়া সচা নে তাৰ কল্পনাহে মাত্ৰ? হয়তো জঙ্গলত  গৈ অন্ধকাৰ গছৰ পাত  ডাল দেখি   ভয় খাই কোনো কাহিনী বনাইছে । কিন্তু ৰাহুল সামান্য কথাতে ভয় খোৱা লৰা নহয় । সি কল্পনা কৰি  বনাইও কবলৈ নোৱাৰে । সি ইমান ভয় খাইছে যেতিয়া ,  নিশ্চয় সি কিবা দেখিছে; কিন্তু নিজৰ চকুৰে নেদেখাকৈ,  অন্যৰ কথাত বিশ্বাস কৰা লোক নহয় সংগ্ৰাম সিং। ইপিনে গীতা আৰু অৰ্চনাদেৱী - দুয়োজনেই ৰাহুলক শান্তনা দিয়াৰ বাবে  চেষ্টা কৰিছে।

"....ৰাহুল, শান্ত হোৱা ", কৈ উঠিল সংগ্ৰাম সিং, "বহুত শুনিছো তোমাৰ এই উদ্ভট কাহিনী....ইমান পঢ়াশুনা কৰিও তুমি তোমাৰ মাৰ কথাত  ভূতপ্ৰেত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছা, সেয়া দেখি মই নিজে অবাক হৈছো ...মই আশা কৰা নাছিলো , মোৰ লৰাইও এদিন এইবোৰত বিশ্বাস কৰিব...এতিয়া একদম চুপ হৈ বহি থাকা ...চোৱা , আৰু কিছুসময়ৰ পিছতে  আমি জঙ্গলৰ পৰা ওলাই আহিম ...মানুহৰ বসতি স্থান পালেই তোমাৰ সকলো ভয় আতৰি যাব ....তেতিয়া আৰু এই উদ্ভট চিন্তাভাবনা তোমাৰ মনত  নাহিব...." কৈ  কৈ গাড়ীৰ গতি বঢ়াই দিলে সংগ্ৰাম সিঙে।

স্বামীৰ কথাত অৰ্চনাদেৱী প্ৰায় কান্দি উঠিল আৰু কলে , "এতিয়াও তোমাৰ বিশ্বাস নহল? মইতো প্ৰথমতে কৈছিলো ...অমাবস্যাৰ ৰাতি অশুভ...এই ৰাতি অশুভ অতৃপ্ত আত্মা  ঘুৰি ফুৰে ...আজি ৰাহুল কিবাকৈ বাচি গল....মোৰ এনে লগা নাই, সেই আত্মাই ইমান সহজে আমাক এৰি দিব...কাৰণ এই অমাবস্যাৰ ৰাতি দুষ্ট আত্মাই মানুহক এবাৰ লগ পালে   সহজে এৰি নিদিয়ে ...হে ভগবান, আমাক ৰক্ষা কৰা...ৰক্ষা কৰা..." কৈয়েই হাতজোৰ কৰি নেদেখাজনক প্ৰনাম জনালে । বেগৰ পৰা   গণেশৰ সৰু  মূৰ্তিটো উলিয়াই বুকুৰ মাজত ললে । মনে মনে ইষ্টদেৱতাৰ নাম জপ কৰিবলৈ ধৰিলে । সংগ্ৰাম সিঙৰ মন অবশ্য তেতিয়া  গীয়াৰ আৰু স্টিয়াৰিঙৰ পিনে । যিমান সম্ভৱ সোনকালে তেঁও সকলোকে এই জঙ্গলৰ বাহিৰলৈ লৈ আহিব লাগে  , সেই চিন্তাতেই তেও আচ্ছন্ন। ৰাহুলে বাৰ বাৰে খিৰিকীৰে  বাহিৰৰ জঙ্গলৰ  পিনে কিবা চোৱাৰ চেষ্টা কৰি আছিল । যেন মনে মনে কিবা  আশংকা কৰিছে। গীতাই তেওঁক সাবটি ধৰি তেতিয়া কপি আছে । স্বামীৰ মুখত এইবোৰ শুনি গীতাইও ভীষণ ভয় খাইছে ।

"...দেউতা!" বহুসময় পিছত পুনৰ কান্দো কান্দো মাতেৰে কলে ৰাহুলে, "সিহতে ...সিহতে আমাক...ওলাব নিদিব দেবে ..আমাক ইয়াৰ পৰা ......কাকোৱেই ...ওলাব নিদিব ....চাবাচোন..."

