ডাইনী ১৯ daini part 19
ডাইনী ১৯ Daini part 19
সিদিনা অফিচত প্ৰচণ্ড কামৰ চাপ। মোৰ টেবুলত প্ৰায় ১৫টা ফাইল জমা হৈ গৈছে। ইমানবোৰৰ মাজত বহুকেইটা মই নপঢ়াকৈয়ে এপ্ৰুভ কৰিলো। কিন্তু তৎক্ষণাত আৰু ফাইল আহিল। মাজতে এখন কনফাৰেন্স মিটিংও এটেণ্ড কৰিবলগীয়া হল। ইমানৰ পিছতো মই ১২ঘণ্টাৰ ভিতৰত অফিচৰ কামবোৰ কৰি শেষ কৰিলো। তাৰ পিছত মোৰ টেবুলত এখন সৰু কাগজত লিখি থলো। “নতুন CEO ক স্বাগতম।”
আচলতে মোৰ এনে লাগিছিল যেন সেই দিনটো অফিচত মোৰ শেষ দিন। আজিৰ পিছত মই আৰু কেতিয়াও অফিচত আহিবলৈ নোৱাৰিম। মোৰ পোষ্টত যিয়ে জইন কৰিব তেওৰ বাবে আগতীয়াকৈ শুভেচ্ছা জনাবলৈ মই কাগজত শুভেচ্ছাবাণী লিখিছো। তাৰ পিছত মই সকলো কৰ্মচাৰীৰ ডেস্কলৈ গৈ তেওঁলোকৰ সৈতে কথা পাতিলো। হয়তো কামৰ সময়ত দুৰ্ব্যৱহাৰ কৰিছো কিন্তু আজি এৰিব লগীয়া হোৱাত অত্যন্ত আপোন যেন লাগিছে। সেই বিশাল দেহৰ চন হাউঞ্চন। মই অফিচত নতুনকৈ জইন কৰাৰ সময়ত তেও মোক প্ৰপোজ কৰি কৰি এটা সময়ত কান্দি দিছিল তাৰ পিছত এদিন মোৰ পিছত লাগিবলৈ এৰি নতুন এজনী ছোৱালীৰ পিছত লাগিল। কেইদিনমান পিছত সেই ছোৱালীজনীয়েও তাক বাদ দিলে। তেওৰ সৈতে কথা পাতি যেতিয়া হেণ্ডচেক কৰিলো তেও মোৰ হাতখন জোৰকৈ ধৰিছিল। কিছুসময়ৰ বাবে এনে লাগিল তেওকতো মই ইচ্ছা কৰিলেই পতাব পাৰো। কি দৰকাৰ আজি কবৰস্থানত মৰিবলৈ যোৱাৰ। তাতকৈ আজি ৰাতিটো এওৰ সৈতে কটালেই তো ভাল হয়। মোৰ অভিশপ্ত কটেজৰ পৰা দুৰত তেওৰ উষ্ম আলিঙ্গনত।
পিছ মুহূৰ্ততে নিজক চম্ভালি হাতখন আঁতৰাই আনিলো। আজি ৰাতি ছোৱালীবোৰৰ আত্মাৰ মুক্তি মোৰ ওপৰতে নিৰ্ভৰ কৰিছে। মই সিহঁতক নিৰাশ কৰি এনেদৰে সুখ লবলৈ নোৱাৰো। তেও মোৰ মুখলৈ ললোপ দৃষ্টিৰে চালে। মই এটা অবজ্ঞাৰ হাঁহি দেখাই তেওৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলো। সিদিনা অফিচৰ পৰা বাহিৰলৈ আহি অনুভৱ কৰিলো, চাকৰীটো যিমানেই বিৰক্তিকৰ নহওক মই এয়া ভালপাই পেলাইছো। চকু দুটিত পানী জমা হৈ গৈছে। হৃদয়ত দুখভাব লৈ আগুৱাই গলো গীৰ্জাৰ ৰাষ্টাৰে। এনে লাগিল যেন জীৱনক পিছত পেলাই আগুৱাই গৈ আছো মৃত্যুৰ দিশে।
গীৰ্জাৰ কাষৰ এখন ৰেষ্টুৰেণ্টত ডিনাৰ কৰিলো। তেতিয়া চাৰে ছয়টা বাজিছে। গীৰ্জাৰ ফাদাৰৰ ওচৰত মোৰ কনফেশ্বনৰ সময় ৰাতি ১০ টাত। এতিয়াও ১০টা বাজিবলৈ প্ৰায় তিন ঘণ্টা বাকী। খাই লৈ গীৰ্জালৈ গুচি গলো প্ৰায় আঢ়ৈ ঘণ্টা আগতেই। গীৰ্জা প্ৰাঙ্গণত গাড়ী পাৰ্ক কৰি সোমাই গলো চিমেট্ৰিত। গাৰ্ডসকলে যথাযথ অবস্থানত পহৰাদাৰি কৰি আছে। মই স্বাভাবিক ভাবে খোজকাঢ়ি প্ৰিষ্টৰ কবৰটো ভাল ভালদৰে চাই আহিলো। যাতে ৰাতি আন্ধাৰত হেৰুৱাব লগা নহয়। তাৰ পিছত গাডীৰ পৰা বেগটো উলিয়াই গীৰ্জাত প্ৰৱেশ কৰিলো। লাহে লাহে নিঃশব্দে গীৰ্জাৰ দ্বিতীয় তলালৈ উঠি গলো যেন ফাদাৰে মই অহা গম নপায়। অলপ সময় কান পাতি শুনিবলৈ চালো। কোনো শব্দ নাই। লাহে লাহে চাদলৈ উঠি গলো।
ধেৎ। বুঢ়াটো ছাদত থিয় হৈ আছে! মনে মনে বুঢ়াৰ বাপেক ককায়েক চৈধ্যগোষ্টী গালি পাৰিলেও মুখত হাঁহি এটা লৈ কলো “ফাদাৰ, মই আহিছো।”
মোক দেখি তেওঁ সুখী হল নে খং কৰিলে বুজি নাপালো। তেওঁ কলে “তনয়া। মই তলত কনফেশ্বন কক্ষলৈ গৈ আছো। তুমি অলপ সময় পিছত আহিবা।”
বাহ। তেওঁ মোক ছাদত অকলশৰীয়া কৈ গুচি গ ল। খুব ভাল। তেও নামি যোৱাৰ লগে লগে মই ক্ৰছৰ পিছফালে লাগেজটো লকুাই থলো। তাৰ পিছত আনন্দত চিৰিৰে তলত নামি আহিলো।
এতিয়া মোৰ কাম আধা শেষ হলেই। এতিয়া মাত্ৰ কনফেশ্বন বাহানা কৰি সময় পাৰ কৰা আৰু ৰাতি কাম সম্পন্ন কৰিব লাগিব। কিন্তু মোৰ পৰিকল্পনাত এটা বহুত ডাঙৰ ভুল হৈছিল। মই কি কনফেচ কৰিম সেয়া থিক কৰি অহা নহল। । হে ভগবান। সন্ধা হবলৈ আৰু প্ৰায় দুঘণ্টা বাকী। এই দুই ঘণ্টা মোৰ কুকৰ্মৰ বৰ্ণনা দি পাৰ কৰিব লাগিব? যিবোৰ মই কৰা নাই। ভাবোঁতেই গল শুকাই গল। তাৰ পিছতো ভয়ে ভয়ে আগুৱাই গলো কনফেশ্বন ৰুমৰ দিশত।
কনফেশ্বন কক্ষত তাৰজালিৰ ৱালৰ সিটোমুৰত ফাদাৰ বহি আছে। তেওঁৰ চেহেৰা দেখা পোৱা নাই। মই আহোঁতেই ফাদাৰে কলে, “তনয়া, জীবনত সকলোৱে ভুল কৰে। জীৱনপথত কেতিয়াবা মানুহে পথ হেৰাই ভুল পথত যায়। যেতিয়া উভতি অহা যায় তেতিয়া আৰু পিছলৈ চোৱা নহয়। আজিৰ পৰা তুমিও জীৱনৰ ভুলবোৰ ভাবি নাথাকি নতুনকৈ জীৱনটো আৰম্ভ কৰা। ।”
মনে মনে ভাবিলো কি কম কি কম। জীৱনত খুৱ কমেই মিছা কথা কৈছো। কিন্তু আজি, , , ,
ইমান ভাবিবলৈ বাদ দি মই আৰম্ভ কৰিলো, “ফাদাৰ, মই পাপী অধম। দু বছৰ হল মই বিবাহিত। মোৰ এজন অসাধাৰণ প্ৰিয়তম স্বামী আছে আৰু যমজ সন্তান। মই তেওঁক খুবেই ভালপাওঁ। মই এটা সুখৰ যৌন জীবন উপভোগ কৰিবলৈ বিছাৰিছিলো। কিন্তু মাহৰ শেষত মই তেওঁৰ এক বন্ধুৰ সৈতে চিনাকি হলো। তেওঁ অত্যন্ত সামৰ্থবান আৰু শক্তিশালী পুৰুষ আছিল। মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলো, , , , , , , , , , , , , , , এক্স, , , , , , , , , , , , , , , , , , , , , , ,
তাৰপিছত এখন বাৰত মোৰ এজন বাৰটেণ্ডাৰৰ সৈতে পৰিচয় হয়। মোৰ স্বামী তেতিয়া ব্যৱসায়ৰ কামত নৰৱে গৈছিল। মই সেই বাৰটেণ্ডাৰজনক ঘৰলৈ লৈ আহিলো। তেও মোৰ কাষৰ চিটত বহিছিল। আহি থকা সময়তে ৰাষ্টাত গাড়ী পাৰ্ক কৰি আমি, , , , , , , , , , , , , , , এক্স, , , , , , , , , , , , , , ,
তেওঁক লৈ ঘৰ আহি দেখিলো মোৰ লৰাকেইটা শুই আছে। তাৰপিছত তেওঁক মোৰ বেডৰুমত লৈ গলো। সেইদিনা গোটেই ৰাতি আমি, , , , , , , , , , , , , , , এক্স, , , , , , , , , , , , , , , , , ।
তাৰপিছত এই দুসপ্তাহ আগত মোৰ অফিছৰ এক নতুন সহকৰ্মীক ভাল লাগিল। সেইদিনা অফিচৰ শেষত মনটো একো ভাল লগা নাছিল। মোৰ স্বামীক ফোন কৰি কৈ দিলো ঘৰ উভতি আহোঁতে দেৰি হব। তাৰপিছত নতুন সহকৰ্মীৰ সৈতে ডিনাৰলৈ গলো। তাত কথা পাতি পাতি এটা সময়ত তেওঁ কিচ খালে। তাৰপিছত ডিনাৰ শেষত আমি এখন ভাল হোটেলেত গলো। তাৰপিছত, , , , , , , , , , , , , , , , , , , , , , , , , , , এক্স, , , , , , , , , , , , , , , , , , , । “
নিজৰ সম্পৰ্কে ইমান বাজে অপবাদ দি বেয়া লাগিছিল। কিন্তু সময়তো পাৰ কৰিব লাগিব। আন্ধাৰ হোৱাৰ আগত কনফেশ্বন শেষ কৰিব নোৱাৰিম। কথা কোৱাৰ সময়ত মাজে মাজে ঘড়ীটোলৈ চাই আছিলো। যেন ছেকেণ্ডৰ কটাডালে প্ৰতি ঘণ্টাত এবাৰকৈ ঘূৰিছে। ৰাতি হবলৈ ১৫-২০ মিনিট বাকী। এই সময়টাতে আৰু কি কম। কি কম। এইবোৰ যেতিয়া ভাবি আছিলো তেতিয়া পাদ্ৰীয়ে কলে, “ এই ইমানবোৰ অপকৰ্মৰ পিছত তোমাৰ আত্মোপলব্ধি দেখি মই সচাকৈয়ে আনন্দিত হৈছো। ঈশ্বৰে নিশ্চিতভাবে তোমাৰ অন্তৰৰ কালিমা মচি দিব। তুমি শীঘ্ৰেই সত্যৰ আভাত আলোকিত হৈ উঠিবা। “
মই স্পষ্টত বুজি পাইছিলো পাদ্ৰী কনফেশ্বন পৰ্বটো শেষ কৰিবলৈ বিচাৰিছে। কিন্তু মোৰ ঘড়ীত সময় এতিয়াও বহুত বাকী। সেয়ে তেওক ৰখাই কলো, “না না ফাদাৰ মোৰ আৰু কবলৈ বাকী আছে।”
পাদ্ৰী বিৰক্তি ভৰা কণ্ঠত কৈ উঠিল, “কোৱা। মই শুনি আছো।”
যি হওক। ৰক্ষা পৰিলো। দীৰ্ঘশ্বাস লৈ মই আকৌ আৰম্ভ কৰিলো।
”মোৰ ল’ৰাটোক চোৱাচিতাৰ কাৰণে মই এজনী ছোৱালী নিয়োগ কৰিছিলো। ছোৱালীজনী খুবেই সুন্দৰী তাইৰ বয়স ১৮ পাৰ হৈছে গাখীৰৰ দৰে শুধ বগা গাৰ ৰং, সুগঠ স্তন, উন্নত নিতম্ব। এক কথাত অসাধাৰণ। মই তাইক মোৰ সৈতে শুবলৈ সম্মত কৰাৰ বহু প্ৰচেষ্টা চলাই আছিলো। কিন্তু তাই ৰাজি হোৱা নাছিল। তিনদিন আগেয়ে মোৰ স্বামীৰ অবৰ্তমানত মই তাইক টোপনিৰ ঔষধ খুৱাই দিছো। তাই শুই পৰাৰ পিছত তাৰ পিছত মোৰ বেডৰুমত লৈ বিছনাত বান্ধি ললো। তাৰ পিছত সাৰ পোৱালৈ অপেক্ষা কৰি থাকিলো। তাই সাৰ পোৱাৰ লগে লগে জোৰপূৰ্বক মই সমকামিতাত লিপ্ত হলো তাৰ পিছত ছোৱালীজনীক বেচ কিছু টকা দি তাইক বিদায় দিলো।
তাৰপিছত, , , , , তাৰপিছত, , , , , , , , , , আৰু একো নাই। “
মই কনফেশ্যন শেষ কৰিলো। প্ৰায় এঘাৰটা বাজিছে।
তাৰপিছত ফাদাৰে মোক আজীৱন ভাল হৈ চলাৰ প্ৰমিজ খুৱালে। বাইবেলৰ সকলোখিনি পঢ়ি শুনালে। তাৰপিছত কনফেশ্বন শেষ কৰি উঠি গল। তেও কনফেশ্বন কক্ষৰ পৰা ওলাই যোৱা সময়ত মোক গীৰ্জাৰ বাবে কিছু অনুদান প্ৰদানৰ অনুৰোধ কৰিলে। মই তেওৰ আগতে এটা পাঁচশ ইউৰোৰ নোট গীৰ্জাৰ দানবক্সত দি দিলো। তেওৰ মুখত এটা তৃপ্তিৰ হাঁহি জিলিকি উঠিল। কিছু সময়ৰ বাবেহে। মুহূৰ্ততে আৰু ভাবগাম্ভীৰ্যময় চেহেৰাটো লৈ মোক বিদায় জনাই চিৰিৰে উঠি গল। মই তেওঁক সন্মান জনাই ওলাই আহিবলৈ ধৰিলে। যেতিয়া তেওঁ কক্ষৰ দৰ্জা বন্ধ কৰিলে মই আকৌ ঘূৰি চিৰিৰ কাষলৈ আহিলো। চুপ চাপ এটা এটাকৈ চিৰিৰে উঠি চাদলৈ আহিলো। এতিয়া আৰম্ভ কৰিব লাগিব। কিন্তু কাম আৰম্ভ কৰাৰ আগতে ফোনটো বাহিৰ কৰি মাক ফোন কৰিবলৈ চেষ্টা কৰিলো। কিন্তু গীৰ্জাৰ ছাদত নেটৱৰ্ক নাপায়। থাকক তেন্তে। এই তো যোৱা উইকএণ্ডত মাক দেখি আহিছো। এনেদৰে ফোন কৰি তেওঁক বাৰে বাৰে বিৰক্ত কৰাৰ মনো নগল। এনেদৰে মনক বুজনি দিয়াৰ চেষ্টা কৰিলো। চাদলৈ আহি বুজি পালো আজি অবস্থা ভাল নহয়। সন্ধ্যাৰ পৰাই ঠাণ্ডা বতাহ বলি আছে আৰু কিনকিনিয়া বৰষুণৰ পৰি আছে। নাজানো ৰাতি কি হব। মনত পৰিল অফিচত আজি এজনে এটা সামুদ্ৰিক ঘূৰ্ণীবতাহৰ কথা আলোচনা কৰিছিল। এয়া কি তাৰেই পূৰ্বাভাস? বৃষ্টি হয়তো মোৰ কামত সুবিধা কৰি দিব। কবৰ খান্দোতে শৰীৰত বালি লাগিলেও বৰষুণত সকলো ধুই চাফা হব। আৰু বৰষুণৰ সোতে মোৰ ভৰিৰ চাপ এৰাতিৰ ভিতৰতে মচি নিব। বাহ! এয়াই স্ৰষ্টাৰ আশীৰ্বাদ। বেগ খুলি ৰছীডাল উলিয়াই ক্ৰছৰ সৈতে বান্ধিলো। তাৰ পিছত যন্ত্ৰপাতি থকা বেগটো আনখন হাতত লৈ ঘড়ীটোলৈ চাই থাকিলো। ঘড়ীটো বজাৰ লগে লগে মই সেয়া তলত পেলাই দিম। বিশাল ক্ৰুচটোৱে মোক বৃষ্টি আৰু বতাহ দুয়োটাৰে পৰা ৰক্ষা কৰিছিল। অপেক্ষাৰ প্ৰহৰ যেন শেষ হবলৈ খোজা নাই। চকুত নিদ্ৰামগ্ন হব খুজিছিল। গীৰ্জাৰ ঘণ্টা বজাতেই ঘপহকৈ থিয় হৈ উঠিলো। অবশেষত ৰাতি ১২টা বাজিল। বেগটো পেলাই দিলো তলৰ আন্ধাৰলৈ। ঘণ্টাৰ ঢং ঢং শব্দৰ মাজতে বেগটো যেন নিশব্দে হেৰাই গল। এইবাৰ মই ৰছীডালত ধৰি নামিবলৈ ধৰিলো। কোৱা বাহুল্য মই এজন বাজিকৰ নহয়। সেয়ে নামিবলৈ ধৰোঁতে মোৰ বহুত কষ্ট হল। আধাখিনি নামোতেই ঘটিল বিপত্তি। বৰষুণত তিতি ৰছীডাল পিছল হৈ পৰিছে। বুজিবলৈ নোৱাৰিলো হাতখন কেনেকৈ এৰা খালে। এনে লাগিল যেন মই অনন্তকাল বতাহত ভাহি তললৈ সৰি পৰিছো। তাৰপিছতে এটা বিধ্বংসী পতন।
(আগলৈ )
Click here to read daini part 20