বৃটিছ চৰকাৰৰ BBC সংবাদ প্ৰতিষ্ঠানটোৰ আমোদজনক কথা
বৃটিছ চৰকাৰৰ BBC সংবাদ প্ৰতিষ্ঠানটোৰ আমোদজনক কথা
বিশ্বৰ সংবাদ জগতত ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেছন, চমুকৈ BBC এক অতি সন্মানীয় নাম ৷ 1922 চনৰ 1 জানুৱাৰীত প্ৰতিষ্ঠিত বৃটিছ চৰকাৰৰ এই সংবাদ প্ৰতিষ্ঠানটোৰ অতি শুদ্ধ আৰু নিৰপেক্ষ বাতৰি প্ৰকাশ কৰাৰ ক্ষেত্ৰত পৃথিৱীজোৰা নাম আছে ৷ বিবিচিয়ে কেতিয়াও কোনো এটা বাতৰিত অনাহকতে একেটা বাক্যকে সাত আঠবাৰ পঢ়ি থাকি বাতৰিৰ সময়খিনি জোৰ কৰি দীঘল কৰি নাথাকে ৷ কোনো এক বাতৰিত প্ৰতিটো শব্দ শুৱলাকৈ আৰু অতিশয় তথ্যপূৰ্ণ ভাৱে প্ৰকাশ কৰা হয় বাবে বিবিচিৰ সংবাদ মাধ্যমত থকা সুকীয়া আসনখন আজি 94 বছৰ পিছতো অক্ষত অৱস্থাত আছে ৷
1930 চনৰ 18 এপ্ৰিলৰ দিনা বিবিচিয়ে বাতৰিৰ সময়ত এক আচৰিত কাম কৰিছিল ৷ সেইদিনা আছিল গুড ফ্ৰাইডে ৷ সেইদিনা সন্ধিয়াৰ 6:30 বজাৰ বাতৰিত দিবলৈ বিবিচিৰ হাতত কোনো নতুন গুৰুত্বপূৰ্ণ বাতৰি নাছিল ৷ বিবিচিৰ মতে সেই সময়ত এনে কোনো দৰকাৰী ঘটনা পৃথিৱীত ঘটা নাছিল যি তেওঁলোকৰ বাতৰি অনুষ্ঠানত স্থান পাব পাৰে ৷ আনহাতে পুৰণি হৈ যোৱা বাতৰিবোৰো নতুন কোনো তথ্য যোগ নকৰাকৈ চালে বেৰে কোবাই পাগুলি থকাটো বিবিচিৰ কৰ্মপদ্ধতিত নাই ৷ সেয়েহে সেইদিনা 6:30 ৰ বাতৰিত ঘোষকে কৈছিল
" শুভ সন্ধিয়া ৷ আজি গুড ফ্ৰাইডে ৷ আজি একো বাতৰি নাই ৷ "
ইয়াৰ পিছত বাতৰিৰৰ বাকী থকা সময়খিনিত বিবিচিত ভাহি আহিছিল পিয়ানোৰ সংগীত ৷
দৰকাৰী বাতৰি নথকাৰ সময়ত অদৰকাৰী আৰু পুৰণি বাতৰি ভৰাই, একেটা বাক্যকে ঘুৰাই পকাই দহবাৰ মান কৈ থাকি দৰ্শক আৰু নিজৰ দুয়োৰে সময় ধ্বংস নকৰে কাৰণে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেছন আজিও অনন্য ৷
-Alakesh bhagawati
Post a Comment