Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

লাঞ্চৰ আগতেই চাই লওঁক Realme 6 Pro price আৰু specification

লাঞ্চৰ আগতেই চাই লওঁক Realme 6 Pro price আৰু specification 

realme 6 pro launch date in india and price list assam |realme 6 pro features in assamese 


নতুন Realme 6 আৰু  Realme 6 Pro Android phone দুটা 5 মার্চত লঞ্চ হ'ব  আৰু  ইতিমধ্যেই Realme এ জানিবলৈ দিয়া মতে দুয়োটা ফোনত 64 মেগাপিক্সেলৰ কেমেৰা, 90Hz ৰিফ্রেশ ৰেট ডিসপ্লে আৰু ডুৱেল ছেলফি কেমেৰা থাকিব। এইবাৰ Geekbench ওৱেৱছাইটত Realme 6 Pro ৰ স্পেচিফিকেশন দেখা গ'ল। 5 মার্চত নতুন দিল্লীৰ এক অনুষ্ঠানৰ পৰা এই দুটা ফোন লঞ্চ কৰিব চীনৰ কোম্পানীটোৱে ।


RMX2061 মডেল নম্বৰ Geekbench ওৱেৱছাইটত এই নতুন ফোন দেখা গ'ল। অহা সপ্তাহত Realme 6 Pro নামৰ নতুন ফোন লঞ্চ হ'ব। 

realme 6 pro specification | realme 6 pro features in assamese 


ফোনৰ ভিতৰত আছে 8GB RAM। নতুন ফোন Android 10 অপাৰেটিং সিস্টেমত চলিব। লগত থাকিব Qualcomm 1.8GHz অক্টা-কোৰ প্ৰছেচৰ। এই ফোনত Snapdragon 720G চিপসেট থাকিব পাৰে। Geekbench ওৱেৱছাইটত সিঙ্গেল-কোৰ পৰীক্ষাত 571 স্কোৰ কৰিছে Realme 6 Pro। আনহাতে মাল্টি টে'ষ্টত ইয়াৰ স্কোৰ 1676। Realme 6 Pro ত ডুৱেল ছেলফি কেমেৰা ‌থাকিব।

ইয়াৰ উপৰিও 91Mobiles -ৰ প্রকাশিত এটা ৰিপোৰ্ট অনুসৰি Realme 6 Pro -ৰ বিভিন্ন স্পেসিফিকেশন সম্নোখলৈ আহিছে। Snapdragon 720G চিপসেট থাকিব। আনহাতে Realme 6 ত থাকিব MediaTek Helio G90T চিপসেট। দুয়োটা ফোনত থাকিব 90 Hz ৰিফ্রেশ ৰেট ডিসপ্লে। দুয়োটা ফোনত থাকিব পাঞ্চ হোল ডিসপ্লে। Realme 6 Pro ত 30W ফাস্ট চার্জ সাপোর্ট থাকিব।Realme 6 আৰু Realme 6 Pro ৰ ফটো সম্নোখলৈ আহিছে।


ইয়াৰ উপৰিও এটা ৰিপোৰ্ট অনুসৰি দুয়োটা ফোনৰ দাম সম্মুখলৈ আহিছে। Realme 6 Pro ৰ দাম আৰম্ভ হ'ব 13,999 টকাৰ পৰা। বেছ ভেৰিয়েন্টত 4GB RAM + 64GB স্টোৰেজ থাকিব। আনহাতে Realme 6 ৰ দাম আৰম্ভ হয় 9,999 টকাৰ পৰা। অৱশ্যে realme 6 pro flipkart ত  বা Realme ৰ দাম ৰ বিষয়ে কোনো তথ্য জানিব পৰা নাই।
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment