Voyonkor Hei Rati Part 6 Assamese New Novel Online Free ভয়ংকৰ সেই ৰাতি
Voyonkor Hei Rati Part 6 Assamese New Novel Online Free ভয়ংকৰ সেই ৰাতি,Assamese Book pdf,Assamese online novel, free Assamese Novel download
Voyonkor Hei Rati Part 6 Assamese New Novel Online Free ভয়ংকৰ সেই ৰাতি
Click here to read Voyonkor hei rati part 5
অৰ্চনাদেৱী বহিছিল সমুখৰ ড্ৰাইভিং চিটৰ কাষৰ চিট'টোত, সংগ্ৰাম সিঙৰ কাষত ; কিন্তু তেওঁৰ উদ্বিগ্ন উৎকণ্ঠিত দৃষ্টি নিবদ্ধ আছিল পিছত বহা ৰাহুলৰ পিনে । সমুখৰ চিটৰ পৰা ৰাহুলৰ দিশত সামান্য হাউলি তাৰ হাতখন নিজৰ হাতত লৈ কলে , "ৰাহুল! চোৱা , তোমাৰ দেউতা , মই আৰু গীতা - সকলোৱে তোমাৰ বাবে চিন্তাত পৰিছো । আমি সকলোৱে জানিব খোজো , এনে কি হৈছিল , এনেকুৱা কি দেখিছিলা চকুৰ সমুখত , যে তোমাৰ এনেকুৱা হল ? আৰু বাৰ বাৰ কাৰ কথা কবলৈ বিচাৰিছিলা তুমি ? কোনে আমাক জঙ্গলৰ পৰা ওলাব নিদিয়ে ? কোৱা , আমাক সকলো খুলি কোৱা ..."
অজানা আতংক আৰু দূৰ্ভাবনাত তেওঁ একেবাৰে ভিতৰি ভিতৰি অস্থিৰ হৈ পৰিছিল কিন্তু তাৰপিছতো ৰাহুলক সাহস জগোৱাৰ চেষ্টা কৰিছিল । তাৰ মনত শক্তি আনিবলৈ প্ৰয়াস চলাই গৈছিল । ৰাহুলৰ চেহেৰা -সুৰত তেতিয়াও এক অদ্ভুত আতংক ভাহি ফুৰিছে । হাত-ভৰি বৰফৰ দৰে ঠাণ্ডা আৰু বুকুখন দ্ৰুতভাৱে উঠানমা কৰিছে । এতিয়াও সি স্বাভাৱিক অবস্থাত আহিবলৈ পৰা নাই । আকৌ বাকৰুদ্ধ হৈ পৰিছে । দুচকু সন্মুখৰ পিনে নিবন্ধ। কিন্তু সেই চকুই যেন সমুখত একোৱেই দেখা নাই
। গাড়ীৰ ভিতৰৰ সকলোৱে চেষ্টা কৰিছে তাক নৰ্মেল অৱস্থাত লৈ আনিবলৈ । মাজে মাজে 'ও..ও..' বুলি চিঞৰি উঠিছে , আগতকৈও জোৰকৈ গাড়ী চলাবলৈ দেউতাকক ধমকি দিছে , কিন্তু কিবা সুধিলে একেবাৰে চুপচাপ হৈ যায় সি । যেতিয়া মৌন হৈ থাকে কাৰো পিনে নাচায়, কাৰো সৈতে কথা নকয়। যেন সমুখত কোনো নাই। আকৌ মাজে মাজে সম্বিৎ ওভোটাই পাই জোৰে জোৰে গাড়ী চলাবলৈ ৰীতিমতে দেউতাকক ধমকি দিছে । ৰাহুলক লৈ এক অদ্ভুত বিড়ম্বনাত পৰিছে সিং পৰিবাৰ। এতিয়াও সি স্বাভাবিক হোৱা নাই । মুৰত দুশ্চিন্তা দূৰ্ভাবনা লৈ গাড়ী আকৌ ষ্টাৰ্ট দিলে সংগ্ৰাম সিঙে । নিৰ্জন অন্ধকাৰ ৰাস্তা ভেদি আগবাঢ়ি গৈ থকিল সিহঁতৰ গাড়ী। কিছু দূৰ আগবাঢ়িছে , হঠাৎ ৰাহুল, যিয়ে ইমান সময় মৌন হৈ আছিল, সি হঠাৎ মা-দেউতাক আৰু স্ত্ৰী'ৰ নাম লৈ ভয়াৰ্তভাবে ছটফটাই উঠিল । আকস্মিকভাবে কৰা এনে কাৰ্য্যত সংগ্ৰাম সিঙে গাড়ীৰ স্পীড আকৌ কম কৰিবলৈ বাধ্য হল । সকলোৰে পিনে ৰাহুলে এনেকৈ চাবলৈ লৈছিল যেন সমুখত আপোনজনক দেখিও সি বিশ্বাস কৰিব পৰা নাই । বহুসময় পিছত কিছু স্বাভাবিক হল সি । তাৰপিছত লাহে লাহে কবলৈ ধৰিলে,
"...যেতিয়া মই...সেই জঙ্গলত...সো...সো..সোমাইছিলো ...মই...তে...তে...তেতিয়া...ভাবিছিলো...বোধহয়...ক্ক...ক্ক..কোনো...আহত অবস্থাত...আশেপাশে... কৰবাত ... পৰি আছে। আ...আৰু...মোৰহাতত টৰ্চ আছিল.....মই জঙ্গলৰ ভিতৰত.টৰ্চৰ...পোহৰেৰে... ...চাবলৈ ...ধৰিলো ...ক্কি...ক্ক...কিন্তু... তাত...ক্কো...ক্ক...কোনো নাছিল। মোৰ ...হঠাৎ.....তেতিয়া...মনত ভাব আহিল ...হয়তো...মই..গাড়ীৰ...সমুখত যাক ...মূহুৰ্তৰ ...বাবে ...দেখিছিলো ...সেয়া হয়তো....কোনো...মানুহেই ..নহয়। হয়তো..সেয়া..কোনো...জন্তু...হব। সি...হয়তো..গাড়ীত...খুন্দা ...খাই...আহত...হৈ...জঙ্গলত...পলাইছে ...। কিন্তু... জন্তু হওক ...বা...মানুহ...আহত অবস্থাত...কাকো...এনেদৰে ...এৰি ...যোৱাটো ..সঠিক...নহব..সেয়ে...মই...জঙ্গলৰ ...ভিতৰত ...টৰ্চৰ ..পোহৰেৰে তাক ...বিছাৰি ...ফুৰিবলৈ ধৰিলো । এইদৰে ...মই...জঙ্গলৰ ...কিমান ...গভীৰত..গুচি ...আহিছিলো...মই...নিজেও...বুজি ...নাপালো । ক..ক্কি..কিন্তু তেতিয়া পৰ্যন্ত মই...না..মানুহ... না জন্তু...কাকো...দেখা ...পোৱা নাছিলো । মাত্ৰ ...জঙ্গল... আৰু জঙ্গল...। মই...মাতি ফুৰিলো ,' কোনোবা আছেনে ?....কোনোবা আছেনে ?'...থাকিলে ...উত্তৰ ...দিয়ক ...'কিন্তু কোনোৱে...উত্তৰ ...নিদিলে...মোৰ কথাত । অন্ধকাৰ ইমানেই ঘন...যে মোৰ টৰ্চৰ পোহৰতো...সেই অন্ধকাৰ বিন্দুমাত্ৰ দূৰ হোৱা নাছিল ...বৰং... এনে লাগিছিল ...যেন সেই অন্ধকাৰ...আৰু... ঘন হৈ মোক...মোক...গলত টিপি মাৰিবলৈ আহিছে। এইদৰে ...আৰু...কিছুসময়...পাৰ হল । মই বাৰম্বাৰ 'কোনোবা আছেনে ...কোনোবা আছেনে ' বুলি মাত দি ফুৰিলো দৈবাৎ কাৰোবাৰ উত্তৰ আহেই কিজানি ...কিন্তু বহুসময় পাৰ হোৱা পিছতো প্ৰত্যুত্তৰ নাহিল । এইদৰে যেতিয়া মই আৰু গভীৰ জঙ্গলত সোমাই গলো , তেতিয়া মোৰ যেন সম্বিৎ ঘুৰি আহিল । মোৰ এনে লাগিল, মই নিশ্চয় কোনো ফান্দত ভৰি দিছো ...মানুহ হওক বা কোনো জন্তু, গাড়ীৰ সৈতে খুন্দা খোৱাৰ পিছত যদি আহত হৈ থাকে , তেন্তে সি এই আহত অবস্থাত কেতিয়াও ইমান দূৰ আহিব নোৱাৰে । এই চিন্তাটো যেতিয়া মোৰ মুৰত আহিল তেতিয়ালৈকে মই বহুত গভীৰলৈ গুচি আহিছিলো । তেতিয়াই মোৰ ভয় লাগিব ধৰিলে । মোৰ মনে কলে , আৰু এক মূহুৰ্তও নহয় , যিমান সম্ভৱ ইয়াৰ পৰা ওলাই যাব লাগিব...এইদৰে ভাবিছিলোহে , সেইসময়তেই খুব কাষত কিহবাৰ যেন এটা মৃদু শব্দ মোৰ কাণত পৰিল ...মই লগে লগে সেইফালে টৰ্চৰ পোহৰ পেলাই দিলো একো ভালদৰে দৃষ্টিগোচৰ নহল ...মই কলো , 'কোন। কোনোবা আছেনেকি তাত ?'
কোৱাৰ লগে লগে এইবাৰ কাৰোবাৰ যেন ক্ষীণ কান্দোনৰ শব্দ ভাহি আহিল । ছোৱালী মানুহৰ উচুপনি যেন কান্দোন এয়া । মই কথাটো কি চোৱাৰ বাবে সেই কান্দোনৰ শব্দ অনুসৰণ কৰি দ্ৰুতগতিত খোজকাঢ়ি জঙ্গলৰ মাজে মাজে সেই দিশত আগুৱাবলৈ ধৰিলো । কিছুদূৰ যোৱাৰ পিছত মই... মই দেখিলো ...মই দেখিলো..." এইখিনি কোৱাৰ পিছতেই ৰাহুলে থৰ থৰকৈ কপিবলৈ আৰম্ভ কৰিলে ।তাৰ দুচকুত তেতিয়া এক অপৰিসীম আতংকৰ ছাপ। মৃগীৰোগীৰ দৰে কৰি থকিল সি।
"...তাৰপিছত ? কি হল? কি আছিল তাত ?" উদগ্ৰীৱ হৈ প্ৰশ্ন কৰিলে সংগ্ৰাম সিঙে। অৰ্চনাদেৱীও সুধিলে , "অ..অ...তাৰপিছত কি দেখিলা , কোৱা..কোৱা ৰাহুল ...!"
বহুসময় ধৰি নিজক সংয়ত কৰি ৰখা ৰাহুলে আকৌ কবলৈ আৰম্ভ কৰিলে , "প্ৰথমে মই একো দেখা পোৱা নাছিলো ...কিন্তু যেতিয়া টৰ্চটো হাত লৈ মই আৰু কাষলৈ আগুৱাই গলো তেতিয়া দেখিলো এজোপা গছৰ তলত বহি কোনোৱে এইদৰে উচুপি উচুপি কান্দি আছে । কাষত গৈ মই বুজিলো , সচাকৈয়ে এজনী স্ত্ৰী সেই গছৰ তলত বহি আছে । মোৰ সেয়া দেখি খুব আশ্চৰ্য লাগিছিল যে এই অমাবস্যাৰ গভীৰ ৰাতি ঘিটমিট অন্ধকাৰত এই গভীৰ জঙ্গলত অকলশৰীয়া এজনী স্ত্ৰী এনেদৰে বহি বহি কিয় কান্দিছে ! যদি আমাৰ গাড়ীৰ সৈতে কোনো এক্সিডেন্ট হৈছে তেন্তে ইমান দূৰলৈ কিদৰে আহিব পাৰিলে ! "
এইখিনি কোৱাৰ পিছত ৰাহুল ৰৈ গল ।
"...তাৰপিছত ?" প্ৰশ্ন কৰিলে সংগ্ৰাম সিঙে । তেওঁ তেতিয়া জঙ্গলৰ নিৰ্জন ৰাস্তাত গাড়ীৰ স্পিড একেবাৰে বঢ়াই দিছে , "তুমি কি সেই মহিলাজনীৰ সৈতে কথা পাতিছিলা ? কি কলে তাই ? যদি আহত হৈছিল, তেন্তে মোক গাড়ীখন স্পীডত চলাবলৈ কিয় কৈছা ? কিয় এই কথাটো আমাক আগতে নকলা? আমি সকলোৱে মিলি সেই মহিলাগৰাকীক সহায় কৰিলোহেঁতেন "।
"...দেউতা !" ৰাহুলৰ এইবাৰ আৰু কাতৰ কন্ঠস্বৰ শুনা গল , "যেতিয়া মই সেই গছজোপাৰ তললৈ আহিছিলো , তাত মই আৰু এটা বস্তু দেখি হতভম্ব হৈ গৈছিলো...মই...মই..মানে...মোৰ মগজুই কাম কৰা নাছিল সেইসময়ত....দেখিলো, এজনী বুঢ়ী সেই গছৰ তলত বহি এনেদৰে কান্দিছে...স্থানীয়, আশেপাশে থকা কোনো গাওঁৰ হব বুঢ়ীজনী ...অন্তত তাইৰ পোছাক দেখি এনেকুৱা লাগিছিল ....আৰু ...আৰু বুঢ়ীজনীৰ কোলাত আছিল সৰু এটা ল'ৰা...মই আৰু কাষলৈ যেতিয়া গলো...তেতিয়া দেখিলো ... কোলাত শুই থকা সেই লৰাটো প্ৰায় অজ্ঞান হৈ আছে ...বেহুঁচ, অচেতন ... যেতিয়া টৰ্চৰ পোহৰ লৰাটোৰ গাত পেলাই চালো ..দেখিলো ...বাচ্ছাটোৰ কপালৰ এফালেৰে ৰঙা তেজ বৈ আছে ...যেন মাৰাত্মকভাবে আহত হৈছে সি ...মই একেবাৰে হতবাক হৈ পৰিছিলো তাক দেখি ....মই ভাবি পোৱা নাছিলো ..কি কৰিম...আৰু সেই বুঢ়ী মহিলাজনীয়ে কান্দি আছিল আৰু মাজে মাজে ল'ৰাটোৰ মুৰত হাত বুলাই দিছিল .... মই প্ৰশ্ন কৰিলো , "আইতা ...ও আইতা....মই তোমাক সহায় কৰিব খোজো...তুমি ইমান ৰাতি এই জঙ্গলত কি কৰিছা ? আমাৰ গাড়ীত কি তোমাৰ কাৰোবাৰ কিবা ক্ষতি হৈছে ?..ওহো...মানে ক্ষমা কৰিবা...মই তোমাক সহায় কৰিব খোজো ..আচ্ছা, এই... এই ল'ৰাজন তোমাৰ নাতি হয় নেকি ?"
মই কথা কৈছিলো কিন্তু সেই বুঢ়ীজনীয়ে এবাৰলৈও মোৰ পিনে নাচালে । কিন্তু তেতিয়াও কন্দাকটা কৰি থাকিল । এবাৰ মই লাহে লাহে আইতাগৰাকীৰ কান্ধত এখন হাত ৰাখি শান্তনা দিবলৈ বিচাৰিলো । কলো , "আইতা ...মই তোমাক সহায় কৰিব খোজো ..আমাৰ গাড়ীখন জঙ্গলৰ সেইফালে ৰাস্তাত ৰৈ আছে ...তুমি বিচাৰিলে মই তোমাৰ নাতিক হস্পিটেললৈ লৈ যাম...মোৰগাড়ীত...বলা...বেছি দেৰি কৰিলে তোমাৰ নাতিৰ ক্ষতি হব...বলা মোৰ লগত .....হাস্পাতাললৈ লৈ যোৱাৰ দৰকাৰ লৰাটোক ...!'
জঙ্গলত তেতিয়া এক অস্বাভাবিক নিস্তব্ধতা নামি আহিছিল। মই বুঢ়ীৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিলো , বাৰে বাৰে বুজাবলৈ খুজিছিলো, হাস্পাতাললৈ লৈ যোৱাৰ দৰকাৰ লৰাটোক কিন্তু বুঢ়ীজনীয়ে মোৰ কোনো কথাত কাণসাৰ নিদিলে । তেতিয়া পৰ্যন্ত এবাৰলৈও মোৰ পিনে মুৰ তুলি নাচালে । এইটোৱে বাস্তবিকতে মোক অবাক কৰিছিল। মই থিয় হৈ হৈ যেতিয়া বুঢ়ীৰ এনে হেন আচৰণৰ বিষয়ে ভাবিবলৈ ধৰিলো , সেই সময়তেই হঠাৎ সেই বুঢ়ীজনীৰ কান্দোন ৰৈ গল । মানে একেবাৰে যেন চুপ হৈ গল । মোৰ এইবোৰ দেখি হঠাৎ খুব ভয় লাগিবলৈ ধৰিল । অথচ তেতিয়া পৰ্যন্ত ভয়ৰ কোনো কাৰণ দেখা নাছিলো । কিন্তু তাৰপিছত যি ঘটিল, সেয়া মনত পৰি এতিয়াও মোৰ গাৰ নোম শিয়ৰি উঠিছে ...
যিজনী বুঢ়ী তেতিয়ালৈ মোৰদিশত এবাৰো চোৱা নাছিল কিন্তু হঠাৎ অস্বাভাবিক কৰ্কশ আৰু অমানুষিক কন্ঠস্বৰত তাই কবলৈ ধৰিলে , "তোমালোকে ভুল কৰিছা ...বহুত বেয়া কৰিছা ...!"
মই ঠতমত খাই উঠিলো বুঢ়ীৰ কণ্ঠস্বৰ শুনি। অলপ সময় আগৰ কন্ঠস্বৰৰ সৈতে এই কন্ঠস্বৰৰ কোনো মিল নাই । অস্বাভাবিক মোটা ,কৰ্কশ কণ্ঠস্বৰ! এই কণ্ঠস্বৰ কোনো মানুহৰ কেনেকৈ হব পাৰে?
শুনিলো , সেই বুঢ়ীজনীয়ে সেই ভয়ঙ্কৰ কঠিন কৰ্কশ মাতেৰে কৈছে , "মই তোৰ কি ক্ষতি কৰিছিলো ? কিয় এনে কৰিলি মোৰ সৈতে ?"
মই প্ৰাথমিকতে বিস্ময়েৰে নিজক চম্ভালি কলো "আইতা...আইতা...ক্ষমা কৰিবা..ভুলটো আমাৰেই আছিল...গাড়ী মই ড্ৰাইভ কৰিছিলো....মই নিজেও বুজিব পৰা নাছিলো কেতিয়া কেনেকৈ এক্সিডেন্ট হল! মই মোৰ ভুলৰ বাবে খুবেই লজ্জিত, অনুতপ্ত... মই তোমাক সহায় কৰিব খোজো...আচলতে...আচলতে।মই এখন বিয়াঘৰৰ পৰা আহিছিলো ...আৰু এই অন্ধকাৰ জঙ্গলৰ ৰাস্তাত এনেদৰে এক্সিডেন্টটো হৈ গল..." এই বুলি মই বাৰে বাৰে সেই বুঢ়ীজনীৰ ওচৰত ক্ষমা বিচাৰিবলৈ ধৰিলো।
"...তহত ডাঙৰ মানুহবোৰ এনেকুৱাই ", পুণৰ কঠিন স্বৰত কৈ উঠিল সেই বুঢ়ীজনীয়ে , "তহতে এনেদৰে গাড়ী চলাই যা যে আমাৰ দৰে গৰীব মানুহবোৰক চকুতেই নপৰে ...এই দুনিয়াত মোৰ এই একমাত্ৰ নাতিৰ বাদে আৰু কোনো নাই ...এতিয়া সিও মোক এৰি গল ..." কৈ কৈ পুনৰায় কান্দিবলৈ ধৰিলে সেই বুঢ়ীজনীয়ে ।
মই কলো, "আইতা, তোমাৰ নাতি মৰা নাই ,সি বাচি আছে... বেহুঁচ হে হৈছে ..." কিয়নো মই লক্ষ্য কৰিছিলো, লৰাটোৱে অলপ অলপকৈ শ্বাস লৈ আছে । কিন্তু কপালৰ এফালেৰে বৈ থকা তেজ তেতিয়াও বন্ধ হোৱা নাই । সেয়ে কলো , "আইতা...বেছিকৈ ৰক্তক্ষৰণৰ বাবে সি বেহুচ হৈ গৈছে .... তাক এতিয়া হস্পিটেললৈ নিয়া দৰকাৰ...এই মূহুৰ্ততে...তুমি বলা মোৰ সৈতে ..."।
