Hardware Disease In Assamese Language
Hardware disease কি জানেনে
পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বহুতো গৰু এটা সাধাৰণ বেমাৰৰ কবলত পৰে ৷ ইংৰাজীত এই বেমাৰটোক Hardware disease বুলি কোৱা হয় ৷ আমি জানো যে গৰুৱে ঘাঁহ খাওঁতে প্ৰথমে বিশেষ একো নকৰি তাক গিলি থয় ৷ তাৰ পিছত আজৰি পৰত ই ঘাঁহবোৰ পুনৰ উলিয়াই আনি পাগুলি খায় ৷
এইদৰে প্ৰথমাৰ্ধত নোচোবাই চিধাই গিলি দিয়াৰ ফলত ঘাঁহ বনৰ লগতে গজাল, স্ক্ৰু আদি নানা ধৰণৰ ধাতৱীয় পদাৰ্থও গৰুৰ পেটলৈ যায় ৷ এই ধাতৱীয় বস্তুবোৰ গৈ গৰুৰ পেটৰ এটা অংশত জমা হৈ থাকে ৷ এনেদৰে গজাল, স্ক্ৰু আদি পেটলৈ যোৱাৰ পিছত সেইবোৰে গৰুটোৰ পেটত জমা হৈ থকা অংশত আঘাত কৰিব পাৰে আৰু তাৰ পৰা ফুটি ওলাই গৈ শেষত হৈ গৰুটোৰ হৃদপিণ্ডৰ ক্ষতি কৰি তাক মৃত্যু মুখতো পেলাব পাৰে ৷
এই সমস্যাটোৰ সমাধানৰ বাবে আটাইতকৈ সহজ উপায়টো হ'ল গৰুবোৰৰ পেটত আগতীয়াকৈ এডাল চুম্বক ভৰাই দিয়াটো ৷ আমাৰ দেশত বিশেষ প্ৰচলন নাই যদিও বিশ্বৰ অধিকাংশ দেশতে গো পালক সকলে Hardware Disease ৰ পৰা তেওঁলোকৰ গৰুবোৰক ৰক্ষা কৰিবলৈ গৰুবোৰৰ বয়স এবছৰ হোৱাৰ আগতে সিহঁতৰ মুখেৰে আঙুলি এটাৰ সমান চুম্বক এডাল সোমাই দিয়ে ৷ গৰুৰ বাবে বিশেষভাৱে নিৰ্মিত এই চুম্বকডালে গৰুৰ পেটলৈ গৈ পেটটোৰ এক বিশেষ অংশত থিতাপি লয় ৷
এই অংশত যোৱাৰ পিছত চুম্বকডাল গৰুৰ গোবৰৰ লগত দেহৰ পৰা বাহিৰ ওলাই যাব নোৱাৰে ৷ ইয়াৰ পিছত গৰুটোৱে যিকোনো ধাতৱীয় বস্তু গিলিলে সেইবোৰ গৈ চুম্বকডালত লাগি ধৰে ৷ ফলত এই ধাতৱীয় বস্তুবোৰে চৌদিশে ঘুৰি থাকি গৰুটোৰ পেটৰ ভিতৰ অংশত আঘাত কৰিব নোৱাৰা হয় ৷
এনেদৰে সৰুতে সোমাই দিয়া চুম্বকডাল গৰুটোৰ পেটত আজীৱন থাকে আৰু গৰুটোৰ পেটলৈ যোৱা সকলো ধাতৱীয় বস্তুও চুম্বকডালত লাগি গৰুটোৰ কোনো ক্ষতি নকৰাকৈ চিৰদিনৰ বাবে পেটতেই থাকি যায় ৷ গৰুৰ Hardware disease ৰোধ কৰিবৰ বাবে পৃথিৱীৰ বিভিন্ন দেশৰ গো পালক সকলে লোৱা এইটোৱেই হ'ল আটাইতকৈ কমদামী আৰু সৰ্বাধিক প্ৰচলিত আগতীয়া প্ৰতিৰোধ ব্যৱস্থা ৷
-Alakesh Bhagawati
Join the conversation