তিনিআলিৰ আত্মাৰ প্ৰহাৰ Assamese Story Series part 1 | Axomiya Kahini

তিনিআলিৰ আত্মাৰ প্ৰহাৰ Assamese Story Series part 1 | Axomiya Kahini

২০১৬ চনৰ ৮ জুলাই টিভিৰ সকলো নিউজ চেনেলবোৰত মাথো এটিয়েই নিউজ Indian paranormal society ৰ ফাউন্ডাৰৰ ৰহস্য জনক মৃত্যু।ৰবিনে নিউজবোৰ বৰ মনযোগেৰে চাই আছে।পেৰানৰমেল বিষয়টো তাৰ বহুত ভাল লাগে।মবাইলত ইয়াৰ বিষয়ে ইতিমধ্যে বহুত চাৰ্ছ কৰি জানিলে।কিন্তু গৌৰৱ তিৱাৰীৰ মৃত্যুৱে ৰবিনকো ভবাই তুলিছে।তাৰো মন যায় পেৰানৰমেল ঘটনাৰ ওপৰত গৱেষনা কৰিবলৈ।ৰবিন ডিছুজা বয়স ১৭ বছৰ।কৈশোৰ পাৰ কৰা নাইকিন্তু এবছৰ পিছতেই প্ৰাপ্ত বয়স্কৰ হিচাপটো ধৰা হব।বৰ সাহসীআৰু কৰ্মী লৰা কৰ বুলি কলেই কামটো কৰিবই।ওখ পাখই যেন গ্ৰীক দেবতা।দেউতা ডাক্তৰ হয়।কপাহবাৰী দিছপেনচেৰী খনত পস্টিং হৈ আহি জইন কৰিছে।লগত একমাত্ৰ লৰা ৰবিন।পত্নী ঢুকুৱা বহুত বছৰ হল।বিয়া বাৰু আৰু নকৰিলে।পুত্ৰক লৈ আৰু মৃত পত্নীৰ স্মৃতি লৈ বহুত সূখী ডাক্তৰ ৰবাৰ্ট ডিছুজা। এইখন ডিনপেনছাৰীলৈ অহাৰ এমাহ হওতে ৰবীনে এটা কথা লক্ষ্য কৰিলে যে ৰাতি দুটা মান বজাত ডিছপেনছেৰীত দুজন ৰূগী আহিছিল।মূৰ ফটা আৰু ভৰি ভঙা।দেউতাকে কাৰন সুধিলে এটাই কাৰন তিনিআলিৰ ৰাস্তায়েদি ৰাতি দেৰ টা মান বজাত কোনাবা  গলে কোনোবা অদৃশ্য হাতে মূৰ আৰু ভৰিত আঘাত কৰে।যৌৱনৰ তেজেৰে পিৰ পিৰাই থকা ৰবিনে ভুতৰ কাহিনীবোৰ বৰ মন দি শুনে আৰু লগতে ভাবে এটাক যদি এবাৰ লগ পালো হয়।যোৱা কালি ৰাতি অহা ৰোগীজনে কৈছিল পাচ বছৰৰ পৰা সেই ৰাস্তাত কিবা অস্বাভাবিক ঘটনা ঘটা।খুব বেছি ৰাতি হলে সেই ৰাস্তাইদি কোনোবা গলে এটা ভূতে দেখা দিয়ে।ভৰি নথকা মূৰটো ওলমি থকা বিকট গোন্ধ তাৰ পিছত সেইটোৱে মূৰত আৰু ভৰিত আঘাত কৰে। ৰবিনৰ মনটোৱে সেই ৰাতিৰ ভুতটোক লগ কৰিবলৈ উত্ৰাবল হৈ উঠিল।তাৰ কোৱাটাৰৰ পৰা দেৰ কিলোমিটাৰ দূৰত হব তিনি আলি।দেৰ বজাত ভুত ওলাই কথাটো সি ভালকৈ মনত ৰাখিলে। শনিবাৰে ৰাতি সি ভূতটোক চাব যোৱাৰ কথা ভাবিলে।একমাত্ৰ লৰা দেউতাকে তাৰ এইবোৰ কাম অলপো ভাল নাপাব।গতিকে শনিবাৰে দেউতাকে ৰাতি এঘাৰটা মান বজাত মদ খাব বাৰটা মান বজাত শুব।পিছদিনা ৰাতিপুৱা দেৰিকৈ উঠিব।গতিকে শনিবাৰটোৱেই ৰবিনে ঠিৰাং কৰিলে।
আজি শনিবাৰ।এটা বেগত এটা চাৰ্জ লাইট,হলি ক্ৰছ আৰু বাইবেল খন লগত ললে।তাৰ মনত ভয়ো লাগি আছে ভালো লাগি আছে।নিজকে কোনোবা এডভেঞ্চাৰত যোৱা নায়কৰ দৰে লাগিছে। ৰাতি ১০ টা মান বজাত বাপেক পুতেকে ভাত পানী খাই ললে। ৰবিনে অলপ পিছে পিছে ঘড়ীটোলৈ চাই আছে।সময়বোৰ যেন নোযোৱা হৈছে।দেউতাকৰ ৰুমলৈ জুমি চালে।দেউতাকে ইতিমধ্যে চ'ডাৰ বটল আৰু মদৰ বটল ওলাল।খোৱাও আৰম্ভ কৰিলে। ৰাতি বাৰ মান বাজিল দেউতাকো শুই নিঃপালি দিলে।হাতত সাৰে ভৰিত সাৰে ৰবিন ওলাল এক ভয়াবহ যাত্ৰাত।যাৰ ফলাফল কি নাজানে?গ্ৰীলৰ তলা খুলি আকৌ তলা লগাই দিলে চাবিপাত পকেটত।গাওৰ ৰাস্তা নিৰিবিলি।বৰ সাহসেৰে আগুৱাই গল ৰবিন।খুব লাহে লাহে খোজকাঢ়িল যাৰ ফলত দেৰ কিলোমিটাৰ ৰাস্তা আধা ঘন্টা সময় লাগিল।তিনি আলিটো পোৱাত তাৰ বুকুখনো ধপ ধপাব ধৰিলে।এটা ডাঙৰ আহত গছ।তাৰ তলত সি বহিলে।গছডালৰ পাতবোৰে এইদৰে শব্দ কৰি আছে যেন কোনোবাই খোজকাঢ়ি আছে।সি কানত মাইক্ৰফনটো লগাই মবাইলত গান লগাই দিলে।চকু মুদি গান শুনোতে শুনোতে কেতিয়া দেৰটা বাজিল গমেই নাপালে।সি অনুভৱ কৰিলে যেন তাৰ পিছফালে কোনোবা ঠিয় হৈ আছে।সি কানৰ পৰা তাৰডাল আতৰাই মবাইল সোমাই থলে।টৰ্চটো মাৰি পঠালে কোনো নাই।হঠাত তাৰ নাকত বৰ বিকট গোন্ধ লাগিল যেন মাংস পচিছে।এজাক ধুমুহাৰ দৰে বতাহ বলিব ধৰিলে।যেন তাক উৰুৱাই লৈ যাব গছৰ পাতবোৰে চক্ৰাকাৰে ঘুৰিব ধৰিলে।ভয়তে ৰবিনে বেগৰ ভিতৰত থকা ক্ৰছটো খামুচি ধৰিল।একোটা বিকট চিঞৰত তাৰ কানৰ পৰ্দা উৰুৱাই নিয়াৰ উপক্ৰম হল।সি দূৰত এটা ছায়া দেখা পালে মূৰটো উলমি আছে,ভৰি এখন নাই।তাৰ বুকু কপিব ধৰিলে।নিজৰ সিদ্ধান্তটো ভূল নে শুদ্ব ভাবিব ধৰিলে।এটা প্ৰচন্ড আঘাত হয়তো তাৰ মূৰত বা ভৰিত পৰিব পাৰে।

(আগলৈ)
আৰা আহমেদ ,গুৱাহাটী উলুবাৰী

0/Post a Comment/Comments

Previous Post Next Post