Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

এটা আধৰুৱা গল্প | A Story Of An Assamese Boy -Assamese Sad Story

Assamese sad story for boys, assamese dukhor golpo..assamese story for boys girls

Assamese Sad Story For boys | Dukhor golpo in assamese language

এটা আধৰুৱা গল্প | A Story Of An Assamese Boy -Assamese Sad Story

যেতিয়া চকুৰ আগত মৃত্যু দেখা যায় তেতিয়া বহুত দুখ লাগে ৷ আৰু যেতিয়া মৃত্যু হোৱাৰ আগমুহুৰতত দেখা পায় আৰু আপুনি নিৰপায় হৈ নিৰব দৰশক হয় তেতিয়া ?

সবাতোকৈ দুখ লাগে তেতিয়া যেতিয়া আপুনি নীৰব দৰশক হৈ থাকে আৰু আপোনাক মানুহজনে কয় মোৰ একো হোৱা নাই ও ৷ মই ঠিকেই আছো ৷ বাৰু এতিয়া কথাবোৰ বাদ দিয়ক ৷ 

2011 চনৰ কোনোৱা এটা সন্ধিয়া ৷ ফেচবুক কৰি আছিলো ৷ নতুন একাউন্ত friend কম ৷ friend add কৰোতে কৰোতে friend ৰিকুবেষ্ট ব্লক হ'ল ৷ সেয়ে poke মাৰা আৰম্ভ কৰিলো ৷ poke মাৰিলো বহুকেইজনী ধুনীয়া ছোৱালীক ৷ কিচুমানে poke বেক কৰিলে ৷ কিচুসময় পাছত দেখোন অচিনাকি এজনী ছোৱালীয়ে বহুত কিবা লিখি মেছেজ দিলে ৷ ইস ৷ আপোনাক নকও মই ৷ বাদ দিয়ক ৷ মই ৰিপ্লাই দিছিলো কিন্তু মেছেজটো নগল ৷মেছেজটো পঢি ফেচবুক কৰাৰ ও মন নহোৱা হ'ল ৷ তাইক add কৰিছিলো দুদিন পিছত যেতিয়া ব্লক খোলা গল ৷

--ঐ poke মাৰাতে ইমান কিয় গালি?
--কিমানবাৰ মাৰিছে?
--ওহো মই তুমি আপুনি নহয় ৷ আৰু poke হে মাৰিছো ৷ কি বেয়া কৰিছো ৷ মোৰ ব্লক আছিল... ৷ ঘৰ ক'ত কি পঢি আছা আৰু কি কৰি আছা এতিয়া 

একেই উশাহতে যেন সুধিলো কাৰণ গালি খাব মন নাই আকৌ ৷

আৰম্ভণি এয়াই ৷ কিচুদিন পিছত লাহে লাহে ইনবক্সটোও গধুৰ হৈ আহিল ..৷ কথাবোৰো..তাই উজনি অসমৰ আৰু মই নলবাৰীৰ ৷ তাই ধুনীয়া আৰু মই ...ইস .... বোধহয় ঘৰৰ আইনাখনতহে ধুনীয়া দেখো ৷ লৰাবোৰৰ এজনী ছোৱালীক ভাল পাই পেলোৱাত বেছি সময় নালাগে৷ ময়ো একেই ৷ আৰু তাই ...ওহো না নাজানো ৷ কি বিচাৰে কেনেকুৱা একোৱেই নাজানো ৷ তথাপিও সুধিছিলো .. আৰু তাই single বিচ্ছেদ হৈছিল আগৰ bf ৰ লগত ৷ কাৰণটো নকলে ৷ জানিবৰ মন আছিল তথাপিও সুখী বহুত কাৰণ single ৷এতিয়া আকো উদ্যম বাঢিল হে ৷ বহু ৰাতিলৈ অনলাইন মেছেজ ৷ মই তাইক ভালপাইছিলো ৷ তাই ধুনীয়া নে কথাবোৰেই ধুনীয়া নাজানো তদুপৰি ইমান privecy ৰাখে কথাবোৰত তাৰকাৰণে অবশ্যে বহুত খং ও উঠিছিল ৷ সি যি কি নহওক কিয় মই মাঠো ভাল পাইছিলো ৷

--কি কৰিছা ৷
--মই অকলশৰীয়া
--আৰু মই ৷
--তুমি নহয় কাৰন তোমাৰ লগত ভগৱবান আছে ৷ মইহে ৷
--আৰু তোমাৰ লগত মই আছো ৷ i lov u ....
--সকলোৱে তেনেকৈ কয় ৷ জানা আজিকালি এইবোৰ আলপো বিশ্বাস নহয় ৷
--কিয়
--ময়ো নাজানো
--আকৌ privacy
--কেতিয়াবা বহুত প্ৰয়োজন হয় ৷ মই যদি মৰি যাও তুমি কি কৰিবা
--মই নমৰো কাৰণ তোমাক ভাল পাও বহুত
--ওহো ফাল্টু নহয় ৷ সচাকৈ কোৱা অ' ৷
--সচাকৈয়ে আই লাভ ইয়ু ৷
--ময়ো ৷ কিন্তু পাব নোৱাৰো ৷
--কিয় ৷
--এনেয়ে
--ওকে ৷বাই
--মই তোমাৰ হব নোৱাৰো কাৰণ মোৰ ব্লাড কেন্সাৰ হৈছে ৷
--কি? কিয়? কেনেকৈ?

কিচুসময় নীৰবতা ৷ আৰু মোৰ আঙুলি থৰক বৰক হৈ পৰিছে ৷ 1মে ভাবিছিলো মিছা কৈছে ৷ পাছলৈ ভালকৈ গম পালো ৷ সেয়া সঁচা আছিল ৷ সেয়ে কিজানি single হৈ পৰিছিল ৷ আৰু মই বেছিকৈ ভালপোৱা হৈছিলো ৷ তাইয়েই সেইজনী ছোৱালী যিজনীয়ে আনক হহুৱাব চেষ্টা কৰিছিল দুখোবোৰ লুকাই ৷ ভয় কৰিছিল মই গুচি যাম বুলি ৷মোৰ ভালপোৱা গভীৰ হৈছিল ৷ সমস্ত হৃদয় উৎসৰগিত কৰিছিলো তাই নামত ৷ আৰু তাইও ৷ 2 য় কোনোদিনেই তাইক দুখী দেখা নাই ৷ বৰঞ্চ মোক কয় ৷ এস মই ঠিকেই আছো একো হোৱা নাই মোৰ ৷ সময়বোৰ পাৰ হৈ গৈ আছিল ৷ কেতিয়াবা উজাগৰী ৰাতি কেতিয়াবা তাইৰ নামত কবিতা লিখো ৷ গিটাৰত সুৰ তোলো ৷

আৰু তাই অসুস্হ হৈ পৰিছিল ৷ গিটাৰৰ সুৰবোৰো বিষাদৰ হৱ লৈছিল ৷ কিন্তু তাই নহোৱা সময়ত ৷ এদিন তাই হাৰি গল ৷ হাৰি গলো মইও ৷ তাই মেডিকেলত last stage ত আছিল ৷ মই চাব বিচাৰিছিলো ৷ বহু দুৰ আছিল ৷ তাই শেষ মুহুৰতততো মোক কৈছিল একো হোৱা নাই ও মোৰ ঠিকেই আছো মই ৷ ৷ মই তেতিয়াও বুজি নাপালো দুখবোৰ কত লুকাই থয় ৷ হয়তো ভগবানৰ লগত যুদ্ব কৰে অবিৰত ৷ হ‍য়তো বিছাৰে মই সুখী হোৱা ৷ বিছাৰে তাইৰ বাবে আকৌ ভালপোৱাৰ কবিতা লিখাটো ৷ আৰু মই ভাবি ভাবি এইবোৰ নিশ্চুপ হৈ বহি পৰো বিচনাখনত৷ এতিয়া তাই মোৰ বাবে এক স্মৃতি , হাঁহিটো এক সাথৰ আৰু আপোনাক কোৱাৰ সময়ত এয়া এক গল্প ৷ ততস্বত্বেও মইও হাৰি যাব নোৱাৰো ৷ মইও যুজি যাম ৷ মইও মৰিব নোৱাৰো কাৰণ

কাৰণ এতিয়াও তাইক ভাল পাও
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment