আজি ১মবাৰ দেখা হৈছে মোৰ EXৰ সৈতে Love Story In Assamese
Monday, November 16, 2020
আজি ১মবাৰ দেখা হৈছে মোৰ EX ৰ সৈতে Love Story In Assamese
বিয়াৰ পিছত আজি ১মবাৰ দেখা হৈছে মোৰ প্ৰাক্তনৰ সৈতে। গুৱাহাটী যোৱাৰ বাবে বাচ ষ্টপেজত ৰৈ আছিলো , অপেক্ষা বাচ এখনৰ বাবে , কিছুসময় পিছত বাছ আহিল , বাছত উঠি দেখিলো চীট খালী আছে ২/৩ টা, বহিবলৈ চাওতে মন কৰিলো অনুই মোৰ পিনে চাই আছে। চকুত চকু পৰাতেই চৰম মাত্রাৰ এটা কম্পন সৃষ্টি হল বুকুৰ মাজত , বিশ্বাস কৰিবলৈ পৰা নাছিলো এনেদৰে তাইৰ সৈতে দেখা হব। নিজক কোনো ৰকমে চম্ভালি লৈ বহিলো তাইৰ চিটৰ পিছফালে । বুকুৰ মাজত এনে লাগিছে যেন শিল হৈ গৈছে সকলো, তাইৰ সৈতে মোৰ দেখা হওক এয়াতো মই কেতিয়াও বিচৰা নাছিলো, কিন্তু সকলো যে মোৰ ইচ্ছা কৰাৰ দৰে হব সেয়া কত লিখা আছে। সেয়ে হয়তো এনেদৰে দেখি মনক শান্তনা দি কলো , এনেদৰে আমাৰ সদায়েইতো দেখা হব পাৰে । স্বাভাবিক কথা । বহু সময় একদম চুপ চাপ হৈ থাকিল সকলো । যেন সকলো কিবা এটা শব্দ শুনাৰ বাবে আকুল। এক নীৰৱ পৰিবেশ। তাৰ পিছতে স্পষ্ট ভাবে শুনিলো অনুই হাজবেণ্ডক কৈছে , "আচ্ছা আমি যে ফেন্চিলৈ যাম তাত যদি মই কেনেবাকৈ হেৰাই যাওঁ ?" হাজবেণ্ডে কি কলে শুনা নাপালো, কিন্তু তাৰ ঠাইত মই হলে অবশ্যই অনুক কলোহেতেন
"হেৰুৱাব দিলে হে হেৰুৱাবা "।.........
...
কাৰণ এয়া আছিল মোৰ কমন ডায়লগ। কৰবালৈ যোৱাৰ আগত অনুৰাধাই প্ৰায়ে মোক কৈছিল ' মই যদি তাত হেৰাওঁ ' আৰু মই কৈছিলো 'হেৰুৱাব দিলে হে হেৰুৱাবা '। সেই অতীত মনত কৰি কষ্ট নলওঁ এতিয়া। অতীতৰ কথা মনত পৰাটো স্বাভাৱিক। কিন্তু ভাল অনুভূতিবোৰ থাকে সদায় বুকুৰ মাজত।
.....
বাছখন ফেন্চি আহিল। অনু নামিবলৈ লৈছে। নমাৰ সময়ত আকৌ এবাৰ মোৰ পিনে চালে আৰু মই তৎক্ষণাত অন্যদিশে মুৰটো ঘুৰালো। মই নিবিচাৰো অনুৰাধাই মোৰ চকুত অত বছৰে লুকাই থকা কষ্টবোৰো দেখক । হঠাৎ কি হল মোৰ নাজানো, তাইৰ পিছে পিছে মই বাছৰ পৰা নামি গলো , ৰাস্তা পাৰ হবলৈ ৰৈ আছে তায়ো। হাজবেণ্ডৰ দুয়ো হাতত বেগ বাবে হাতত ধৰি ৰাস্তাটো পাৰ কৰি দিব পৰা নাই। পিছত ৰৈ থকা মই একো নাভাবি অনুৰ হাতত ধৰি একে টানে ৰাষ্টা পাৰ হলো। সকলোবোৰ চকুৰ আগতে পলকতে ঘটি গল। হাজবেণ্ড মোৰ পিনে কিংকৰ্তব্যবিমূঢ় হৈ চাই থাকিল। মই কলো, ঘৈনীক ফেন্সিলৈ আনি আপুনিতো হেৰুৱাই হে পেলাব।.......
কোনোবাই কিবা কোৱাৰ আগতেই মই নিচিন্হ হৈ গলো মহানগৰীৰ এই ভিৰৰ নৈ খনত। অনুই, হাজবেণ্ডে আৰু আপুনি ইয়াৰ পিছত মোক হয়তো কেতিয়াও বিচাৰি নাপাব। ........