Assamese Novel Vokyonkor Hei Rati Part 1 ভয়ংকৰ সেই ৰাতি
Assamese Novel Vokyonkor Hei Rati Part 1 ভয়ংকৰ সেই ৰাতি
ঘড়ীত এতিয়া ৰাতি ১১.৪০ হৈছে।অমাবস্যাৰ ক'লা অন্ধকাৰে গ্ৰাস কৰিছে সমগ্ৰ বিশ্ব। গভীৰ জংঘল । সেই জংঘলৰ মাজৰে পাৰ হৈ গৈছে গাড়ী চলাচলৰ উপযুক্ত এটা মাত্ৰ পকী পথ । পথৰ দুই পাৰে যিমানেই চকু যায় মাত্ৰ নিবিড় বন আৰু বন। সেই নিৰ্জন ৰাস্তাৰ বুকুৰ ওপৰেৰে এখন গাড়ী সন্মুখৰ হেডলাইট দুটি জ্বলি আগুৱাই গৈ আছে ।
গাড়ীৰ ভিতৰত আছে ভাৰতীয় আৰ্মিৰ অবসৰপ্ৰাপ্ত মেজৰ জেনেৰেল সংগ্ৰাম সিং, তেওঁৰ পত্নী অৰ্চনা, একমাত্ৰ পুত্ৰ ৰাহুল আৰু ৰাহুলৰ ঘৈনীয়েক গীতা। ৰাহুলে গাড়ী ড্ৰাইভ কৰি আছে । মেজৰ সংগ্ৰাম সিং তেঁওৰ পৰিয়ালৰ সৈতে দুৰৰ এখন চহৰত বন্ধুৰ ছোৱালীৰ বিয়ালৈ গৈছিল । ভাবিছিল সোনকালে শেষ কৰি ঘৰলৈ আহিব। কিন্তু বন্ধুৰ কি যে আবদাৰ। কিছু সময় কিছু সময় কৈ কেনেকৈ যে ৰাতি হৈ গল মেজৰে টলকিবই নোৱাৰিলে।
"...আজি বিয়াঘৰত বহুত ভাল লাগিল , নহয়নে ?" ষ্টিয়াৰিঙৰ ওপৰত হাত ৰাখি সমুখৰ উইণ্ডস্ক্ৰিনৰ মাজেৰে চকুৰ তীক্ষ্ণ দৃষ্টি সমুখৰ ৰাস্তাৰ ওপৰত ৰাখি ৰাহুলে কলে , "শৰ্মা আঙ্কলে ড্ৰিংকচ কৰাৰ পিছত কি যে মজা কৰিছিল সকলোৰে সৈতে !"
ৰাহুলৰ স্ত্ৰী অৰ্থাৎ মেজৰ সংগ্ৰাম সিং ৰ পুত্ৰবধূ গীতা ৰাহুলৰ কাষতেই বহি আছিল । মেজৰ সিং আৰু তেঁওৰ স্ত্ৰী অৰ্চনা পিছৰ ছিটত আছিল । সিহত সকলোকে খুব ক্লান্ত দেখা গৈছে । অচলতে কথাৰ মাজতে কেতিয়া ৰাতি হৈ গৈছে কোনোৱে বুজিব নোৱাৰিলে । এতিয়া সকলোৰে চকুৱে মুখে ঘৰটো পোৱাৰ কি যে উদ্দিগ্নতা।
"...আজিকালিৰ উৎসব-অনুষ্ঠানত এই মদ-ভাং খোৱা একদম সাধাৰণ কথা হৈ পৰিছে ", লৰাৰ কথাত পিছৰ চিটৰ পৰা সংগ্ৰাম সিঙে কলে "আজিকালি কমবেছি পৰিমাণে সকলোৱে খায় । ইয়াক লৈ ভাবি একো নহয় "।
মেজৰ সংগ্ৰাম সিং আৰু ৰাহুল যেতিয়া বিয়াঘৰৰ পাৰ্টিক লৈ নিজেৰ মাজত আলোচনাত মচগুল আছিল , সেই সময়ত কাষত বহি থকা মেজৰৰ পত্নী অৰ্চনা চুপচাপ হৈ আছিল। মনৰ মাজত যেন এটা চেপা দুশ্চিন্তাই বাঁহ লৈছে , সেয়া তেঁওৰ মুখ দেখিয়েই বুজা গৈছিল । তেও স্বামী আৰু পুত্ৰ'ক উদ্দেশ্য কৰে ভীতিগ্ৰস্ত স্বৰত কবলৈ ধৰিলে, "তোমালোকে এতিয়া এইবোৰ কথা বাদ দিয়া ....আজিৰ ৰাতিটো দেখিছা নে?...ঘোৰ অমাবস্যাৰ ৰাতি ...মোৰ কিয় জানো খুব ভয় লাগিছে ...এই জঙ্ঘলৰ ৰাস্তাটো সোনকালে পাৰ হলে হয় ...এই ৰাস্তাৰ যেন আৰু শেষেই হোৱা নাই ! হে ভগবান!"
অৰ্চনাদেবীৰ ভীত স্বৰত কোৱা কথাত মেজৰ সিং আৰু ৰাহুল দুজনেৰ মজলিছ কথাবাৰ্তাত সামান্য সময়ৰ বাবে ছেদ পৰিল; কিন্তু তাৰপিছতে ৰাহুলৰ মাকৰ এই অহেতুক দুশ্চিন্তা কৰাৰ বাবে মাকক লৈ ঠাট্টা আৰম্ভ কৰিলে । অৰ্চনাদেবী এটা দীৰ্ঘশ্বাস লৈ কলে , "মই তো তোমাক আগতেই কৈছিলো , সোনকালে ঘৰলৈ যাওঁ বুলি ..কিন্তু তোমালোক কোনোৱে মোৰ কথাত মনেই নিদিলা ...সকলো ফূৰ্তিত মচগুল...! এতিয়া এই ঘোৰ অমাবস্যাৰ ৰাতি এই ঘন জঙ্ঘলৰ ৰাস্তাত তোমাৰ কি অলপো গা ছমছম কৰা নাই ? হাজাৰটা বিপদ-আপদ..." কৈ কৈ অৰ্চনাদেবী গাড়ীৰ আইনাৰ মাজেৰে বাহিৰৰ অন্ধকাৰ জংঘলত ভীত সন্ত্ৰস্ত দৃষ্টিৰে চাবলৈ ধৰিল।
"...হেহ, তোৰ মায়েৰ কথা শুন", তাচ্ছিল্যৰ সুৰত হাহি মাৰি মেজৰ সংগ্ৰাম সিং নিজৰ দীঘল আকৰ্ষণীয় গোঁফৰ দুয়োমুৰ আঙুলিৰে পকাই পকাই কলে।
"...আঃ মা, তুমি চুপচাপ থাকাচোন!" মৃদু ধমকিৰে ৰাহুলে কলে , তেওঁৰ দৃষ্টি অবশ্যে পথৰ ওপৰত । , "তুমি কিয় ইমান ভয় কৰিছা মা? আমি আছোতো ...!"
সন্মুখৰ হেডলাইটৰ পোহৰত অন্ধকাৰ বনপথৰ যিমান খিনি দেখা যায়, সিমান দূৰত্বক ছেকেণ্ডত গ্ৰাস কৰি কৰি আগুৱাই গৈ আছে মেজৰ সংগ্ৰাম সিঙৰ গাড়ী । তাৰ পিছতো এই পথ যেন শেষ হোৱাৰ চিন চাব নাই। ৰাহুলৰ স্ত্ৰী গীতা অৰ্থাৎ মেজৰ সংগ্ৰাম সিংৰ পুত্ৰবধূ এইবাৰ মাজতে মাত লগালে , "ঠিক কথা। দেউতা আৰু ৰাহুলৰ সৈতে থাকোতে মাৰ ইমান ভয় কিহৰ !"
মেজৰ সিঙে কবলৈ ধৰিলে , "ৰাহুল, তুমি বোধহয় নাজানা, তোমাৰ মা কিমান ভয়াতুৰ । মায়ে বিছাৰে , মইও ৩৬৫ দিন ২৪ ঘন্টা ঘৰৰ বহি থাকিব লাগে । কি, সঁচা কৈছো নে ?" কৈ কৈ কাষত বহি থকা অৰ্চনাদেবীৰ পিনে চাই চকু টিপিয়াই একপ্ৰকাৰ কটাক্ষ কৰি কলে । তাৰপিছতে শব্দ কৰি হাঁহিবলৈ ধৰিলে মেজৰ সিং আৰু ৰাহুল দুয়োজনেই। পুনৰায় বাপেক আৰু পুতেক পৰস্পৰ ঠাট্টা-ৰসিকতাত মচগুল হল । এইবাৰ সিহতৰ সৈতে গীতাও যোগ দিলে।
মেজৰ সিঙে অৰ্চনাদেবীক উদ্দেশ্য কৰি গলগলীয়া সুৰত কলে , "আৰে মেডাম! আৰ্মিত থাকোতে ....ইয়াতকৈও বহুত ভয়ানক ভয়ানক জংঘলত ৰাতি কটাবলগীয়া হৈছিল। ...কেবল ৰাতিয়েই নহয়। মিছনত থাকিবলগীয়া হৈছিল। শত্ৰুপক্ষ বাদে অন্ধকাৰ ৰাতি, ঘন জংঘল, দূৰ্গম পাহাৰ, বিষধৰ সাপ পতংগ , আৰু কত কি যে। তাৰ মাজতো নিজৰ মিছন সম্পূৰ্ণ কৰি আহিছো .. আমাৰ এইবোৰ জংঘল টংঘল দেখি ভয় নালাগে । বুজিলে? আমাৰ বাবে অমাবস্যা যেনে , পূৰ্ণিমাও একে । জোন নহলে অমাবস্যা, জোন থাকিলে পূৰ্ণিমা, মই মাত্ৰ সেয়াই বুজো । অমাবস্যাৰ ৰাতিহে বৰঞ্চ আমাৰ সুবিধা হয়। কাৰণ অন্ধকাৰে শত্ৰুপক্ষৰ ফৌজি সহজে আমাক টাৰ্গেট কৰিবলৈ নোৱাৰে । বুজিলা ? হা...হা...হা..."
মেজৰ সিঙৰ হাহিৰ সৈতে ৰাহুল আৰু গীতাও যোগ দিলে । কিন্তু অৰ্চনাদেবী একোতেই স্বাভাবিক হবলৈ নোৱাৰিলে । সকলোৰ হাসিঠাট্টাৰ মাজতে মনৰ ভয় গুচি নগল । ভিতৰি ভিতৰি যেন কোনো আসন্ন বিপদৰ গন্ধ পাইছে । অন্যফালে গাড়ীৰ মাজত মেজৰ সংগ্ৰাম সিং, ৰাহুল আৰু গীতাৰ মাজত মজলিছ প্ৰায় জমি উঠিছে ...কিন্তু অৰ্চনাদেবীৰ দুচকুৰ আতঙ্ক গভীৰৰ পৰা গভীৰতৰ হৈ উঠিছে, ঠিক সেইসময়েই....
ইমানপৰে মসৃণ গতিত চলা সিহতৰ গাড়ীখন হঠাৎ যেন ভাৰসাম্য হেৰাল। । ষ্টিয়াৰিঙৰ কন্ট্ৰোল কৰি প্ৰাণপণে ব্ৰেক মৰাৰ চেষ্টা কৰিলে ৰাহুলে , নোৱাৰিলে , গাড়ীখনৰ স্পিড কমি আহিল , শূন্যতে যেন কিছু ওপৰলৈ উঠিল আৰু পিছত এক বিষম জোকাৰণিৰ সৈতে ৰাস্তাৰ পৰা নামি গৈ এজোপ ডাঙৰ গছৰ সৈতে খুন্দা মাৰি ৰৈ গল
কি যে হল , কোনোৱে একো বুজিব নোৱাৰিলে । আচলতে ইমান কম সময়ত ঘটনাটো ঘটিল যে কোনোৱে একো টলকিবই নোৱাৰিলে। দূৰ্ঘটনা হঠাৎ এনেকৈয়ে হয়...এয়াও তেনেই ....গছৰ সৈতে গাড়ীখনৰ সংঘৰ্ষ হোৱাৰ সময়ত প্ৰবল এটা শব্দ, গাড়ীৰ ভিতৰত থকা চাৰিওটা প্ৰানীৰ বুকু ফটা আৰ্তনাদ... তাৰপিছত সকলো শান্ত...চাওতে চাওতে এক নিস্তব্ধতা নামি আহিল সেই সূচীভেদ্য অন্ধকাৰৰ বুকুত।
দূৰ্ঘটনাত গাড়ীৰ ইঞ্জিন বন্ধ হৈ গল। কোনোৰকমে ৰাহুল ড্ৰাইভিং চিটৰ দৰ্জা খুলে বাহিৰ ওলাই আহিল । তাৰ পিছতে পিছৰ দৰ্জাৰ কাষলৈ গৈ মা-দেউতাকৰ নাম লৈ মাতি মাতি বেকচিটৰ দৰ্জা খোলাৰ চেষ্টা কৰিবলৈ ধৰিল। গীতাৰ পিনেও দৰ্জাখন খোলাৰ চেষ্টা কৰিলে ৰাহুলে।
"...মা...দেউতা ...গীতা..." অসহায়ৰ দৰে কান্দো কান্দো স্বৰে চিঞৰিবলৈ ধৰিলে ৰাহুলে , "কত আছা তোমালোক? ওলাই আহা । ওলাই আহা "।
সিহতৰ গাড়ীখন এজোপা ডাঙৰ গছৰ সৈতে খুন্দা খাই ৰৈ গৈছে ।
সংগ্ৰাম সিং সেইসময়ত দাঁতত দাঁত চেপি উঃ..আঃ কৰি দৰ্জা খুলি নামি আহিছে ।অন্যফালে , অৰ্চনাদেবী আৰু গীতা'ও কোনোৰকমে গাড়ীৰ দৰ্জাখন খুলি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিছে।
"...উঃ...উঃ...বাবা!" অস্ফুট আৰ্তনাদ কৰিছে অৰ্চনাদেবী, "কি হৈছে ৰাহুল? গাড়ীৰ সৈতে ...কাৰোবাৰ ...খুন্দা লাগিছিল নেকি?"
"...মানে?...সচাকৈ কিবাৰ সৈতে আমাৰ গাড়ীখনৰ কলিশ্বন হৈছিল নেকি?" মেজৰ সিঙে কৈ উঠিল।
"..ঠিক...বুজিবলৈ নোৱাৰিলো ...দেউতা ! মইও ঠিক বুজি নাপালো , কি হৈছিল ...মই গাড়ীৰ ভিতৰত হাঁহিত মচগুল আছিলো ...কিন্তু মোৰ চকু আছিল ৰাস্তাৰ ওপৰত... তাৰপিছতে হঠাৎ যেন..এনে লাগিল ...যেন কিবা এটা ৰাস্তাত আছে ... গাড়ীৰ ঠিক সমুখত আছিল...ইয়েচ ...আমাৰ গাড়ীৰ ঠিক সমুখত ...সেই বস্তুটোৰ সৈতে আমাৰ গাড়ীখনৰ ...কলিশ্বন হল...আৰু তাৰপিছতে এই এক্সিডেন্ট!" নাৰ্ভাচ দেখা গৈছে ৰাহুলক। চকুৱে মুখে এক গভীৰ উদ্বেগ আৰ উৎকন্ঠাৰ ছাঁ।
নাৰ্ভাছ হৈছে মেজৰ সিং'ও।
"...মইও মন কৰিছিলো ...আমাৰ গাড়ীৰ আগত হঠাৎ কিবা এটা আহি পৰিছিল ..." ৰৈ ৰৈ কলে সংগ্ৰাম সিঙে , "কিন্তু এতিয়াতো এনে লগা নাই ...এই ৰাস্তাৰ ওপৰত কিবা যে আছে ...কতো একো ছা চকুত নপৰিল । তেতিয়াহলে কিহৰ সৈতে আমাৰ গাড়ীখন খুন্দা খালে?"
"...ঠিক...ঠিক বুজিব পৰা নাই দেউতা !" অজান আশঙ্কাত ৰাহুলৰ চেহেৰা ৰঙা হৈ পৰিছে , "কিন্তু গাড়ীৰ সন্মুখততো কোনো মানুহক দেখিছো যেন নালাগে ...কিন্তু এনে লাগিল ...যেন অস্পষ্ট কিবা .. আমাৰ গাড়ীখনৰ সমুখত যেন আহি পৰিছিল...এতিয়া সেয়া মানুহ... নে কোনো জন্তু..নে ...কি..ঠিক মনত পৰা নাই...তাক বচাবলৈ গৈয়েই ...এই এক্সিডেন্ট...কিন্তু... কিন্তু... এয়া ঠিক...যে গাড়ীৰ আগত কিবা এটা আহি পৰিছিল ...মূহুৰ্তত অলপ সময়ৰ বাবে ...মই কিবা এটা দেখিছিলো...!"
ৰাহুলৰ কথাত সকলোৰে মাজৰ চেপা উত্তেজনা আৰু উদ্বেগ উৎকন্ঠা দুগুণ বাঢ়িল । সকলোৰে ভ্ৰু কুঞ্চিত হৈ উঠিল । ৰাহুলে কলে কি ? গীতাইতো আৰু আচৰিত হল । তাই কলে , "যদি সেয়াই হৈছিল , তেতিয়াহলে মইও তো সমুখৰ চিটত বহিছিলো ...মইতো একো দেখা নাই !"
"...কিন্তু মোৰ কথা বিশ্বাস কৰা !" এইবাৰ জোৰকৈ কৈ উঠিল ৰাহুল, "হয় মই হাঁহিত মছগুল আছিলো বাবে কি হল বুজি নাপালো ...কিন্তু মই কব পাৰো ...কিবা এটা গাড়ীৰ আগত অবশ্যেই আহি পৰিছিল ...কাৰণ মোৰ কাণে সংঘৰ্ষৰ শব্দও শুনা পাইছিল ..." কৈ কৈ গছৰ গুৰিত খুন্দা খাই ৰৈ যোৱা নিজৰ গাড়ীখনক ঘুৰি ঘুৰি চাবলৈ ধৰিলে তেওঁ । চকুয়ে মুখে এতিয়াওঁ এক গভীৰ অবিশ্বাস আৰু সন্দেহ। সেইপিনে , মেজৰ সিং, অৰ্চনাদেবী আৰু গীতাৰ মাজতো সন্দেহ আৰু অবিশ্বাস শিপা। সিহঁতে এতিয়াও ভাবিবলৈ পৰা নাই , এইবোৰ কেনেকৈ হবলৈ পালে! কি ঘটিল এয়া! কিদৰে ঘটিল!
ভাবানুবাদ:স্বপ্ননীল আকাশ
Click here to read Voyonkor hei rati part 2
Join the conversation