গুৱাহাটীৰ হোষ্টেলত ভূত - এক শিহৰিত অভিজ্ঞতা

Assamese horror story, paranormal assamese story

গুৱাহাটীৰ হোষ্টেলত ভূত - এক শিহৰিত অভিজ্ঞতা 

(এতিয়ালৈ আমালৈ পঠিওৱা আটাইবোৰ পেৰানৰ্মেল কনফেশ্বনৰ ভিতৰত এইটো ভয়ংকৰ আৰু দেহ শিহৰিত কনফেশ্বন)

মই হোষ্টেলত থকা ৬ মাহ হৈ গল। সকলো থিক থাক চলি আছে। বন্ধুবোৰো বহুত ভাল। আমি আটায়ে গুৱাহাটী প্ৰাইভেট মেডিকেল কলেজৰ ষ্টুডেণ্ট আছিলো। দাদা (মালিক) হত ৰাতি থকাকৈ খুব কমেই যায়। কাৰণ তেওঁলোকৰ এটা  লেব্ৰা ডগ আছে। এদিন হঠাৎ দাদাৰ দেউতাকৰ গা বেয়া হল দুদিন পিছত খবৰ আহিল যে তেওঁ ঢুকাল। মই হোষ্টেলত থকাৰ পৰা এয়াই ১ম দাদা আৰু তেওঁৰ ফেমিলি এসপ্তাহৰ বাবে গাওত যোৱা।.দাদা অৰ্থাৎ আমাৰ হোষ্টেলৰ মালিক তেওঁ যোৱা দুদিন মানলৈ সকলো থিক থাক চলি আছিল। তিনি নং দিন টো গল। ৰাতি আমি হোষ্টেলৰ লৰাবোৰ ভাত খাই আহিলো ৰুমত সোমালো চব। আমাৰ হোষ্টেলত এজনী বাইদেউ আছে। অলপ বয়সীয়াল। ভাত বনায়। হোষ্টেলৰ ৰেচপনচিবিলিটি দাদাই বাইদেউ গৰাকীকে দি থৈ গৈছে।..বাইদেউ থাকে টপ ফ্লৰত কেতিয়াবা ঘৰলৈও যায় যদি সোনকালে ভাত হয় । বাইদেউৰ ঘৰ ওচৰতে। শেষ ৰাতি বাইদেউ হোষ্টেলত আছিল। আমি ৰুমত অহাৰ অলপ পিছতে বাইদেউ ভয়েৰে ওপৰৰ পৰা নামি আহি আমাক যেন কিবা কবলৈ ব্যাকুল হৈ পৰিছিল। মই ৰুমত মোবাইলত গান শুনি আছিলো বাহিৰত অলপ হাল্লা যেন শুনি ওলাই গলো।

:হোষ্টেলৰ দুটামান লৰাৰ লগত বাইদেউ কথা কৈ আছিল মই সুধিলো বাইদেউ কি হৈছে। বাইদেউ কলে যে কিবা এটা হৈছে মনটো ভাল লগা নাই "মই আকৌ ভালকৈ কব কলো। বাইদেউ কলে "" কালি ৰাতি ১টা মান বজাত বিৰাট জোৰেৰে কোনোবা দৌৰি আহি গ্ৰাউণ্ড ফ্লৰৰ পৰা টপ ফ্লৰ পাইছিল আৰু কিটচেনৰ ওচৰত ৰৈ গৈছিল কিটচেনৰ বেৰবোৰ লাৰি আছিল আৰু যেন দাদা হতৰ খিৰিকীবোৰ কাটি আছিল এনেকুৱা শব্দ হৈছিল। আমি ভাবিলো যে চোৰেই হব আৰু বাইদেউক শান্তনা দিলো যে আমি লৰাবোৰ থাকোতে আপোনাক কোনেও একো কৰিব নোৱাৰে। মই লগে লগে দাদাক ফোন কৰিলো যে দাদা চোৰ আহিছিল কালি, বাইদেৱে ও সকলো কলে। তাৰ পিছত দাদাই কলে যে আজিলৈ কোনো চোৰ সেই ঠাইখিনিত অহা নাই আৰু লৰাৰ হোষ্টেলততো কেতিয়াও সোমাব সাহস নকৰে। গেট আৰু ৱালো বহুত ওখ। এইবোৰ কথা পাতোতে ৰাতি হল আৰু ১টা মান বাজিল। আমি সকলোৱে দা কটাৰী যিয়ে যি পাৰে লৈ চোৰ খেদিম বুলি শুই থাকিলো।

সিদিনা ৰাতি একো নাই সকলো নৰ্মেল পাৰ হল. । পিছদিনা ৰাতি আমি ভাত খাই আহিলো। বাইদেউ কিবা বহুত ভয় খালে আৰু সোনকালে ভাত দি ঘৰলৈ গল। ৰাতি ১২.৩০ মান বাজিছিল। মোৰ কাষৰ ৰুমৰ লৰাজনে তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে ভিডিঅ কলত। হঠাৎ vc টো  off  নে আন্ধাৰ হৈ গল ..আকৌ খোল খালে কিন্তু তাৰ গাৰ্লফ্ৰেণ্ডৰ চেহেৰাটো ভয় লগা ধৰণৰ হল। সি ভাবিলে নেটৰ প্ৰব্লেম। কিন্তু চেহেৰাটো তেনে হৈ থকাত সি ভয় খাই ফোনটো অফ কৰি দিলে আৰু বাহিৰ আহি আমাক কলে। আমি ধেমালিতে কথাবোৰ উৰাই দিলো। তাৰ পিছত ৰাতি ২.৩০ মান হল আমাৰ পৰীক্ষাৰ সময় বাবে আমি পঢ়ি আছিলো। হঠাৎ এজন লৰা বিৰাট জোৰত দৰ্জাখুলি বেলকনিলৈ ওলাই গল। আৰু এজন গল. । মই বোলো কিনো হল বুলি মইও ওলাই আহিলো। মই একো নাপালো কিন্তু পিছত দুইটাই যি কলে মোৰো ভয় লাগিল ....দাদা মোৰ ৰুমৰ খিৰিকীৰ ওচৰত কোনোবাই কান্দি আছে। আৰু আনজনে কলে তাৰো বেলকনিৰ ওচৰত হেনো কোনোবাই কান্দি আছে সেয়ে দুয়োজনেই ওলাই আহিছিল। আমি অলপ কথা পাতি শুই থাকিলো।
ৰাতিটো কিবাকৈ গলে হয় বুলি ভগবানৰ নাম লৈ শুই গলো। পিছদিনা দাদা (মালিক) আহিল খবৰ পালো যে হেনো বৌৰো দেউতাক ঢুকাইছে। শুনি বেয়া লাগিল। দাদাৰ  চুলি কটা সকাম যোৱা নাছিল দেউতাকৰ আৰু হোষ্টলৰ কিটছনত নন ভেজ চলি আছিল। হয়তো এইবোৰৰ বাবে কিবা হব পাৰে। ময়ো সৰু লৰা বৰ বেছি জ্ঞান নাই। ভুলো হব পাৰে। সেইদিনা দাদা আহি পুনৰ গুচি গল.....


(পাৰ্ট ২)


..দাদা যোৱাৰ পিছত সন্ধ্যা সময়ত বাইদেউ আহিল আৰু গোটেই হোষ্টেলত ধূনা দিলে। আমাৰ সকলোৰে ৰুমত ধূনা দি থাকোতে বাইদেউৰ বোলে যিমান ওপৰ ফ্লৰত গৈ আছিল গাৰ নোম বোৰ উঠি আছিল। এনেকুৱা লাগিছে যেন কোনোবাই বাধা দিছে এইবোৰ দিয়াত। তাৰ পিছতো নৰখি তেও ধূনা দি গল। সচাকৈ ফ্ৰেছ লাগিল। কিন্তু আজি ৰাতি মোৰ বাবে অলপ ভয় লগা আছিল। যিটো মই ভবা নাছিলো বা আগতে পোৱা নাছিলো। ৰাতি ২.২০ মান হল। মই এই সময়ত শুই য়াও। টোপনি আহিছে মোৰ। মই শুলে আকৌ হনুমান চালিচা সদায় লগত লও। বাইদেউ মোক কৈছিল যে কোনোবাই যদি  দুবাৰ দৰ্জাত নক(knock) কৰে দৰ্জা খুলি নিদিবি কাৰণ মানুহে অকল ২বাৰ নক নকৰে.. হয়। আপুনিও ভাবি চাবচোন ৰাতি কাৰোবাক মাতিলে ২ বাৰ দৰ্জাখনত টুকুৰিয়াই মাতিব নে ৫-৬ বাৰ মান মাতিব। যিয়েই নহওক বাইদেউৰ কথাটো মনত কৰি শুই গলো।
মোৰ টোপনি আহিল আৰু সপোনত মই দেখিলো যে কোনোবাই মোৰ দৰ্জাত দুবাৰ  নক কৰিছে। কিন্তু এয়া সপোন আৰু মই গম পাই আছিল সকলো। মই বাইদেউৰ কথাটো মনত কৰিছো। কিন্তু সপোনতে কোনোবাই দৰ্জাখন জোৰত মোলি সোমাই আহিছে। তেতিয়া আছিল পুহ মাহৰ বৰ  ঠাণ্ডা। মোৰ হাৰ্ট বিট ইমান বেছি হৈছিল যেন যদিও সপোন দেখি থকা যেন আছিল সকলো বাস্তব যেন লাগিছিল। মই সপোনত হনুমান চালিচা খন লবলৈ চেষ্টা কৰিছো কিন্তু মোৰ হাতত কোনোবাই ধৰি বেকা কৰি নিছে। চালিচা খন আনিব দিয়া নাই। মই ইমান জোৰ দিছো যে মই ঘামি গৈছো আৰু খঙত কাণত কিবা কৈ গল মনে মনে মই বুজি নাপালো আৰু সপোনৰ পৰা সাৰ পালো। কিন্তু মোৰ ইমান বেছিকৈ ভয় লাগিল মই কব নোৱাৰো। মোৰ যে হাৰ্ট এটেক নহল। কিন্তু মই চকু মেলা নাই ভয়ত আৰু হনুমান চালিচা খন আনিব খুজিলো যে মোৰ হাতখন তেতিয়াও বেকা হৈ আছে। থিক কৰিব পৰা নাই। আকৌ ভয় লাগিল। মা লৈ মনত পৰিছে। চিঞৰি কান্দিবলৈ মন গৈছে। মোৰ হাতখন যেন ধৰি ৰাখিছে। কি কৰো বুলি জোৰত মই গাৰুৰ কাষত থকা হনুমান চালিচা খন বুকুত সাৱটি ললো। তথাপিও যেন কিবা এটা আছে ৰুমত মোৰ গাৰ আত্মাটো যেন স্থিৰ হব পৰা নাই। তাৰ পিছত বায়ে এটা মন্ত্ৰ দিছিল মই সেয়া অলপ মাতিলো। লাহে লাহে মোৰ শৰীৰ মন মগজু সুস্থিৰ হৈ পৰিল। মোৰ হাৰ্ট বিট নৰ্মেল হল। মই ৰিলেক্স হলো অলপ। তেতিয়া  3.00 am হৈছে ...আৰু কুকুৰটোৱে ইমান জোৰকৈ ভুকিছে যেন সি কাৰোবাক খাই পেলাব .ৰাতি   3 .00 বজাত সি আগতে কেতিয়াও নুভুকে কিন্তু সিদিনা ভুকিছে। কিয় মই নাজানো। কিন্তু সেই ৰাতিটোৰ কথা বেলেগ কোনেও নুবুজিব। ৰব আৰু মাজত এটা দুটা কথা আছিল। মই আপোনালোকক নকলো। লিখিছিলো মই কিন্তু কাটি দিলো। এইখিনি লিখোতেও মোৰ ভয় লাগিল। কিয় নাজানো। কিন্তু কিবা এটা বহুত শক্তিশালী বস্তু আছিল তাত মই অনুভৱ কৰিছিলো। সেই দিনাই ৰাতি চাগে গুচি গৈছে। কাৰণ তাৰ পিছত আজিলৈ হোষ্টেলত একো কেচ হোৱা নাই।....


লিখিছে - দীপাংকৰ