ৰিয়েল সিংহম কোন এই ভি চি চজ্জনাৰ?


ৰিয়েল সিংহম কোন এই ভি চি চজ্জনাৰ? 

যোৱা শুক্ৰবাৰে ৰাতিপুৱা তেলেংগনাৰ পশু চিকিৎসক গৰাকীৰ লগত হোৱা দুষ্কাৰ্যৰ অভিযুক্ত সকলৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশতে তোলপাৰ লগাই তুলিলে। তাৰ লগত আৰু এটা নাম আহিল হায়দৰাবাদ , VC চজ্জনাৰৰ , justice for disha ও ট্ৰেণ্ড হবলৈ ধৰিলে । ভি চি চজ্জনাৰক এনকাউন্টাৰ স্পেছিয়েলিষ্ট ৰূপে জনাজাত । চজ্জনাৰ এজন পুলিচ আয়ুক্ত । 1996 চনৰ বেট্চ এজন অধিকাৰী এইজন চজ্জনাৰে 2008 ত   এচিড আক্ৰমণৰ তিনি অভিযুক্তকো গুলী মাৰিছিল । নক্সাল নেতা নইমুদ্দিনৰ হত্যাৰ আৰতো এওৰ ভুমিকা আছে বুলি জনা যায়।  চজ্জনাৰ আছিল আইজী স্পেছিয়েল ইন্টেলিজেন্চ।

Warangal acid attack case 2008 in assamese


2008 চনত বাৰংগল এচিড এটেক চৰ্চালৈ আহিছিল। সেই সময়ত  চজ্জনাৰ বাৰংগলৰ এছপি আছিল। সেই সময়তো ছোৱালী এজনীক এচিড আক্ৰমণ কৰা সকলক এনকাউন্টাৰত হত্যা কৰিছিল। এয়া তেতিয়া হৈছিল যেতিয়া দোষী এছ শ্ৰীনিৱাস ৰাৱে দুজন বন্ধুৰ সৈতে মিলি ইন্জিনীয়াৰিং ছাত্ৰৰ ওপৰত এচিড আক্ৰমণ কৰিছিল। ইয়াৰ আঁৰত শ্ৰীনিৱাসৰ প্ৰেম প্ৰস্তাব প্ৰত্যাখান আছিল। ইয়াৰ পিছতে চজ্জনাৰ নিৰ্দেশত দোষীক কৰায়ত্ত কৰা হয় কিন্তু পিছত দোষীসকলক এনকাউন্টাৰ কৰা হয়।

এতিয়াৰ ঘটনাক্ৰম

তেলেংগানাত ভেটেনেৰী ডাক্টৰৰ হত্যা পিছত সেই সামুহিক দুস্কাৰ্য কৰা অভিযুক্ত সকলক শুক্ৰবাৰে একে স্থানত এনকাউন্টাৰত ধৰাশায়ী হয়। চাইবৰাবাদ কমিছনাৰ ভি চি চজ্জনাৰে পুলিচৰ এটা টিম লগত লৈ অভিযুক্ত সকলক লগত ঘটনাস্থলীত গৈছিল। পুলিচে জানিবলৈ দিয়া মতে অভিযুক্ত সকলে তাত পলাবলৈ ধৰোতে হোৱা গুলিচালনাত চাৰিওজন নিহত হয়। এই কাৰ্যত বহুতো সন্তোষ প্ৰকাশ কৰিলেও কিছুমানে এই এনকাউন্টাৰৰ ওপৰত প্ৰশ্ন তুলিবলৈ ধৰিছে।

ছচিয়েল মিডিয়া টুইটাৰ, ফেচবুকত এই নিউজটোৱেই  বছৰৰ শেষৰ এটা ভাল খবৰ হব পাৰে।