পেলাই থৈ যোৱা পঙ্গু ছোৱালীজনী : Inspirational story in Assamese Language
assamese motivational post,assamese story, Assamese inspirational article
পেলাই থৈ যোৱা পঙ্গু ছোৱালীজনী : Inspirational story in Assamese Language
ভৰি অবিহনে জন্মগ্ৰহণ কৰিছিল ছোৱালীজনী। তাক লৈ মাক দেউতাকৰো নিজৰ অনুতাপ। কিবা পাপৰ কাৰণে হে এনে জন্ম হয় ভাবি পিতৃ মাতৃ দুয়ো অনুশোচনাত ভুগিছিল। শেষত সেই শিশুটোক নি ৰাস্তাত পেলাই দিলে। কিন্তু সেই ছোৱালীজনীয়েই যে ডাঙৰ হৈ চুপাৰ মডেল হব তাৰ কথা কেতিয়াও কোনেও কল্পনা কৰা নাছিল।
২৩ বছৰ বয়সী এই চুপাৰ মডেলগৰাকীৰ নাম চেচৰ। দুই ভৰি নহলেও ইচ্ছা আৰু মনোবলেৰে বৰ্তমান তাই চুপাৰ মডেল। প্ৰতিবন্ধকতাক জয় কৰি তাৰ মজতে চমক দেখুৱাইছে গোটেই বিশ্বক।
চেচৰৰ জন্ম থাইলেণ্ডত। জন্মৰ পৰাই শাৰীৰিকভাবে পঙ্গু চেচৰক মাক দেউতাকে মৰিবলৈ দি ৰাস্তাত পেলাই আঁতৰি যায়।
তাৰ পিছতে শিশু চেচৰৰ ঠিকনা হয় অনাথ আশ্ৰম। তাত থাকি কিছু কাল পিছত চেচৰক পালিত সন্তান হিচাপে লৈ যায় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জিমি আৰু মাৰিয়ান চেচৰ নামৰ এহাল দম্পতীয়ে। সন্তানস্নেহত ডাঙৰ দীঘল কৰে বিকলাঙ্গ ছোৱালীজনীক।
চেচৰ আজি বিভিন্ন পোচাক নিৰ্মাতা প্ৰতিষ্ঠানৰ সুপৰিচিত মডেল। দি ইনডিপেণ্ডেণ্টক দিয়া এক সাক্ষাৎকাৰত চেচৰে জনাইছে, মাত্ৰ বিজ্ঞাপনৰ পৰাই মাহত ৫০ লাখ টকা আয় কৰে তাই।