Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

Daini Part 10 Assamese Novel Download

ASSAMESE FREE BOOK DOWNLOAD

Daini Part 10 Assamese Novel Download

click here to read part 9

কটেজৰ চাদখন একেবাৰে খালী। তাত কোনো ওলমি থকা নাই। সমান্য এটা সপোনক লৈ মই ইমান ভয় কৰিছো। কথাটো ভাবি নিজৰে হাঁহি উঠিল। আনন্দত ঘৰৰ দৰ্জাখন খুলি ভিতৰত সোমালো।  উহঃ, ঘৰৰ ভিতৰত একদম ঘিট মিট আন্ধাৰ! অন্ধকাৰত খেপিয়াই খেপিয়াই ছুইচটো বিছাৰিবলৈ ধৰিলো হঠাৎ কিবা এটাত লাগি উজুটি খাই পৰি গলো। মুৰটো ওখ যেন কিবা এটাত লাগি দুখ পালো। বিষত মোৰ জ্ঞান হেৰাল। ...

যেতিয়া চকু মেলিলো নিজক এখন পাৰ্শবৰ্তী খ্ৰিষ্টান চিমেট্ৰিত আবিষ্কাৰ কৰিলো। চাৰিওফালে কেবল কবৰ আৰু কবৰ। কবৰৰ ওপৰত ফলকবোৰত লিখা আছে মৃত মানুহবোৰৰ নাম। মই অপ্ৰস্তুত হৈ এটা এটাকৈ চাবলৈ ধৰিলো কবৰবোৰ। হঠাৎ এটা কবৰৰ নাম ফলকত দৃষ্টি নিবদ্ধ হল। তাত লিখা আছিল, “চেৰিয়ান জোচেফ ভেলমণ্ড, গীৰ্জাৰ সম্মানিত প্ৰিষ্ট। ১৪২০-১৪৯৮।”  মনটোত ভাব আহিল এয়াই সেই নৰপশু প্ৰিষ্টৰ কবৰ। তাৰ কবৰৰ কাষত আছে নাম ফলকত খোদিত কৰা এটা আঙুঠিৰ চিহ্ন। সেই আঙুঠিটো যিটোৰে ডাইনীবোৰৰ কপালত দাগ দিয়া হৈছিল। এই আঙুঠিটোৱেই মই সপোনত দেখিছিলো। যি হওক, আৰু কোন সন্দেহ নাই এয়াই সেই চয়তানৰ কবৰ। বুকুৰ গভীৰৰ পৰা ঘৃণা উপজিল। মনে মনে প্ৰতিজ্ঞা কৰিলো জীবনত যদি কেতিয়াবা এই চহৰত ইলেকচন জিকিব পাৰো ১ম কামটোৱে এই চয়তানৰ কবৰটোৰ ওপৰত এটা পাব্লিক টয়লেট স্থাপন কৰা। আইডিয়াটো মোৰ খুব ভাল লাগিল। চাৰিওফালে চাই দেখিলো আশেপাশে কোনো নাই। মনত এটা দুষ্ট বুদ্ধিৰ উদয় হল। ভবিষ্যতৰ পাবলিক টয়লেটৰ উদ্বোধন আজিয়েই কৰিলে কেনে হয়? চয়তানটোৰ কবৰত এতিয়াই প্ৰস্ৰাৱ কৰিব মন গল। – কৰিলো। লগতে থুৱাই দিলো তাত। তাৰ পিছত দুটামান গোৰ মাৰি কবৰৰ নামফলকখন ভাঙি মাটিত পেলাই দিলো এতিয়াহে মনটো সন্তষ্ট হৈছে। এতিয়া মই কটেজলৈ আহিব লাগিব। ৰাতি বহুত হল। অভিশপ্ত কবৰটোৰ পৰা যেতিয়া গুচি আহিবলৈ খুজিলো লগে লগে মাটি ফুটি এখন হাত ওলাই আহি মোৰ ভৰিত খামুচি ধৰিলে। জোনাকী ৰাতিৰ পোহৰত স্পষ্টকৈ দেখা পাইছো। হাতৰ মধ্যমা আঙুলিত জল-জল পট-পটকৈ জিলিকি উঠিছে ৰঙা আঙুঠিটো। ভয়তে মই চিঞৰি দিলো। কি আসুৰিক শক্তি আছে এই হাতখনত। মোৰ ভৰিখনত এনেকৈ ধৰিছে যেন টানিহে লৈ যাব। মই প্ৰাণে পণে আনখন ভৰিৰে সমস্ত শক্তি প্ৰয়োগ কৰি ওলাই আহিব চেষ্টা কৰিলো। কিন্তু একো কামত নাহিল। এবাৰ হঠাৎ মোক কবৰৰ ভিতৰলৈ টানি নিলে। মই সোমাই পৰিলো কবৰৰ ভিতৰত। 

ভিতৰত একেবাৰে অন্ধকাৰ। একো দেখা পোৱা নাযায়। আনকি আঙুঠি পিন্ধা সেই হাতখনো নাই। এনে লাগিল যেন সেই হাতখনৰ মানুহজন মোৰ কাষতে আছে মোক শাস্তি দিবৰ বাবে। হঠাৎ মনত পৰিল মোৰ লগত ফোনটো আছে। সেইটোৰ পোহৰত অলপ হলেঁও ভিতৰখন চাবলৈ পাৰিম। প্ৰয়োজন হলে সহায়ৰ কাৰণে পুলিচক ফোন কৰিম। পকেটৰ পৰা ফোনটো উলিয়াই আনিলো। পোহৰত দেখা পালো। আৰে এইটো সেই কবৰৰ ভিতৰখন নহয়। এয়া মোৰ নিজৰ কটেজটো। কাষত দেখিলো এটা ফুলৰ টাব ভাঙি পৰি আছে। বুজিলো ঘৰটোৰ ভিতৰত সোমাওঁতে এই টাবটোত উজুটি খাই পৰি জ্ঞান হেৰুৱাইছিলো। কবৰস্থান আৰু প্ৰিষ্টৰ কবৰৰ ঘটনাটো অজ্ঞান অবস্থাত দেখা এটি দুঃস্বপ্ন। এটা দীৰ্ঘ শ্বাস লৈ মই কিছুসময় বহিলো। তাৰপিছত অনুভৱ হল মোৰ কাপোৰ তিতি গৈছে! হায় ঈশ্বৰ! মই সপোন দেখি দেখিয়ে ইমানখিনি কৰিলো। ধেৎ। মোবাইলৰ পোহৰেৰে চুইবোৰ্ডখন বিচাৰি লাইট জ্বলালো। উজ্জ্বল পোহৰত যত বহি আছিলো সেয়া চালো। মোৰ প্ৰস্ৰাবখিনিয়ে কাৰ্পেটখন তিয়াই পেলাইছে তাত এটা গোলাকাৰ দাগ উঠিছে। মই সপোনত দেখা সেই আঙুঠিটোৰ আকৃতিৰ দৰে। কিন্তু এই আঙুঠিৰ ৰহস্যটো কি? এলেচে কি এই আঙুঠিটোৰ বাবে ইমান দিনে ইয়াত আছে। সম্ভবত তাই বিচাৰিচে যেন মই আঙুঠিটো আনি দিব লাগে। অন্ততঃ উদ্ভট স্বপ্নবোৰে মোক সেই ইঙ্গিতেই দিছে। অলপ আগেয়ে তাই মোক দেখুৱাই দিছে আঙুঠিটো কত আছে। খ্ৰিষ্টান কবৰস্থানৰ সেই মৃত প্ৰিষ্টৰ কবৰৰ ভিতৰত। চকু বন্ধ কৰাতেই সেই আঙুঠি পিন্ধা হাতৰ ছবি মনত ভাহি উঠিল, যিখনে মোৰ ভৰিত টানি ধৰিছিল। উহঃ। মই আৰু ভাবিবলৈ পৰা নাই। মুৰত আঘাতৰ যন্ত্ৰণা, প্ৰস্ৰাবৰ উৎকট গোন্ধ, দিনটোৰ ক্লান্তি সকলো মিলি এখন নকৰৰ দৰে হৈ পৰিছে। মই সকলো উপেক্ষা কৰি, বাথৰুমত গা ধুবলৈ সোমালো। 

গা ধুই থকা অৱস্থাত হঠাৎ আইনাখনলৈ চকু গল। মোৰ প্ৰতিবিম্ব দেখিলো। কপালখন ফুলি এটা আলু গজি উঠিছে। এয়া অলপ আগত পৰি কপালত দুখ পোৱাৰ প্ৰমাণ। ইচ। কিয় যে মোবাইলৰ ফ্লাচটো জ্বলেৱাৰ কথা প্ৰথমতে মুৰলৈ নাহিল। তেতিয়াহলে ইমানখিনি নহলহেঁতেন। এইবোৰ যেতিয়া ভাবি আছিলো তেতিয়া লাহে লাহে আইনাত মোৰ চেহেৰাটো সলনি হবলৈ ধৰিছিল। হঠাৎ তাত এলেচৰ চেহেৰাটো ফুটি উঠিল। এলেচক এতিয়া বিৰক্ত লগা হৈছে। এতিয়া তাইক দেখি আগৰ দৰে ভয় বা আনন্দ একোৱেই নালাগে। মুখত স্পষ্ট বিৰক্তি ভাৱেৰে মই তাইক চাই থাকিলো। অলপ সময়ৰ পিছত তাই নিজে গুচি গল। কিন্তু আইনাত পানীৰ কণিকাবোৰে আকাৰ ললে। লিখা গল, “আঙুঠিটো জ্বলোৱা। মোক মুক্তি দিয়া।” 

লেখাটো মচি নোযোৱা পৰ্যন্ত মই সেয়া চাই থাকিলো। প্ৰকৃতপক্ষে কি বিচাৰে এলেচে? প্ৰথমতে মোক তাই ডায়েৰী পঢ়িবলৈ জোৰ কৰিলে। এতিয়া আৰু এটা আঙুঠি বিছাৰিছে যিটো কবৰৰ ভিতৰত প্ৰিষ্টৰ লাচৰ হাতত পিন্ধা আছে। কি কৰিব খোজে সেই আঙুঠিটোৰে? সেইটো আনি নিদিলেও মোৰ ক্ষতি কৰিব নেকি? আৰু আনি দিলে এই সপোনবোৰে মোৰ পিছ এৰা দিব নে? এই প্ৰশ্নবোৰে মোক পাগল কৰি দিছে। মোক সমাধান লাগে। গা ধুই দেহতো অলপ পাতল যেন লাগিছে। বাহিৰলৈ ওলাই অহা মাত্ৰেই এটা নাৰী কণ্ঠই মোৰ নাম কাঢ়ি মাতিবলৈ ধৰিলে। এক অমোঘ আকৰ্ষণ আছে সেই মাতত। মই মোহিত হৈ আগবাঢ়ি গলো সেই মাতটোৰ দিশত। আগৰ দৰে সেইটো মাত লাইব্ৰেৰীৰ পৰা অহা নাই। সেয়া আহিছে মোৰ ঠিক ভৰিৰ তলৰ পৰা। বেচমেণ্ট! এলেচে মোক সেই বেচমেণ্টৰ বন্দীশালালৈ মাতিছে? কিন্তু তাত তো সম্পূৰ্ণ অন্ধকাৰ। বেচমেণ্টত বিদ্যুৎ সংযোগ লগোৱা হোৱা নাই। মই সেই মাত উপেক্ষা কৰি এবাৰ মোৰ বেডৰুমলৈ উভতি আহি দুই গ্লাছ পানী পিলো। মাতটো তেতিয়াও শুনি আছো। । মোৰ মনৰ এটা অংশই কৈছে বেচমেণ্টত গৈ মই চাই অহা উচিত, এলেচে কিয় মাতিছে? হয়তো তাই মোক এনেকুৱা কিবা দেখুৱাব খোজে যিয়ে তাইৰ আত্মাৰ মুক্তিত সহায় কৰিব। মনৰ এটা অংশই কৈছে মই এলেচৰ পৰা দূৰত থকা উচিত। যিয়েই নহওক তাই এটা অশৰীৰী। সেই অন্ধকাৰ বেচমেণ্টত তাই মোৰ কিবা ক্ষতি কৰিব‌ও পাৰে! কিছুসময় ভাবি এই দুয়ো মনৰ যুদ্ধত অনুসন্ধিৎসু মনটোৱে বিজয়ী হ’ল। মই বেচমেণ্টৰ দৰ্জা খুলি ফোনটোৰ টৰ্চ জ্বলাই ভিতৰত সোমালো। । চিৰি নামি নামি যিমানেই গৈ আছো মাতটো যেন গভীৰ হৈ আছে। এটা সময়ত তললৈ আহি পালো। বুজিলো মাতটো আহিছে ৩ নম্বৰ চেলৰ ভিতৰৰ পৰা। ভয়ত হৃদপিণ্ডটো যেন গললৈ উঠি আহিছে। সমস্ত মানসিক শক্তি একত্ৰিত কৰি মই সেই চেলটো ফোনৰ পোহৰেৰে চালো। নাই। বাকী চেলবোৰ দৰে সেইটোও সম্পূৰ্ণ খালী। সেই পুৰণি দিনৰ দৰে চেলত কোনো তলা নাই। ভিতৰত কোনো বন্দীও নাই। তাৰপিছতো চেলত যেন নিষ্ঠুৰতাৰ ছাপ অলপো কমা নাই। হঠাৎ মনত ইচ্ছা জাগিল, ভিতৰৰ পৰা সোমাই চালে কেনে হয়? মই জানিব খোজো কিদৰে এলেচ আৰু মাৰ্টিনী ইয়াতে জীবনৰ শেষ দিনবোৰ কটাইছিল। দৰ্জাখন খুলি ভিতৰ সোমালো। ৮ ফুট বাই ৮ ফুটৰ এটা বৰ্গাকাৰ চেল। চাৰিওফালে পাথৰৰ দেৱাল। মাত্ৰ সমুখত আছে লোহাৰ ৰদৰ ৫ ফুট বাই ৩ ফুটৰ এখন দৰ্জা, কয়দীক ভিতৰলৈ অনা নিয়াৰ বাবে। ভিতৰখন সম্পূৰ্ণ খালী। কোনো আচবাব নাই। এইবোৰ চাই ফুৰোতে হঠাৎ চেলৰ দৰ্জাখন ঠাচকৈ বন্ধ হৈ গল! মই পাগলৰ দৰে দৰ্জাত টানি সৰ্বশক্তিৰে প্ৰয়োগ কৰিবলৈ ধৰিলো। কিন্তু তলা নথকা সত্ত্বেও দৰ্জাখন বাজি গৈছে। হায় হায়। এই শতাব্দী প্ৰাচীন বন্দীশালাত এতিয়া মই বন্দী হৈ পৰিছো! নে এলেচে মোক ইয়াত বন্দী কৰি ৰাখিছে! ভয়ৰ এক ঠাণ্ডা সোত মোৰ দেহৰ মাজেৰে বৈ গল! এবাৰ মনত পৰিল মোৰ হাতত থকা মোবাইলটোৰ কথা। মই পুলিচক মেছেজ দি মোক উদ্ধাৰৰ কাৰণে মাতিব পাৰো। কিন্তু ফোনটো চোৱাতেই সেই আশা পানী হৈ গল। ফোনৰ নেটৱৰ্ক নাই। কানেকচন লষ্ট।  তাতকৈও ভয়াবহ কথাটো হল ফোনত মাত্ৰ ৪% চাৰ্জ আছে। অলপ সময় পিছত ফোনৰ পোহৰ বন্ধ হৈ যাব। মই ভয়ত গল ফালি যোৱাকৈ চিঞৰি আছো।  যদিও জানো এই বিশাল শূন্য কটেজত কোনোৱে মোৰ চিৎকাৰ শুনা নাপায়। চেলৰ দৰ্জাত ঢাক্কা মাৰি মাৰি মোৰ কান্ধখনো বিষাবলৈ ধৰিছে। । তাৰ পিছতো খোলা খোৱা নাই দুৱাৰ। এসময়ত লো-বেটাৰি চিগনেল দি ফোনটো অফ হৈ গল।  আন্ধাৰে গোটেই চেলটো গ্ৰাস কৰিলে। অবিশ্বাস্য ভাবে বন্ধ বেচমেণ্টৰ ভিতৰতে এজাক বতাহ আহি মোৰ শৰীৰৰ কাপোৰখন খুলি নিলে। চেলৰ ভিতৰত খেপিয়াই খেপিয়াই মোৰ কাপোৰখন বিচাৰি ফুৰিলো। নাই হাতত নালাগিল। মোৰ এয়াই ভয় আছিল। এলেচৰ মৃত্যুৰ শ শ বছৰ পিছত, তাইৰ চেলত, তাই দৰে সম্পূৰ্ণ নগ্ন অবস্থাত মই বন্দী হৈ পৰিছো! 

(আগলৈ )

চানজিদা চুলতানা

স্বপ্ননীল আকাশ

(ভাবানুবাদ)

Click here to read part 11

তলৰ হোৱাটচএপ ফেচবুক বুটামত ক্লিক কৰি গল্পটো আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰক আৰু আপোনাৰ দৰে আন দহজনকো পঢ়াৰ সুবিধা দিয়ক

Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

1 comment

  1. 🏵️