Daini part 20 ডাইনী Assamese Novel Online
Assamese story and poem, Assamese new Novel
Daini part 20 ডাইনী Assamese Novel Online
Click here to read daini part 19
প্ৰায় এটলা ওপৰৰ পৰা তলত পৰিলো । ভাগ্য ভাল বুলিব পাৰি । বৰষুণত পৰি মাটি একেবাৰে আলতীয়া হৈ পৰিছিল । প্ৰায় আধা হাত তললৈ বহি গৈছে কিন্তু হাড় নাভাঙিল। উঠিবলৈ খোজতেই মন কৰিলো ইমান আলতীয়া মাটি তাৰ ওপৰত চুলি বন ঘাঁহত ফচি গৈছে। তাৰ পৰা ওলাব লাগিলে দুমুঠি চুলি চিঙি থৈ আহিব লাগিব। এনে লাগিল আজি ৰাতি যদি বাচি থাকো কালি ৰাতিপুৱা আইনাত এলিচৰ সলনি টপা মুৰৰ মোৰ চেহেৰাটো দেখি ভয় খাম। সেয়া আৰু ভয়াবহ হব। চকু মুখৰ পৰা বোকাবোৰ আতৰ কৰি বেগটো বিচাৰিবলৈ ধৰিলো। আন্ধাৰৰ মাজত কত যে সোমাই পৰিছে সেয়া। পেকটত হাত ভৰাই পেঞ্চিল টৰ্চটো উলিয়াই চুইচ অন কৰিলো। এটা ক্ষীণ আলোক ৰেখাৰ দৰে সামন্য পোহৰ দৃশ্যমান হল। কিছু দুৰতেই পৰি আছে বেগটো। সেয়া তুলি পিঠিত ললো । বৰষুণত তিতি বেগটোৰ ওজন আৰু বেছি হৈছে । পোলেণ্ডৰ বৰষুণ আমাৰ ইয়াৰ বৰষুণৰ দৰে উপভোগ্য নহয় । বৰষুণ হলেই তাপমাত্ৰা ১০°চেলচিয়াছৰ তলত নামি আহে। বৰষুণত বেছি সময় তিতিলে দেহত কঁপনি হয় , মুৰৰ বিষ উঠে । ইতিমধ্যেই মোৰ প্ৰচন্ড ঠান্ডা লাগিবলৈ ধৰিছে । এটাই আশা। মই প্ৰিষ্টৰ কবৰ খান্দিবলৈ আৰম্ভ কৰিলে পৰিশ্ৰমৰ দ্বাৰা দেহটো গৰম হৈ উঠিব । কিন্তু চয়তানৰ কবৰটো ক'ত আছে ? ধেৎ। মই পাহৰি গলো । দুই তিনিবাৰ ভুল পথত ঘুৰি ঘুৰি অবশেষত কবৰটো বিছাৰি পালো । ইতিমধ্যে ৰাতিৰ মূল্যবান দেৰ ঘন্টা পাৰ হৈ গ' ল । সূৰ্যোদয়ৰ হবলৈ আৰু বেছি সময় নাই। যি কৰিব লগীয়া আছে এই সময়তে কৰিব লাগিব । মই দ্ৰুতভাৱে কাম কৰা উচিত। বেগটো খুলি কোৰখন বাহিৰলৈ উলিয়াই আনিলো । ঠাণ্ডাত হাত ভৰি কঁপিবলৈ আৰম্ভ কৰিছে । এই অবস্থাত কিদৰে ইমান ডাঙৰ কবৰটো খান্দিম সেয়া মোৰ ধাৰণাৰ বাহিৰত । তাৰোপৰি জীৱনত কেতিয়াও মই কোৰ হাতত লোৱা নাই । মা দেউতাৰ একমাত্ৰ সন্তান বাবে অতি আদৰেৰে কায়িক পৰিশ্ৰম নকৰাকৈ ডাঙৰ হৈছো । ধেৎ। মিছামিছি এইবোৰ ভাবি ভাবি মই সময় নষ্ট কৰি আছো । আজি একোতে ব্যৰ্থ হব নোৱাৰো । ঘপ কৈ কোৰৰ প্ৰথম ঘাপটো বহুৱাই দিলো কবৰৰ মাটিত। আলতীয়া মাটিত কোৰখন আঠা লাগি ধৰিল । ওলাব নোখোজে। উপায়ন্তৰ হৈ মই টানিবলৈ ধৰিলো। কষ্টৰ অন্তত সফলতাই দেখা দিলে। বুজিলো , এনেকৈ নহব । মই অলপ অলপকৈ মাটি খান্দিব লাগিব, নহলে আকৌ এবাৰ মাটিত কোৰখন ফচি যাব । প্ৰায় দহ কোৰ মাটি তুলিয়েই মোৰ অবস্থা কাহিল। মনোবল নিম্নাভিমুখী হৈ পৰিছে । নাহ। মোৰ দ্বাৰা নহব । মই এৰাতিৰ ভিতৰতে এটা কবৰ খান্দিবলৈ নোৱাৰিম । কোৰখন মাটিত খোচ মাৰি থৈ মই কবৰৰ ওপৰতে শুই পৰিলো । অনুভব কৰিলো চকুৰে পানী ওলাই আহিছে । বৰষুণৰ ঠান্ডা পানী নহয়। তপ্ত গৰম অশ্ৰু। ইমানখিনি কৰি এতিয়া হাৰ মানি লবলৈ নোৱাৰো । ইমানজনী ছোৱালীৰ নিৰ্যাতিত আত্মাক আজি মই হতাশ কৰিব খুজিছো । মনত পৰিল এলিচৰ ডায়েৰীৰ কথা। তাই ইমান নিৰ্যাতনৰ পিছতো ভাঙি পৰা নাই । কিন্তু মই এটা কবৰ খান্দিবলৈ গৈয়েই অৱস্থা কাহিল! কটিগলৈ আহি কি উত্তৰ দিম মই এলিছক ? না। এনেকৈ নহব । আজি মই ব্যৰ্থ হলে নচলিব। টলমল ভৰিৰে আকৌ উঠি থিয় হলো। কোৰখন হাতত লৈ দীঘল এটা নিঃশ্বাস এৰি আকৌ খান্দিবলৈ ধৰিলো। কিমান সময় খান্দি আছো নাজনো । এটা সময়ত ঘটাং কৈ কোৰত কিবা বিদ্ধ হোৱাৰ শব্দ শুনিবলৈ পালো । হে ভগবান ! মোৰ কোৰখনে তেওঁৰ কফিনত স্পৰ্শ কৰিছে ! আৰু সামান্য খান্দিলে তেওঁৰ কফিনটো ওলাই পৰিব । আনন্দত কোৰখন এৰি হাততালি মাৰিলো। তেতিয়া কামটো বেছ ভালদৰেই হল যেন অনুভৱ কৰিলো। অনভিজ্ঞ হাতেৰে কোৰ মাৰি মাৰি হাতৰ ছাল একাকাৰ হৈ গৈছে । এৰি যোৱা ছালত বৰষুণপ পানী পৰি যন্ত্ৰনাটো আৰু বঢ়াই তুলিছে । দাঁতত দাঁত চেপি কষ্টখিনি হজম কৰাৰ চেষ্টা কৰিলো । কিন্তু লাভ নহল । এনে লাগিছে যেন বিষটো হাতৰ পৰা গৈ মগজুৰ ভিতৰত সোমাই পৰিছে । মোৰ মূৰ ঘুৰাবলৈ আৰম্ভ কৰিলে । আৰু নোৱাৰো । কামটো শেষ কৰাৰ আগেয়ে, মই অলপ সময় জিৰাবলৈ লাগিব । কবৰেৰ নামফলকত আউজি বহি পৰিলো । পিয়াহত বুকুখন ফাটি যাবলৈ খুজিছে । আকাশৰ পিনে মুখ তুলি, আ কৰি যিমান সম্ভৱ বৰষুণৰ পানী মুখত ধৰাৰ চেষ্টা কৰিলো । কিন্তু তাৰ পিছতো মোৰ পিয়াহ নকমিল। যিমানেই পানী খাবলৈ লৈছো সিমানেই পিয়াহ বাঢ়ি গৈ আছে । পিয়াহ দুৰ কৰাত মই ইমানেই ব্যাস্ত আছিলো যে স্থান কাল পাত্ৰ সকলো পাহৰি গলো । মনতেই নাছিল মই এখন কবৰস্থানত আছো । ইয়াত পদে পদে বিপদ আহিব পাৰে । মোৰ এই অন্যমনষ্কতাৰ সুযোগত আপদ কেতিয়া যে কাষলৈ আহিল বুজিয়েই নাপালো । মোৰ পিছত প্ৰায় পোন্ধৰ বিছ হাত দুৰত এটা তীব্ৰ বগা পোহৰ জ্বলি উঠিল । মই সেই পোহৰৰ পৰা বাচিবলৈ নামফলকৰ আঁৰত লুকালো । হে ভগবান । এজন গাৰ্ড একেবাৰে কাষলৈ আহিছে ! তেওঁ কি বুজিছে নেকি মই ইয়াতে আছো ? তেওঁ কি আৰু কাষলৈ আহিব নেকি চাবলৈ ? মই এয়া হবলৈ দিব নোৱাৰো । কাষত পৰি থকা বেগটো লাহেকৈ খুলি বিশাল হাতুৰীটো উলিয়াই আনিলো কৰে । কিছু সময়ৰ বাবে নিজক গ্ৰীক দেৱতা থৰৰ (THOR) সমকক্ষ যেন লাগিল । পিছত সিদ্ধান্ত ললো , এইবাৰ এই গাৰ্ডজনক ৰখাবলৈ সময় হৈছে । পোহৰৰ উৎসটোক লক্ষ্য কৰি নিঃশব্দে আগুৱাবলৈ আৰম্ভ কৰিলো। মোৰ চকুটো তেতিয়ালৈ অন্ধকাৰতো দেখাৰ বাবে এডজাষ্ট হৈ গৈছিল । কিছু আগুৱাই আহিয়েই ইউনিফৰ্ম পৰিহিত এজন লোকক মোৰ বিপৰীত পিনে লক্ষ্য কৰি থিয় হৈ থকা দেখিলো। বেচেৰা হতভগা। আজি তেওঁৰ জীৱনত নিঃসন্দেহে এটা বাজে অভিজ্ঞতা হবলৈ গৈ আছে । তেওঁৰ কাষত আহি হাতুৰীটো তুলি ধৰোতেই এনে লগিল হাতুৰীটো অসম্ভৱ ভাৰী । এইটোৰে কোবালে বেচেৰা গাৰ্ড সিপুৰী পাবলৈ । তাতকৈ অলপ সময় অপেক্ষা কৰা ভাল । তেওঁ হয়তো ঘুৰি অন্যফালে গুচি যাব । বহি থাকোতে থাকোতে এটা পুৰা পুৰা গোন্ধ পালো । বুজিলো তেওঁ চিগাৰেট হুপিবলৈ ধৰিছে । চিগাৰেটটো শেষ নোহোৱা পৰ্যন্ত তেওঁ ইয়াৰ পৰা নাযাব ।
Also Read আপুনিও মৃত মানুহক RIP লিখি শ্ৰদ্ধাঞ্জলি জনায় নেকি? তেন্তে পঢ়ক। Do Not Type RIP In Assameseমোৰ হাতত ইমান সময় নাই যে তেওঁৰ বাবে গোটেই ৰাতি ইয়াত বহি থাকিম । তেওঁক বিদায় দিবই লাগিব । কিন্তু এয়াও মন কৰিব লাগিব যাতে তেওঁৰ মৃত্যু নহয় । সোনকালে মোৰ চাৰ্টটো খুলি হাতুৰি মুৰত বান্ধি ললো । আশাকৰো চাৰ্টটোৰ বাবে জোৰকৈ মাৰিলেও বেছি আঘাত নাপাব । কিন্তু হাতত ক্ষত হৈ মই হাতুৰীটো বেছিসময় ধৰি ৰাখিব নোৱাৰিলো । মোৰ নতুনকৈ কিনা ভেলভেটৰ কোমল ব্ৰাটো খুলি হাতত মেৰিয়াই ললো । ইচ। কিয় যে এই বুদ্ধিটো আগেয়ে মুৰত নাহিল । কোৰেৰে খন্দাৰ সময়তো এনেকৈ হাতত ব্ৰা টো মেৰিয়াই ললে ইমান কষ্ট নহল হেতেন। খঙত দুঃখত নিজেই নিজক অভিশাপ দিলো, যেন এই ক্ষতটো হাতত শতবৰ্ষ স্থায়ী হয়। এইবাৰ হাতে সাৰে ভৰি সাৰে গাৰ্ডৰ একেবাৰে পিছত গৈ থিয় হলো । ধেৎ ইমান সতৰ্কতাৰ কোনো প্ৰয়োজনেই নাছিল । মানুহজনে কাণত হেডফোন লগাই গান শুনাত ব্যস্ত। এফালে গান শুনিছে অন্যফালে চিগাৰেট টানিছে । বাহ। চাই লোৱা পৃথিৱীৰ সকলোতকৈ সুখী মানুহজনক । ৰহ । এই দিলো তোৰ সুখৰ ঘৰত জুই লগাই । ইয়ায়ায়ায়া ধড়াম,,,,,,,।
Click here to read daini part 21
Post a Comment