Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Daini Part 18 ডাইনী Axomiya Novel Online | Free Books In Assamese

Assamese novel daini, Assamese romantic novel, assamese love novel, new assamese novel
Daini Part 18 ডাইনী Axomiya Novel Online | Free Books In Assamese

Daini Part 18 ডাইনী Axomiya Novel Online | Free Books In Assamese

Click here to read daini part 17

মই ভাবিছিলো এখন আঙুঠি পিন্ধা হাতে মোৰ ভৰিখনত খামুচি ধৰিছে। এতিয়া মোক কবৰৰ ভিতৰলৈ সোমাই লৈ যাব। মাটিত পৰি থকা এডাল গছৰ ডালত মই সৰ্বশক্তিৰে হেচি ধৰিলো যাতে প্ৰিষ্টে মোক টানি নিবলৈ নোৱাৰে। বহুসময় ধৰি তেনেকৈ ধৰি কোনো লৰচৰ নোহোৱাত মই ভৰিৰ পিনে চালো। না। সেয়া কোনো মানুহৰ হাত নহয়। লতা এডাল মোৰ ভৰিত মেৰ খাই আছে। ভৰিখন আতৰ কৰাত বুজি পালো সেয়া কাইটযুক্ত লতা। ভৰিৰ মাংস এৰাই নিছে। বহুত কষ্ট কৰি থিয় দিলো। এই কবৰস্থল দিনৰ সময়তে ইমান ভয়ংকৰ। ৰাতি বা কি হব। চিমেট্ৰিৰ প্ৰধান দুৱাৰেদি ওলাই অহাৰ সময়ত গাৰ্ড দুজনক দেখা পালো। কালি ইহঁতকো মই ফাকি দিব লাগিব। কি হব যদি সিহঁতে মই কবৰ খন্দা দেখা পায়। চকুৰ আগত কাৰাগাৰৰ ছবিখন ভাহি উঠিল। 

ঘৰলৈ আহোঁতে সূৰ্য্য ডুবিল। ঘড়ীৰ পিনে চাই দেখিলো ১১.৩০ হৈছে। পোলেণ্ডৰ ২০ ঘণ্টা দিন আৰু বাকী ৪ ঘণ্টা ৰাতি। আন্ধাৰৰ সুযোগ লৈ মই কাম কৰিবলৈ হলে চাৰি ঘণ্টাতে কৰিব লাগিব। বুজিছো কালি হব জীৱন মৰণৰ খেল। মই তাতো জিকিব লাগিব। এলেচ আৰু তাইৰ বান্ধবীৰ মুক্তি মোৰ হাততেই আছে।

ঘৰলৈ আহি ডিনাৰ কৰিলো। মুৰত দুশ্চিন্তাই বাহ লৈ থকা বাবে একোতে মন দিব নোৱাৰিলো। সোনকালে শুবলৈ লাগিব। ড্ৰয়িংৰুমৰ ঘড়ীটোৱে বাৰটা বজাৰ ইংগিত দিলে, ঢং ঢং। সিদ্ধান্ত ললো আজি ৰাতি বেচমেণ্টত শুম। কটেজৰ বাকী সকলো ঘৰৰ তুলনাত তাতে এলেচৰ প্ৰভাব সকলোতকৈ বেছি। শেষ মুহূৰ্তত তাই যদি কিবা বাৰ্তা দিবলৈ খোজে সহজে সপোনত আহি দিব পাৰিব। কামটো ইচ্ছা কৰি দুঃস্বপ্ন দেখিবলৈ লোৱাৰ দৰে। আজিৰ দুঃস্বপ্নটোৱে হয়তো কালি ৰাতি মোৰ প্ৰাণ বচাব পাৰিব। এটা ফোন, গাৰু, বেডচিট আৰু এলেচৰ ডায়েৰীটো লগত লৈ বেচমেণ্টলৈ আহিলো। সেই পৰিচিত চেলত সোমাই দৰ্জাখন বন্ধ কৰিলো। বেডচিটখন পাৰি লৈ তাত ওপৰত গাৰুটো থলো আৰু শুই পৰিলো। মই জানো আজি সপোনত এলেচক দেখিমেই। অন্তত কালিৰ ভয়াবহ অভিযানৰ সাফল্য কামনা কৰিবলৈ আজি ৰাতি তাই আহিব। ফোনৰ পোহৰটো অফ কৰিলো। দিনটোৰ ক্লান্তি আৰু ভাগৰত সোনকালে টোপনিত লালকাল হৈ পৰিলো। 

কিছুসময় পিছতেই নিজক সেই গীৰ্জাৰ ছাদত আবিষ্কাৰ কৰিলো। হাতত এটা কলা বেগ। তাত এখন কোৰ, এক বাণ্ডিল নাইলনৰ ৰচী, এটা বিশাল হাতুৰি, এখন হেক্সো ব্লেড আছে। পকেটত হাত দি চালো এটা পেন্সিল টৰ্চ, এখন পকেট নাইফ, এটা লাইটাৰ আৰু গাড়ীৰ ছাবিকোছা পালো। এইবাৰ তেতিয়াহলে তললৈ নামি যোৱা হওক। 

বেগৰ পৰা ৰছীডাল উলিয়াই ক্ৰুছৰ সৈতে টানকৈ বান্ধি দিলো.। পিছত ৰছীডালৰ আনটো মুৰ তললৈ পেলাই দিলো। ৰাতি ১২ টাৰ ঘণ্টা বজাৰ লগে লগে বেগটো চিমেট্ৰিৰ ভিতৰলৈ দলিয়াই দিলো। তলত অন্ধকাৰত সেয়া অদৃশ্য হৈ গল.। লাহে লাহে তললৈ নামিবলৈ ধৰিলো। ভিতৰত দেখা পালো ইতিমধ্যে কবৰটো কোনোবাই খান্দি থৈছে। পেন্সিল টৰ্চৰ পোহৰ পেলাই তাৰ ভিতৰত জুমি চালো। মানুহৰ সমান ডাঙৰ প্ৰকাণ্ড এটা বিছা পোকে তাত কিলবিলাই আছে। সেইটোৰ মুৰৰ মাজত আছে সেই আঙুঠিটো। মই তৎক্ষণাত পকেটৰ পৰা ছুৰীখন উলিয়াই সেইটোৰ ওপৰত জপিয়াই পৰিলো.। লগে লগে সপোনটোও ভাঙি গল। ফোনটো বিচাৰি সময়টো চালো। ৰাতি ২টা বাজিছে। টোপনি ভঙাৰ সময়ত নাজানো এনে লাগিল যেন এলেচে মোৰ পৰিকল্পনাটো পচন্দ কৰিছে। নহলে এনেকুৱা সপোন দেখুৱাব কিয়। তাই প্ৰিষ্টক ইমানেই ঘৃণা কৰে যে তাৰ লাচটোৰ ঠাইত পোক এটাৰে মোক সপোনত দেখুৱাইছে। মই আনন্দেৰে আকৌ শুই পৰিলো। সেই ৰাতি আৰু একো সপোন নেদেখিলো। 

পিছদিনা ৰাতিপুৱা উঠি ১মে বেচমেণ্টৰ পৰা ষ্টোৰ ৰুমলৈ গলো। অলপ বিচাৰ খোচৰ কৰি এখন কোৰ, হেক্সো ব্লেড, খণ্টি পালো। আৰু হাতুৰিটো সম্ভবতঃ গেৰেজত আছে। বেডৰুমৰ বিছনাৰ তলৰ পৰা কলা চাইড লাগেজটো বাহিৰ কৰি তাত যি যি প্ৰয়োজনীয় সামগ্ৰী লাগে ভৰালো। তাৰপিছত সেয়া গেৰেজলৈ নি গাড়ীৰ ভিতৰত ভৰালো। আজি অফিচৰ পৰা ৰুমলৈ নাহো। গাড়ীখন ষ্টাৰ্ট কৰি কটেজৰ পৰা ওলাই আহিলো। তেতিয়া হঠাৎ ৰিয়াৰভিউ মিৰৰ ত চকু পৰিল। দেখিলো গাডীখনৰ পিছফালে থিয় হৈ এলেচে সন্তোষ মনেৰে মোক চাই আছে। মই যদি আজি আঙুঠিটো আনিব পাৰো তেন্তে এয়াই হব এলেচৰ সৈতে মোৰ শেষ দেখা। তাৰ পিছত হয়তো তাই গুচি যাব। কিন্তু কি হব যদি মই এই কটেজটো লৈ আকৌ উভতি নাহো.। এই ভাবনাটোক মই ২য় অপচনত ৰাখিছো। গাড়ীত ফুল ভলিউমত গান লগাই এক্সেলেটৰত ভৰিখনেৰে হেচি দিলো। গাড়ীখন অফিচৰ দিশত দৌৰিবলৈ ধৰিলে। 

চানজিদা চুলতানা
স্বপ্ননীল আকাশ
ভাবানুবাদ
Click here to read daini পৰা part 19
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

2 comments

  1. Plz uploaf the next part
  2. Part 19 ktia ulabo dainir?????