"...স্কুলৰ পৰা অহাৰ পিছত সোনটিয়ে মোক কিমান যে কি সহায় কৰিছিল ", মোৰ কথাবোৰ যেন শুনাই পোৱা নাই , এনেদৰে আপোনমনে পুনৰ কবলৈ আৰম্ভ কৰিলে , "মই কাষৰ এখন গাঁওত থাকো...মই গৰীব সেয়ে...জঙ্গলৰ পৰা কাঠ খৰি বুটলি সেইবোৰ বজাৰত বিক্ৰী কৰি যিখিনি টকা পাওঁ , তাৰেই আমাৰ সংসাৰ চলে...এই কামত মোক সোনটিয়ে খুব সহায় কৰিছিল .... মই আহিছিলো জঙ্গলত খৰি বুটলিব । তাৰপৰাই হঠাৎ বৰষুণ হোৱা বাবে মই বহুসময় এজোপা গছৰ তলত ৰৈ আছিলো । যেতিয়া বৰষুণ কমিল তেতিয়ালৈ বহুত ৰাতি হৈ গল...গাঁও উভতিবলৈ বুলি ৰাস্তা পাৰ হৈছিলো হে তেতিয়াই.... এখন গাড়ী...আমাক খুন্দিয়ালে ..." এইখিনি কৈয়েই বুঢ়ীজনীয়ে আকৌ ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে । মোৰ আচৰিত লাগিল, বুঢ়ীজনীয়ে কেতিয়াৰ কথা কৈছে ? কিমান দিন আগৰ কথা ? কেতিয়া হৈছিল এক্সিডেন্ট? হল দেখোন আজিহে..আমাৰ গাড়ীত...তেন্তে এইদৰে পুৰনি কথা কিয় কৈছে ? যেন বহুদিন আগেয়ে ঘটিছে এক্সিডেন্ট'টো! মোৰ যেন সকলো দোধোৰ মোধোৰ লাগিছে । এটা অজানা ভয় আৰু অস্বস্তিয়ে ক্ৰমশঃ মোক আচ্ছন্ন কৰি তুলিছে । সেয়ে কোনোৰকমে ক্ষমা মাগি সিহতক আমাৰ গাড়ীলৈ অনাৰ বাবে মই বুজাবলৈ চেষ্টা কৰিলো। আৰু তেতিয়া হঠাৎ আৰু এটা কথা মনত পৰি মই নিজে হতবাক হৈ পৰিলো, 'আৰে, আজি ৰাতিপুৱাৰ পৰাতো এটুপিও বৰষুণ পৰা নাই ...আজিয়েই নহয়, এই গোটেই সপ্তাহটোত কোনোদিনে বৰষুণ হোৱা নাই ....এতিয়া শীতৰ সময়...বৰষুণৰ চিজন নহয়...তেন্তে এই বুঢ়ীজনীয়ে কোন দিনৰ ঘটনাৰ কথা কৈছে ? তদুপৰি ইয়াত কৰবাত বৰষুণ হলে এই জঙ্গল আৰু ৰাস্তা তিতি থাকিলহেঁতেন কিন্তু সেয়াওতো দেখা নাই । মই হতভম্ব হৈ গৈছিলো কামকাজ দেখি। এইবাৰ নিজেই সুধিলো , "আইতা...আজিতো কতো বৰষুণ হোৱা নাই ...তুমি কি কৈছা এইবোৰ আইতা ?"
মোৰ কথাত এবাৰ সেই বুঢ়ীজনীয়ে হাঁহিবলৈ ধৰিলে । কৰ্কশ সেই হাহি জঙ্গলৰ গছে বনে খুন্দা খাই ভয়ংকৰ যেন শুনা গল । মোৰ আৰু ভয় লাগিবলৈ ধৰিলে। সেই তেতিয়াৰ পৰা এতিয়া পৰ্যন্ত সেই বুঢ়ীজনীয়ে মোৰ মুখলৈ এবাৰো চোৱা নাই , এবাৰলৈও .......
Click Here To Read voyonkor hei rati part 7 assamese new Novel ভয়ংকৰ সেই ৰাতি
লেখক: মিথিলেছ গুপ্তা
ভাবানুবাদ :স্বপ্ননীল আকাশ
2 comments