Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Assamese Books Online Novel Daini part 6 Free

Assamese novel book free 2021

Assamese Books Online Novel Daini part 6 Free

মাৰ্টিনীৰ বাবে মোৰ হৃদয়ে হাহাকাৰ কৰি উঠিল। স্ৰষ্টাক খুব নিষ্ঠুৰ যেন লাগিল। মানুহবোৰ যেন তেওঁৰ হাতৰ পুতলাহে, এই নিষ্ঠুৰ ছোৱালীজনীক অকালতে এনেকুৱা কৰিলে! কি দোষ আছিল তাইৰ? জগতৰ কি অমোঘ লীলা! পিছৰ পৃষ্ঠা ওলোটাই দিলো মই, 

এলেচে লিখিছে, 

”কালি ৰাতি অলপো টোপনি নাহিল। চকুজুৰি বন্ধ কৰিলেই মাৰ্টিনীৰ চেহেৰাটো সমুখত ভাহি উঠে। আজি ৰাতি শুদ্ধিকৰণৰ নামত প্ৰিষ্টে তাইৰ মৃতদেহটো  উৎসৱৰ দৰে ভোগ কৰিব। মই যেন তাইৰ আত্মাৰ আৰ্তচিৎকাৰ শুনিবলৈ পাইছো। গীৰ্জাৰ ওপৰৰ তলাৰ পৰা তাই সহায়ৰ বাবে হাহাকাৰ কৰিছে। তাইৰ অতৃপ্ত আত্মাটোয়ে হয়তো অসহায় হৈ চাই আছে, নিজৰ প্ৰাণহীন দেহটো কিদৰে সেই পশুটোৱে খুলি খুলি খাই আছে! ছিঃ। কোন মানুহে তেওঁৰ স্বজাতিৰ মৃতদেহৰ এনে অমৰ্যাদা কৰিবলৈ পাৰে। তাতে আকৌ গীৰ্জাৰ ভিতৰত। হে ঈশ্বৰ তোমাৰ শক্তিৰে এই নষ্ট গীৰ্জাটোক ধ্বংস কৰি দিয়া। এই চয়তানক ভষ্ম কৰি দিয়া। 
.....
প্ৰতি দিনৰ দৰে আজিও ৰাতিপুৱা খাবলৈ চাৰিটুকুৰা ৰুটি দিছে। কিন্তু আজি মই কাৰ সৈতে ভাগ কৰি খাম। মাৰ্টিনীতো গুচি গৈছে। প্লেলখন মই চেলৰ ফাকেৰে বাহিৰলৈ দলিয়াই দি চিঞৰিবলৈ ললো, “ নিজে খা। মোক মাৰ্টিনীক ওভোটাই দে। এজন চয়তান ৰক্ষীয়ে মোক ওলোটাই কলে, “ তাইক নৰকলৈ পঠিওৱা হৈছে। শীঘ্ৰে তোকো তালৈ পঠিয়াব। “

যদিও মই হত্যা নকৰা পিছতো হত্যাকাৰী তথাপি কাকো হত্যা কৰাৰ কথা মনলৈ অহা নাছিল। কিন্তু আজি প্ৰচণ্ড ইচ্ছা হৈছিল এই ৰক্ষীজনক মাৰি নৰকলৈ পঠিয়াই দিয়াৰ। এইবোৰ ভাবি মই তাৰ ওপৰত মুখত পৰাকৈ থুৱাই দিলো। ৰক্ষীজনে হিংস্ৰ জন্তুৰ দৰে চেলৰ দৰ্জা খুলি মোৰ পিঠিত চাবুকেৰে প্ৰচণ্ড কোৱ শোধাবলৈ ধৰিলে। নিয়মিত চাবুকৰ কোব খাই খাই মোৰ পিঠিত পূঁজ জমা হৈ গৈছে। সি যেতিয়া এই ক্ষত বিক্ষত পিঠিত কোবালে তেতিয়া এনে লাগিল যেন মোৰ পিঠি ভেদ কৰি চাবুকডালে হৃদপিণ্ডত আঘাত কৰিছে। খুব বেছিসময় এই আঘাত সহ্য কৰিবলৈ নোৱাৰিলো। ৩টা কোব খোৱাৰ পিছতেই অজ্ঞান হৈ মই ঢলি পৰিলো। যেতিয়া জ্ঞান ঘূৰি আহিল চেলত সম্পূৰ্ণ অকলশৰীয়া হৈ নিজক আবিষ্কাৰ কৰিলো। একাকিত্ব আৰু শূন্যতাই গোটেই হৃদয়ক গ্ৰাস কৰিলে। এই একাকিত্ব লৈয়েই বাইবেলখন লিখিবলৈ বহিলো।” 

