Assamese Story Books Daini Part 5 Assamese Novel

Assamese Books Daini Free Novel In Assamese

Assamese Story Books Daini Part 5 Assamese Novel

সিদিনা অফিচত একোতে মন দিবলৈ নোৱাৰিলো । টোপনিৰ হেঁচাত টেবুলত মুৰটো থৈয়েই শুই পৰিলো। কপাল ভাল আছিল। মইয়েই এক্সিকিউটিভ অফিচাৰ। মোৰ ওপৰত কোনো নাই। মোৰ কোনোবা বচ থাকিলে এতিয়ালৈ মোক গালি পাৰি অফিচৰ পৰা বাহিৰ কৰি দিলেহেতেন। আজি দিনটো স্বাভাবিকতকৈ বেছি দীঘলীয়া যেন লাগিছে।অফিচো যেন শেষ হবলৈ খোজা নাই । অবশেষত পাঁচটা বজাত অফিচৰ পৰা ঘৰলৈ আহিলো.। কাপোৰ সলাই গা ধুবলৈ বাথৰুমত সোমালো। আইনাত চকু দিয়েই দেখা পালো এলিচে মোৰ পিনে অপলক দৃষ্টিৰে চাই আছে। এইবাৰ মোৰ ভয় নালাগিল। বৰং দুষ্টৰ দৰে মই চকু টিপিয়াই দিলো। তাই মৃদু্ হাহি মাৰি মুৰ দুপিয়ালে। তাইক পানী ছটিয়াই দিবলৈ মন কৰি হাতত পানী লৈ আইনালৈ ছটিয়াই দিলো। কিন্তু তেতিয়ালৈ এলিচ আইনাৰ পৰা আতৰি গল। গা ধুই ডিনাৰৰ বাবে খোৱা টেবুলত বহিলো। এখন প্লেটত মোৰ বাবে আনখনত এলিছৰ বাবে আহাৰ সাজু কৰিলো। জানো তাইক এতিয়া আহাৰৰ প্ৰয়োজন নহয়। কিন্তু তাইক খাবলৈ দিবলৈ মোৰ বিবেকে কলে.। খোৱাৰ শেষত লাইব্ৰেৰীলৈ গুচি আহিলো। এলিছৰ ডায়েৰীটো মই পঢ়াৰ বাবেই প্ৰস্তত হৈছে। সময় বিলম্ব নকৰি মই পঢ়িবলৈ আৰম্ভ কৰিলো।

" দুটা দিন একো লিখিব পৰা নাই।প্রচন্ড জ্বৰ হৈছিল মোৰ... । শৰীৰটোৱে কষ্টবোৰ সহ্য কৰিব নোৱাৰা হৈছে। আধা নিদ্ৰাত পাৰ কৰিছো দিনটো। আজি যেতিয়া অলপ হুচ আহিল তেতিয়া দেখিলো মার্টিনী মোক কাপোৰ পাৰি দি নিজে নগ্ন হৈ মোৰ মুৰৰ কাষত বহি আছে। মোক চকু মেলা দেখি তাই হাহি সুপ্ৰভাত বুলি কলে। তাই কলে "জ্বৰৰ দেহাৰে নগ্ন হৈ থকা উচিত নহয়। সেয়ে মই মোৰ কাপোৰবোৰো তোমাক দি দিছো। আৰু মই জানো তুমি মোক কাপোৰবিহীনভাবে বেছি ভালপোৱা।" তাইৰ কথা শুনি চকুলৈ পানী নামি আহিল। এখন কাপোৰ আমি দুজনে ভাগ কৰি পিন্ধিছো। তাই মোৰ বাবে এই শীততো গোটেই ৰাতি নগ্ন হৈয়েই কটাই দিছে। হায় ঈশ্বৰ তুমি মানুহবোৰক কিয় এনেকৈ সৃষ্টি কৰিছা। মাৰ্টিনীৰ হৃদয়ত যিমান ভালপোৱা দিছা তাৰ অলপ যদি প্ৰিষ্টৰ হৃদয়ত দিলাহেতেন আমাৰ ইমান কষ্ট নহলহেঁতেন। বিছনা পৰা উঠি গৈ মাৰ্টিনীক সাবটি ধৰিলো। তাই মোৰ শেষ আশ্ৰয়। মোৰ বাবে দেবী। তাইৰ সান্নিধ্যত মোৰ নৰকখনো স্বৰ্গ হৈ পৰিছে। মিলনৰ শেষত আমি দুয়ো শুই পৰিলো। হঠাৎ অনুভৱ কৰিলো মাৰ্টিনী মোক শুৱাই থৈ দুৰলৈ গুচি গৈছে।
চকু মেলি দেখিলো তাই আঠুকাঢ়ি হাউলি চেলৰ এটা কোণত বমি কৰিবলৈ ধৰিছে। বুজিলো তাই অন্তঃসত্বা। প্ৰিষ্টৰ সন্তান তাইৰ গভৰ্ত। মোৰো একেই পৰিণতি হব।মই নিজৰ পেটত হাত বুলালো। এটাই আশা মোৰ, মোক এইবোৰৰ পৰা মুক্ত কৰি স্ৰষ্টাৰ ওচৰলৈ লৈ যাওঁক।

মার্টিনী উঠি আহি মোৰ কাষত শুই গভীৰ মমতা ৰখা কন্ঠেৰে কলে, "কোনোৱে যদি মোক সোধে বাচ্ছাটো কাৰ মই তোমাৰ বুলি দেখুৱাই দিম। মোৰ বাচ্ছাটোৰ দেউতা হবানে?" মই তাইৰ গালত হেচুকি কলো, যদি তুমি মোৰ সৈতে বিয়া হৈ মিছেচ এলিচ হোৱা তেতিয়াই পাৰিম। মোৰ উত্তৰ শুনি তাই হাঁহিবলৈ ধৰিলে । মইও প্রাণ খুলি হাঁহিলো। এই বাহ্যিক হাহি ঠাট্টাৰ আৰত প্রকৃত সত্যটো আমি দুজনেই জানো। নিতান্ত ভাগ্যগুণত যদি আমি ইয়াৰ পৰা বাহিৰ হবলৈও পাৰো তথাপিও মই তাইক বিয়া কৰিব নোৱাৰিম। ইজনে সিজনক যিমানেই ভাল নাপাওঁ কিয়, এইবোৰ অসম্ভব। "

মনে মনে ভাবিলো এলিচ যদি এতিয়াও বাচি থাকিলহেঁতেন কিমান যে আনন্দ লাগিলহেঁতেন। আজিকালি সমকামী বিবাহ বৈধ হৈছে। ইচ মইও যদি এলিচ মাৰ্টিনীৰ বিয়াত উপস্থিত থাকিলোহেতেন। এইবোৰ ভাবি ভাবি মই পিছৰ পৃষ্ঠা পঢ়িবলৈ ললো।
,
" মোৰ হৃদয় আজি ভাঙি টুকুৰা টুকুৰ হৈ গৈছে। মই এতিয়াও বিশ্বাস কৰিবলৈ পৰা নাই যে মাৰ্টিনী আৰু নাই। আৰু কেতিয়াও মোক ভাল নাপায়। তাইৰ নিষ্পাপ চেহেৰাটো আৰু কেতিয়াও মই দেখা নাপাও। তাইৰ মৰমৰ চুমা যি মোৰ শত নির্যাতনৰ নিষ্পেষণক মুহূর্ততে পাহৰাই দিছিল সেয়া আজি অতীত হৈ গৈছে। তাইৰ যাদুকৰী হাতৰ পৰশ যি মোক নিমিষতে সুখী কৰি দিছিল সেই হাত আজি নিঠৰ হৈ পৰি আছে।আজি ৰক্ষী এজনে আহি কৈছে মার্টিনীৰ মৃত্যুদণ্ড হেনো নির্ধাৰিত হৈছে । কিছুসময়ৰ পিছত সূৰ্যোদয় হলেই তাইক ফাচিকাঠত ওলোমোৱা হব। তাই নির্লিপ্ত কন্ঠত প্রশ্ন কৰিলে মোৰ দেহটোৰ কি হব? এজন ৰক্ষী উত্তৰ দিলে প্রিষ্টে তোমাৰ দেহক তিনি ৰাতি শুদ্ধিকৰণৰ শেষত জুইত জ্বলাই দিব ।এই গীর্জাৰ নিয়ম অনুসৰি সকলো ডাইনীক এই নিয়মেৰে সমাহিত কৰা হয়। কথা শুনি মার্টিনী সৰু বাচ্ছাৰ দৰে কান্দি কান্দি কবলৈ ধৰিলে. "মোক বচোৱা এলিচ। পাষণ্ডটোৱে শুদ্ধিকৰণৰ নামত মোৰ মৃতদেহৰ সৈতেও সংগম কৰিব. ইশ্বৰৰ কৃপাত মোক বচোৱা। ।" মই মনস্থিৰ কৰি পেলাইছিলো । মই বাচি থকালৈকে মোৰ তাইক কোনোৱে লৈ যাব নোৱাৰে। মনে মনে প্রার্থনা কৰিলো হে ঈশ্বৰ মোক শক্তি দিয়া । মার্টিনীক নিবলৈ প্রথম ৰক্ষীজন চেলত প্রবেশ কৰাৰ লগে লগে মই তাৰ ওপৰত আক্ৰমণ কৰিলো। সি সহ্য কৰিব নোৱাৰি মাটিত পৰি গল। মই তাৰ গলত কামুৰি দিলো। তেজৰ ধাৰ তাৰ গলৰ পৰা সো সোৱাই বৈ আহিল। তেতিয়া অন্য এজন ৰক্ষী আহি মোৰ মুৰত লাঠিৰে পচণ্ড কোৱ শোধালে। আঘতৰ তীব্ৰতাত মোৰ চকুৰ সমুখত সকলো আন্ধাৰ হৈ পৰিল। মই জ্ঞান হেৰুৱাই পেলালো। জ্ঞান পাই নিজক ছেলত আবিস্কাৰ কৰিলো। বুজিলো মাৰ্টিনিক সিহতে লৈ গৈছে। হায় ঈশ্বৰ তুমি তাইক স্বৰ্গত স্থান দিয়া। "

(আগলৈ)
গল্পটো ভাল লাগিলে শ্বেয়াৰ কৰক
click here to read part 6