Assamese Book Online Daini Part 7
পৃষ্ঠাটো পঢ়ি এনে লাগিল যেন এনেকৈয়ে এলেচৰ মৃত্যু হ'ল । আজিও পোলেণ্ডত প্ৰতি বছৰে ৬০ হাজাৰ টন ম্যাদহীন খাদ্য পেলাই দিয়া হয়। সেই অজ্ঞতা আৰু অন্ধকাৰচ্ছন্ন পোলেণ্ড দ্বিতীয় বিশ্বযুদ্ধত সম্পূৰ্ণ ধংস হোৱাৰ পিছতো আজি আকৌ মুৰ তুলি উঠিছে। কিন্তু আমাৰ দেশত এতিয়াও ক্ষুধাত প্ৰাণ হেৰুৱায়। যি কি নহওক অলপ সময়ৰ বাবে মই ভাবিছিলো এলেচৰ মৃত্যু হৈছে। কিন্তু পৃষ্ঠাটো ওলোটাই দিয়াত এলেচৰ লিখা দেখা পালো।
”আজি সন্ধিয়া এজন ৰক্ষী অলপ আহাৰ আৰু এমগ পানী লৈ আহিছিল। মোৰ তাৰ হাতৰ পৰা সেইখিনি লবলৈ ইচ্ছা নহ'ল। নাজানো কিয় মোৰ এনে লাগিল সি হয়তো মাৰ্টিনীক হত্যা কৰিছে। হয়তো তাৰ হাতত এতিয়াও মাৰ্টিনীৰ তেজ লাগি আছে। ৰাতিৰ সপোনটো মনত পৰিল। তাৰ হাতৰ পৰা খোৱাবস্তু লোৱা মোৰ মনত মাৰ্টিনীৰ তেজ পিয়াৰ দৰে নিকৃষ্ট যেন লাগিল। মই খোৱাবস্তুখিনি নলৈ শুই থাকিলো। সিয়ো কিছুসময় তাত তেনৈকৈয়ে ৰৈ থাকিল। যেতিয়া বুজি পালে মই উঠি গৈ তাৰ পৰা একো লোৱা নাই সি সেইবোৰ ভিতৰত দলিয়াই দি গুচি গল। মগটোৰ পৰা পানীখিনি পৰি মোৰ চেলৰ ভিতৰত বৈ আহিল। মই সহ্য কৰিবলৈ নোৱাৰিলো। সেই পানীৰ ওপৰত জপিয়াই পৰিলো। মেকুৰীৰ দৰে সকলো খাবলৈ আৰম্ভ কৰিলো। আহহহহ পানী। ... ঈশ্বৰৰ এক মহিমান্বিত উপহাৰ। পানী খাই মই আহাৰখিনি লবলৈ ধৰিলো। লাডুৰ দানাবোৰ গলত সোপা মিৰি ধৰিলে। খোৱাৰ সময়ত গলটোত প্ৰচণ্ড জ্বলাপোৰা হৈছিল, এনে লাগিছিল যেন মই জ্বলন্ত কয়লা খাইছো। কিন্তু তাৰ পিছটো পেটৰ ভোকত ৰব নোৱাৰি মাত্ৰ গিলিছিলো। যেতিয়া আনটো লাডু হাতত ললো মনত পৰিল মাৰ্টিনীৰ কথা। তাই থাকিলে হয়তো দুয়ো ভাগ কৰি খালোহেঁতেন। পেট নভৰিলেও মনটো আনন্দেৰে ভৰি পৰিলেহেতেন। বুকুৰ পৰা এটা দীৰ্ঘশ্বাস বাহিৰ হৈ আহিল। । খাই আকৌ শুই পৰিলো। মনে মনে কবলৈ ধৰিলো মই আৰু নোৱাৰো প্ৰভু। এই নৃশংসতাৰ পৰা মোক মুক্তি দিয়া। মোক তোমাৰ কাষলৈ লৈ যোৱা। আজি ৰাতি যেন মোৰ শেষ ৰাতি হয়। । কিন্তু প্ৰভু যীশুই মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য কৰিলে। মই বাচি থাকিলো আৰু এটি দুৰ্বিষহ দিনৰ অভিজ্ঞতা গ্ৰহণৰ বাবে। “
তাৰ পিছৰ পৃষ্ঠাত লিখিছে, “ আজি ৰাতিপুৱা এটা প্ৰহৰীৰ লাঠি খাই মোৰ টোপনি ভাঙিল। অনাহাৰক্লিষ্ট দুৰ্বল শৰীৰটোৰ সৈতে মই ইমানেই গভীৰ নিদ্ৰাত আছিলো যে প্ৰহৰীৰ চিঞৰেও মোক জগাব পৰা নাছিল। বাধ্য হৈয়েই সি কষ্ট কৰি চেলৰ তলা খুলি মোক লাঠ মাৰি জগাই দিলে। কষ্ট পালেও মই তাক একো কোৱা নাই। কষ্টবোৰ সহ্য কৰিবলৈ শিকি গৈছো। মাত্ৰ অবাধ্য চকু দুটাই কোনো ব্যাথা নামানে। ব্যাথা পালেই পানী বাহিৰ হৈ আহে। প্ৰহৰীজনে মোক অলপ নতুন কাপোৰ দি কলে, 'সোনকালে সাজু হ'। আজি হেনো মোক সকলোৰে আগত বিছাৰ কৰা হব। কাপোৰ পিন্ধিবলৈ লৈ মোৰ আকৌ মাৰ্টিনীক মনত পৰিল। সিদিনা আমি এখন কাপোৰেই দুয়োজনে ভাগ কৰি পিন্ধিছিলো। আজি তাইৰ অনুপস্থিতিত মইয়েই অকলশৰীয়া কাপোৰৰ মালিক। এই একাকিত্বই মোক সকলোতকৈ বেছি যন্ত্ৰণা দিছে। ক্ষুধা, পিয়াহ, চাবুকৰ আঘাত বা অন্য কোনো নিৰ্যাতন নহয়, মানুহৰ স্মৃতিৰ এক আশ্চৰ্য ত্ৰুটি হল দুঃখ পাহৰি যোৱা কিন্তু সুখময় দিনবোৰ মনত ৰখা। মাৰ্টিনীৰ সৈতে সেই সুখময় দিনৰ স্মৃতিয়ে মোক খুলি খুলি খাবলৈ ধৰিছে। মৃত্যুৰ বাহিৰে যেন একো মুক্তিৰ পথ নাই। চিৰি বগাই বগাই মই গীৰ্জাৰ চাদলৈ গুচি গলো । ৰক্ষীসকলে মোক এটা দুলি থকা কাঠৰ ফ্ৰেমৰ সৈতে বান্ধি দিলে। পূ্ব দিগন্তত গ্ৰীষ্মৰ জিলমিল সূৰ্যৰ উষ্ম পৰশে মোৰ জৰ্জড়িত দেহটো ৰঙীন কৰি তুলিছে। এজন ঘোষক আহি গাওঁবাসীক গীৰ্জাৰ প্ৰাঙ্গণত একত্ৰিত হবলৈ আহব্বান জনালে। মানুহবোৰ লাহে লাহে একত্ৰিত হবলৈ ধৰিছে। তাৰপিছতে সন্মানিত পাদ্ৰীজন গীৰ্জাৰ ছাদত আহি বহিল। আৰম্ভ হল তিনিজনক হত্যাত অভিযুক্ত ডাইনী এলেচৰ বিচাৰ।”
তাৰ পিছৰ পৃষ্টাত,
” মাননীয় পাদ্ৰীজনে এটা এটা কৈ মোৰ ওপৰত অনা গোচৰ সকলোকে পঢ়ি শুনালে। ! প্ৰথম অভিযোগ হল মই হেনো অতিথিশালাটোৰ মালিক হোৱাৰ আশাত মোৰ দেউতাক মাৰি পেলাইছো। কি অদ্ভুত অভিযোগ। মোৰ ব্যবসায় পাতিত একো আগ্ৰহ নাই। যত মোৰ আগ্ৰহেই নাই তাত একচ্ছত্ৰী মালিক হোৱাৰ বাবে মই মোৰ জন্মদাতা দেউতাক খুন কৰিম! এইবোৰ ভাবিব পাৰি নেকি? দেউতাকৰ সম্পত্তি এনেও একমাত্ৰ সন্তান হিচাপে মোৰ হাতলৈ আহিব। তেওক হত্যা কৰাৰ একো প্ৰয়োজন নাই তাৰপিছতো মই পিতৃঘাতী। এয়াই কি পৃথিবীৰ ন্যায়বিচাৰৰ উদাহৰণ?
তাৰ পিছৰ অভিযোগ, মই হেনো সামান্য কেইটামান স্বৰ্নমুদ্ৰা পোৱাৰ বাবে আমাৰ অতিথিশালাটোৰ শুই থকা অতিথিজনক হত্যা কৰিছো! এই মদাহী বুঢ়াটোৰ লগত স্বৰ্নমুদ্ৰা থাকিলে হে নিম। সি যিমান আয় কৰে সকলো আমাৰ অতিথিশালাটোত মদ খাই উৰাই দিয়ে। তাৰ লগত যে স্বৰ্নমুদ্ৰা আছে সেয়া ভবাটোও এক পাগলামি আৰু যদি ঘুৰ্ণাক্ষৰেও দুই এটা স্বৰ্নমুদ্ৰা আছিল মোৰ যদি সেইকেইটাৰ প্ৰয়োজন হলহেঁতেন মই তাক দুবটল মদ দিয়েই তাৰ বাকীত লৈ লব পাৰিলোহেঁতেন। খুন কৰিবলৈ কি প্ৰয়োজন। মোৰ এই অতি সাধাৰণ যুক্তি তৰ্কবোৰ বিচাৰত গ্ৰহণ কৰা নহল। মোক সেই মদাহীটোৰ হত্যাকাৰী হিচাপেই চিহ্নিত কৰা হল।
তাৰ পিছত সেই হতভগা ৰক্ষীক হত্যাৰ অভিযোগ উঠিল। যথাৰীতি সকলো যুক্তিতৰ্কৰ শেষত মোকেই দোষী সাব্যস্ত কৰা হ'ল। তাৰ পিছত প্ৰিষ্টে আহি সকলোৰে সমুখত মোৰ গালত চৰ মাৰিলে। তলত গীৰ্জাত জনগনৰ মাজত শিশুও আছিল। ইমান মানুহৰ মাজত এনেদৰে অপমানিত হৈ লজ্জাত মোৰ মাটিৰ সৈতে মিহলি হৈ যাবৰ ইচ্ছা গল। শেষত বিচাৰৰ ৰায় ঘোষণা কৰা হল। “ডাইনী এলেচক আগন্তুক ৰবিবাৰে প্ৰাথৰ্নাৰ সময়ত গীৰ্জা প্ৰাঙ্গণত সকলোৰে সন্মুখত ফাঁচীকাঠত ওলোমোৱা হব।” মৃত্যুদণ্ড শব্দটোৱে মোৰ কাণত যেন মৌ বৰষিলে। আৰু মাত্ৰ চাৰিদিন। ইয়াৰ পিছতে মই এই নিৰ্মম পৃথিবী এৰি মোৰ স্ৰষ্টাৰ কাষলৈ গুচি যাম। শাস্তি ঘোষণাৰ পিছত প্ৰিষ্টে তেওঁৰ হাতৰ আঙুঠিটো খুলি তাক গৰম কৰি ৰঙা হোৱাত মোৰ কপালত বহাই দিলে। গভীৰ এটা পোৰা দাগেৰে সৈতে আঙুঠিৰ ওপৰত অংকিত নক্সা মোৰ কপালত চিন হৈ ৰল। । এয়াই সেই চিহ্ন যাৰ দ্বাৰা এজনী ডাইনীক চিহ্নিত কৰা হয়। কপালৰ অসহ্য জ্বলাপোৰা আৰু মিছা ডাইনীৰ অপবাদৰ যন্ত্ৰণাত মই চিৎকাৰ কৰি কান্দি উঠিলো। মোৰ কান্দোন দেখি উপস্থিত বহুতৰ অট্টহাঁহিত কোঠাটো কপি উঠিল। তাৰ পিছত প্ৰিষ্টে সগৰ্বে গীৰ্জাৰ ছাদৰ পৰা নামি গল। প্ৰিষ্টে যোৱাৰ লগে লগে উপস্থিত সকলোৱে মোৰ গালৈ বৰষুণৰ দৰে শিলগুটি মাৰিবলৈ আৰম্ভ কৰিলে। যিসকলে শিল মাৰি আছিল মই তেওঁলোকক চিনি পাওঁ। তাৰ মাজত আছিল জোচেফ এণ্টোনিও, যোৱা বছৰ তেওঁৰ শস্য শীতত নষ্ট হৈ গৈছিল, একো যোগাৰ কৰিব নোৱাৰি তেওঁলোকৰ পৰিয়ালটোৰ আলৈ আথানি হৈছিল। এদিন তেওঁ আমাৰ ঘৰলৈ আহি মোৰ দেউতাৰ ওচৰত কেইটামান টকাৰ ধাৰলৈ হাত পাতিলে। মোৰ দেউতাই তেওঁক চিধাই মানা কৰিছিল। কিন্তু তেওঁৰ অসহায় মুখখন দেখি মই বৰদিনৰ উপহাৰ কিনিবলৈ জমা কৰা টকাখিনি তেওঁক দি দিছিলো। সিদিনা কান্দি কান্দি তেওঁ মোক মা বুলি সম্বোধন কৰিছিল। কিন্তু মাত্ৰ ছয় মাহৰ ব্যৱধানত আজি গ্ৰীষ্মৰ দিনত তেওঁ মোক ডাইনী বুলি কৈ মোৰ গালৈ শিল মাৰিছে। কিমান যে সোনকালে এই মানুহবোৰ সলনি হয়। তাৰ পিছত চকু পৰিল ৰ’জাৰ বৰিচৰ পিনে। সি মোৰ প্ৰাক্তন প্ৰেমিক। সিয়ো সকলোৰে সৈতে তালত তাল মিলাই মোলৈ শিল মাৰিছে। অথচ কেইদিনমান আগতেও সি কিমান যে মিঠা কথা কৈ মোৰ ৰূপৰ প্ৰশংসা কৰিছিল। প্ৰতি বৃহস্পতিবাৰ সন্ধিয়া সি আমাৰ অতিথিশালাটোলৈ আহিছিল একমাত্ৰ মোক এপলক চাবলৈ। ঘণ্টাৰ পিছত ঘণ্টা ধৰি মোলৈ অপেক্ষা কৰিছিল। ময়ো আকৰীজনীয়ে দেউতাক ফাকি দি এই লম্পটোক লগ কৰিছিলো। সি মোক পৰী বুলি মাতিছিল। দুমাহ আগলৈ তাৰ এই পৰীজনীক বিছনাত পোৱাৰ বাবে সি সৰ্বোচ্চ ত্যাগ কৰিবলৈও ৰাজী হৈ আছিল। কিন্তু আজি মোক নৰকৰ ডাইনী বুলি গালি দিছে আৰু বিছাৰি বিছাৰি ডাঙৰ ডাঙৰ পাথৰ বোৰ মোক মাৰিবলৈ ধৰিছে। ধ্বংস হওক এই স্বাৰ্থপৰ লম্পট পুৰুষজাতি। তাক চাবলৈও মোৰ ঘৃণা উপজিছে।
গীৰ্জাৰ প্ৰাঙ্গণত এক কোণত বহুতো শিশু কিশোৰ জমা হৈ হুলস্থূল কৰি মোৰ পিনে শিল দলিয়াইছে। কোমল অপ্ৰস্তুত হাতৰ পৰা দলিওৱা শিলবোৰ বেছিভাগ লক্ষভ্ৰষ্ট হৈছে। সিহঁতৰ মাজত মই এলেক্স ৰবাৰ্ট উইলচনক দেখিবলৈ পালো। তাৰ মাক আমাৰ প্ৰতিবেশী। লৰাটো দেখিবলৈ খুবেই সুন্দৰ। বয়স ৪-৫ হব। সেইদিনা তাৰ জন্মৰ সময়ত খুব তুষাৰ বৃষ্টি হৈছিল। ৰাস্তাত বৰফ জমা হৈ আমাৰ গাওঁখন প্ৰায় বিচ্ছিন্ন হৈ গৈছিল। এনে প্ৰতিকূল পৰিবেশত তাৰ মাকৰ যেতিয়া প্ৰসব বেদনা হৈছিল তেতিয়া কোনো ধাত্ৰীকেই লৈ অনা সম্ভৱ নাছিল। সি তাৰ মাকৰ যোনিত ওলোটাকৈ বাজি ৰৈছিল। দেউতাক ঘৰত নাছিল। সেইদিনা মাকৰ আৰ্তচিৎকাৰ শুনি মই ঘৰলৈ দৌৰি গৈছিলো। মাকক শুৱাই দি মই নিজ হাতে লৰাটোক টানি বাহিৰ কৰিছিলো। মোৰ হাতত ধৰিয়েই সি পৃথিৱীলৈ আহিছিল। কৃতজ্ঞতাবশত তাৰ মাকে মোৰ নামৰ সৈতে মিলাই তাৰ নামকৰণ কৰিছিল এলেক্স। আজি সিয়ো মোৰ পৰ হৈছে! ইমানপৰে পাথৰৰ আঘাতৰ তীব্ৰতাত মই এসময়ত জ্ঞান হেৰুৱাই পেলালো। ৰক্ষীসকলে মোৰ অজ্ঞান দেহক টানি টানি চেলৰ ভিতৰলৈ লৈ আনিলে। নাজানো কিমান সময় অজ্ঞান হৈ আছিলো। জ্ঞান পায়েই দেখিলো ৰাতি হৈছে। ইতিমধ্যে এজন ৰক্ষীয়ে খোৱো বস্তু দি থৈ গৈছে। হয়তো জীবনৰ শেষ চাৰিটা দিন সিহঁতে মোক ভোকাতুৰে ৰাখিব খোজা নাই। খাই উঠি মই লিখিবলৈ বহিলো। মৃত্যুৰ প্ৰতিক্ষাত, জীবনৰ আতিবাহিত আৰু এটি দীৰ্ঘ গ্ৰীষ্মৰ দিনৰ বৰ্ণনা।”
click here to read part 8