voyonkor hei rati part 5 assamese new Novel ভয়ংকৰ সেই ৰাতি

Voyonkor hei rati part 5 assamese new Novel ভয়ংকৰ সেই ৰাতি

Click here to read Voyonkor hei rati part 4
সংগ্ৰাম সিঙে একো বুজি পোৱা নাছিল সিহঁতৰ সৈতে কি হৈ আছে। ৰাহুলৰ ভীতিগ্ৰস্ত চেহেৰা,  হঠাৎ  অস্বাভাবিক ভাবে নিৰুদ্দেশ হোৱা , ইপিনে গীতা আৰু অৰ্চনাদেৱী  ৰহস্যময়ভাৱে জঙ্গলত যোৱা এই ঘটনাবোৰৰ একো এটাই স্বাভাবিক নহয় ।

অৰ্চনাদেৱী তেতিয়াওঁ বিস্ময়  দৃষ্টিত  জঙ্গলৰ পিনে চাই আছিল । যেন বুজি পোৱা নাই  কিদৰে সিহত  এই গভীৰ জঙ্গলত সোমাই গৈছিল ! 

"....তোমালোকৰ সৈতে আৰু এজন কোন আছিল?" প্ৰশ্ন কৰিলে সংগ্ৰাম সিঙে, "এইমাত্ৰ দেখিছিলো, তোমালোকৰ কাষতেই ৰৈ আছিল...!"

"...আমাৰ সৈতে!" অৰ্চনাদেৱীৰ কন্ঠস্বৰ শুনি এনে লাগিল  যেন  বিস্ময় আৰু এক ডিগ্ৰি বাঢ়ি গল । যেন আকাশৰ পৰাহে পৰিছে , এনেভাবে কলে , "আমাৰ সৈতে ! কোনো নাছিল তো! ..মই  আৰু গীতাৰ বাহিৰে ... আৰু তো কোনো নাই !"

"...অ.." শাহুৱেকৰ  কথাত সমৰ্থন জনাই এইবাৰ অস্ফুটভাবে গীতাইও কলে , "আৰু কোনো  তো নাছিল ইয়াত !" কৈ কৈ গীতা আশেপাশে চাবলৈ ধৰিলে । তাৰপিছত কলে , "আৰু মই...ইয়াত কেতিয়া আহিলো ?...মই দেখোন ৰাস্তাত  ৰৈ আছিলো ...এই জঙ্গলত কিদৰে আহিলো ?"

কৰ্মকাণ্ড দেখি সংগ্ৰাম সিং নিজেও আশ্চৰ্য্যচকিত হল। তেওঁ লাহে লাহে বুজিব পাৰিলে, ইয়াত কিবা এটা হৈ আছে যি মুঠেও স্বাভাবিক নহয়। কিবা এটা গণ্ডগোল আছে কৰবাত নহয় কৰবাত । তেঁও আৰু এক মূহুৰ্তও ইয়াত থাকিবলৈ ৰাজি  নাছিল । তেওঁ বিছাৰিছিল , যিমান সোনকালে পাৰি ইয়াৰ পৰা যাব লাগে । 

"...ৰাহুল কত ?" অৰ্চনাদেৱীৰ কথাত  যেন সম্বিৎ ঘুৰি আহিল সংগ্ৰাম সিংৰ । শুনিবলৈ পালে , অৰ্চনাদেৱীয়ে কৈছে, "আমাৰ ৰাহুল কত? তাক পালানে ?"

সংগ্ৰাম সিঙে  স্ত্ৰীক  আশ্বস্ত  দিলে , "চিন্তা নকৰিবা। তাক পালো । সি  ঠিকেই আছে। গাড়ীত বহি আছে।" তাৰপিছত তেওঁ কলে , "আৰু দেৰি কৰিব নোৱাৰো । সোনকালে বলা , গাড়ীত আহা "।

স্ত্ৰী আৰু  পুত্ৰবধূক লৈ  সংগ্ৰাম সিং  জঙ্গলৰ বাহিৰলৈ আহিবলৈ ধৰিলে । তেওঁৰ নিজৰ মন একদমেই ভাল লগা নাছিল । নানান চিন্তা  ভাবনাত  মনটো ভৰি আছে । পৰিবাৰৰ সকলোৱেই এতিয়া কিৰকম যেন অপ্ৰকৃতিস্থ অবস্থাত , এতিয়া নিৰাপদে  ঘৰ পোৱাটোৱেই সিহতৰ সকলোতকৈ ডাঙৰ চেলেঞ্জ। দুহাতে দুয়োজনৰে হাত দুখন খামুচি ধৰি তেওঁ জঙ্গলৰ বাহিৰৰ পিনে আহি থাকিল । সেই মূহুৰ্তত তেওঁ যেন সকলোৰে একমাত্ৰ অভিভাৱক হৈ পৰিছে । ঘোৰ অমাবস্যাত আদিম অৰণ্যৰ ৰূপ যে কিমান ভয়ঙ্কৰ হবলৈ পাৰে, সেয়া চকুৰে নেদেখিলে  বিশ্বাস কৰিব পৰা নাযায় । ৰাহুল, অৰ্চনাদেৱী আৰু গীতা - তিনিওজনৰে মুখমণ্ডলত সাংঘাতিক  এক আতংকই চানি ধৰিছিল । তিনিজনে  কিবা  দেখি  একেবাৰে যেন বোবা হৈ গৈছে । কাৰো মুখত  কোনো কথা নাই । গাড়ীত উঠি বহাৰ পিছত অৰ্চনাদেৱী আৰু গীতা দুয়োজনেই ৰাহুলক ঘেৰি ধৰি নানাধৰণৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ কিয়  চুপচাপ আছে , কি দেখিছে জঙ্গলত , সেই কথাক লৈ নানাধৰণৰ প্ৰশ্ন কৰিলে কিন্তু ৰাহুল একেবাৰে মৌন হৈ বহি থাকিল । যেন এইবোৰ লৈ সি মুখ খুলিবলৈ সাজু হোৱা নাই । তাৰ দুচকু যেন বিস্ফোৰিত, আতঙ্কিত। যেন সাঙ্ঘাতিক কিবা  দেখি সাময়িকভাবে বোধশক্তি আৰু বাকশক্তি - দুয়োটাই হেৰাই পেলাইছে । সংগ্ৰাম সিং যেতিয়া গাড়ীৰ ড্ৰাইভিং চিটত  আহি বহিল, তেতিয়া ৰাহুলে যেন নিজৰ হৃতশক্তি কিছু  ওভোটাই পালে । দেউতাকক উদ্দেশ্য কৰি কলে , "দেউতা ! আৰু এক মূহুৰ্তও ইয়াত থাকিব নোৱাৰি ...শীঘ্ৰে বলা ইয়াৰ পৰা ...নহলে বিপদ আৰু বাঢ়িব ...!"

সংগ্ৰাম সিঙে বুজিব  পৰা  নাই ৰাহুলৰ হঠাৎ এনেহেন মন্তব্যৰ কাৰণ কি। কিন্তু এটা যে ডাঙৰ গণ্ডগোল হৈছে , সেয়া তেওঁ বুজি পাইছে । হঠাৎ এই দূৰ্ঘটনা, গাড়ীত   তেজৰ দাগ অথচ আশেপাশে কাৰো ঘৰ নাই, জঙ্গলৰ পৰা উভতি অহাৰ পিছত ৰাহুলৰ এনে অস্বাভাৱিক আচৰণ , গীতা আৰু অৰ্চনাদেৱী হঠাৎ জঙ্গলত গুচি যোৱা  - এই ঘটনাবোৰৰ  আঁৰৰ প্ৰকৃত ৰহস্য এতিয়ালৈ কোনোৱে  বুজি পোৱা নাই । 

"...দেউতা ,  গাড়ী ষ্টাৰ্ট কৰা...প্লিজ!" অধৈৰ্য হৈ এইবাৰ  গীতাইও কলে । কন্ঠস্বৰ কি এক অজানা ভয় । তাৰ পিছত অলপ সময় ৰৈ কলে , "ৰাহুল হঠাৎ এনেকৈ চুপ হৈ গৈছে কিয় দেউতা?" কি হৈছে কোৱা , কাষত বহি থকা ৰাহুলৰ এখন হাতত  নিজৰ হাত ৰাখি অলপ অলপকৈ মোহাৰি দিলে । যেন তেওঁক স্বাভাবিক কৰি তোলাৰ চেষ্টা কৰিছে , "ৰাহুল ইমান কপিছে কিয়?"

"...নাজানো ", সংগ্ৰাম সিঙে কলে  , "জঙ্গলৰ পৰা আহিয়েই  দেখিছো কিৰকম যেন হৈ গৈছে! কোনো একো ঠিক কৈ খুলি কোৱা নাই !"  কৈয়েই গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট দিলে সংগ্ৰাম সিঙে। 

"...হে ভগবান! ঠিক মোৰ মনে  যি  কৈছিল , সেয়াই ঘটিছে!" কাতৰ স্বৰেৰে কলে  অৰ্চনাদেৱীয়ে ," মোৰতো এতিয়াও মনত  পৰা  নাই মই জঙ্গলত কিদৰে গৈছিলো ...আৰু এতিয়া ৰাহুলক লৈ  মোৰ চিন্তা আৰু বাঢ়ি গৈছে ..." কৈয়েই  কাষতে বহি থকা স্বামীক উদ্দেশ্য কৰি কলে, "সোনকালে বলা , ইয়াৰ পৰা ! এতিয়াই এই জাগাটো এৰিব লাগিব ..!" শেষৰ কথাটো কোৱাৰ সময়ত  প্ৰায় গলগলাই  উঠিল অৰ্চনাদেৱীয়ে । কিন্তু তেতিয়াও  ভয়াৰ্তভাবে এবাৰ খিৰিকীৰ কাঁচৰ  মাজেৰে  বাহিৰৰ জঙ্গলৰ পিনে চালে । ইপিনে , পিছৰ চিটত  গীতাই অনুভৱ কৰিলে , ৰাহুলৰ শৰীৰ ক্ৰমশ ঠাণ্ডা  হৈ গৈ আছে । তাই আপ্ৰাণ চেষ্টা কৰি আছে , ৰাহুলৰ দেহৰ উত্তাপ ওভোটাই অনাৰ বাবে । বাৰেবাৰে  ব্যাকুল হৈ প্ৰশ্ন কৰিছে , "কি হৈছে পৰিষ্কাৰ ভাবে  মোক কোৱা ৰাহুল..কিবাটো কোৱা ৰাহুল...চুপ চাপ আছা কিয় ? কি হৈছে?"

"...ৰাহুল...কি হৈছে?" এইবাৰ  প্ৰশ্ন কৰিলে সংগ্ৰাম সিঙেও , "জঙ্গলৰ পৰা অহাৰ পিছৰ পৰাই কি হৈছে ...কি হৈছিল তাত ? কি দেখিছিলা? কোৱা আমাক...!"

অৰ্চনাদেৱীও বাৰে বাৰে প্ৰশ্ন কৰিবলৈ ধৰিলে। 

সকলোৱে একেলগে  ৰাহুলৰ ওচৰত তাৰ এই অবস্থাৰ কাৰণ জানিবলৈ বিছাৰিলে । ৰাহুলে প্ৰথমতে একোৱেই কবলৈ ৰাজী নহল , সি তেতিয়াও প্ৰকৃতিস্থই হব পৰা নাই , ঠিককৈ  কথা কোৱাৰ ক্ষমতাই যেন হেৰাই পেলাইছে । সকলোৰে  শান্তনা আৰু গীতাৰ প্ৰচেষ্টাত  কিছুসময় পিছত সি  কথা কোৱাৰ সামান্য ক্ষমতা পালে । কিন্তু তাৰ কণ্ঠস্বৰ মুঠেই স্বাভাবিক নহয়। তাক দেখি এনে লাগিছিল , যেন সি এটা ভীতিগ্ৰস্ত নিৰীহ হৰিণ, যি এইমাত্ৰ জঙ্গলত বাঘৰ মুখত গৈ পৰিছিল । কোনোৰকমে প্ৰাণ বচাই পলাই আহিছে - এনেদৰে কঁপিছিল তাৰ কন্ঠস্বৰ। সি কলে,

"...সকলো কম ..সকলো কম..আগতে তুমি ইয়াৰ পৰা  সোনকালে বলা...যিমান সোনকালে পাৰা..এই জঙ্ঘল এলেকা পাৰ কৰিব লাগে ...যিমান সোনকালে সম্ভৱ..আৰু এক মূহুৰ্তও আমি ইয়াত থকা উচিত নহয়...নহলে ...ও...ও..."  হঠাৎ ৰাহুল প্ৰায় হিষ্টিৰিয়া ৰোগীৰ দৰে কুচি মুচিবলৈ বহিবলৈ ধৰিলে । অৰ্চনাদেৱী আৰু  গীতা দুয়োজনেই নীৰবে ৰাহুলক লক্ষ্য কৰিছিল । ৰাহুল ইমান ভীতিগ্ৰস্ত হৈ পৰা কেতিয়াও দেখা নাই । বৰঞ্চ ইয়াৰ  ঠিক ওলোটা হে দেখা পাইছিল। ৰাহুল একেবাৰে তাৰ দেউতাকৰ দৰেই সাহসী। ৰাহুল গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই আছিল , হঠাৎ সি বিকট স্বৰত  চিৎকাৰ কৰি কুচি মচি বহিল , যেন হঠাৎ  তাৰ চকুই ভয়ানক কিবা দেখা পাইছে । কি দেখি ৰাহুলে  এনেকুৱা কৰিছে, তাৰ কাৰণ অনুসন্ধানৰ বাবে  গীতা আৰু অৰ্চনাদেবীয়ে  ৰাহুলৰ দৃষ্টি অনুসৰণ কৰি পথৰ পিনে জঙ্গলৰ দিশত চালে কিন্তু সিহঁতৰ চকুত নিকষ কলা  আন্ধাৰ আৰু সেই আন্ধাৰে সৃষ্টি কৰা  দৈত্যাকৃতি দৰে গছবোৰৰ বাহিৰে আৰু একো চকুত নপৰিল । কিন্তু ৰাহুলে নিশ্চয় কিবা  দেখিছে। 

সংগ্ৰাম সিঙে লগে লগে গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট কৰিলে । কিন্তু চকা  ঘুৰিলেও তেওঁ গাড়ীখনক  আগলৈ নিব পৰা নাই । কি হৈছে ? সংগ্ৰাম সিঙে  আপ্ৰাণ চেষ্টা কৰিবলৈ ধৰিলে কিন্তু গাড়ীখন এক ইঞ্চিও লৰচৰ হোৱা নাই । বহু চেষ্টাৰ পিছত হঠাৎ  এটা জোকাৰণি উঠি  গাড়ীখন  দ্ৰুতগতিৰে আগুৱাবলৈ ধৰিলে । তেওঁৰ মনতো  এটা ভয় সোমাই গৈছে। ৰাহুলৰ চকু  দেখি  তেওঁ কিবা বুজি পাইছিল। ৰাহুল এনেকৈ ভয় কৰা  লৰা নহয়, নিশ্চয় জঙ্গলত গৈ সি কোনো ডাঙৰ বিপদৰ মুখামুখি হৈছিল । অলপ  আগেয়ে যেতিয়া গীতা আৰু অৰ্চনাদেৱীক বিছাৰি তেওঁ জঙ্গলত গৈছিল , তেতিয়া তেওঁ -তিনিটা ছায়ামূৰ্তি দেখা পাইছিল । কিন্তু ওচৰত গৈ দেখিছিল, তাত  গীতা আৰু অৰ্চনাদেৱীহে  আছে। কোনো তৃতীয় ব্যক্তি নাই । তেন্তে সেই তিনি নম্বৰ ছায়ামূৰ্তিটো কাৰ আছিল, হঠাৎ  সেয়া কত  নোহোৱা হৈ গল, সেয়া এতিয়াও তেওঁৰ ওচৰত এটা প্ৰশ্ন । এতিয়াও তেওঁ বুজিব পৰা নাই , সেয়া তেঁওৰ চকুৰ ভ্ৰম নে সঁচা । এই জঙ্গল যেন দুনিয়াৰ যাবতীয় ৰহস্যৰ আধাৰ। এই পথত প্ৰবেশ কৰাৰ পিছত  সকলোৰে মগজুই যেন  কাম কৰাই বন্ধ কৰি দিছে। জঙ্গলত সোমোৱাৰ পিছৰ পৰাই কিয় যে অৰ্চনাদেৱীও হঠাৎ  ভূতপ্ৰেত লৈ   কথা আৰম্ভ কৰিছিল  । অথচ এতিয়া পৰ্যন্ত এনো একো ঘটনা ঘটা নাই যাক সচাকৈ অলৌকিক বুলি কব পাৰি  । অথচ যি যি  ঘটিছে, সেয়াও নিতান্তই স্বাভাবিক  ঘটনা যেন নালাগে । ঠিক যেনেকৈ তেওঁ বুজিব পৰা নাই , টৰ্চ হাতত লৈ জঙ্গলত যোৱাৰ পিছত ৰাহুলে তাত কি দেখিলে। ইমান  ভয় কিয় খালে ? 

অন্ধকাৰচ্ছন্ন পকী পথেৰে  সংগ্ৰাম সিঙৰ গাড়ী দ্ৰুত গতিৰে  চলিবলৈ ধৰিলে । সংগ্ৰাম সিঙে যিমানদুৰ সম্ভৱ স্পিড কন্ট্ৰোল কৰি  গাড়ী চলাইছিল । গাড়ীৰ ভিতৰত এতিয়া সকলোৱে চুপ চাপ হৈ আছে । সকলোৰে  মুখ দেখি এনে লাগিছে যেন কোনোবাই প্ৰত্যেকৰে ওঠ দুটা চিলাই কৰি থৈছে  । সকলোৱে গাড়ীৰ খিৰিকীৰে ভীতসন্ত্ৰস্ত দৃষ্টিত বাহিৰৰ জঙ্গলৰ পিনে চাই আছে । প্ৰায় ৫-১০ মিনিট পিছত অৰ্চনাদেৱীয়ে হঠাৎ নিস্তব্ধতা ভঙ্গ কৰি কলে, "ৰাহুল? কি হৈছিল তেতিয়া ...এবাৰ  তো সকলো মোক খুলি কোৱা...তুমি ঠিকে আছাতো? চিন্তা  নকৰিবা , আমি খুব শীঘ্ৰে এই ভয়ঙ্কৰ ঠাইখিনি এৰি যাম...কিন্তু তুমি কি দেখিছা  খুলি কোৱা আমাক...কি এনেকুৱা হৈছিল তোমাৰ সৈতে ?"

বেচ কিছুসময় পিছত নীৰবতা ভাঙিলে ৰাহুলে। সৰু লৰাৰ দৰে সি ভয়ে ভয়ে কলে , "না মা...সি আমাক কাকোৱে ইয়াৰ পৰা ওলাব নিদিব...কাকোৱে নিদিব ...! আমি আৰু কোনোদিনে এই ঠাইৰ পৰা ওলাব নোৱাৰিম ..! সি আমাক এই জঙ্গলৰ পৰা  বাহিৰ হবলৈও নিদিব ..." কৈয়েই সি মুৰটো তলমুৱা কৰিলে আৰু আগৰ চিটত ভেজা দিলে। 

ৰাহুলৰ কথাত যেন এক  নিস্তব্ধতা নামি আহিল গাড়ীৰ ভিতৰত। তাৰ কথাত অৰ্চনাদেৱী তো বাদেই , গীতা আৰু সংগ্ৰাম সিং বিস্ময়ত  হতবাক হৈ পৰিল । কৈছে কি ৰাহুলে! কোনে সিহঁতক ওলাব নিদিয়ে ? কাৰ কথা কৈছে ৰাহুলে! 

"...মানে?" সন্মুখৰ উইন্ডস্ক্ৰিনত দৃষ্টি নিবদ্ধ ৰখা সংগ্ৰাম সিঙে এক মূহুৰ্তৰ বাবে মুৰটো ঘুৰাই পিছৰ চিটত বহি থকা ৰাহুলৰ পিনে চাই কলে । পিছত সন্মুখৰ পিনে দৃষ্টি নিবদ্ধ কৰি কলে "ঠিক বুজিবলৈ পৰা নাই তোমাৰ কথা...কি কবলৈ বিছাৰিছিলা তুমি? কাৰ কথা কৈছা? আৰু কোৱা, আজি হঠাৎ কিয় ইমান ভয় খালা ?" তেওঁ কন্ঠত  অপাৰ বিস্ময় । 

"...অ, ৰাহুল, তুমি মোক কোৱা , আজি তুমি কিয় হঠাৎ ভয় খালা ?" কাষত বহি থকা গীতাইও এইবাৰ কলে , "তুমি তো কেতিয়াও ইমান ভয় কৰা নাছিলা ! কিন্তু আজি হঠাৎ কি হল?"

কোনো উত্তৰ দিবলৈ নোৱাৰিলে ৰাহুলে। তাৰ কপালৰ পৰা  এই শীতৰ ৰাতিও টপটপ কৈ  ঘাম সৰি আছে । দুচকু এতিয়াও এক আতঙ্কময়  । যেন এইমাত্ৰ সাক্ষাৎ মৃত্যুক সি দেখি আহিছে । বুকুখন এতিয়াও জোৰে জোৰে উঠা নমা কৰিছে । গীতাৰ চেষ্টাত সাময়িকভাবে সি বোধশক্তি  পাইছে ঠিকেই, বাকশক্তিও  পাইছে কিন্তু  জঙ্গলৰ ভিতৰৰ সেই ভয়ানক স্মৃতি মনত পৰি  আকৌ তাৰ অবস্থাৰ অবনতি হবলৈ ধৰিছে । সংগ্ৰাম সিং, অৰ্চনাদেৱী আৰু গীতা এইবাৰ  ব্যতিব্যস্ত হৈ পৰিল ৰাহুলক লৈ। সিহতৰ কাৰো কথাত সি  এবাৰো  মুখ  নুখুলিলে ।  ৰাহুলক এইলৈ বেছি সুধি থাকিলে  তাৰ অবস্থা আৰু বেয়া হব পাৰে। সেয়ে চুপ থকাটোৱেই  শ্ৰেয় বুলি সকলো মনে মনে থাকিল। 

গাড়ীৰ ভিতৰত এক অদ্ভুত নীৰবতা। কাৰোৰ মুখত টু টা শব্দ এটা নাই । নিৰ্জন অন্ধকাৰ পথত  সিহঁতৰ গাড়ী দ্ৰুতগতিত আগবাঢ়ি গৈ আছে। 

হঠাৎ ৰাহুলে এক অদ্ভুত কাণ্ড কৰিলে । সি প্ৰচণ্ড জোৰে অট্টহাস্য কৰি উঠিল । 

এনে আকস্মিকভাৱে  হাঁহিত  সংগ্ৰাম সিং প্ৰায় হতচকিত হৈ  গাড়ী ৰখাই দিলে মাজৰাষ্টাত । সকলোৱে ঘুৰি চালে ৰাহুলৰ পিনে । কি হল এইবাৰ ৰাহুলৰ?  হঠাৎ এনেদৰে অপ্ৰকৃতিক ভাবে  হাঁহিছে কিয়? দুশ্চিন্তাই এইবাৰ গ্ৰাস কৰিলে সিং পৰিবাৰক। 

"...দেউতা..!" হাঁহিতে হাঁহিতেই কলে ৰাহুলে, "গাড়ী  নৰখাবা ইয়াত ..খবৰ্দাৰ ...তেন্তে কিন্তু পৰিণাম আৰু ভয়ঙ্কৰ হব .হা হা হা.." কৈয়েই আকৌ উচ্চস্বৰে হাঁহিবলৈ ধৰিলে সি । তাৰ কন্ঠস্বৰো স্বাভাবিক নহয়। গাড়ীৰ ভিতৰত সকলোৱে হতবাক। 

"...কি...কি হৈছে ৰাহুল?" ব্যাকুলতাৰে অৰ্চনাদেৱীৰ কলে , "কি হৈছে তোৰ? এনেদৰে হাঁহিছা কিয় পাগলৰ দৰে ?" তাৰপিচত যেন ভোৰভোৰাই  কলে, "কোনো অশুভ আত্মাৰ বশীভুত হৈ পৰা নাইতো মোৰ  একমাত্ৰ লৰাজন?"  মুখমণ্ডলত আশংকাৰ মেঘ ক্ৰমশ ঘনীভূত হৈ উঠিছে। 

"...কি হৈছে ৰাহুল?" এইবাৰ প্ৰশ্ন কৰিলে সংগ্ৰাম সিঙে নিজেও, "কি হৈছে তোমাৰ কোৱা তো? জঙ্গলত কি দেখিছা, ..এইবাৰ এনেকৈ  পাগলৰ দৰে হাঁহিছা...কিয় ? চোৱা ৰাহুল, আমাক এনেকৈ সংশয়ৰ মাজত নাৰাখিবা । সঠিক কৈ কোৱা, কি হৈছে তোমাৰ? কিবা দেখি তুমি অত্যন্ত ভয় খাইছিলা । কোৱা কি হৈছিল জঙ্গলত?"

দেউতাৰ ধমকিয়ে  এইবাৰ  কামত দিলে । কিছুসময়  চুপ হৈ বহি থকিল ৰাহুল। তাৰপিছত লাহে লাহে কবলৈ ধৰিলে , "তোমালোকে মোৰ পৰা  সঁচা ঘটনাটো জানিব খোজা ? জানিব খোজা ন , মই জঙ্গলত গৈ কি দেখিছিলো , সেয়াইতো?"
"..অ . জানিবলৈ বিছাৰো ", অধৈৰ্য হৈ কলে  সংগ্ৰাম সিং, অৰ্চনাদেৱী আৰু গীতা তিনিজনেই, "তাৰ পৰা আহি দেখিছো  তুমি কিৰকম যেন হৈ গৈছা ..একেবাৰে গা মুখ শুকাই গৈছিল তোমাৰ ..কি হৈছিল তাত , কোৱা? কি দেখিছিলা?"

সংগ্ৰাম সিঙে ভাবিছিল , ৰাহুলে হয়তো জঙ্গলত কোনো হিংস্ৰ জন্তুৰ সম্মুখীন হৈছিল। সেয়েতো ইমান ভয় খাইছে । যিহে জঙ্গল, হিংস্ৰ জীৱ জন্তু থকাটো বিচিত্ৰ নহয়। কিন্তু সেই নিৰ্জন বিপদসংকুল নিবিড় জঙ্গলৰ ৰাস্তাৰ মাজৰ  গাড়ীৰ ভিতৰত বহি ৰাহুলৰ মুখৰ পৰা যিখিনি কথা  শুনিলে , সেয়া তেওঁ কেতিয়াও কল্পনা কৰিব পৰা নাছিল । ৰাহুলে খুব শান্তভাবে লাহে লাহে কলে , "মা...মা...ঠিকেই কৈছিলা । অ..মা যি ভয় কৰিছিলো ...ঠিক সেয়াই ...হৈছে...মায়ে ..ঠিক অনুমান কৰিছিল ..." 

"...মানে?" ভ্ৰু কোঁচ খাই উঠিল  সংগ্ৰাম সিঙৰ । মূহুৰ্তৰ বাবে এবাৰ স্ত্ৰীৰ পিনে চাই পিছত ৰাহুলৰ পিনে চাই  কঠিন কণ্ঠস্বৰত  প্ৰশ্ন কৰিলে , "আৰু ভালকৈ খুলি কোৱা । মই তো তোমাৰ কথা একো বুজিব পৰা  নাই । তোমাৰ মায়ে কি মাথামুণ্ড ঠিক কৈছিল , খুলি কোৱা মোক..."।

0/Post a Comment/Comments

Previous Post Next Post