Why Should We Follow China চীনক অনুসৰণ কৰো আহক
Why Assamese Should China চীনক অনুসৰণ কৰো আহক
জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সকলো ধৰ্মৰে নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে চৰকাৰে আহ্বান নজনোৱাকৈয়ে চীনৰ জনসংখ্যা নীতি মনে-প্ৰাণে গ্ৰহণ কৰিব লাগিব। এই সময়ত সংসাৰ কৰা আৰু সংসাৰ কৰিবলৈ যো-জা চলোৱা সকলোৱে চীনৰ জনসংখ্যা নীতি মোবাইলত ছাৰ্চ কৰি পঢ়ি চোৱা উচিত। আনকি এতিয়া যিসকলে সংসাৰ কৰি ইতিমধ্যে এটা সন্তানৰ পিতৃ-মাতৃ হৈছে সেইসকলেও দ্বিতীয়টো সন্তানৰ চিন্তা পৰিহাৰ কৰা উচিত।
বিশেষকৈ নতুন প্ৰজন্মৰ ইছলাম ধৰ্মাৱলম্বীসকল এই ক্ষেত্ৰত অধিক সংকল্পবদ্ধ হোৱা উচিত। নহলে আমি সন্মুখীন হৈ থকা সমস্যাবোৰৰ পৰা আমাৰ মৰমৰ সন্তানেও মুক্ত হ’ব নোৱাৰিব। আমাৰ সন্তানেও ট্ৰেকাৰ-মেজিকত ওলমিব লাগিব, ট্ৰেফিক জামত ফচিব লাগিব, বেংকত, ৰেলৰ টিকট কাউণ্টাৰত দীঘলীয়া শাৰী পাতিব লাগিব। কামৰ অভাৱত হাহাকাৰ কৰিব লাগিব। বজাৰত বিৰ দি নোপোৱা ভিৰত ঘামি-জামি অৱস্থা বেয়া হৈ যাব, চিকিৎসালয়ত চিকিৎসাৰ অভাৱত হাহাকাৰ কৰিব লাগিব। আমাতকৈয়ো হাজাৰ-বিজাৰ সমস্যাত ভাৰাক্ৰান্ত হৈ পৰিব লাগিব।
তেতিয়া আমি আমাৰ সন্তানসকলৰ দুখ-দুৰৱস্থা চাই হুমুনিয়াহ কাঢ়িলেও একো নহ’ব। মুঠৰ ওপৰত কথা এয়াই যে সন্তান ঈশ্বৰৰ দান নহয়। বংশবৃদ্ধি হৈছে এক প্ৰাকৃতিক নিয়ম। কিন্তু সন্তান আমি জন্ম দিম নে নিদিম, কেইটা জন্ম দিম সেয়া আমিয়েই নিৰ্ধাৰণ কৰিব পাৰো, ঈশ্বৰ বা আল্লাহে নোৱাৰে। জন্মতে সন্তান এটি মৰিবও পাৰে বা সুস্থ হৈ জীয়াই থাকিব পাৰে বা কোনো কোনো দম্পতীৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাথাকিব পাৰে। এইবোৰ বিষয়ো ঈশ্বৰ বা আল্লাহৰ সৈতে জড়িত নহয়। এই সকলোবোৰ চিকিৎসা বিজ্ঞানৰ অন্তৰ্গত।
গতিকে আমাৰ সন্তানৰ ভাল ভৱিষ্যতৰ স্বাৰ্থতে দুটা নহয়, আমি নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলে সংসাৰৰ বান্ধোনত আৱদ্ধ হৈ মাত্ৰ এটা সন্তান জন্ম দি সেই সন্তানটিক ভালদৰে লালন পালন কৰাৰ কথাহে ভাবিব লাগে। তাকে নকৰি আমাৰ পিতৃ-মাতৃ বা ককা-আইতা, আজোককাহতে কৰা ভুলৰ পুনৰাবৃত্তি কৰিলে আমাৰ সন্তানৰ লালন-পালন কৰিবলৈ আজমল ডাঙৰীয়া, জাকিৰ নাইক বা সাক্ষী মহাৰাজে ঘৰলৈ আহি ধন-বিত দি থৈ নাযায়। চৰকাৰে আহ্বান নজনোৱাকৈ বৰ্তমানৰ নৱ-প্ৰজন্মই সংসাৰত আৱদ্ধ হ’লে দুটি নহয়, মাত্ৰ এটি সন্তান জন্ম দিয়াৰ সংকল্প ললে ২০৪০-২০৫০ত ভাৰতৰ চৌদিশে সুখৰ নিজৰা বৈ যোৱাতো ১০০০ শতাংশ নিশ্চিত।
মনত ৰাখিব চীনে ১৯৮০ চনতে কঠোৰ One-child policy গ্ৰহণ কৰিছিল। আৰু আমাৰ চৰকাৰে তাৰ ৪০ বছৰ পিছত দুটি সন্তানৰ নীতি গ্ৰহণ কৰোতে ধৰ্মবাদীসকলৰ চকুত টোপনি নাইকিয়া হৈ পৰিছে। এয়া সঁচাকৈয়ে গৰিহণাযোগ্য আৰু নিন্দনীয়।
আমাৰ দেশত দুটি সন্তান নীতি অৰ্থাৎ সৰু পৰিয়াল, সুখী পৰিয়াল নীতি জৱহাৰলাল নেহৰুৰ দিনৰে পৰা হাতত লৈ অহা হৈছে। ১৯৫১ চনত কেন্দ্ৰ চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি ঘোষণা কৰাৰ পিছতে ভাৰত হৈ পৰে উন্নয়নশীল দেশসমূহৰ ভিতৰত এনে আঁচনি হাতত লোৱা প্ৰথমখন দেশ। ইয়াৰ পিছত ইন্দিৰা গান্ধীয়ে ১৯৭০ চনত দুটি সন্তানৰ পিতৃসকলক বাধ্যতামূলক বন্ধ্যাকৰণৰ আঁচনি হাতত লৈছিল। কিন্তু বিৰোধী আৰু ধৰ্মৰ প্ৰবক্তাসকলে এনে আঁচনিৰ তীব্ৰ সমালোচনা আৰু বিৰোধিতা কৰাত সেয়া আধৰুৱা হৈ পৰে।
Join the conversation