"...ফাল্টু  কথা বাদ দিয়া !" সজোৰে ধমকি দি কলে  সংগ্ৰাম সিঙে, "আৰু এটা কথাও এই বিষয়ে   মই শুনিবলৈ নোখোজো.."

"....দেউতা..."ৰাহুলৰ কণ্ঠস্বৰত এইবাৰ কৰুণ স্বৰ শুনা গল , "তু...তু...তুমি বুজি পোৱা নাই ....আধা ঘন্টা ধৰি ...ইমান ফুল স্পীডত গাড়ী ড্ৰাইভ কৰিছা...ইমানপৰে আমি...জঙ্গলৰ বাহিৰ হোৱা   উচিত আছিল...কিন্তু....কিন্তু....ইমানপৰেও আমি জঙ্গলৰ ৰাস্তাতেই আছো .......তোমাৰ ...কি ...এয়া অস্বাভাবিক....লগা নাইনে ?"

"...আঃ! চুপ  !" প্ৰায় চিৎকাৰ কৰি উঠিল  সংগ্ৰাম সিঙে। তাঁৰ কিৰকম যেন ৰোখ চেপে গেছে। দাঁতে দাঁত চেপে ষ্টিয়াৰিঙৰ ওপিছত কন্ট্ৰোল ৰেখে তিনি গাড়ী ছুটিয়ে চললেন।

"...দেউতা...!" কঁপা কঁপা স্বৰত কলে  গীতাইও , "ক্কি...কিন্তু...ৰাহুলে...তো...ঠিক...কথাই...কৈছে....আমি তো ইমানপৰে জঙ্গলৰ  পাৰ হবলৈ লাগিছিল ...যি স্পীডত গাড়ী চলিছে ...ইমানপৰে ইয়াতেই গৈ আছো ....তাৰোপৰি  ইমান সময়পিছতো  অন্য কোনো গাড়ী চকুত পৰা নাই ...যেন এনেকুৱা লাগিছে ...এই পথেৰে   কোনো কেতিয়াও নাযায় ...আমিহে একমাত্ৰ আজি ৰাতি...."

কথা শেষ কৰিবলৈ নোৱাৰিলে  গীতাই । গাড়ীৰ ভিতৰত নামি আহিল এক অখণ্ড নীৰবতা। আশেপাশে অন্ধকাৰ যেন আৰু ভয়ানক চেহেৰা হৈ সিহতৰ গাড়ীখনক চেপি ধৰিছে । পথৰ  দুইফালে জঙ্গল আৰু বিভীষিকাময় চেহেৰা লৈছে । যেন এনে লাগিছে , সিহত যেন আৰু পৃথিবীতেই নাই ।  এয়া যেন পৃথিবীৰ কোনো ঠাই  নহয়। প্ৰেতলোকৰ এটা টুকৰা  যেন খহি পৰিছে ইয়াত । ঘোৰ অমাবস্যাৰ  নিশ্ছিদ্ৰ অন্ধকাৰ ৰাতি, গভীৰ জঙ্গল, সেই জঙ্গল পৰা মাজে মাজে ভাহি আহিছে অজানা বিচিত্ৰ নানাৰকম শব্দ - সকলো লগ হৈ  সৃষ্টি হৈছে এক ভয়ঙ্কৰ পৰিবেশ ।

"...দ্দে...দেউতা...আমি ইয়াত  ফচি গৈছো ..." পুনৰ কম্পিত স্বৰত  কলে ৰাহুলে, "আমি...আমি ...বাহিৰ ওলাব  নোৱাৰিম ইয়াৰ পৰা ..."।

"...আমাৰ একো নহয় ..." কঠিন গম্ভীৰ স্বৰত কৈ  উঠিল সংগ্ৰাম সিং, "সকলো ঠিক হৈ যাব।

যিজন সংগ্ৰাম সিঙে ভূতপ্ৰেতে বিন্দুমাত্ৰও বিশ্বাস নকৰে  , তেওঁ হঠাৎ  যেন অন্যমানুহ হৈ পৰিছে । লৰাক শান্তনা দিবলৈ গৈ অজানিতে তেওঁৰ  স্বৰো কপি উঠিল । যেন তেও  সকলো বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে। তেঁওৰো এইবাৰ যেন অনুভৱ হৈছে , 'সচাকৈতো! ইমানপৰে আমি জঙ্গলৰ বাহিৰ ওলাব লাগিছিল...'!

অসীম সাহসী সংগ্ৰাম সিঙৰ  ভ্ৰু কোচ খাই গৈছে , কপালত পৰিছে  চিন্তাৰ ভাঁজ। মুখত জমা হৈছে বিন্দু বিন্দু ঘাম। ইপিনে, অৰ্চনাদেৱী তেতিয়াও চকু মুদি   ভগবানৰ নাম স্মৰণ কৰিছে, "হে প্ৰভু, অন্য কাৰোবাৰ কৃতকৰ্মৰ ফল  আমাক  নিদিবা...কি কুক্ষণত এই পথত আহিছিলো ..এবাৰ  আমাক বচোৱা , প্ৰভু, আমাক এই যাত্ৰাত ৰক্ষা কৰা ।এই প্ৰতিহিংসাত অতৃপ্ত প্ৰেতাত্মাৰ হাতৰ পৰা  আমাক ৰক্ষা কৰা, প্ৰভু..." কৈ থাকোতে চকুৰ পৰা  পানী দুগালেৰে বৈ পৰিল অৰ্চনাদেৱীৰ ।

"...ৰাহুল! আমি  কি কোনোপ্ৰকাৰে ইয়াৰ পৰা ওলাব নোৱাৰিম নেকি? "  গীতা ৰাহুলৰ পিনে চাই কলে ।

ৰাহুলে কোনো উত্তৰ নিদিলে । তাৰ চকুৱে মুখে এক অস্বাভাবিক ভয়ৰ  ছাপ লাগি আছে । হঠাৎ সংগ্ৰাম সিঙে কলে, "গীতা! অৰ্চনা! মোৰ এইবাৰ এনে  লাগিছে , ৰাহুলে যেন ঠিক কথাই কৈছে । আমি তেতিয়াৰ পৰা সেই একেই ৰাস্তাত  বাৰে বাৰে ঘুৰি  আছো। আমি সচাকৈ  এখন ফাঁন্দত পৰিছো ...হে ভগবান! এইবোৰ হঠাৎ কি আৰম্ভ হল!"

সংগ্ৰাম সিংৰ কথাত গাড়ীৰ বাকী সকলোৱে আৰু  আতংকগ্ৰস্ত হৈ পৰিল । গীতাই তো কৈয়েই উঠিল , "এয়া আপুনি কি কৈছে  দেউতা!"

"....ঠিকেই কৈছো ..." কৈ উঠিল সংগ্ৰাম সিঙে, "মই বহুসময় ধৰি মই  লক্ষ্য কৰিছো...সেয়ে কৈছো ..মই এইবাৰ দৃঢ় প্ৰত্যয় হৈছো , জঙ্গলৰ মাজত আমি একে ৰাস্তাত বাৰ বাৰ ঘুৰি আছো...এক অসম্ভৱ ঘটনা ঘটিছে আমাৰ সৈতে ..., আৰু কোনো সন্দেহ নাই , আমি একে ৰাস্তাত ঘুৰিছো..আমি একে ৰাস্তাত ঘুৰি আছো..." কথাৰ মাজতে কপিবলৈ ধৰিলে সংগ্ৰাম সিঙে।

9/Post a Comment/Comments

  1. বহুত ভাল লাগিছে ��������������������

    ReplyDelete
  2. Next part ketia dibo

    ReplyDelete
  3. বহুত ভাল লাগিছে। সিহঁত দুটাই মুক্তি পাব। গণেশৰ মূৰ্তিটো সিহঁতক দেখাই দিব।

    ReplyDelete
  4. বহুত ভাল লাগিছে। সিহঁত দুটাই মুক্তি পাব। গণেশৰ মূৰ্তিটো সিহঁতক দেখাই দিব।

    ReplyDelete
  5. বহুত ভাল লাগিছে। সিহঁত দুটাই মুক্তি পাব। গণেশৰ মূৰ্তিটো সিহঁতক দেখাই দিব।

    ReplyDelete
  6. বহুত ভাল লাগিছে। সিহঁত দুটাই মুক্তি পাব। গণেশৰ মূৰ্তিটো সিহঁতক দেখাই দিব।

    ReplyDelete
  7. বহুত ভাল লাগিছে। সিহঁত দুটাই মুক্তি পাব। গণেশৰ মূৰ্তিটো সিহঁতক দেখাই দিব।

    ReplyDelete
  8. Aru next part dim buli vabise ne ni...imn din dhori diae ni next part...hodae check kru new part dise nki..bt ni..nidiei...

    ReplyDelete

Post a Comment

Previous Post Next Post