-->

ভয়ংকৰ সেই ৰাতি voyonkor hei rati part 3 assamese novel

Assamese Ghost Novel | Free Assamese Ebook

ভয়ংকৰ সেই ৰাতি voyonkor hei rati part 3  assamese novel

Click here to read Voyonkor hei rati part 2
..দেউতা !" অস্ফুট স্বৰত কলে ৰাহুলে, "তুমি...এই...পিনে ...এবাৰ চোৱাৰ দৰকাৰ.." কৈ কৈ তেওঁ গাড়ীৰ তলৰ পিনে ইংগিতেৰে দেখালে। সকলো স্তম্ভিত হৈ চালে, সেই তেজৰ দাগ গাড়ীৰ টায়াৰতো লাগি আছে । সকলোৰে ৰাস্তাৰ কাষত  কিছু দূৰত মাটিৰ ওপৰত  কিবা এটা চুচুৰি যোৱা দাগ স্পষ্ট চকুত পৰিল।

"...দেউতা...তুমি ঠিকেই কৈছা. .আমাৰ গাড়ীৰ সৈতে কাৰোবাৰ না কাৰোবাৰ সংঘৰ্ষ হৈছে ঠিকেই ...তাৰপৰা গাড়ীৰ খুন্দাত সি হয়তো শূন্যতে ছিটিকি এইফালে পৰিছে ...গাড়ীৰ যি স্পীড আছিল, এয়াই হব । মোৰ মতে , আমি এবাৰ সেইফালে গৈ চোৱা   দৰকাৰ...যদি সি বাচি আছে , বেহুঁচ হৈ আছে, তেতিয়াহলে তাক অন্তত এবাৰ সহায় কৰাৰ দৰকাৰ"।

"...নেদেখাজনৰ ওচৰত  প্ৰাৰ্থনা কৰিছো , তোমাৰ আৰু তোমাৰ দেউতাৰ অনুমান যেন সঠিক হয় আৰু মোৰ এই ভয়, এই সন্দেহ সম্পূৰ্ণ যেন ভ্ৰান্ত হয়", সৰু সৰু স্বৰত কলে অৰ্চনাদেবীয়ে , "যদি এনেই হৈছে , তেতিয়াহলে আমি নিশ্চিন্তভাবে নিৰাপদে আজি ৰাতি ঘৰত যাবলৈ পাৰিম "।

গীতাই   শাশুৱেকৰ  কান্ধত হাতখন থৈ  নীৰবে  সাহস যোগালে । বুজাব খুজিলে , সকলো ঠিক হৈ যাব। চিন্তাৰ কথা নাই ।

"... ..হেলো...কোনোবা আছে নেকি ইয়াত ?" ৰাতিৰ নিস্তব্ধতাক নেউচি মেজৰ সংগ্ৰাম সিং'ৰ উচ্চ কণ্ঠস্বৰ, "মোৰ কথা শুনিবলৈ পাইছেনে ? আমি আপোনাক সহায় কৰিব খোজো...কোনোবা আছে নে ?"

ৰাহুল আৰ সংগ্ৰাম সিং দুয়োজনেই এখুজি দুখুজিকৈ  জঙ্গলৰ দুই পিনে এনেকৈ চিঞৰি চিঞৰি ক্ৰমশ আগুৱাই গৈ থাকিল । সিহতৰ সম্মিলিত কণ্ঠস্বৰ পথৰ দুয়োফালৰ  গছে গছে  খুন্দা খাই উভতি আহিল । কিন্তু কোনোপিনে   মানুহ তো দূৰৰ কথা, এটা কুকুৰ বা মেকুৰীৰ আৰ্তস্বৰ ভাহি নাহিল ।

"...দেউতা! মোৰ এনে লাগিছে, মানুহটোৱে মোৰ কথা শুনি পোৱা নাই । হয়তো যদি সি মৰাও নাই , সম্ভবতঃ অচেতন হৈ পৰি আছে। চোৱা , ৰাস্তাৰ কাষৰ এইপিনে খাদৰ দৰে দ হৈ নামি গৈছে তলৰ  জঙ্গলৰ দিশত । মোৰ এনে লাগিছে এই  জঙ্গলৰ ভিতৰত  গৈ  মই এবাৰ চাই অহাৰ  দৰকাৰ"।

সংগ্ৰাম সিঙে  একো নকলে কিন্তু তেওঁক খুব চিন্তিত দেখা গল ।

"...দেউতা, তুমি মোক টৰ্চটো দিয়া ",  ৰাহুলে কলে , "তোমালোক এতিয়া গাড়ীৰ কাষত ৰৈ থাকা । মই  এই  জঙ্গলৰ তলপিনে নামি গৈ চাঁও , কৰবাত  কোনোবা পৰি আছে নে নাই "।

ৰাহুল বা সংগ্ৰাম সিঙৰ  অনুমান কিমান সঁচা, সেয়া সিহতে নিজেও নাজানে । এইটোক লৈ সিহত নিজৰ মাজতো যথেষ্ট সন্দেহ আছে। অন্যহাতে অৰ্চনাদেবীও বুজিব পাৰিছে , এই দেউতাক আৰু লৰাটো একেবাৰে আকোৰগোঁজ । কোনোপধ্যেই সিহতক বুজাব নোৱাৰি । তেওঁ মাত্ৰ চেপা মাতেৰে কলে , "এই অন্ধকাৰত তাত অকলে নাযায়  , ৰাহুল। মোৰ ভয় লাগিছে । দেউতাকো লগত লৈ যোৱা । কিন্তু অকলশৰে ভুলতেও নাযাবা "। অৰ্চনাদেবীৰ কথাত  একমাত্ৰ ল'ৰাটোৰ বাবে দুশ্চিন্তা দূৰ্ভাবনা আৰু উৎকন্ঠা ফুটি উঠা দেখা গল ।

"...মা, চিন্তা  নকৰিবা", শান্তভাবে কলে ৰাহুলে, "যদি তাত সঁচাকৈয়ে কাৰোবাক বিছাৰি পাওঁ তেতিয়া তাৰ পৰাই চিঞৰি দেউতাক মাতিম । তেতিয়া দুয়োজনে মিলি আহত লোকজনক সহায় কৰিম....যদিও এতিয়ালৈ বুজিব পৰা  নাই, গাড়ীৰ সৈতে যাৰ খুন্দা লাগিল সেয়া  মানুহ নে কোনো জংঘলী জন্তু..." শেষৰ কথাষাৰ কোৱাৰ সময়ত ৰাহুলক কিয়  যেন চিন্তান্বিত দেখা গল। অলপ ৰৈ সি এইবাৰ  দেউতা'কক লক্ষ্য কৰি কলে, "দেউতা! তুমি ইয়াত চোৱা যদি অন্য গাড়ী আহে , তেতিয়াহলে তাক ৰখাবলৈ চেষ্টা কৰিবা ।" তাৰপিছত স্ত্ৰী'ক লক্ষ্য কৰি  কলে, "গীতা, তুমি এতিয়া মাক ভালদৰে ৰাখা । মই দুই  মিনিটৰ  ভিতৰতে আহি আছো "।

কৈয়েই ৰৈ নাথাকিল ৰাহুল ।  টৰ্চটো হাতত লৈ নামি গল পথৰ কাষৰ খাদৰ দৰে তল   অংশটোৰ দিশত । মিলিটাৰী দেউতাকৰ সন্তান বুলিয়েই ৰাহুল সৰুৰ পৰাই অন্যৰকম এক সাহসৰ অধিকাৰী, নহলে এই ঘোৰ অমাবস্যাৰ ৰাতি অকলশৰে  এই গভীৰ বনৰ ভিতৰত যাবলৈ হলে ডাঙৰ ডাঙৰ সাহসী মানুহৰো বুকু কপি উঠিব।

"...মোৰ একদম  ভাল লগা নাই", অস্ফুট চেপা চেপা মাতেৰে কলে অৰ্চনাদেবী, "এতিয়ালৈ এই পথেৰে  এখন গাড়ীকো অহা যোৱা দেখা নাই ...দূৰ দূৰলৈ কোনো মানুহৰ বসতি নাই... নাজানো মোৰ ভাগ্যত কি আছে ..মোৰ খুব ভয় লাগিছে "। বাস্তবিকতে  খুব ভয় খাইছে তেওঁ , বাৰে বাৰে ইষ্টদেবতাৰ নাম জপ কৰি আছে ।  সঁচাকৈ এই পৰ্যন্ত এখন গাড়ীকো এই পথেৰে যোৱা   বা অহা  দেখা নাই । সংগ্ৰাম সিঙকো  এইবাৰ  চিন্তিত দেখা গৈছে । তাৰপিছতো মনৰ  জোৰ অটুট ৰাখিছে তেঁও । স্ত্ৰী'ৰ কথবোৰ এতিয়াও  গ্ৰাহ্য কৰা নাই । ৰাতিটো  অমাবস্যাৰ ঠিকেই কিন্তু সেই বুলি স্ত্ৰী'ৰ দৰে ভূতপ্ৰেতত তেও বিশ্বাসী নহয়। তেওঁৰ মতে এজন ফৌজি মানুহৰ পক্ষে এইবোৰত বিশ্বাস কৰা এক  হাস্যকৰ কথা । কিন্তু আজিৰ ৰাতিটো যেন সঁচাই কিৰকমৰ বেলেগ এনে লাগিছে তেওৰ মনতো । যেন এক বিৰাট অমঙ্গলে  এই ৰাতিৰ আন্ধাৰত  গা লুকাই নিশ্চুপ অপেক্ষা কৰি আছে সিহতৰ বাবে । এতিয়া পৰ্যন্ত এনে  কোনো ঘটনা ঘটানাই  যাৰ বাবে এনে লাগে  , সিহঁতৰ আজিৰ এই দূৰ্দশাৰ মূলত  অমাবস্যাৰ  ৰাতি বিচৰণ কৰা কোনো অশুভ শক্তিৰ হাত আছে। দহ মিনিটৰ বেছি হৈ গল  ৰাহুল সেই যে জঙ্গলৰ ভিতৰত সোমাইছে । আৰু ওলাই অহা নাই  । অকলশৰে কি কৰিছে সি ইমান সময়  জঙ্গলৰ ভিতৰত ? কথাটো এইবাৰ সঁচাকৈয়ে সকলোৰে  চিন্তাৰ কাৰণ হৈ উঠিছে ।

"...ৰাহুল...কত গল  কোৱাচোন ?" এতিয়া আৰু সহ্য কৰিব নোৱাৰি  অৰ্চনাদেবী অধৈৰ্য হৈ প্ৰশ্ন কৰিছে  স্বামীক, "এতিয়াও ঘুৰি অহা নাই কিয় ? কোনো বিপদ আপদ হোৱা  নাইতো তাৰ? অলপ আগুৱাই গৈ চাওঁক না ..." শেষৰ কথাটোত  কাতৰ আকুতি মিশ্ৰিত হৈ পৰিল  অৰ্চনাদেবীৰ মাতত ।

ৰাহুলৰ বাবে চিন্তা গীতাৰো হৈছিল কিন্তু তাই শাহুৱেকৰ হাতত ধৰি ৰাখি  কোনোৰকমে নিজৰ ভয় নিজৰ মাজতেই লুকাই ৰাখিছিল।

"...ৰাহুল...ৰাহুল..." এইবাৰ সংগ্ৰাম সিং আৰু গীতা দুয়োজনেই ৰাহুলেৰ নাম লৈ মাতিবলৈ ধৰিলে। কিন্তু ৰাহুলেৰ কোনও উত্তৰ পোৱা নগল। যত নেকি  তাক জঙ্গলৰ ভিতৰত কতো  দেখাও নগল । যেন জঙ্গলৰ ভিতৰত গৈ সি মিলি গল তাৰ মাজত   ।

এইবাৰ সকলোৰে মনত  দুশ্চিন্তাৰ মেঘ গাঢ় হল।

Click here to read Voyonkor hei rati part 4

Also Read

Comments

  1. Unknown
    Voyonkor hei rati next part ketia ajib..