Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

13 Tips To Follow Before Marriage | Ultimate Guide

13 things a man needs before marriage, how to prepare for marriage as a man,13 things to do before marriage for guys , Marriage Guide
Assamese Marriage Guide | Best Way to tell mom about marriage

13 Tips To Do Before Marriage | Ultimate Guide

আপোনাতকৈ সৰুবোৰৰ বিয়া হল কিন্তু আপুনি বিয়াৰ বয়স পাৰ কৰিছে। তাৰ পিছতো ঘৰৰ মানুহে আপোনাক একো কোৱা নাই 

কেনেকৈ বুজাব আপোনাৰো বিয়াৰ বয়স হৈছে 


১. টিভি চোৱাৰ সময়ত একমাত্ৰ ৰোমান্টিক চিৰিয়েল, ফিল্ম এইবোৰ চাওক। হলিউডৰ ফ্লিমবোৰ একচন মুভি এতিয়াৰ পৰা অলপ কমকৈ চাব লাগিব । আৰু এই নিউজবোৰ বাবু মাইনা এইবোৰৰ পৰা ঘৰৰ মানুহক আতৰাই ৰাখক । ভলিউম একেবাৰে ডাঙৰকৈ দি ৰোমান্টিক গান শুনক। 🎷

২. নিজৰ ৰুমটো একেবাৰে গোহালিৰ দৰে কৰি ৰাখিব। মায়ে গালি পাৰিলে কব  " আৰু নোৱাৰো ! মই  অকলশৰীয়া ! কত কিমান কাম কৰিম 

৩. সৰু ভন্টি থাকিলে তাইক বিয়া দিয়াৰ ব্যৱস্থা কৰক । ভাল পাত্ৰৰ বিচাৰ খোচৰ আৰম্ভ কৰক 💃

৪ আপুনি চুলি দাড়ি কাটিবলৈ দৰকাৰ নাই । একেবাৰে ৰামদেৱৰ দৰে এহাতমান দীঘল কৰক। ঘৰৰ কোনোবাই চুলি দাড়িক লৈ কিবা কলে কৈ দিব  - দাড়ি কাটি মই কি শহুৰৰ ঘৰত যাম নেকি !!😱

৫. মাজে মাজে ঘৰৰ ৰান্ধনীশালত মাক অলপ সহায় কৰক। মাজে মাজে সুযোগ উলিয়াই  " কিমান যে কষ্ট হয় ন মা তোমাৰ "সেয়া কৈ থাকক। 😁

৬. কোন বন্ধুৰ বিয়া হৈছে তাৰ খবৰ ৰাখক । সিহতৰ বিয়ালৈ যাওক আৰু ফটোবোৰ দেখুৱাই কওঁক, দেখিছা কিমান সুখী ??😆

৭. বন্ধু বান্ধবীৰ বিয়াৰ ভিডিও আনি  ঘৰত সকলেকে দেখুৱাওক । আৰু তাৰ বিভন্ন বিষয় লৈ  আলোচনা কৰক।✌

৮. ৰাতি দেৰিকৈ ঘৰলৈ আহিবলৈ লওক । আড্ডা দিয়ক বাহিৰত । ঘৰত গালি পাৰিলে কব  - অকলশৰে ঘৰত একো ভাল নালাগে  ।

৯. সৰু আইনা এখন লৈ সকলোৱে দেখা ঠাইত মুৰৰ পকা  চুলিবোৰ উভালিবলৈ ধৰক। মায়ে সুধিলে কব" চব চুলিয়েইতো পকি গল। আৰু কিমানদিন বাচি থকিম। 🙊

১০. বিয়া খাবলৈ মাক লৈ যাব আৰু ধুনীয়া ছোৱালী দেখুৱাই কব" মা দেখিছা ছোৱালীজনী ইমান কিউট। কিন্তু তাইৰ অহা বছৰত বিয়া  

১১. সপ্তাহৰ  দুদিন বন্ধুৰ বিয়া খাবলৈ বুলি ওলাই গৈ ধুনীয়া কৈ হোটেলত ভাত খাই ঘুৰি আহিব । ঘৰলৈ আহি সুযোগ মিলাই হুমুনিয়াহ কাঢ়ি কব  -নাই আৰু বেছি নাই। আমাৰ লগৰ  বহুত বন্ধুৰ বিয়া হৈ গল । মোৰ লগত আৰু  তিন চাৰিজন হে বাকী আছে ।

১২. বন্ধু বান্ধবীৰ লৰা ছোৱালীক কোলাত লৈ চেলফি তুলি মাক দেখুৱাব ।

১৩. দোকানৰ পৰা  বিস্কুট চিপচ  কিনি নিজৰ ৰুমত লুকাই থব । তাৰপিছত দৰ্জা বন্ধ কৰি শুই থাকক। ৰাতি ভাত খাবলৈ মাতিলে কব মন ভাল লগা নাই। ভাত নাখাওঁ। তাৰ পিছত  মাজৰাতি উঠি লুকাই থোৱা বিস্কুট চিপচ উলিয়াই পেট ভৰাই খাই লৈ ভালকৈ শুই থাকক :🍟


ইয়াৰ পিছতো যদি কাম নহয় তেন্ত বাদ দিয়ক।আপোনাৰ দ্বাৰা নহব। আপোনাৰ বিয়াৰ বয়সেই হোৱা নাই। এই পোষ্টটো পঢ়ি সময় নষ্ট কৰাৰ সলনি কিতাপখন খোলক আৰু অলপমান কিবা পঢ়ক লগত পঢ়াৰ সময়ত মোবাইলটো অফ কৰি থব।
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog