ভয়ংকৰ সেই ৰাতি voyonkor hei rati part 4 assamese new Novel

ভয়ংকৰ সেই ৰাতি voyonkor hei rati part 4 assamese new Novel 

Click here to read Voyonkor hei rati part 3
"...ৰাহুল...ৰাহুল..." সংগ্ৰাম সিং আৰু গীতা দুজনেই  ৰাহুলৰ নাম ধৰি মাতিবলৈ আৰম্ভ কৰিলে । কিন্তু উত্তৰত জঙ্গলৰ ভিতৰৰ পৰা ভাহি অহা কিছুমান ৰহস্যময় প্ৰাণীৰ শব্দৰ বাহিৰে আৰু একো শব্দ শুনা নগল।

"...দেউতা ! ৰাহুল  ক'ত গল ? এইবাৰ কিন্তু মোৰো খুব ভয় লাগিছে !" কান্দো কান্দোকৈ গীতাই কলে , "প্লিজ, কিবা কৰক  না...এইবোৰ কি হৈছে , আমি একো বুজিব পৰা নাই "।

  গীতাই কান্দিবলৈ ধৰিলে । কান্দি কান্দি কলে , "আনক  সহায়  কৰিব গৈ এতিয়া তো নিজেই সমস্যাত পৰিছে "।

অৰ্চনাদেবীও  ৰাহুলৰ বাবে  খুবেই চিন্তিত হৈ পৰিছিল পড়েছিল।

"...তোমালোক ৰবাচোন !"  খঙৰ  স্বৰত  এইবাৰ কৈ উঠিলে  সংগ্ৰাম সিঙে , "ৰাহুলৰ একো  হোৱা নাই । সি  নিশ্চয় উভতি আহিব । আৰু অলপ অপেক্ষা কৰা "।

চাওতে চাওতে  দহ মিনিট পাৰ হৈ গল । ৰাহুলেৰ ফেৰাৰ কোনও নাম নেই।

এইবাৰ সংগ্ৰাম সিঙকো  চিন্তিত দেখা গল । হাজাৰ হওঁক , তেওঁ দেউতাক । সন্তানৰ বাবে তেওঁ  হৃদয়ো ব্যাকুল নহবনে! এইবাৰ তেওঁ ৰাহুলৰ নাম লৈ  জোৰে জোৰে মাতিবলৈ ধৰিলে ।

কিন্তু সেই এক শব্দ । কৰো পৰা  ৰাহুলৰ কোনো প্ৰত্যুত্তৰ নাহিল । যেন এই জঙ্ঘল খনে ৰাহুল আৰু তেঁওৰ অপেক্ষাত থকা  পৰিয়ালৰ মাজত এখন অদৃশ্য লোৰ প্ৰাচীৰ গঢ়ি দিছে।

গোটেইবোৰ যেন ঘোৰ সন্দেহৰ আবৰ্তত সোমাই গৈ আছে। এই ঘোৰ অমাবস্যাৰ ৰাতি গাড়ীখন এক্সিডেণ্ট হল, কোনোৰকমে সিহত সকলো বাচি যোৱা , তাৰপৰাই সিহতৰ মাজত এজন  সদস্যেৰ নিৰুদ্দেশ হৈ যোৱা - সকলো যেন অদ্ভুত যেন লাগিল । কিন্তু সেই বুলি এই অন্ধকাৰত  বিপদসংকুল বনৰ ৰাস্তাত এনেকৈ চুপটি কৰি কিমান সময় থাকিব ! এইবাৰ সংগ্ৰাম সিঙে  ৰাহুলক বিছাৰি ৰাস্তাৰ কাষৰ সেই খাদৰ দৰে তল অংশত জঙ্ঘলৰ আগুৱাই যাবলৈ ধৰিলে । সিহতৰ মাত্ৰ এটা টৰ্চ ছিল, সেয়াও  ৰাহুলে লৈ  গৈছে । এতিয়া সিহঁতৰ কোনো পোহৰৰ ব্যবস্থাও নাই । গাড়ীৰ  ভিতৰত লাইট জ্বলাই ৰখা হৈছিল , সেই  ভিতৰৰ পোহৰতে বাহিৰৰ যি সামান্য ঠাই  আলোকিত হৈ  আছে , তাৰপৰা পোহৰ বেছিদুৰ বিয়পিব নোৱাৰে।

জঙ্গলৰ মাজলৈ গৈ গৈ  সংগ্ৰাম সিঙে  গীতাক উদ্দেশ্য কৰি কলে, "তুমি তোমাৰ মাক  গাড়ীৰ ভিতৰলৈ লৈ গৈ তাত বহি থাকা । মই চাই আহো লৰাটো কত গল .."।

"...না......আপুনি নাযাব ", গীতাৰ কণ্ঠস্বৰত  ভয়াৰ্ত সুৰৰ   হৈ পৰিল ।

"...যি কৈছো সেয়া কৰা.গাড়ীৰ  ভিতৰত দুয়ো বহি থাকা। মই ৰাহুলক লৈ নহা পৰ্যন্ত ওলাই নাহিবা "।

শহুৰৰ কথাত গীতাই একো কব নোৱাৰিলে ।

লৰাটোৰ বাবে চিন্তা কৰি সংগ্ৰাম সিঙ  ভিতৰে ভিতৰে ভাগি পৰিছিল, কিন্তু  গীতা আৰু অৰ্চনাদেবীৰ পিনে চাই তেঁও একো প্ৰকাশ নকৰিলে । তেওঁ জানে, এইসময়ত  তেওঁৱেই কিবা কৰিব পাৰিব । তেওঁ ভাগি পৰিলে সিহঁতৰ অৱস্থা আৰু শোচনীয় হব। কিন্তু তেওঁ এতিয়া  সংকতত পৰিছে ।  একমাত্ৰ লৰাটোক জঙ্ঘলত যাবলৈ দি ৰাস্তাত আৰু বেছিসময় অপেক্ষা কৰি থাকিব পৰা নাই , আনকি ৰাস্তাত দুজনী মহিলাক কেনেকৈ এৰি তেঁও জংঘলত যাব তাক লৈও চিন্তিত হৈ পৰিছে। এক দোদুল্যমান অৱস্থাত পৰিছে মেজৰে। কিন্তু পৰিস্থিতি এতিয়া এনেকুৱা যে ৰাহুলক নিবিচাৰিলে নহব। ইমান সময় হল লৰাটো জংঘলত গৈ ওলাই অহা নাই। তাৰ কিবা বিপদ আপদ হল নেকি এই চিন্তাই সকলোকে কুটি কুটি খাই আছে। ঠাইখিনি ইমানেই জয়াল যে এতিয়ালৈকে কোনে গাড়ী এখনো অহা নাই। কি এক আজব কথা.।

সংগ্ৰাম সিং ৰাহুলৰ নাম কাঢ়ি খাদটোৰ ভিতৰলৈ আগবাঢ়ি গল। জীৱনত  বহু যুদ্ধত  বুক ফিন্দাই অংশগ্ৰহণ কৰিছে তেওঁ, বহু গুলী বাৰুদৰ নিৰ্ভয়ে সম্মুখীন হৈছে   কিন্তু আজি যেন এই  মানুহজন এজন অতি সাধাৰণ মানুহ হৈ গল । কাৰণ এতিয়া আৰু তেওঁ এজন সৈনিক নহয়। এজন দেউতাক । জঙ্গলৰ ভিতৰত  নিৰুদ্দেশ লৰাটোৰ বাবে তেওঁৰ মনত বেয়া ভাব আহিবলৈ ধৰিছে। আশংকাত  বুকুৰ ভিতৰত শব্দ হৈছে । ৰাহুলৰ নাম ধৰি মাতিবলৈ ধৰাৰ সময়তে তেওঁৰ কন্ঠস্বৰ অজানিতে কপি উঠিছে । জঙ্গলৰ পিনে গৈ গৈ তেঁও এবাৰ ঘুৰি পিছলৈ চালে। দেখিলে, অৰ্চনা আৰু গীতা এতিয়াও গাড়ীত বাহিৰত থিয় হৈ আছে । দুয়োজনৰে চকুয়ে মুখে বিষম উৎকন্ঠা আৰু চেপা উত্তেজনা। দুয়োজনৰে মুখ কাগজৰ দৰে বগা হৈ পৰিছে । সংগ্ৰাম সিং যিমানেই জঙ্গলৰ ভিতৰত প্ৰবেশ কৰিছে , অৰ্চনাদেবী আৰু গীতা লাহে লাহে তেওঁৰ দৃষ্টিৰ আতৰলৈ গুচি গৈছে । নিৰন্ধ্ৰ অন্ধকাৰ আৰু ডাঙৰ ডাঙৰ  গাছেৰ বাবে ঢাক খাই পৰিছে সিহঁতৰ চেহেৰা। এইদৰে  জঙ্গলৰ বেছ কিছু ভিতৰলৈ সোমাই আহিল  মেজৰ সংগ্ৰাম সিং। এতিয়া  পৰ্যন্ত ৰাহুলৰ কোনও সম্ভেদ নাই । অন্ধকাৰত সংগ্ৰাম সিংহৰ  ব্যাকুল চকুজুৰিয়ে  লৰাটোক বিচাৰিবলৈ ধৰিলে ।


কিছু দূৰত অন্ধকাৰে ঢকা  জংঘলৰ পৰা এক  খচমচ...খচমচ  শব্দ শুনা গল। সংগ্ৰাম সিংৰ  ইন্দ্ৰিয় সজাগ হৈ  উঠিল । তেওঁ ৰাহুলৰ নাম ধৰি মাতি মাতি সেইপিনে যাবলৈ ধৰিলে । শব্দটো আৰু  তীব্ৰভাবে কাণত পৰিবলৈ ধৰিলে  , এনে লাগিল যেন কোনোৱে খুব দ্ৰুত ভাবে দৌৰি এইফালে আহি আছে । সংগ্ৰাম সিংৰ  বুকুৰ ভিতৰত  যেন হাতুৰিয়ে কোৱালে তেনে হল। তাৰ পিছতো মনৰ জোৰত   তেওঁ সেইফালে আগুৱাই যাবলৈ ধৰিলে । তেওঁৰ সৰ্বশৰীৰ ঘামি গৈছে। দুশ্চিন্তাত, দূৰ্ভাবনাত, আশংকাত দুচকুত দৃষ্টি শব্দটোৰ পিনে একত্ৰিত কৰি তেঁও গৈ থকিল । এটা সময়ত জঙ্গলৰ মাজত  তেঁওৰ সমুখত  এটি  মূৰ্তিৰ উদয় হল। অন্ধকাৰতো তেঁও মূৰ্তিটোক  তেওঁ চিনি পালে।

ৰাহুল!

প্ৰচণ্ড বেগত তেঁওৰ পিনে দৌৰি আহিছিল ৰাহুলে । সমুখত দেউতাক দেখি  সি প্ৰায় ফেপাই ফেপাই কলে , "দেউতা, অতি শীঘ্ৰে ইয়াৰ পৰা বলা .." কৈ  আৰু অপেক্ষা নাকৰি দেউতাকৰ হাত ধৰি  প্ৰায় আজুৰি টানি লৈ আহিল ৰাষ্টাৰ পিনে । ৰাহুলৰ ভাবগতিক দেখি এনে লাগিল সি যেন জঙ্গলৰ ভিতৰত কোনো  ভীষণ  বিভীষিকাৰ সম্মুখীন হৈছে । ৰাহুলে যেতিয়া সংগ্ৰাম সিং'ৰ  হাতত ধৰিলে , তেতিয়া তেওঁ মন কৰিলে , ঘামত  ভিজি  গৈছে ৰাহুলৰ হাত। ৰাহুল ইমান সোনকালে দেউতাকৰ হাত ধৰি টানি আনিলে যে সংগ্ৰাম সিঙে কিবা কোৱাৰ সুযোগেই নাপালে। অথবা ৰাহুলেই যেন তেঁওক কিবা কোৱাৰ সুযোগ নিদিলে। যেন সি দেউতাকক কিবা সুধিবলৈ সুযোগ দিবলৈও ৰাজি নহল ।

ৰাহুল আৰু সংগ্ৰাম সিং দুয়োজনে খুব বেগাবেগিকৈ জঙ্গলৰ পৰা ওলাই আহিবলৈ ধৰিল । আজিৰ এই ৰাতি এতিয়া পৰ্যন্ত  ঘটা কোনো ঘটনাকেই সাধাৰণ যেন লগা নাই । সকলোৱে কিবা যেন এক ভয়ংকৰ দিশলৈ গৈ আছে । যেতিয়ালৈ  জঙ্গলৰ বাহিৰ আহি নাপালে তেতিয়া লৈ দুয়োজনৰে মুখত কোনো কথাই নাছিল । যেতিয়া দুয়োজনে ৰাস্তাৰ মাজত ৰৈ থকা গাড়ীখনৰ কাষলৈ আহি পালে , তেতিয়া আৰু এটা  বিস্ময়ে সংগ্ৰাম সিঙৰ বাবে অপেক্ষা কৰছিল। ৰাহুলক বিছাৰি  যেতিয়া তেওঁ জঙ্গলৰ ভিতৰত সোমাইছিল , তেতিয়া গীতা আৰু অৰ্চনাদেবীক গাড়ীৰ কাষত থিয় হৈ থকা দেখিছিল কিন্তু এতিয়া উভতি আহি দেখিলে, দুয়োজনেই তাত নাই ।

"...হে ভগবান, ইহত আকৌ কত গল  !" গাড়ীৰ কাষত আহি ফোপাই ফোপাই কলে   সংগ্ৰাম সিঙে। গলটো শুকাই গৈছে তেওঁৰ। প্ৰথমে ৰাহুলৰ বাবে দুশ্চিন্তা , এতিয়া নতুন কৈ স্ত্ৰী আৰু পুত্ৰবধূৰ বাবে  দুশ্চিন্তাই দেখা দিলে । সিহতৰ সৈতে এইবোৰ কি হৈ আছে !

ৰাহুলে ইমানেই ভয় খাইছিল  যে তাৰ মুখেৰে কোনো ভাষাই  ওলোৱা নাছিল । জঙ্গলত সি কি দেখিছে , কি দেখি  সি ইমান ভয় খাইছে , একোৱে খুলি কব পৰা নাছিল । তাৰ পিছতো সি যে কোনো কাৰণতে খুব ভয় খাইছিল সেয়া তাৰ  ভাবগতিক দেখিয়ে বুজা গৈছিল। গাড়ীৰ কাষত আহি সি একেবাৰে ভিতৰত সোমাই  দৰ্জাখন বন্ধ কৰিলে যে যেন সি জঙ্গলত কোনো হিংস্ৰ জন্তুৰ সম্মুখীন হৈছিল । তাৰ কৰ্ম কাণ্ডবোৰে সংগ্ৰাম সিঙকো  হতবাক কৰি  দিছে কিন্তু তেতিয়া পৰ্যন্ত ৰাহুলক তেওঁ সেই বিষয়ে কোনো প্ৰশ্ন কৰাৰ সুযোগ পোৱা নাই । তেঁওৰ মুৰত তেতিয়া  স্ত্ৰী অৰ্চনা আৰু পুত্ৰবধূ গীতাক লৈ  দুশ্চিন্তাই  উগুল থুগুল কৰি আছে । সিহত কত গুচি গল। কি হল  সিহঁতৰ  - এই চিন্তাতেই তেতিয়া তেওঁ অস্থিৰ, সেয়ে ৰাহুলৰ পিনে  মনোযোগ দিয়াৰ সুযোগেই নাপালে । তেওঁ ব্যাকুল হৈ এইবাৰ অৰ্চনাদেবী আৰু গীতা'ৰ নাম লৈ  মাতিবলৈ ধৰিলে । ৰাহুলক  এই বিষয়ে তেঁও কলে কিন্তু সি কোনো উত্তৰ নিদিলে। গাড়ীৰ  ভিতৰত সোমাই সি একেবাৰে তলমুৰ কৰি বহি থাকিল । গাড়ীৰ ভিতৰৰ পোহৰত  তেঁওৰ মুখখন  বিবৰ্ণ দেখা গৈছিল । গাড়ীৰ চাৰিওফালে অন্ধকাৰ আৰু  ঘনীভূত হৈ  উঠিছিল। ব্যাকুল, উদ্বিগ্ন সংগ্ৰাম সিং এইবাৰ গাড়ীৰ অন্যফালে গৈ ৰাস্তাৰ সিটো মুৰৰ  জঙ্গলৰ পিনে গৈ  স্ত্ৰী আৰু পুত্ৰবধূৰ নাম লৈ চিঞৰিলে ।

"...গীতা...অৰ্চনা...ক'ত তোমালোক ?"

একালৰ  দুৰ্দান্ত প্ৰতাপী মেজৰ সংগ্ৰাম সিংৰ অবস্থা এতিয়া এনেকুৱা হৈছে যেন তেওঁ শত্ৰুদেশৰ  বৰ্ডাৰত আছে , অথচ তেঁওৰ সৈতে যুদ্ধৰ বাবে কোনো বন্দুক বা সংগী নাই । অকলশৰে , সঙ্গীহীন,অস্ত্ৰহীন অৱস্থাত যেন তেওঁ শত্ৰুদেশৰ বৰ্ডাৰত  জঙ্গলত পৰি আছে ।
তেঁওৰ গল শুকাই গৈছে । এনেদৰেই তেওঁ স্ত্ৰী আৰু পুত্ৰবধূৰ নাম লৈ মাতিবলৈ ধৰিলে । ৰাস্তাৰ দুই পিনে জঙ্গলৰ কাষত গৈ গৈ তেওঁ অৰ্চনাদেবী আৰু গীতাৰ নাম লৈ মাতি মাতি  পাগলৰ দৰে ইফাল সিফাল কৰি আছিল তেতিয়া পৰ্যন্ত কোনো সম্ভেদ পোৱা নগল। এইফালে স্ত্ৰী আৰু বোৱাৰী নাই , অন্যপিনে ৰাহুলৰ এই আতংক বিহ্বল মুখ  আৰু আশ্চৰ্য্যজনক নীৰবতা - সকলো যেন  এক ভয়ংকৰ  ইঙ্গিত দিছে । সেইসময়ত সেইমূহুৰ্তত একমাত্ৰ মেজৰ সংগ্ৰাম সিং একমাত্ৰ মানুহ, যিয়ে পৰিবাৰৰ বাবে  দুশ্চিন্তা কৰিছে , কেতিয়া সিহত সকলোকে নিৰাপদে ঘৰলৈ লৈ যাব পাৰিব , সেই চিন্তাতেই অস্থিৰ হৈ উঠিল তেওঁ ।

জঙ্গলৰ বহু ভিতৰত  যেন কিবা দেখা পালে মেজৰ সিঙে। থকম খাই তেওঁ ভালদৰে লক্ষ্য কৰি বুজিব পাৰিলে , যেন বেছ কিছু দূৰত জঙ্গলৰ ভিতৰত যেন কোনোবা ৰৈ আছে । স্থিৰ হৈ, একেবাৰে পাথৰৰ মূৰ্তিৰ দৰে । জঙ্গলৰ পিনে মুখ কৰি কোনোবা থিয় হৈ আছে যেন লাগিল ।  চিন্তা কৰাৰ সময়  নাপালে মেজৰ সিঙে , তেওঁ লগে লগে অৰ্চনাদবী আৰু গীতাৰ নাম লৈ মাতি মাতি সেইপিনে গল । যিমানেই ছায়ামূৰ্তিৰ  নিকটবৰ্তী হবলৈ ধৰিলে , সিমানেই অলপ অলপকৈ  দৃশ্যমান হবলৈ ধৰিছে। । আশ্চৰ্যকৰ ভাবে স্থিৰ হৈ থিয় হৈ আছে ছায়ামূৰ্তি দুটা, অকণো লৰচৰ কৰা নাই ।  মেজৰ সিঙৰ হাতত টৰ্চ নাই । কিয়নো একমাত্ৰ টৰ্চটো, সেয়া  ৰাহুলে জঙ্গলৰ ভিতৰত লৈ গৈছে , কিন্তু সি যেতিয়া উভতি আহিল তেতিয়া তেঁওৰ হাতত টৰ্চ নাছিল।  ভয় ভীত হৈ  ফেপাই ফেপাই সি দৌৰি আহিছিল জঙ্গলৰ বাহিৰৰ পিনে, হাতৰ টৰ্চ ক'ত ছিটিকি পৰি গৈছে , সেয়া  নিজেও নাজানে। লৰাৰ এই অবস্থা দেখি সংগ্ৰাম সিঙো এইবোৰ লৈ লৰাক কোনো প্ৰশ্ন সোধাৰ সুযোগ নাপালে এতিয়াও ।

সেই ছায়ামূৰ্তিকেইটাৰ নিকটবৰ্তী হৈ হৈ সংগ্ৰাম সিং অন্ধকাৰত দেখা পালে এটা নহয়, মুঠ তিনিটা মূৰ্তি এঠাইত পাথৰৰ দৰে স্থিৰ হৈ  তেওৰ বিপৰীত পিনে মুখ কৰি থিয় হৈ আছে ।

উদ্বিগ্ন মেজৰ সিঙে  স্ত্ৰী আৰু পুত্ৰবধূৰ নাম লৈ কবলৈ ধৰিলে , "অৰ্চনা...গীতা..তোমালোক ইয়াতে থিয় হৈ আছা ? উত্তৰ কিয় দিয়া নাই ?"

ছায়ামূৰ্তি তিনিটাই একো উত্তৰ নিদিলে । মাত্ৰ নিঃশব্দে তেওঁৰ পিনে ঘুৰিল যেন লাগিল । সাহসী সংগ্ৰাম সিঙৰ এনে লাগিল , তিনিটা নহয়, দুটা মূৰ্তিহে তাত আছে । কিন্তু তেওঁ অলপ আগতে স্পষ্টকৈ দেখিছিল , তিনিটা মূৰ্তি তাত আছিল! তৃতীয় মূৰ্তিটো  ক'ত গল ?

তেওঁ এবাৰ অৰ্চনা আৰু গীতাৰ নাম লৈ  উঠোতেই এইবাৰ অন্ধকাৰৰ বুকুত আংশিক স্পষ্ট হৈ উঠিল।

নিশ্চিন্ত হল এইবাৰ মেজৰ সিং। যি কি নহওক , ছায়ামূৰ্তিদুটা আৰু কোনো  নহয়, অৰ্চনা আৰু গীতাই তাত থিয় হৈ আছে । কিন্তু সিহঁতে ৰাষ্টা এৰি এই জঙ্গলৰ ভিতৰত কিয় গল ? তেওঁতো সিহতক গাড়ীৰ ভিতৰত বহি থকিবলৈ দিছিল । তাৰ পিছতো দুয়ো জঙ্গলত গৈ কি কৰিছিল ?

কাষত গৈ খঙৰ স্বৰেৰে তেওঁ কলে, "তোমালোক ইয়াতে কি কৰিছা ? তোমালোকক কোৱা নাছিলো জানো , চুপচাপ গাড়ীত উঠি বহি  থাকা...মই উভতি নহা পৰ্যন্ত ! আৰু তোমালোকৰ সৈতে এইমাত্ৰ কোন আছিল ? আৰু এজনকতো অলপমান আগতে দেখা যেন লাগিল ...!"

"...তুমি...!" অস্ফুট স্বৰত কলে  অৰ্চনাদেবীয়ে ।

"...দেউতা ...আপুনি !" এইভাবেই কৈ উঠিল গীতাইও ।

সিহত দুয়োজনৰ মাত শুনি এনে লাগিল যেন ঘোৰ টোপনিত শুই আছিল ইমান সময়। এইমাত্ৰ টোপনিৰ পৰা সাৰ পাই উঠিছে।

"...কি হৈছে কোৱাচোন তোমালোকে ?" ক্ৰুদ্ধ হৈ কলে সংগ্ৰাম সিঙে , "কোন আছিল ইমান সময়ে তোমালোকৰ সৈতে? আৰু ইয়াত কি কৰিছা ? কিয় নো অন্ধকাৰত এই জঙ্গলৰ মাজত আহিছা ?"

"...আমি ...ম..মানে.. নাজানো ...তো...ইয়াত ....কেতিয়া আহিলো !" গীতাৰ কণ্ঠস্বৰত  যেন প্ৰশ্নবোধক চিন ।

"...অ...মানে...মই... কেনেকৈ আহিলো ...কোৱাচোন .?" এইবাৰ কৈ উঠিল অৰ্চনাদেবীও, "মই তো গাড়ীৰ কাষতে ৰৈ আছিলো .... ...কেতিয়া এই জঙ্গলত আহিলো ...মোৰ  নিজৰেই মনত পৰা নাই ...!"

অৰ্চনাদেবী আৰু গীতা দুয়োজনেই যেন আকাশৰ পৰা সৰি পৰিছে । দুয়োজনৰে কন্ঠস্বৰত পাহাৰ সম বিস্ময় ভৰি আছে ।

কম আশ্চৰ্য্যচকিত নোহোৱাকৈ নাথাকিল সংগ্ৰাম সিঙেও । কি ঘটিছে ! তেওঁ নিজেই নাজানে , কেতিয়া সিহত ইয়ালৈ আহিল ! যেন টোপনিতে খোজ কঢ়ি থকা কোনো  ৰোগী হঠাৎ সাৰ পাই নিজক অন্য ঠাইত  আবিষ্কাৰ কৰিছে , এনেদৰে কথা কথা কৈছে সিহঁতে !

কি হৈ আছে , একো বুজি নাপালে সংগ্ৰাম সিঙে। ঘটনাপ্ৰবাহে তেওঁকো বিস্মিত কৰিলে ।

Click here to read Voyonkor hei rati part 5

0/Post a Comment/Comments

Previous Post Next Post