-->

ভয়ংকৰ সেই ৰাতি voyonkor hei rati part 2 assamese novel

Assamese Online Novel Book

ভয়ংকৰ সেই ৰাতি voyonkor hei rati part 2  assamese novel


"...মোৰ এনে লাগিছে , তোমাৰ  কিবা ভুল হৈছে ", কৈ উঠিল মেজৰ সংগ্ৰাম সিং, "ভুলটো মোৰেই।  এইদৰে হাহিঠাট্টাত মচগুল হৈ  থকাটো. মোৰ উচিত নাছিল । আৰু সেয়েই হয়তো ষ্টিয়াৰিংৰ ওপৰৰ পৰা  তোমাৰ  বেলেন্স হেৰাই গৈছিল...তাৰপৰাই গাড়ীখনৰ এনেদৰে এক্সিডেন্ট হল। যি কি নহওক , আমাৰ কাৰো তেনে কোনো আঘাত নহল। এতিয়া চোৱা যাওক গাড়ীখন থিকে আছে নে নাই। নহলে গোটেই ৰাতি এই বনত পৰি থাকিব লগা হলে তোমাৰ মাৰ মুখৰ পৰা ভূতৰ গল্প শুনি শুনি পাৰ কৰিব লাগিব । জানাইতো তোমাৰ মাক । এইৰকম অমাবস্যাৰ ৰাতি গভীৰ জঙ্গল দেখিলেই নানাৰকম বিচিত্ৰ চিন্তাভাবনা মুৰত আহে " কৈ কৈ  সংগ্ৰাম সিং দূৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ ড্ৰাইভিং চিটত গৈ  ইঞ্জিন ষ্টাৰ্ট কৰাৰ  চেষ্টা কৰিবলৈ ধৰিল। তেওঁ এজন মিলিটাৰি মানুহ, এনে সৰু সুৰা  এক্সিডেন্ট হৈয়েই থাকে ! ড্ৰাইভিং চিটত বহি   তেওঁ ইঞ্জিন চালু কৰিবলৈ চেষ্টা কৰিব ধৰিলে ।বহুবাৰ চেষ্টাৰ পিছত সামান্য ষ্টাৰ্ট হৈ উঠিল ইঞ্জিনটো কিন্তু তাৰ  সৈতে এবাৰ জোকাৰণি মাৰি বন্ধ হৈ গল। গাড়ীৰ ইঞ্জিনৰ শব্দ মিলি যোৱাৰ সৈতে  গোটেই জঙ্গলত  এক অদ্ভুত নিশ্ছিদ্ৰ নিস্তব্ধতা নামি আহিবলৈ ধৰিল । কিন্তু সংগ্ৰাম সিং এৰি দিয়া ভকত নহয়, তেওঁ বাৰম্বাৰ গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট কৰাৰ চেষ্টা কৰিবলৈ ধৰিল। 

"....এই ৰাস্তাটো বহুত নিৰ্জন", অন্ধকাৰে ঢকা নিৰ্জন ৰাস্তাটোৰ সোওে বাওে চাই চাই কবলৈ ধৰিলে অৰ্চনাদেবী, "একেবাৰে নিৰ্জন । কতো অলপো পোহৰ নাই, যতনেকি এতিয়া  পৰ্যন্ত এখন গাড়ীও অহা যোৱা দেখা নগল। মোৰ  কিয় নাজানো খুব ভয় লাগিছে !"

ৰাহুল এইবাৰ বিৰক্তিকৰ সুৰত কলে , "আঃ মা, তুমি তো জানাই, আজি ৰাতি অমাবস্যা। অন্ধকাৰ তো থাকিবই, তাৰোপৰি  এই জাগাখিনি একেবাৰে জঙ্গল, ওচৰে পাজৰে  কতো  মানুহৰ  জনবসতি নাই । এই  ৰাস্তাত  কতো এটা  লাইটপোষ্টৰ  ব্যবস্থাও নাই। লগতে  আজি পোহৰো নাই । আৰু তুমি প্লিজ...এইবোৰ অদ্ভুত ভাব চিন্তা বন্ধ কৰা"।

মাক -পুতেকৰ কথাবাৰ্তাৰ মাজতেই হঠাৎ সিহতৰ  গাড়ীৰ  ইঞ্জিন বেচ জোৰে  গৰ্জি উঠিল । সিহতে  ঘুৰি  চালে, শেষত সিহতৰ গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট হৈছে ।বেচ কিছুক্ষণ ধৰি মেজৰ সিং চেষ্টা চলাইছিল  গাড়ীখন ষ্টাৰ্ট কৰাৰ বাবে । এতিয়া  ইঞ্জিন ষ্টাৰ্ট হোৱাতেই  তেওঁ গাড়ীখন  বেক  গিয়াৰত লৈ   ৰাস্তাৰ মাজলৈ লৈ আহিল  । ৰাহুল, গীতা আৰু অৰ্চনাদেবী যত থিয় হৈছিল , তালৈ গাড়ীখন লৈ আহি ৰখালে।

"..আহা , সকলো  উঠা এতিয়া   গাড়ীত ", ইঞ্জিনটো অন ৰাখিয়েই কলে সংগ্ৰাম সিঙে, "ওপৰৱালাৰ অশেষ কৰুণাত সমুখৰ বনেট আৰ হেডলাইট দুটাৰ বাদে বাকী সকলো থিকে  আছে"।

সিহতে  দেখিলে, মেজৰ সিংৰ  কথাই ঠিক। সচাকৈ , কবলৈ গলে গাড়ীখনৰ   তেনে কোনো ক্ষতি হোৱা নাই । সংগ্ৰাম সিংৰ  মুখত  এনে এক তৃপ্তিৰ হাঁহি আছিল যেন এক ডুবিবলৈ ধৰা মানুহৰ সমুখত  হঠাৎ  কোনো নাওঁ আহি পৰিছে । এতিয়া এই নাওৱেই সিহত সকলোকে  নিৰাপদে ঘৰ লৈ যাব ।

"....ঈশ্বৰক অশেষ ধন্যবাদ, আমাৰ গাড়ীখন তেওঁ ষ্টাৰ্ট কৰি দিলে ", আকাশৰ পিনে চাই   হাতজোৰ  কৰি কলে  অৰ্চনাদেবীয়ে। তাৰ পিছত  তেওঁ ড্ৰাইভিং চিটৰ কাষৰ  দৰ্জা খুলি স্বামীৰ কাষলৈ গৈ বহিল  । সংগ্ৰাম সিং এতিয়া চালকৰ আসনত। ৰাহুলে তেওঁৰ স্ত্ৰী গীতাৰ সৈতে এতিয়া   পিছৰ  চিটত  বহিছে । এই ঘোৰ অমাবস্যাত আশেপাশে জঙ্গলৰ চেহেৰা ইমানেই ভয়াবহ দেখা গৈছিল যে সেই জঙ্গলৰ চেহেৰা দেখি  অজান্তেই যে কাৰো গাৰ নোম শিয়ৰি নুঠিব তাৰ কোনো কথাই নাই । সকলোৰে  মনত তেতিয়া এটাই ইচ্ছা, যিমান সোনকালে সম্ভৱ এই জঙ্গল এলেকা পাৰ কৰিব লাগে  । ৰাস্তাৰ মাজলৈ আহি  সংগ্ৰাম সিং গাড়ীখন  এবাৰ জোৰে ষ্টাৰ্ট দি আগুৱাই নিবৰ চেষ্টা কৰাতেই আহিল বাধা । ইঞ্জিনটো গুমগুম শব্দ কৰিবলৈ ধৰিল , যেন কোনো হিংস্ৰ জন্তুই নিদাৰুণ ক্ৰোধত গৰ্জি আছে । সংগ্ৰাম সিঙে  চেষ্টা কৰিবলৈ ধৰিলে   গাড়ীখনক চলাবলৈ  কিন্তু কোনো অবস্থাতেও গাড়ীৰ চকা এক ইঞ্চিও নলৰিল ।

পিছৰ  চিটত থকা  ৰাহুলে  কিঞ্চিৎ উদ্বিগ্ন স্বৰত কলে , "এইবাৰ আকৌ কি হল?"

"...গাড়ীখন চলা নাই ..."  চেষ্টা কৰি কৰি  কৈ  উঠিল মেজৰ সংগ্ৰাম সিঙে, "ট্ৰাই  কৰি আছো ....কিন্তু এইবাৰ কত বজিছে  ..... বুজিব পৰা নাই । এক্সিলাৰেটৰ.....দবাই ৰাখিছো , গিয়াৰ লগাই..... ৰাখিছো, তাৰ পিছতো ষ্টিয়াৰিং.....ঘুৰিও  গাড়ী.....লৰচৰ কৰা নাই অলপো ! কি কেচ !"

"..এবাৰ চাও ৰবা মই বাহিৰলৈ গৈ   ...সমুখৰ  বনেট খুলি চোৱা ভাল হব  , কত  আচল প্ৰব্লেমটো হৈছে  .."কৈ কৈ  ৰাহুলে পিছৰ  চিটৰ  দৰ্জা খুলি নামি যাবলৈ বিচাৰিলে কিন্তু অৰ্চনাদেবীয়ে  বাধা দিলে  । ভয়াৰ্ত স্বৰত কলে , "খবৰদাৰ  নানামিবা ..নামি নাযাবা  । মোৰ মন কিন্তু ভাল লগা নাই  । নাজানো  কিয় , আমাৰ মুৰত যেন  এটা ডাঙৰ  অজান বিপদ আহি পৰিছে  ...মোৰ একো ভাল লগা  নাই", তাৰপিছত কাষত বহি  থকা স্বামীকে উদ্দেশ্য কৰি কলে  , "তুমি আৰু  চেষ্টা কৰাচোন , চোৱা গাড়ীখন  ঠিক ষ্টাৰ্ট হৈ  যাব"।

ভয়ানক এক আতঙ্কই যেন গ্ৰাস কৰিছে অৰ্চনাদেবীক। তেওঁ বাৰ বাৰ গাড়ীৰ খিড়ীকিৰ কাঁচেৰ মাজেৰে বাহিৰৰ  জঙ্গল চাই আছে । যদিও বাহিৰৰ নিক্ষিপ্ত অন্ধকাৰ ভেদ কৰি একো  নজৰ পৰা  নাই , তাৰপিছত কিয়জানো   বাৰ বাৰ সেই জঙ্গলৰ  দিশত  চাই থাকি  থাকি অজান্তেই বাৰ বাৰ শিয়ৰি  উঠিছিল । বুকুৰ ভিতৰৰ হৃদপিণ্ডটো কিয় যেন ধিমট ধিমিট ... কৰিছে।

ৰাহুল  বিৰক্ত হৈ কলে, "মা, মুৰ্খৰ দৰে  কথা নকবা  ..গাড়ীখন ঠিক হৈ  গলেই আমি আৰু ইয়াত  এক চেকেণ্ডো  নাথাকো । এতিয়া  গাড়ীখন চলা নাই , সেয়ে নামি চাবই লাগিব , প্ৰবলেমটো আচলতে কত হৈছে ...নাচালে প্ৰবলেমটো চলভ কৰিম  কিদৰে ? আৰু তুমি ইমান ভয় কিয় কৰিছা? কিহৰ ভয়  তোমাৰ? চোৱা মা, তুমি একদম  চিন্তা  নকৰিবা ..." তাৰপিছত দেউতাক'ৰ পিনে চাই কলে , "দেউতা , টৰ্চটো দিয়া , তোমালোক গাড়ীতে বহি  থাকা, মই গৈ   চেক কৰি আহো  ,  কি হৈছে ..."

টৰ্চটো লৈ  গাড়ীৰ পৰা  নামি গল   ৰাহুল। তাৰপিছত গাড়ীৰ সমুখৰ  বনেট দাঙি  একান্তমনে ভিতৰৰ যন্ত্ৰপাতি পৰীক্ষা কৰিবলৈ  ধৰিলে । অন্যফালে , গাড়ীৰ  ভিতৰত থাকি গীতা আৰু অৰ্চনাদেবী সমুখৰ উইন্ডস্ক্ৰিনৰ  মাজেৰে   ৰাহুলৰ পিনে   উদ্বিগ্ন দৃষ্টিত চাই বহি আছিল । যদিও বনেটৰ কভাৰৰ আৰত  ৰাহুলৰ শৰীৰটো ঢাক খাই গৈছিল । দেখা নগৈছিল তেঁওক ।  ড্ৰাইভিং চিটত  বহি সংগ্ৰাম সিং তেতিয়াও ইঞ্জিনটোক ষ্টাৰ্ট দিয়াৰ  চেষ্টা কৰিছিল। ঠিক এইসময়তে হঠাৎ ৰাহুলৰ   আৰ্তনাদে অৰ্চনাদেবী তো বাদেই , গীতা আৰু  সংগ্ৰাম সিং'ও সচকিত হৈ উঠিল। ৰাহুলৰ এনে ভয়াৰ্ত স্বৰ আগেয়ে কেতিয়াও সিহতে শুনা নাই , যেন ভয়ঙ্কৰ কোনো বিভীষিকা দেখিছে  ৰাহুলে, নিজে সচক্ষে।

"...আ...আ...আ...আ...আ...মা...দেউতা...সোনকালে বাহিৰ আহা..... চোৱা ......!"

গাড়ীৰ ভিতৰৰ পৰা সকলোৱে  দৌৰা দৌৰিকৈ বাহিৰ ওলাই আহিল । সকলোৰে  মনত উদ্বেগ উৎকন্ঠা। নাজানে কি হৈছে  ৰাহুলৰ , সি  এনেকৈ  চিঞৰিছে  কিয় ! কি দেখিছে নাজানো!

"...কি হৈছে ৰাহুল..?" কৈ কৈ  একৰকম দৌৰি ৰাহুলেৰ কাষত গৈ থিয় হল  সংগ্ৰাম সিং, চকুয়ে মুখে এইবাৰ তেওঁৰো উৎকণ্ঠা ফুটি  উঠিছে, "কি হৈছে?এনেকৈ  চিঞৰিছা    কিয় ?"

"...দেউতা ...দ্দে....." ৰাহুল বোবা হৈ গৈছে ।

"...কি হৈছে কোৱা  না?" অৰ্চনাদেবীৰ  কাতৰ স্বৰ।

গীতাৰো চকুয়ে মুখে উদ্বেগৰ চিহ্ন। তাইও জিজ্ঞাসা কৰিলে , "কি হৈছে ৰাহুল? এনকৈ কিয় ভয় খাইছা ?"

সকলোৱে যেতিয়া  ৰাহুলক ঘেৰি ধৰি  প্ৰশ্নবানত  জৰ্জৰিত কৰি তুলিছে , ৰাহুলে তেতিয়াও একো উত্তৰ নিদিয়াকৈ  ধীৰেধীৰে স্লো  মোচনত  সোঁহাতৰ তৰ্জনী আঙুলিটো ডাঙি  গাড়ীৰ হেডলাইটৰ  পিনে দেখুৱাই তেও সিহঁতক কিবা দেখুৱাব বিচাৰিছে । তেঁওৰ চকুৱে মুখে এক আশ্চৰ্য নীৰব অভিব্যক্তি। মুখৰ  যেন সাময়িকভাবে ভাষা হেৰাই পেলাইছে। ইপিনে , সংগ্ৰাম সিং সহ বাকীসকলে  ৰাহুলৰ অঙুলি নিৰ্দেশিত দিশত গাড়িৰ হেডলাইটৰ পিনে চোৱাৰ পিছত সিহঁতেও যেন মুখৰ  ভাষা হেৰুৱাই পেলালে । মূহুৰ্ততে সকলো চুপচাপ হৈ গল । এটা আশ্চৰ্য নীৰবতা নামি আহিল সিহঁতৰ মাজত । 

টৰ্চেৰ পোহৰত এক ভয়াবহ দৃশ্যৰ সম্মুখীন হল সিহত।  সবিস্ময়ে দেখিলে, গাড়ীৰ সন্মুখৰ হেডলাইটৰ কাঁচৰ ওপৰত কেঁচা তেজৰ দাগ।

"...ও...মাই..গড!" অস্ফুট আৰ্তনাদ কৰি উঠিল গীতাই,"এইবোৰ ...কি...?"

অৰ্চনাদেবী আৰু  সংগ্ৰাম সিং যেন কিছু ক্ষণৰ বাবে  বোবা হৈ গ'ল।অলপ সময় পিছত ৰাহুলে কবলৈ ধৰিলে, "মইতো প্ৰথমেই কৈছিলো যে মোৰ গাড়ীৰ সৈতে নিশ্চয় কাৰোবাৰ নহলে কাৰোবাৰ  কলিশ্বন হৈছে ...সেয়া নহলে  মোৰ গাড়ীখনৰ  এক্সিডেন্ট হব কিয়?...এইবাৰ তো মোৰ  বিশ্বাস হল?"

"...হে ঈশ্বৰ... " কেকাই উঠিল  এইবাৰ অৰ্চনাদেবী, "মই আগতেই মন কৰিছিলো , ইয়াত কিবা নহয় কিবা বেয়া ঘটনা ঘটিছে... ...এই তেজৰ  দাগ কৰ পৰা আহিল ? কাৰ তেজৰ  দাগ এয়া ?" কৈ কৈ   তেওঁ স্বামীৰ হাতত খামুচি ধৰিলে ।

"...ৰাহুল! দেউতা!" এইবাৰ আৰ্তনাদ কৰি কলে গীতাইও, " কি হৈছে এইবোৰ?" তাৰপিছতেই শহুৰ  সংগ্ৰাম সিং'ক উদ্দেশ্য কৰি কলে  , "দেউতা , মোৰ এনে লাগিছে , মাৰ কথাটোৱেই ঠিক। কিবা এটা বেয়া বস্তু ইয়াত আছে ...এতিয়াটো   মোৰো  ভয় লাগিছে ..." অন্ঠ কন্ঠ শুকাই গৈছে গীতাৰ।  কোনোৰকমে এটা ঢোক গিলি তাই কলে  ,"সেয়ে ...এয়া...কোনো...জন্তুৰ.....তেজ...তো...হব...পাৰে"...

"...জন্তু !" কৈ উঠিল  ৰাহুলে, "তেতিয়াহলে গাড়ীৰ সৈতে  খুন্দা  খোৱা  সেই জন্তুটো বা কত  গল ?"

"....হব পাৰে...তুমি হয়তো...সেইটো ...দেখাই ..নাপা...লা", অমাত অমাত  কৈ  কলে  গীতাই, "সেইটো  চেপা খাইছে ... সেয়ে  আমাৰ  গাড়ীখন এক্সিডেন্ট হল...তাৰপৰা সি আহত অবস্থাত ...উঠি..জঙ্গলত লকুালে ..." কৈ কৈ স্তিমিত হৈ আহিল  গীতাৰ কন্ঠস্বৰ। আচলতে এই কথাত তাইৰ নিজৰো যথেষ্ট সন্দেহ আছে।

সংগ্ৰাম সিং এতিয়াও নিশ্চুপ। কাৰণ তেওঁৰ কাৰো কথাই  বিশ্বাসযোগ্য যেন লগা নাছিল । তেওঁ মাত্ৰ কথাত নহয়, প্ৰমাণত বিশ্বাস কৰে। বহুসময় চুপ হৈ থাকি তেওঁ কলে, "হব পাৰে...কিন্তু দূৰ্ঘটনা হলেও ৰাস্তাৰ ওপৰতো তেজৰ দাগ থাকিব লাগিব "।

অৰ্চনাদেবী  সকলোকে চাই চাই কবলৈ ধৰিলে , "মোৰ...কিন্তু... কি জানো কিয়...ঠিক লগা নাই । এনে লাগিছে ...এইবোৰ কোনো মায়াজাল। মোৰ খুব ভয় লাগিছে ...মনত খেয়াল  হৈছে এইবোৰ কোনো কলাজাদুৰ...খেল...। কথাতে কয়  , এই অমাবস্যাৰ  ৰাতি অনেক অজান  অশুভ শক্তি বেছি মাত্ৰাত  সক্ৰিয় হৈ  উঠে। এই ৰাতি  বেয়া অশুভ জ্বিন, আত্মা  পূৰ্ণ ক্ষমতাত থাকে, মানুহক সিহঁতে  মায়াজালত পেলাই  বিভ্ৰান্ত কৰে...মানুহৰ  নানাভাবে ক্ষতি কৰাৰ চেষ্টা কৰে"।

অন্য সময় হলে অৰ্চনাদেবীৰ কথাত ৰাহুল আৰু গীতা হাহিবলৈ ধৰে , কিন্তু এতিয়া  এই পৰিস্থিতিত সিহতে এই কথাবোৰ  হাহিৰে  উৰাই দিব নোৱাৰিলে । এতিয়া সিহতঁৰো এনে লাগিল কিবা এক বেয়া নিশ্চয় সিহঁতৰ সৈতে ঘটিছে। এই ঘোৰ অমাবস্যাৰ ৰাতি আশেপাশে  থকা নিবিড় জঙ্গলৰ বুকুত আকাশচুম্বী ডাঙৰ ডাঙৰ গছ বোৰ প্ৰেতৰ দৰে থিয় হৈ থকা দেখি  অজানিতেই সিহঁতৰ বুকুৰ  ভিতৰত কঁপনি উঠিল ।

"...দেউতা !" বহুসময় পিছত কথা কবলৈ পাৰিলে ৰাহুলে, "মোৰ এনে লাগিছে , মা'ৰ কথাই ঠিক। মইও  তোমাক কৈছিলো , আমাৰ গাড়ীৰ সৈতে  কিবা  এটা খুন্দা খাইছে ...কিন্তু মই  বুজিব নোৱাৰিলো সেয়া কি আছিল ...!" ৰাহুলৰ কথা  শুনি এনে লাগিছিল , সিঁও খুবেই ভয় খাইছে । এতিয়া সিও নিজেও মাকৰ  দলত  যোগ দিছে । সি এতিয়া  এইবোৰ ভূতপ্ৰেত বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে।

"...ৰাহুল!" এইবাৰ কিচু গলগলীয়া মাতেৰে কলে  সংগ্ৰাম সিঙে , "তুমি অন্তত তোমাৰ মাৰ এই  কুসংস্কাৰত বিশ্বাস নকৰিবা  ...বাদ দিয়া তোমাৰ মাৰ  কথা!...জানাইতো, ভূতপ্ৰেত, তন্ত্ৰমন্ত্ৰ, জ্বিন-টিন লৈ  কি গভীৰ বিশ্বাস তোমাৰ মাৰ...পঁয়ত্ৰিছ বছৰ একেলগে কটাইছো ..খুব ভালদৰে জানো...তোমাৰ মা এইবোৰ আজব গুজব বস্তত কিমান  বিশ্বাস কৰে...এইবোৰ  কথাবাৰ্তা তুমি কলে নিমিলে !"বেচ খঙৰ স্বৰত মেজৰ সংগ্ৰাম সিঙে কথাবোৰ কলে । 

"...বচ", অভিমানৰ  ভৰা মাতেৰে কলে অৰ্চনাদেবীয়ে, "যদি সেয়া-ই হয়, তেন্তে কোৱা  আমাৰ  গাড়ীত যিহে খুন্দা খালে , সেইটো  কত গল? আহত বা নিহত যি কোনো  এটা অবস্থাত  তাক দেখা যাব...সি কি গাড়ীৰ সৈতে খুন্দা  খায়েই আকাশত মিলি গল নেকি ...নে ...মাটিৰ তলত মিহলি গল...কোনটো? কোৱা?"

"...তুমি...প্লিজ  চুপচাপ থাকিবানে  ?" কঠিন ক্ৰুদ্ধ স্বৰে সংগ্ৰাম সিঙে স্ত্ৰীক ধমকিৰ সুৰত কোৱা বাবে চুপচাপ হৈ গল  অৰ্চনাদেবী। পথৰ  ওপৰত বা আশেপাশে এতিয়া পৰ্যন্ত কোনো মানুহ বা প্ৰাণীকে দেখা নাই। আচল কথা, এতিয়া  সেই  ঠাই৩ সিহত চাৰিজন বাদে  আৰু কোনো নাই । সিহঁতৰ টৰ্চৰ পোহৰক বাদ দি তাত এটুকুৰা পোহৰো চকুত পৰা নাই । মুৰৰ  ওপৰৰ আকাশখন এনে লাগিছে  বিশাল এখন  কলা  চাদৰ যেন আৰি দিছে । কতো এটা তৰাও  দেখা নাযায় । ৰাহুল আৰ মেজৰ সংগ্ৰাম সিং দুয়োজনে টৰ্চ হাতত লৈ  সেই ঘন অন্ধকাৰৰ বুক ফালি ধীৰ গতিত সমুখৰ  দিশত এখুজি দুখুজিকৈ  আগুৱাবলৈ ধৰিলে। সিহঁতে সেইফালে গল যত সিহঁতৰ গাড়ীৰ সৈতে কিবা খুন্দা খাইছিল। সিহতে সেইখিনিলৈ আহি টৰ্চৰ পোহৰেৰে ভালদৰে চাবলৈ ধৰিলে। যদি কৰবাত  মানুহ বা জন্তুৰ বডি বা  তেজৰ দাগ চকুত পৰেই ; কিন্তু এক ফোটা দাগো কতো দেখা নগল । অথচ তাত কিবা হলে  অবশ্যেই তেজৰ দাগ থাকিব লাগিছিল । কাষৰ জঙ্গলৰ পৰা বিচিত্ৰ বিচিত্ৰ শব্দ কাণত আহি আছিল । কতৰকমৰ ৰহস্যময় শব্দই যেন নিস্তব্ধ ৰাতিৰ নীৰবতা ভঙ্গ কৰিছিল । এই শব্দবোৰ কিহৰ , জন্তুৰ নে পোক পতংগৰ নে অন্য কিবাৰ , সেয়াও বুজা নগৈছিল । অৰ্চনা আৰ গীতা যিমানদূৰ সম্ভৱ এই ভয়াবহ ৰহস্যময় শব্দবোৰ নুশুনিবলৈ  চেষ্টা কৰিছিল।

"...দেউতা , ইয়াত তো কোনো চিন চাব দেখা নাই ", চেপা কন্ঠেৰে সংগ্ৰাম সিং'ক উদ্দেশ্য কৰি কলে   ৰাহুলে । সংগ্ৰাম সিং তেতিয়াও আশেপাশে চাই আছিল , যদি কৰবাত কিবা দেখা যায় । কলে , "এনেওতো হব পাৰে, গাড়ীৰ সৈতে খাই   সি ছিটিকি  কাষৰ এই জঙ্গলৰ ভিতৰত গৈ পৰিছে। গাড়ী খন তো খুব স্পিডত চলিছিল । এক্সিডেন্ট হোৱাৰ পৰত নিশ্চয় সি খুব আহত হৈছে, বা হয়তো মৰিছে । কিন্তু যদি আহত হৈ পৰি আছে , তেতিয়াহলে হয়তো বেহুচ হৈ পৰি আছে । সেইবাবেই আমাৰ শব্দ শুনাৰ পিছতো তাৰ পৰা কোনো উত্তৰ অহা নাই "।

জঙ্গলৰ দিশত টৰ্চৰ পোহৰ ঘুৰাই ঘুৰাই চাবলৈ ধৰিল সংগ্ৰাম সিং। কিন্তু একমাত্ৰ জঙ্ঘল বাদে আৰু একো দৃষ্টিত নপৰিল 

"...দেউতা !" এইবাৰ  কিছু দূৰ থকা  গীতাৰ মাত শুনা  গ'ল, "যদি সঁচাকৈ কোনো  আহত হৈ কৰবাত পৰি আছে আমি তাক বিছাৰি  হস্পিটেললৈ  নিব লাগে...অবশ্য যদি সেয়া জন্তু হয়...."

"...তোমালোক এতিয়াও মোৰ কথা কিয় বুজিবলৈ খোজা  নাই ?" আৰ্তনাদ কৰি উঠি কলে অৰ্চনাদেবীয়ে, "কিমানবাৰ আৰু তোমালোক দুয়োজনক কম  যে আমি ইয়াত  এখন মায়াজালত ফচি গৈছো ? কিমানবাৰ কৈছিলো বিয়াঘৰত  ...ৰাতি হোৱাৰ আগতে ঘৰলৈ আহিম , তোমালোক কোনোৱে নুশুনিলা ...আৰু এতিয়া ইয়াত আৰু থিয় হৈ নাথাকিবা ...আহা সকলো  ...উঠা  গাড়ীত...যিমান সোনকালে পাৰি  এই ঠাই এৰি চলা ভাল ...তোমালোকেই কোৱা , গাড়ীৰ সৈতে খুন্দা খোৱাৰ পিছৰ কোনোৱে  আহত অবস্থাত  উঠি খোজকাঢ়িব পাৰে ? আৰু...এইবোৰ বাদে .. এই ৰাতি  এই গভীৰ জঙ্গলত কোনো মানুহ থাকিব ? মোৰ কিন্তু একদম ভাল লগা নাই ..."।

স্ত্ৰী'ৰ কথাত এবাৰ বাস্তবিকতে খং কৰি  উঠিল সংগ্ৰাম সিঙে। কলে , "অৰ্চনা! আৰু এটা কথা কোৱা যদি  ফল  ভাল  নহব  কৈ থৈছো  । এজন ফৌজিৰ স্ত্ৰী হৈ তুমি ভূতপ্ৰেত বিশ্বাস কৰা, তোমাৰ লাজ নালাগে নে ? এইসময়ত  তোমাৰ যত  মনত সাহস অনাৰ কথা, সকলোকে সাহস দিয়াৰ কথা কব লাগে , সেই সময়ত তুমি  এইবোৰ পাগলৰ দৰে চিন্তাভাবনা কৰি আছা ? থৈ দিয়া তোমাৰ এই ভূতপ্ৰেত, তন্ত্ৰমন্ত্ৰ... যি আজব গুজব অদ্ভুত কথাবাৰ্তা....
!"
Click here to read Voyonkor hei rati part 3

Also Read

Comments