শব্দ নোহোৱাকৈ গাৰ্ডজনক বগৰাব পাৰি নিজৰ আত্মবিশ্বাস শীৰ্ষত উপনীত হল। হা হা। ইয়াকে কয় মিচেচ থৰ। গাৰ্ডজন পৰি যোৱাৰ লগে লগে তেওঁৰ শক্তিশালী টৰ্চটোও নুমাই গল। ভালেই হল। এতিয়া অন্ধকাৰেই মোৰ বেছি পচন্দকৰ লাগিছে। কিন্তু গাৰ্ডজন লৰচৰ কৰা নাই কিয়? মৰিলেই নেকি? আঁঠুত ভৰ দি বহি তেওঁৰ মুৰত মোৰ পেন্সিল টৰ্চৰ পোহৰ পেলাই চালো। না। তেনেকুৱা একো হোৱা নাই। আনকি তোজো ওলোৱা নাই। মাত্ৰ মুৰৰ পিছফালে উখহি উঠিছে। আশা কৰিছো খুব শীঘ্ৰেই সেয়া সৰু সুৰা এটা ক্ৰিকেট বলৰ দৰে আকৃতি ধাৰণ কৰিব। তেওঁ অজ্ঞান থাকোঁতে তেওঁক বান্ধি লোৱাটো উচিত হব। সেয়ে তেওঁৰ চাৰ্টটো খুলি হাতেৰে ভৰি দুখন জোৰকৈ বান্ধিলো। ভাবিছিলো তেওঁৰ চাৰ্টটোৰে ভৰিখন বান্ধিম আৰু তাৰ তলৰ গেঞ্জি টোৰে হাতদুখনত। কিন্তু কি আশ্চৰ্য্য! মানুহজনে তলত গেঞ্জি পিন্ধা নাই! এনেকুৱা কেবল পুৰুষ মানুহেই কৰিব পাৰে। মই বাজি লগাই কব পাৰো ডিউটিত যোৱা সময়ত ব্ৰা নিপিন্ধাকৈ যোৱা কোনো নাৰী এই পৃথিবীতে নাই। কিন্তু গেঞ্জি নিপিন্ধাকৈ বহুত পুৰুষে যায়। এইমাত্ৰ মই এনে এজনৰ সম্মুখীন হৈছো। কি ষ্টুপিড স্বভাৱ সিহঁতৰ!
অবশেষত বাধ্য হৈয়েই মোৰ চাৰ্টটোৰে তেওঁৰ হাতদুখন বান্ধিলো। জ্ঞান পাই উঠি যাতে চিঞৰিব নোৱাৰে তাৰ বাবে মোৰ পেণ্টিটো খুলি তেওঁৰ মুখত সোপা দিলো। তেওঁ এতিয়াও অজ্ঞান হৈ আছে। এইবাৰ তেওঁক জগোৱা হওক। মই নিশ্চিত হবলৈ খোজো যাতে জ্ঞান পোৱাৰ পিছতো যাতে মোৰ বান্ধোনত তেওঁ অক্ষম হৈ পৰি থাকে। তেওঁ যদি কোনোৰকমে খুলিব পাৰে তেন্তে মোৰ যি বিলৈ হব তাক নকলেও হব। হঠাৎ মোৰ নজৰ তেওঁৰ জ্বলন্ত চিগাৰেটৰ ওপৰত পৰিল। ইমান বৰষুণতো সেইটো জ্বলি আছে। এজন ধূম্ৰপায়ীৰ জ্ঞান ওভোটাই আনিবলৈ এটা জ্বলন্ত চিগাৰেটত কৈ কাৰ্যকৰ পদ্ধতি এতিয়াও আবিষ্কাৰ হোৱা নাই। চিগাৰেটটো তুলি লৈ তেওঁৰ নাকত লগাই দিলো। নাকত গৰম লাগিয়েই তেওঁ চটফটাই উঠিল। মোৰ পিনে চকু পৰিলত মুখেৰে গো... গো.... কৰিবলৈ আৰম্ভ কৰিলে। বোকাময় মোৰ চেহেৰাটো দেখি মোক সম্ভবত শ্মশানৰ প্ৰেতনী বুলি ভাবিছে। মই আগুৱাই গৈ তেওঁৰ গালত ঠাচকৈ এটা চৰ শোধালো। আচম্বিত ঘটনা দেখি তেওঁ একদম হতভম্ব হৈ গৈছে। মই স্পষ্ট পলিচ ভাষাত তেওঁ কাণে কাণে ফুচফুচাই কলো, “এই থাপৰটো হল কৰ্তব্যত ফাঁকি দি চিগাৰেট হুপাৰ বাবে।” তেওঁ বুজিলে মই ভুতপ্ৰেত বা তেনে একো নহয়। তেওৰ দৰে এজন মানুহ। সেয়া বুজা মাত্ৰেই তেওঁ নিজৰ বান্ধোন খুলিবলৈ অপ্ৰাণ চেষ্টা কৰিলে। দেহটোক সংকুচিত কৰি ইফাল সিফালে বাগৰিবলৈ ধৰিলে। মই হাতুৰিটো হাতত লৈ সাজু হৈ থকিলো। যদি তেওঁ ওলাব পাৰে তেন্তে আকৌ এবাৰ হাতুৰীৰ কোব দিম। এইবাৰ হাতুৰীটো মুৰটোত বান্ধি লোৱাৰ বাবে মোৰ চাৰ্টটোও নাই। সেইটো ইতিমধ্যে তেওঁৰ হাতত বান্ধিবলৈ ব্যৱহাৰ কৰিছো। এইবাৰ যদি মাৰো তেন্তে একদম আচল হাতুৰিৰ কোবটোৱেই পৰিব। তেওঁ সিপুৰী পাব। কিন্তু গাৰ্ডজনৰ কপালৰ জোৰ বহুত বেছি। ইমান টনা আজুৰি থকাৰ পিছতো বান্ধোন খুলিব নোৱাৰিলে। এটা সময় ক্লান্ত হৈ আকৌ স্থিৰ হৈ পৰিল। যি হওক। বহুত হল। এতিয়া কাম কৰিব লাগে। ঘড়ীত প্ৰায় আঢ়ৈটা বাজিছে। আৰু কিছু ঘণ্টা সময়ৰ পিছতেই সূৰ্যোদয় হব। এই এক ঘণ্টাৰ মাজতেই মই সেই প্ৰিষ্টক ঠিকনা লগাব লাগিব। গাৰ্ডৰ নিতম্বৰ কাষত দুটা লাথ মাৰি উভতি আহিলো প্ৰিষ্টৰ কবৰলৈ। এইবাৰ আৰু কোৰৰ মুঠিত ব্ৰাটো মেৰিয়াবলৈ নাপাহৰিলো। গাৰ্ডক পিটি আত্মবিশ্বাস তুংগত তদুপৰি হাতৰ বিষো কমি আহিছে। সেয়ে কামটো বহুত সহজ হৈ গল। ১৫ মিনিটতে কবৰটো খান্দি প্ৰিষ্টৰ কফিনটো বাহিৰ কৰিলো। কিন্তু এয়া কি! কফিনটোৰ এয়া কি অবস্থা! এয়া কোনো সাধাৰণ কাঠৰ কফিন নহয়। লোৰে তৈয়াৰ কৰা মজবুত কফিন। আৰু সকলোতকৈ আশ্চৰ্যজনক কথটো হল কফিনৰ হুকটোত এটা বিশাল তলা ওলমি আছে! কৰ্মকাণ্ড দেখি অনুমান কৰাত কষ্ট নহল। লোৰ কফিনত তলা লগাই কোনো লাচকেই কেতিয়াও পোতা নহয়। এই পদ্ধতিটো কেবল জীবন্তভাবে পোতাৰ ক্ষেত্ৰতেই প্ৰযোজ্য। তেন্তে কি এই চয়তানটোক জীৱন্তই পুতি পেলোৱা হৈছিল? সঁচাকৈ যদি এনে হৈছিল তেন্তে বহুত অন্যায় কৰা হৈছে। এই চয়তানটোক কমপক্ষেও তিনিদিন তিনিৰাতি গণপ্ৰহাৰ কৰি, পিছদিনা ফাঁচীকাঠত ওলোমাই তাৰ পিছত হে কফিনত ভৰোৱাটো উচিত আছিল। কিন্তু এতিয়া এই তলাৰ চাবি কত পাম? হঠাৎ মনত পৰিল বেগত এখন হেক্সো ব্লেড থকাৰ পিছত মই কিয় চাবি বিছাৰিব লাগে? ব্লেডখনেৰে তলাটো কাটিলেই হল। বেগৰ পৰা ব্লেডখন উলিয়াই তলাটোত ঘহিবলৈ আৰম্ভ কৰিলো। তীক্ষ্ণ এটা কীচ কীচ শব্দ সৃষ্টি হৈ নিৰবতা ভঙ্গ হল। এটা সময়ত ঘটংকৈ তলাটো খুলি পৰিল। এগ্ৰাস ভয় আহি মোক গ্ৰাস কৰি পেলালে। কফিনৰ ভিতৰত জীৱন্ত কবৰ দিয়া চয়তানজন কি এতিয়াও বাচি আছে? যদি আছে তেন্তে মোক দেখি কি হব তেওঁৰ সম্ভাব্য প্ৰতিক্ৰিয়া। প্ৰচণ্ড ইচ্ছা হৈছে এই সকলোবোৰ দলিয়াই দি পলাই যাম। কফিনটো নোখোলাই ভাল হব নেকি? কফিনটো খুলিলে যদি মুক্ত হৈ যায় তেতিয়া কি হব? কিন্তু মই তাৰ শেষ নেদেখাকৈ এৰিব নোৱাৰো। আজি ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিহে যাম।
বৰষুণ হঠাৎ বন্ধ হৈ গৈছে। চাৰিওফালে নিস্তব্ধ নিৰবতা। প্ৰকৃতিও যেন এক অজানা অঘটন ঘটোৱাৰ প্ৰতিক্ষাত। মোৰ কঁপি থকা হাত দুখন কফিনেৰ ঢাকনিখনত ৰাখিলো। তাৰপিছত এটা দীৰ্ঘ শ্বাস লৈ হঠাৎ একে উশাহে টানি খুলি দিলো।
হে ভগবান, মই এইবোৰ কি দেখিছো! এয়া কেনেকৈ সম্ভব হব পাৰে! এই লাচটো তো একদমেই জীৱন্ত,
Click here to read daini part 22 assamese novel