Assamese Paranormal Confession - ভয়ৰ সঁচা ছবি
Assamese Paranormal Confession - ভয়ৰ সঁচা ছবি
মই 2007 চনত গুৱাহাটী গৈছিলো আৰু তেতিয়াৰ পৰাই 2016 চনলৈ ***** হোষ্টেল এখনত আছিলো। পঢ়া শেষ কৰি চাকৰি পাওঁতে মই ভাড়াঘৰ বা আন হোষ্টেলত নথকা নহয়। কিন্তু বেলেগ ঠাইবোৰত সমস্যা পোৱা বাবে কেইমাহমানৰ পিছতে আকৌ বাৰোৱাৰী হোষ্টেলত গুচি আহিছিলো।
হোষ্টেলত মোৰ বাদে বাকী গোটেইবিলাক পঢ়ি থকা ছোৱালী আছিল। সেইকাৰণে পূজা বা বিহুৰ বন্ধত গোটেই হোষ্টেল খালী হৈছিল আৰু মই অকলে থাকিব লাগিছিল। কাৰণ প্ৰাইভেট চাকৰিত বন্ধ খুব কম দিয়ে। দিনবোৰ ঠিকে পাৰ হৈছিল। ইমান বছৰ কোনো দিনে একো সমস্যা পোৱা নাছিলো। সেইবাবে মই অকলে থকাটো একো ডাঙৰ কথা বুলি ভবা নাছিলো।
2015 চন |সেইদিনা বহাগ বিহুৰ বন্ধ শেষ কৰি হোষ্টেল গৈছিলোঁ। ৰান্ধনী নাছিল, ৰেষ্টুৰেণ্টবৰো খোলা নাছিল। গতিকে ঘৰৰ পৰা লৈ যোৱা বস্তু অকণমান খাই বিচনাত উঠিলো।
অকণমান মোবাইলত কথা পাতি শুবলৈ চেষ্টা কৰিছিলোঁ। পেটৰ ভোকত টোপনি অহা নাছিল। তেনেতে কৰিদৰত কিবা শব্দ পালো। ভাবিলো মেকুৰীয়ে কিবা টানিছে ছাগে, মাজে মাজে মেকুৰীটোৱে পেলোৱা বস্তু খাব আহে। কেৰেক্ কেৰেক্ শব্দটো বেছি হোৱা শুনি উঠি গৈ দৰ্জাখন খুলি চালো।
নাই মেকুৰী। কৰিদৰৰ খিড়িকীখন আৰু জোৰকৈ মাৰি দিলো। ইফালে সিফালে চাই দেখিলো একো নাই। আহি শুই গলো। তাৰ অলপ পিছতে বাথৰূমত শব্দবলৈ পালো।
এইবাৰ কিন্তু মোৰ অলপ ভয় লাগিল। তথাপিও মেকুৰীটোৱে বাথৰূমত সোমাল বুলি আকৌ উঠি গলো। বাথৰূম মোৰ ৰূমৰ একেবাৰে ওচৰতে। ভয়ে ভয়ে বাথৰূমৰ দৰ্জা খন টানি চালো। নাই তাতো একো নাই। বুকুখন চিৰিংকৈ মাৰিলে।
দৌৰি ৰুমত সোমাম বুলি ঘূৰাৰ লগে লগে চাউৎকৈ কৰিদৰৰ শেষৰ পিনে কিবা এটা গুচি গৈছিল। মই ডাঙৰ ডাঙৰকৈ অকল ভগৱানৰ নাম মাতিব ধৰিলো, কিন্তু মই তাৰ পৰা ভৰি লৰ চৰ কৰিব পৰা নাছিলোঁ। কিছুসময় পিছত মোৰ চেতনা ঘূৰাই পোৱাযেন লাগিল।
কোনোমতে ৰুমৰ ভিতৰত সোমাই থাপনাখনৰ ওচৰত বহি পৰিলো। মোৰ গাত ইমানখিনি শক্তিও নাছিল যে মই হোষ্টেলৰ মালিকক বা আন কোনোবাক যোগাযোগ কৰিব পৰিছিলোঁ।
মোৰ তাৰ পিছত একো মনত নাই। ৰাতিপুৱা 7 বজা মানত হোষ্টেলৰ আন এগৰাকী ছোৱালী আহি পাই মেইন দৰ্জাখনত বহুত ডাঙৰকৈ শব্দ কৰাত মই সাৰ পাইছিলো।
গোটেই ৰাতি মই পকীতে শুই আছিলো। মোৰ গাতো বহুত গধুৰ গধুৰ লাগিছিল| কোনোমতে গৈ দৰ্জাখন খুলি দিছিলো|
সেই দিনটোৰ কথা মনত পৰিলে মোৰ বহুত ভয় লাগে। মই কথাটো হোষ্টেলত কাকো নকলো। কাৰণ ছোৱালীবোৰ সৰু সৰু। এনেবোৰ কথাই পঢ়াৰ ক্ষেত্ৰতো দিগদাৰ দিব পাৰে বুলি ভাবিছিলো। কিন্তু তাৰ পিছত মই কেতিয়াও অকলে থকা নাছিলো।
লিখিছে - Krishna Kalita Talukdar
4 comments