এই পৃষ্ঠাটো পঢ়ি চকু বন্ধ কৰোঁতেই মই এলেচৰ ক্ষত বিক্ষত পিঠিখন দেখিবলৈ পালো। ওহো! এই সাহসী ছোৱালীজনীয়ে ইমানখিনি সহ্য কৰিবলৈ পাৰিছে মাত্ৰ মাৰ্টিনীৰ অপমানখিনিৰ বাহিৰে। ৰক্ষীজনে যেতিয়া মাৰ্টিনীক নৰকলৈ পঠোৱাৰ কথা কৈছিল তেতিয়াই তাই সাপৰ দৰে হৈ উঠিছিল। নিৰ্যাতন নিশ্চিত জানিও তাই প্ৰতিবাদ কৰিছে। ! মাত্ৰ অনুভব কৰিলো জেলৰ অন্ধপ্ৰকোষ্টত এই দুই নাৰীৰ প্ৰেম কিমান যে কি কৰা নাছিল সিহঁতে ইজনে সিজনৰ বাবে। ....

পিছৰ পৃষ্ঠাত, 

”সিদিনাৰ ঘটনাটোৰ পৰা আজি দুদিন হল, সিহঁতে মোৰ খোৱা লোৱা বন্ধ কৰিছে। আগৰ শুদ্ধিকৰণৰ দৰে মোক নগ্ন কৰি ৰাখিছে। লাহে লাহে গ্ৰীষ্ম আহিছে বাবে ঠাণ্ডাৰ পৰা অলপ ৰেহাই পাইছো.। কিন্তু পিয়াহত বোধ শক্তি লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰিছে। মাজৰাতি সপোনত দেখিছো মাৰ্টিনীক মোৰ চেলৰ ভিতৰতে ফাচীত ওলোমোৱা হৈছে। বতাহত তাইৰ শৰীৰটো ইফালে সিফালে দুলি আছে। মৃত্যু যন্ত্ৰণাত সুন্দৰ মুখখনৰ  জিভা মেল খাই বাহিৰ ওলাই আহিছে। তাইৰ খোলা মুখেৰে তেজ সো-সোৱাই বৈ আছে আৰু মই তৃষ্ণাৰ তাড়নাত সেই তেজবোৰ পিবলৈ আৰম্ভ কৰিছো। উহঃ। কি বীভৎস স্বপ্ন। ৰাতিপুৱা শোৱাৰপৰা উঠি মই বহুসময় ধৰি কান্দিবলৈ ধৰিলো। কিন্তু তৃষ্ণাত সকলো পানী শুকাই গৈছে। চকুৰ পৰা বৈ আহিবলৈও পানীৰ একো অৱশিষ্ট নাই। দুপৰীয়া সময়ত তৃষ্ণাৰ জ্বালাত অতিষ্ঠ হৈ অঞ্জলি হিচাপে নিজৰ মুত্ৰ পান কৰিছো। কিন্তু এই নিমখীয়া তৰলবিধে যেন মোৰ পিয়াহক আৰু বঢ়াই তুলিছে। বুজিবলৈ পাৰিছো, খাবলৈ আজি যদি পানী নাপাওঁ আজি ৰাতিয়েই হব মোৰ শেষ ৰাতি। শৰীৰৰ শেষ শক্তিখিনিৰে এইখিনি লিখিছো। জীৱনৰ শেষ অক্ষৰমালা। জীবনৰ শেষ শব্দ, মাৰ্টিনী।”

(আগলৈ)
(ভাল লাগিলে কমেণ্ট কৰক / শ্বেয়াৰ কৰক আৰু আমাক চাপোৰ্ট কৰক)
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment