অসমীয়া কৌতুক: আপুনি হেলমেট নিপিন্ধা কাৰণে হব পাৰে তৃতীয় বিশ্বযুদ্ধ
Assamese Jokes New , Funny Assamese Lines অসমীয়া কৌতুক
অসমীয়া কৌতুক: আপুনি হেলমেট নিপিন্ধা কাৰণে হব পাৰে তৃতীয় বিশ্বযুদ্ধ
আপুনি হেলমেট পৰিধান নকৰাকৈ বাইক চলাই আছে হঠাৎ ৰাস্তাত এজনী ছোৱালী দেখা পালে। আপুনি তাইক ঘুৰি চোৱাৰ সময়তে আগৰ পৰা আহি থকা বাচ এখনে দিলে খুন্দা
😒😰
লগে লগে আপুনি সিপুৰী পালেগৈ ।
😭 আপোনাৰ বন্ধুসকলে মিলি হাহাকাৰ কৰি সেই বাচ কোম্পানীৰ বাচবোৰ ভাঙিবলৈ আৰম্ভ কৰিলে !কোনোবাই জুইও লগালে !
👿
ইয়াৰ ফলত কাষৰ পেট্ৰল ডিপোত জুই লাগি প্ৰচণ্ড বিস্ফোৰণ হল।
😒
ইয়াৰ পিছত দেখা গল এই বিস্ফোৰণৰ দায়িত্ব আইএচ স্বীকাৰ কৰি ললে। ফলত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমকে ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খবৰটো বিয়পি গল !
😎
আমেৰিকাত পৰা ডনাল্ড ট্ৰাম্পে ইয়াক লৈ উদ্ধেগ প্রকাশ কৰিলে ! ৰাচিয়াইও আইএচ দমন কৰাৰ বাবে ইচ্ছা পোষন কৰিলে !
😆
ৰাছিয়াৰ ইচ্ছা পোষন কৰাত , আমেৰিকাই দেৰি নকৰি বিনা নোটিচত বোমাৰু বিমান আকাশে পঠিয়ালে ।
😊
বিমানৰ পৰা টপাটপ বোমা পৰি আপোনাৰ চহৰখন ধ্বংস হবলৈ ধৰিলে।
✌
তাকে দেখি ৰাছিয়াও বহি নাথকিল। সিহতেও নিজৰ বোমাৰু বিমান পঠিয়াই দিলে শক্তি প্রদর্শনৰ বাবে।
👏
এদিন দেখা গল , আমেৰিকাৰ বিমান আৰু ৰাছিয়াৰ বিমানৰ মুখামুখি সংঘর্ষ হৈ দুয়োখন বিমান ধ্বংস হৈ গৈছে ।
✈✈
এই খবৰ বিয়পি পৰিল বিশ্বৰ বাকী দেশবোৰতো ।
😉
আমেৰিকাই দাবী কৰিলে , ৰাছিয়া চল কৰি সিহতৰ ওপৰত আক্ৰমণ কৰিছে আৰু ৰাছিয়াই দাবী কৰিলে ,এই সকলো আমেৰিকাৰ দোষ। বাজি উঠিল যুদ্ধৰ দামামা। আৰম্ভ হল "তৃতীয় বিশ্বযুদ্ধ"...
😡😡😡
আমেৰিকাই ৰাছিয়াক পাৰমাণৱিক বোমাৰে আক্ৰমণ কৰিলে , ৰাছিয়া একে প্ৰত্যুত্তৰ দিলে 👀
সুযোগ বুজি পাকিস্থান, ইৰান -ইজৰাইল ইত্যাদি দেশবোৰৰ মাজতো পাৰমানবিক বোমা বিনিময় হল।
😡
এক বছৰৰ পিছত দেখা গল, পৃথিবী ধ্বংস হৈ গৈছে
সেয়েহে , ৰাস্তাত হেলমেট পিন্ধি বাইক চলাওক ছোৱালী নাচাই পৃথিবীখন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰো আহক
পোষ্টটো জনহিতাৰ্থে প্ৰচাৰিত।
শ্বেয়াৰ কৰক সজাগতা বিলাওক।