-->

The Secret Story of A Politician In Assamese

Story of A Politician In Assamese | Secret Story In Assamese

 The Hidden Story of a Politician In Assamese

(চব গল্পৰে এটা সঁচা আধাৰ থাকে)

এজন এতিয়াৰ প্ৰতাপী ৰাজনীতিক। তালফাল লগাই থাকে। তেতিয়া তেওঁ তগবগীয়া ছাতৰ। সেই সময়ত তগবগীয়া সৰু-সুৰা এজন ছাত্ৰ নেতাই। 

উগ্ৰপন্থীৰ নামত যাওঁক পানী যানৰ লগত যুক্ত এজন ওপৰ খাপৰ বিষয়াৰ ঘৰলৈ । বিষয়াক ভাবুকি আৰু দাবী, শকত অংকৰ টকা লাগে। হয়তো উগ্ৰপন্থী সংগঠনটোৱে নাজানেই। 

এটা দিন ধাৰ্য কৰি দিয়া হ'ল, সেইদিনা দাবী ক'ৰা ধন নিবলৈ আহিব। কেনেবাকৈ গম পালে তিনিজন আৰক্ষী বিষয়াই। পানী যানৰ বিষয়াক সাৱধান কৰি দিয়া হ'ল ধন নিদিবলৈ। 

দাবীদাৰক ধৰিবলৈ ফান্দ ৰচনা ক'ৰা হ'ল। আৰু তগবগীয়া ছাতৰে ফান্দত ভৰি দিলে। কেছ হ'ল। কিন্তু তগবগীয়া গৈ ৰাজ্যৰ কৰ্তাৰ শৰণাপন্ন হল। কৰ্তাই দেখিলে, ভালকৈ শিকাই ল'লে এই তগবগীয়া ধনুৰ্ধৰ হ'ব। শপত লোৱালে, তেওঁৰ মতে চলিব আৰু কেচ আগ নাবাঢ়ে। তগবগীয়া টেঙৰো। ভক্তিৰে ধুৱালে কৰ্তাৰ চৰণ। 

তগবগীয়াৰ দোপত-দোপে উন্নতি হ'ল। কেছ তল পৰিল। এসময়ত কৰ্তাৰ কৃপাত ফাইল অন্তৰ্দ্ধান হ'ল। তগবগীয়াক ধৰিবলৈ ফান্দ ৰচনা ক'ৰা তিনিজনৰ দুজন এতিয়া মৃত। আনজন অৱসৰত। গতিকে তগবগীয়া নিশ্চিন্ত। 

কিন্তু কুকান্দ যে ঘটিছিল তেওঁ জানে। কুকান্দৰ শাস্তিৰো যে system failure হয়, এইটো তাৰেই এটা। প্ৰত্যক্ষভাবে জনা জীৱিত বিষয়াই ইয়াতকৈ একো নকয় দেই। গতিকে গল্পৰ সমাপ্তি।

-হৰেকৃষ্ণ ডেকা

You may like these posts

Comments

  1. To insert a code use <i rel="pre">code_here</i>
  2. To insert a quote use <b rel="quote">your_qoute</b>
  3. To insert a picture use <i rel="image">url_image_here</i>
Leave comments according to the topic of writing, comment with active link will not be shown.
Blog admins and authors have the right to display, remove, mark spam, on the comments posted