Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

ডাইনী part 8 assamese novel | Assamese Books Online

ডাইনী part 8 assamese novel | Assamese Books Online

ডাইনী part 8 assamese novel | Assamese Books Online

পৃষ্ঠাটো শেষ কৰি মনতে ভোৰভোৰাই কলো হায় এলেচ! এইবোৰ বিচাৰৰ নামত অত্যাচাৰ তোমাৰ জন্মৰ আগতেও মানব সমাজত আছিল, তোমাৰ মৃত্যুৰ পিছতো এতিয়াও টিকি আছে। তোমাৰ আগতে চক্ৰেটিচ, গেলিলিও, পাইথাগোৰাছ প্ৰমুখ ইয়াৰ চিকাৰ হৈছিল। তোমাৰ পিছত, আমেৰিকাত লুথাৰ কিং, ইটালিৰ মৌচুলিনী, মাৰ্কো, প্ৰমুখ। মানব সমাজত কোনো কালেই ন্যায় বিচাৰ প্ৰতিষ্ঠিত নাছিল, আৰু কেতিয়াও নহব। সেই বুলি তুমি মৰিও এই কটেজত বন্দী হৈ পৰি থাকিবা? তোমাৰ বাবে নতুন জীৱনে অপেক্ষা কৰি আছে। হয়তো তাত মাৰ্টিনী তোমাৰ বাবে ৰৈ আছে। তুমি যোৱা নাই কিয়? লাইব্ৰেৰীৰ এটি চুকৰ পৰা কান্দোনৰ শব্দ ভাহি আহিল। দৰ্জাখনত লিখা গল, “মুক্তি দিয়া মোক।” এইবাৰ মই মুক্ত কণ্ঠে কলো, কিন্তু কিহৰ মুক্তি? কাৰ পৰা মুক্তি? 

প্ৰত্যুত্তৰত বাইবেলৰ নতুন পৃষ্ঠা এটা খোল খালে। 

এলেচৰ লিখা, 

”ৱাহ। আজি ৰাতিপুৱা হবলৈ নাপাওঁতেই এজন প্ৰহৰী আহি মোক কেইটামান ফল, পানী, আৰু ৰুটি দিলে। প্ৰথমে এই আকৰ্ষিক মহানুভৱতাৰ কাৰণ বুজিব নোৱাৰিলেও পিছত ভালকৈ বুজি পাইছো। চাৰিদিন পিছত যেতিয়া মোৰ দেহটো শুদ্ধিকৰণৰ বাবে প্ৰিষ্টৰ হাতত তুলি দিয়া হব তেতিয়া সি মোৰ জীৰ্ণশীৰ্ণ দেহটোৰ পৰা যথেষ্ট যৌন সুখ নাপাবও পাৰে। সেয়ে এই চাৰিদিন মোক খাবলৈ লবলৈ দি ব্যৱহাৰৰ উপযোগী কৰাৰ চেষ্টা কৰিছে। । গোটেই ৰাতিটো মই ডাইনী হোৱাৰ ৰহস্য উদ্ঘাটন কৰিছো। মই ডাইনী হোৱাৰ আচল কাৰণটো আছিল মোৰ দেউতাৰ অতিথিশালাটো। আমাৰ অতিথিশালাটো চহৰৰ প্ৰায় মাজ অংশত অৱস্থিত। চহৰলৈ অহা সকলো মানুহেই এই অতিথিশালাত ৰাতিটো কটায়। যাৰ বাবে আমাৰ প্ৰচুৰ অৰ্থ উপাৰ্জন হয়। দেউতাৰ মৃত্যুৰ পিছত সেয়া মোৰ হাতলৈ আহিছিল। যিহেতু আমাৰ কোনো উত্তৰাধিকাৰী নাছিল মই মৰি গলে সেয়া পৰিতাজ্য সম্পত্তি হিচাপে গীৰ্জাৰ অধীনত গুচি যাব। গীৰ্জাৰ প্ৰিষ্ট তাৰ মালিক হৈ তাৰ পৰা অতিৰিক্ত আয় লাভ কৰিব। সেয়ে মাত্ৰ এই সম্পত্তিৰ লোভত মোক ডাইনীলৈ পৰিণত কৰিছে। এই বিচাৰ, ডাইনীৰ অপবাদ, কেৱল লোকক দেখুৱাবৰ বাবেহে। নাটকৰ বাহিৰে বেলগ একো নাই। সকলোৱেই ষড়যন্ত্ৰত লিপ্ত। কিন্তু মই ইমানেই সোমাই পৰিছো যেন মৃত্যুৰ পিছটো মই ইয়াৰ পৰা ওলাই আহিব নোৱাৰিম। চাৰিওফালে কেবল অন্ধকাৰ। মই অকলশৰে তাৰ মাজত ৰৈ গৈছো। গহীনত। কপালত দাসত্ত্বৰ চিহ্ন লৈ। “

পিছৰ পৃষ্ঠাত, 

” আজি দুপৰীয়া মোক সিহঁতে পুখুৰীলৈ লৈ গ'ল। গা ধুৱাবলৈ। কালি যে মোক ফাচি দিয়া হব, সেয়ে আজি দেহটো পৰিষ্কাৰ কৰি প্ৰিষ্টৰ যৌন শুদ্ধিকৰণৰ বাবে প্ৰস্তুত কৰা হব। মই গা ধুবলৈ খোজা নাছিলো। কিন্তু মোক গা ধুৱাবৰ বাবে দুজন বিশাল দেহৰ মহিলাক নিয়োগ কৰিছে। সিহঁতৰ সৈতে যুঁজিবলৈ মোৰ দেহত অবশিষ্ট শক্তি নাই। বাধ্য হৈ নিৰ্বোধ ছোৱালীৰ দৰে মই গা ধুবলৈ ধৰিলো। সিহঁতে মোৰ দেহটো পুঙ্খানুপুঙ্খভাবে পৰিষ্কাৰ কৰি দিলে। মোৰ স্তন যোনি নিতম্বত সকলোতকৈ বেছি মনোযোগ দি পৰিষ্কাৰ কৰিলে। বুজিলো সিহঁত প্ৰফেশ্বনেল। সিহঁতৰ কামেই হল মৃত্যুদণ্ড প্ৰাপ্ত ছোৱালীৰ দেহক প্ৰিষ্টৰ বিকৃত কামনা পুৰণৰ বাবে প্ৰস্তুত কৰা। সিহঁতৰ একনিষ্ঠ পৰিশ্ৰমত মোৰ জীৰ্ণ দেহটো অলপ হলেও আকৰ্ষণীয় হৈ উঠিল। কিন্তু কপালত আঙুঠিৰ পোৰা দাগটো থাকিয়েই গল। ইমান সহজে যাব যে তাৰ আশা নাই। সৰু এটি আঙুঠি কিন্তু ক্ষতটোৱে কপালখন পুৰি পেলাইছে। গোটেই মুৰটো ঝিমঝিম কৰিছে। মাজে মাজে মুৰটো তুলিবলৈ প্ৰচণ্ড কষ্ট হৈছে মোৰ। অসম্ভব ভাৰী হৈ গৈছে যেন। গোটেই দিনটো মই শুইয়েই কটালো। কিন্তু এনে লাগিছে মই গীৰ্জাত নহয় নৰকৰ তপ্ত অগ্নি পিণ্ডত বহি আছো। অনুভব কৰিলো নৰকৰ কীট এই মানুহবোৰে এই পবিত্ৰ গীৰ্জাকো নৰকত পৰিণত কৰিছে। সৰুতে যেতিয়া মই এই গীৰ্জাত শিক্ষা লৈছিলো তেতিয়া আমাক কোৱা হৈছিল, “ ঈশ্বৰ এই গীৰ্জাৰ পূজা বেদীৰ ওপৰত স্থাপিত ক্ৰুচত বিদ্ধ হৈ আছে। যোৱা, তেওঁক ফুল অৰ্পণ কৰি সম্মান জনোৱা।” কিন্তু আজি বুজিলো ঈশ্বৰ কেতিয়াও গীৰ্জাত নাথাকে। গীৰ্জাত প্ৰিষ্টৰ দৰে বহুতো ছদ্মবেশী নৰকৰ কীটবোৰ বাস কৰে। আৰু ঈশ্বৰ থাকে বিশ্বাসীসকলৰ হৃদয়ৰ মনিকোঠাত চিৰভাস্কৰ হৈ।” 

ডায়েৰীখন ইয়াতেই সমাপ্ত। এলেচৰ আৰু কোনো লিখা বিচাৰি নাপালো। হৃদয়খনে হাহাকাৰ কৰি উঠিল। তাইৰ শেষ উক্তিটো বাৰবাৰ চকুৰ সমুখত ভাহি উঠিবলৈ ধৰিলে" ঈশ্বৰ গীৰ্জাত নাথাকে। গীৰ্জাত প্ৰিষ্টৰ দৰে বহুতো ছদ্মবেশী নৰকৰ কীট বাস কৰে। ঈশ্বৰ থাকে বিশ্বাসীৰ হৃদয়ৰ মনিকোঠাত চিৰভাস্কৰ হৈ!" তাই এক চিৰ সত্য কথা কৈছিল যিটো প্ৰায় ধৰ্মত প্ৰযোজ্য। খৃষ্টানসকলৰ গীৰ্জা, মুসলমানসলকৰ মছজিদ, বৌদ্ধৰ টেম্পলত, হিন্দুৰ মন্দিৰ এইবোৰে মাত্ৰ মানুহৰ ধৰ্মীয় অনুভূতিক পুঁজি কৰি বনোৱা এটা ব্যাবসায় প্ৰতিষ্ঠানৰ বাহিৰে আন একো নহয়। এইবোৰত কেতিয়াও ঈশ্বৰ থাকিব নোৱাৰে। কিন্তু এতিয়াও মই মোৰ এটা প্ৰশ্নৰ উত্তৰ পোৱা নাই। এলেচে কিয় ইয়াত বন্দী হৈ আছে? কিহৰ মায়াত ইমানদিন ধৰি এনেদৰে আছে? যিকি নহওকঁ গোটেই ৰাতিটো মই লাইব্ৰেৰীত পাৰ কৰিছো এলেচৰ ডায়েৰীখন পঢ়ি। আজি ৰাতিটোও প্ৰায় শেষ হবলৈ ধৰিছে। মোক এতিয়া টোপনিৰ প্ৰয়োজন। লাইব্ৰেৰীৰ পোহৰ নুমুৱাই মই বেডৰুমলৈ ৰাওনা হলো। কিন্তু তেতিয়াও লাইব্ৰেৰীত এটা নাৰী কণ্ঠই কান্দিয়েই আছিল। এটা বিলাপৰ সুৰ। মই তাইক কান্দিবলৈ দিলো। প্ৰাণ খুলি কান্দিলে হয়তো দুখৰ বোজাটো অলপ পাতল হব। নিজৰ বেডৰুমত আহি দেহটোক বিছনাত মেলি দিলো। এনে লাগিল সমগ্ৰ পৃথিবীখনেই যেন নৰকৰ দৰে অশান্তিপূৰ্ণ। মাত্ৰ বিছনাখন বাদ দি। বিছনাৰ প্ৰশান্তিত মুহূৰ্ততে গভীৰ নিদ্ৰাত সোমাই পৰিলো। 


চানজিদা চুলতানা
স্বপ্ননীল আকাশ
(ভাবানুবাদ) 
click here to read part 9
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment