Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

30 Types of Ghost In Indian Culture | Folklore & Mythology

Ghost in assamese culture | baak ghost | bira ghost in assam | ghost in guwahati | bira bhoot | zukapal ghost | bura dangoria | nishi bhoot | brahmada
Ghost Found in Assam | Assamese Ghost Names

30 Types of Ghost In Indian Culture | Folklore & Mythology

গোটেই ভাৰতত আপুনি দেখিব বেচিসংখ্যকে ভূত বা স্পৰিটৰ ওপৰত বিশ্বাস কৰে। কিয় নকৰিব, বহুতে ধৰ্মীয় বা অন্য নিউজপেপাৰ, ফিল্ম, মুখে মুখে প্ৰচলিত কথাবোৰত আৰু কিছুমানে অদৃশ্য শক্তিবোৰৰ অৱস্থিতিৰ বিষয়ে অভিজ্ঞতাপুষ্ট।

মোৰ পেৰানৰ্মেল ৰিচাৰ্ছৰ যাত্ৰাত মইও ভাৰতীয় সমাজত প্ৰচলিত এই স্পিৰিট বোৰৰ নাম আৰু প্ৰকাৰ অধ্যয়ন কৰিছো। .মই আচৰিত হৈছো কিয়নো এই স্পিৰিট বোৰৰ নাম যিয়েই নহওক গোটেই পৃথিৱীত এনে ধৰণৰ বৈশিষ্ট্যৰ মিল থকা স্পিৰিট বিভিন্ন ধৰ্মত আৰু বিশ্বাসত  আছে। তলত পোৱা ধৰণৰ বিভিন্ন ভূত ভাৰতৰ বিভিন্ন স্থানত পোৱা যায়।

Ghost in Indian culture | ভাৰতীয় ভূতৰ প্ৰকাৰ 

Bhoot ভূত | Bhoot Ghost In Assamese

পুৰ্বজৰ বিদেহী আত্মাৰ এক সৰ্বসাধাৰণ ভূত বা স্পৰিট যিয়ে প্ৰয়োজন খিনি বিচাৰি একমাত্ৰ তেওৰ নাতিপুতিক সমস্যা দিয়ে  ।

প্ৰেত Pretas In Assamese Culture

হিন্দুৰ ভূত যিয়ে কোনো হত্যা  বা যাৰ মৃতদেহ উচিত ভাবে পৰিয়ালৰ দ্বাৰা সৎকাৰ কৰা নহল তাৰ পৰা হোৱা ভূতক প্ৰেত বুলি কোৱা হয়। সিহতক বহুত শক্তিশালী বুলি কোৱা হয়।

হাডল (স্ত্ৰী অপদেৱতা ) |  Hadal Ghost

ঘোলা কণীৰ দৰে তীব্ৰ গোন্ধ এটা সিহতৰ অৱস্থিতিত পোৱা যায়। প্ৰধানতঃ পচেচিং নকৰাকৈয়ে সিহতে মানুহক প্ৰভাৱিত কৰিব পাৰে। সিহঁতক প্ৰধান কাম কলা যাদুৰ  বাবে প্ৰয়োজনীয় বস্তুবোৰৰ যোগান ধৰা, যেনে অস্থি, মুণ্ড ইত্যাদি নতুবা কবৰৰ পৰা কুতান্ত্ৰিকৰ পূজাৰ বাবে মৃতদেহ উলিয়াই অনাত সহায় কৰে।

চেৎকিন Chetkin(Witch) In Assamese

এইবোৰ পচা গোন্ধযুক্ত সৰু যখিনী।এওলোকে  যিসকলক  পচেচ কৰে সিহতে অবিৰামভাৱে হাহি থাকে। চেৎকিন বহু প্ৰকাৰ ধাৰণ কৰিব পাৰে। মানুহক দুৰ্ঘটনা কৰাবলৈ সিহতে প্ৰধানতঃ পচেচ কৰে। সিহতে সিহঁতৰ ভুক্তভোগীৰ দেহক নিজৰ ইচ্ছা পুৰণ কৰিবলৈ নিয়ন্ত্রন কৰে সিহতৰ দ্বাৰা কাম কৰায় । সিহতক কলা শক্তি উন্মেষিত কৰাতো প্ৰশিক্ষিত কৰে।  ঘৰ এখন প্ৰভাৱিত কৰি পিছত তাত থকা গোটেই পৰিয়ালটোক চাৰখাৰ কৰাৰো শক্তি ৰাখে ।

মুমিয়াই Mumiai (Ghost Found In Mumbai)

মুমিয়াই হল একপ্ৰকাৰৰ ভাৰতীয় উৎপতীয়া ভূত যিয়ে মুম্বাই অঞ্চলৰ বহুতো ঘৰত  প্ৰৱেশ কৰি অধিকাৰ কৰে ।

ব্ৰিকাচ Virikas Types Of Ghost In Assamese

এইবোৰ সৰু স্পৰিট যিয়ে ৰঙচুৱা কুৱলীৰ আবৃত হৈ আবিৰ্ভাৱ হয় আৰু নলৰ পৰা বৈ থকা পানীৰ দৰে শব্দ কৰে

মোহিনী Mohini Ghost In Assamese Folklore

ছোৱালী বা স্ত্ৰী যিয়ে প্ৰেমজনিত কাৰণত বা প্ৰেমত প্ৰতাৰিত হৈ আত্মহত্যা কৰিছে তেওঁলোকক মোহিনী কোৱা হয়। এওলোক তেনে স্পিৰিট যাৰ মৃত্যু হৈছিল কোনো ইচ্ছাৰ সৈতে বা শাৰিৰীক কামনাৰ বাবে।প্ৰতিশোধমুলক প্ৰবৃত্তিৰে তেওলোকে ঘুৰি ফুৰে বুলি কোৱা হয়। ইয়াৰ বহুতে কিছুমান ঠাইত প্ৰভূত্ব বিস্তাৰ কৰে। পুৰুষক প্ৰলোভিত কৰি সিহতে দেহৰ ক্ষুধা দুৰ কৰে। . ভাৰতীয় মানুহে ইয়াক লৈ ভিন্ন মত আগবঢ়ায়। কিছুমানে কয় এওঁলোক ইমানে ভয়ংকৰ যে ভুক্তভোগীক মৃত্যু পৰ্যন্ত ব্যৱহাৰ কৰে.। কিছুমানৰ মতে এই স্পিৰিটবোৰে নিজৰ দৈহিক ক্ষুধা দুৰ কৰিবলৈ আনকি বিনিময়ত সম্পদ প্ৰদান কৰে.। পশ্চিমীয়া দেশত ইয়াক ইনকুবুচ বা চুকুবুচ (Incubus or Succubus) বুলি জনা যায়। . ইনকুবুচ পুৰুষ স্পৰিট যিয়ে মহিলাক দৈহিক ক্ষুধাৰ বাবে ব্যবহাৰ কৰে। চুকুবুচ হল স্ত্ৰী যিয়ে পুৰুষক দৈহিক ক্ষুধাৰ বাবে ব্যবহাৰ কৰে

শাখিনী Shaakini Ghost In Assamese Culture

বিবাহিত মহিলা, যিয়ে তেওলোকৰ বিয়াৰ প্ৰাকমুহূৰ্তত এক্সিডেণ্ট বা অসুস্থ হৈ মৃত্যু হৈছিল তেওলোকৰ পৰা শাখিনী হয়। যৌতুকৰ বাবে যিসকলক হত্যা কৰা হৈছিল তেওঁলোকৰ পৰাও শাখিনী হয় বুলি কিছুমানে কয় আৰু সিহতে তেওলোকৰ হত্যাকাৰীক হত্যা কৰিবলৈ উভতি আহে.। এইবোৰ কিছু ভয়ংকৰ আৰু সহজে ঘৰ এখনত প্ৰভাব বিস্তাৰ কৰিব পাৰে।

ডাকিনী Daakini In Asssamese

শাখিনীৰ সৈতে প্ৰায়ে ইয়াক ভূল কৰা হয়।  যিবোৰ স্ত্ৰী কিবাৰ কাৰণত হঠাৎ মৃত্যু হয় তেঁওলোকে পিছত ডাকিনী হয় বুলি কোৱা হয়

কুট্টী চৈতান Kutti Chetan (Kutti Saithan) Ghost In Karnataka/Tamil Nadu


এইবোৰ সৰু দুষ্ট ভূত।. মানুহে কয় যিবোৰ লৰা সৰুকালতে মৃ্ত্যু হৈছিল তেওঁলোকৰ পৰা এইবোৰ স্পিৰিট হয়। এইবোৰ সৰু লৰাৰ দৰে দুষ্ট আৰু উৎপতীয়া স্বভাবৰ

পেঞ্চাপেছি Penchapechi [Ghost In West Bengal]

এই প্ৰকাৰৰ দুলৰ্ভ ভূত ফেচা আকৃতি ধাৰণ কৰে বেংগল হাবিত চিকাৰ কৰে.। গছৰ ওপৰেৰে এইবোৰে ভ্ৰমণকাৰীক অনুসৰণ কৰে যেতিয়া ভ্ৰমণকাৰী জন অকলশৰীয়া হয় ই আক্ৰমণ কৰে.। এইবোৰে ভুক্তভোগীৰ দেহক ভাম্পায়াৰ দৰে ভক্ষন কৰে.

ব্ৰহ্মদৈত্য Brahmodoityas[Ghost Found In West Bengal]

ব্ৰাহ্মনৰ ভূত  যিয়ে মানুহক সহায় কৰে যদিহে ভাল ব্যৱহাৰ কৰে.। আৰু যিয়ে এইবোৰক অপমান কৰে তেওলোকৰ জীৱন সংকটত পৰে.

স্কনধোকাটচ Skondhokatas [Ghost In West Bengal State ]

এইবোৰ মুণ্ডহীন ভূত, যিয়ে ট্ৰেইন বা অন্য এক্সিডেণ্টত  মুৰটো হেৰায় তাৰ পৰা স্কনধোকাটচ হয়

নিশি Nishi [ ৱেষ্ট বেংগল Ghost Found In Assam And West Bengal]

এই প্ৰকাৰৰ ভূতে মানূহক ৰাতি  নামকাট়ি মাতে আৰু হাবিলৈ লৈ যায়। যিবোৰ মানুহ ইয়াৰ চিকাৰ হয় তেঁওলোকক কেতিয়াও পোৱা নাযায়।

কলি দেৱা Kolli devva [Ghost In Karnakata]

এই ধৰণৰ স্পিৰিটে কৰ্ণাটকৰ হাবি বা বননিত টৰ্চ লৈ দৌৰি ফুৰে বুলি প্ৰচলিত। সেই পোহৰ যি প্ৰধানত ফছফিন আৰু মিথেন গেছৰ অস্কিডেচনৰ ফলত হয়। যিয়ে পোহৰ উৎপন্ন কৰে.।

কালুৰ্টি Kallurty, Panjurli, Koti Chennayya [Ghost Found In Karnataka State]

কালুৰ্টি হল কোনো বিশিষ্ট ব্যক্তিৰ স্পৰিট আৰু ইয়াক পূজা কৰা হয়। কোনো বিশিষ্ট ব্যক্তি মৃত্যুৰ পিছত কালুৰ্টি হয় বুলি প্ৰচলিত

কিচ্চিন Kichchin [Ghost Found In Bihar State]

এইবোৰ কামাতুৰ স্ত্ৰী ভূত যিয়ে যুবকক নিজৰ দৈহিক প্ৰয়োজনত ব্যৱহাৰ কৰে.। পশ্চিমত ইয়াক চুকুবুচ বুলি কোৱা হয় .

পানডুবা, ডুব্বি, ডুব্বা PanDubba; Dubbi; Dubba [Ghost In Bihar]

নদী বা জলাশয়ৰ পানীত পৰি মৰা মানুহৰ পৰা এওঁলোক ভূত  হয়। এওঁলোক চুটি পেশীবহুল আৰু শক্তিশালী। মানুহক সিহতৰ জীৱনৰ বিনিময়ত সুৰা বা ধুমপান বিছাৰে। যদি কোনোৱে তাত আপত্তি দৰ্শাই তেন্তে সিহঁতক নদী বা জলাশয়ত ডুবাই মাৰে.

চুড়েল (উত্তৰ ভাৰত) Chudail [Types Of Ghost Northern India]

এওলোক আটাইতকৈ বিশিষ্ট ধৰনৰ স্ত্ৰী ভূতুনী যিয়ে  ভ্ৰমণকাৰী সকলক লোভ দেখুৱাই হত্যা নতুবা পচেচ কৰে। সাধাৰণতে  চুড়েল বটগছত বাস কৰে  বুলি  কোৱা হয়।

বুঢ়া ডাঙৰীয়া Bura Dangoria In Assam Folklore & Mythology

বগা কাপোৰ আৰু মুৰত পাগুৰী পৰিহিত এক পুন্যাত্মা যাক কেতিয়াবা বগা ঘোৰাৰ ওপৰতো দেখা যায়। এওলোকে যিবোৰ নামঘৰত ভাগৱত গীতা থাকে সেইবোৰক সুৰক্ষা দিয়ে।

বাক  Baak Ghost In Assamese Mythology

এক অনিষ্টকাৰী কুৎসি ভূত যিয়ে মাজেসময়ে মানুহক মাৰি  মৃত মানুহজনৰ ৰূপ লয়। জলাশয় বা পুৰণি পুখুৰীত বাক পোৱা যায় বুলি কোৱা হয়।

খাবিছ Khabees Types Of Ghost In North India-Pakistan-Gulf-Europe

খাবিচ জিন ফেমিলিৰ অন্তৰ্গত এক প্ৰকাৰৰ স্পৰিট । প্ৰচলিত আছে যে খাবিচে পৰিয়াল পাতি বাস কৰে। সিহতে বিয়া কৰে। সন্তান হয়। আৰু লগতে মানুহক মতিভ্ৰম কৰাৰ শক্তি ৰাখে।

ঘোৰা পাক Ghoda Paak in Assamese folklore

এইবোৰ ঘোৰাৰ আৰু মানুহৰ সংমিশ্ৰণৰ দৰে। কিছুমান গল্পত ইয়াক কোৱা হয় সহায়ক হিচাপে কোৱা হৈছে। কিছুমান গল্পত কোৱা হৈছে এইবোৰ ইমানেই ভয়ংকৰ যে চকুলৈ চালে চোৱাজনৰ মৃত্যু হয়।

বীৰা Bira [Assam] Poltergeist In Assamese Culture

এইবোৰ পৃথিৱীৰ আটাইবোৰ  উৎপতীয়া  ভূতৰ ভিতৰত অন্যতম। কোনো শত্ৰুৰ দ্বাৰা পৰিয়াল এটিৰ ধংস কৰিবলৈ ইয়াক ব্যৱহাৰ কৰে।মানুহে তেওলোকক শত্ৰুৰ মনটোক নিয়ন্ত্ৰণহীন কৰি কষ্ট দিয়া বা ধংস কৰাৰ বাবে আদেশ দি ব্যবহাৰ কৰে।

যখিনী Jokhini  [Assam/Bihar Ghost Types ]

যখিনী এক প্ৰকাৰৰ পুৰুষক প্ৰলোভিত কৰি হত্যা কৰা স্ত্ৰী পিশাচিনী।

বৰদৈচিলা Bordoisila Devi In Assam (ধুমুহাৰ দেৱী )

প্ৰতিবছৰে এপ্ৰিল মাহত অসমত বৰদৈচিলা আহে। লোক সমাজত কোৱা হয় ধুমুহাৰ দেৱী বৰদৈচিলা সিদিনা মাকৰ ঘৰৰ পৰা নিজৰ  ঘৰলৈ যায়।

পোৱালি ভূত Puwali Bhoot In Assamese Culture (small ghosts)

সিহত সৰু দুষ্ট ভূত  ,  যিয়ে পাকঘৰৰ পৰা ভাত আৰু মিঠাই চুৰ কৰে বুলি প্ৰচলিত. 

গৌৰৱ তিৱাৰী August 23
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment