Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

অম্বুবাচী কি ? কিয় পালন কৰা হয় অম্বুবাচী ? Ambubasi In Assam

In this post you can read the story behind ambubasi mela in assam. why ambubasi is celebratyed in assam I have explained here.
Ambubasi Story In Assamese Language

অম্বুবাচী কি? Ambubasi Story In Assamese Language

অম্বুবাচী হিন্দুধৰ্মৰ  উৎসব। অম্বুবাচী বিভিন্ন আঞ্চলিক ভাষাত আমতি কোৱা হয় । হিন্দু শাস্ত্রত পৃথিবীক মা আখ্যা দিয়া হৈছে। বেদতো একে ৰকমেই  মা ৰূপত বর্ণনা কৰা হৈছে, পৌৰানিক যুগতো পৃথিবীক ধৰিত্ৰী  বুলি  সম্বোধন কৰা হৈছে। আহাৰ মাহত মৃগ শিৰা নক্ষত্রৰ তিনিটি পদ শেষ হলে পৃথিবী বা ধৰিত্রী মা ঋতুময়ী হয়। সেই সময়ত অম্বুবাচী পালন কৰা হয়।

কিয় পালন কৰা হয় অম্বুবাচী? Why Ambubasi Is Celebrated In Assam ?

পৃথিবীতেই মানুহৰ জন্ম , একমাত্ৰ মানুহ বুলি নহয় ফুল, পখী ,প্রকৃতি এক কথাত সকলো তো পৃথিবীৰ সন্তান। মহাজাগতিক ধাৰাত পৃথিবী যেতিয়া সূৰ্য্যৰ মিথুন ৰাশিৰ আদ্রা নক্ষত্রত অবস্থান কৰে সেইদিন পৰা বর্ষাকাল আৰম্ভ হয়। একেদৰে আমি জানো ছোৱালীৰ যেতিয়া ঋতুকাল বা ৰজঃস্বলা হয় এজনী নাৰী তেতিয়াৰ পৰাই সন্তান ধাৰণৰ সক্ষম হয় । ঠিক তেনেকৈ প্রতিবছৰ অম্বুবাচীৰ এই তিনদিনক পৃথিবীৰ ঋতুকাল হিচাপে ধৰা হয়। এই তিন দিন কামৰূপৰ কামাখ্যাত পূজা হয়। সমস্ত দেবী মন্দিৰ বন্ধ থাকে।

এইসময়ত যিয়ে ব্রহ্মচর্য পালন কৰে যেনে: ব্রহ্মচাৰী , সাধু , সন্ন্যাসী , যোগীপুৰুষ , বিধবা মহিলা কোনেও  আমিষ খাদ্য গ্রহণ নকৰি   নিৰামিষ খায় ৷ যিহেতু ইয়াৰ বহুতে  অশুচি পৃথিবীৰ ওপৰত  জুই জ্বলাই ৰন্ধা একো নাখায়।  বিধবা মহিলাই  তিন দিন ধৰি ব্রত ৰাখে । অম্বুবাচীৰ আগৰ দিন ৰন্ধা খাদ্য তিনিদিন খায়। সেই তিনি দিন সিহতে  কোনো গৰম  খাদ্য নখায় ।

বিভিন্নজনে ফলমূল খায়েই  এই তিন দিন কটায় । এই কাৰণে  এতিয়াও পৰিয়ালৰ বয়স্ক বিধবা মহিলাই তিনিদিন ধৰি অম্বুবাচী উপলক্ষ্যে ব্রত পালন কৰা দেখা যায়৷ যি  হওক এয়া ধর্মৰ এটা লৌকিক আচাৰ। প্রতি বছৰে আহাৰৰ  ৭ তাৰিখে এয়া আৰম্ভ  হয় আৰু ১০ তাৰিখে শেষ হয়। এই উপলক্ষ্যে বিভিন্ন ঠাইত অম্বুবাচী মেলা হৈ থাকে।
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

4 comments

  1. Nice
  2. Thanks for updated
    1. thank you for you comment. please share with your friends
  3. nice ....