এটা নীলা লিটমাছৰ গল্প Assamese Stroy | Assamese Romantic Hadhu
প্রেগনেন্চি টেষ্টৰ ষ্ট্ৰিপটো হাতত লৈ বিছনাত বহি আছো ।। ৰাতিপুৱাই মুৰটো একেবাৰে বেয়া । অনুৰাগ অফিচলৈ গুচি যোৱা বহুত সময় হল। এবাৰ ভাবিলো বাথৰুমলৈ গৈ ইউৰিন চেম্পল লৈ আনো। ভৰি দুখন শিল হৈ আছে। মনত সেই অজান ভয়টোৱে কাইটৰ দৰে বিন্ধি আছে। যদি এইবাৰো ,,,?
এই সাত বছৰে কিমানবাৰ যে পিৰিয়ড মিচিং হল।। কিমান টেনচন! কিমান প্রতিক্ষা! কিন্তু ফলাফল তো সেই শুন্য।
এইবোৰ ক্ষেত্ৰত অনুৰাগৰ আগ্রহ বাৰে বাৰে বেছি আছিল ।। আজিকালি এইবোৰ টেষ্ট -চেষ্ট লৈ খুব এটা আগ্রহ সি নেদেখুৱায় ।। মইও তাক নোকোৱা হৈছো ।। কিন্তু এইবাৰৰ দৰে দীর্ঘ সময় পিৰিয়ড মিচিং আগতে আৰু হোৱা নাছিল। ৰব ভুলকৈ কলো ।। এবাৰ হৈছিল। বহুদিন ধৰি বন্ধ হৈছিল। অনুুৰাগৰ বন্ধু ডাক্তৰ দিপাই কৈছিল ভালো খবৰ আহিব হেনো । আশাত আছিলো মই । অনুৰাগে বজাৰৰ পৰা , ইন্টাৰনেটত বিছাৰি সকলোতকৈ ভাল টেষ্ট ষ্ট্ৰিপ কিনি আনিছিল । পৰম আগ্রহেৰে তাত থকা ইনষ্ট্ৰাকচনবোৰ তেওঁ পঢ়ি থাকে।
মোক কয় , ৰাতিপুৱা উঠিয়েই প্রথম ইউৰিন চেম্পল লৈ টেষ্ট কৰিব লাগিব কিন্তু , বুজিছানে ??
মই লক্ষী ছোৱালীৰ দৰে মুৰটো দুপিয়াই দিও।
শুনা , এই টেষ্টটো হল লিটমাছৰ খেলা।। তুমি যেতিয়া ইউৰিন চেম্পল দিবা তেতিয়া দেখিবা নীল লিটমাছখন দুই মিনিটৰ ভিতৰতে ৰঙা হৈ যাব আৰু লগে লগে আমাৰ সন্তানৰ মুখ দেখা যাব।
মইও গাধৰ দৰে কওঁ " সচাকৈ কি বাবুৰ মুখ দেখা পাম ??"
মোৰ কৌতুহল দেখি সি হাঁহি হাঁহি বিচনাত বাগৰি পৰে।
মই লাজ পাওঁ ।
সেইবাৰ অনুৰাগেতো চেলিব্ৰেট কৰাৰ বাবে ফুল পর্যন্ত লৈ আহিছিল । কিন্তু হায়, নীল লিটমাছখন আজি পৰ্যন্ত ৰঙা নহল ।। নীল ৰঙা বিষ হৈ মোক অভিশাপ দি গল প্রতিনিয়ত !
এই সাত বছৰে মই এটা সন্তান দিব নোৱাৰিলো কিয় ?
বিয়াৰ দহ মাহ পিছত আমি নতুন ৰুমলৈ আহিলো । এসপ্তাহ নহওঁতেই এদিন ৰাতি শুনা পালো মেকুৰীৰ পোৱালিৰ মিউ মিউ শব্দ। মই ভীষণ ভয় খালো । অনুৰাগক টোপনিৰ পৰা মাতি তুলিলো। বহুত বিচাৰ খোচৰ কৰি দেখিলো নতুন আলমাৰিটোৰ তলত মেকুৰীয়ে পোৱালী জন্ম দিছে। মই চিঞৰি চিঞৰি কৈ থাকিলো , পেলাই দিয়া পেলাই দিয়া ।
মই সৰু কালৰ পৰাই কুকুৰ মেকুৰী এইবোৰ একেবাৰে অপছন্দ কৰো।
অনুৰাগে কয় - থাকক না পোৱালিকেইটা , একেবাৰে সৰু বাচ্চা।। ডাঙৰ হলে নিজে নিজে গুচি যাব।
মই প্রচন্ড খং কৰো ।
মোৰ খং দেখি অনুৰাগে সেই শীতৰ ৰাতিয়েই পেলাই দি আহিল পোৱালিকেইটা । যোৱাৰ সময়ত মই দৰ্জা খুলি চাই থাকিলো । দেখিলো ছয়টা মৰমীয়াল চকুই মোৰ পিনে চাই আছিল।
ইয়াৰ পিছতো মেকুৰীৰ মাকটোৱে কিছুদিন ঘৰলৈ আহি থাকিল। আলমাৰিটোৰ তলত পোৱালিকেইটাক বহুত বিছাৰি ফুৰিছে তাই ।। পোৱা নাই । পিছত দেখা নাই । ১বছৰ পিছত আকৌ দেখা পিলো মেকুৰী মাকজনীক।
দেখিয়ে চিনি পাইছো । এখন ভৰি চোচোৰাই চোচোৰাই তাই খোজ কাঢ়িছে।
অনুৰাগে কয় - চিনি পাইছা নে মেকুৰীটোক ? এইবাৰো হয়তো পোৱালি দিব। পোৱালি দিয়াৰ আৰু ঠাই পোৱা নাই। বাৰে বাৰে আমাৰ ঘৰলৈ হে আহে ।
অনুৰাগে লাঠি এডাল লৈ মাৰিবলৈ চেষ্টা কৰে।
মই চিৎকাৰ কৰি উঠো -প্লিজ প্লিজ নামাৰিবা তাইক ।
মোৰ এনে মিনতি দেখি সিও অপ্রস্তুত হয়।। বিৰক্ত হয়। মেকুৰীটোক নমৰাকৈ থাকে ।
এমাহৰ ভিতৰতে মেকুৰীটো আমাৰ ঘৰত পোৱালি জন্ম দিলে। মই চুপচাপ কৈ চাই থাকো । কি সুন্দৰ পোৱালিকেইটা । মই অভিভূত হৈ য়াও । মাক জনীয়ে কি সুন্দৰকৈ পোৱালিকেইটা আদৰ কৰে !!
মোৰ চকুলৈ পানী আহে । একমাত্ৰ মোৰ কোলা খালি থাকে কিয়। কি অপৰাধ মোৰ ? দীঘল ৰাতি দীঘল দিন কিমান যে পাৰ হল । অপেক্ষা আৰু অপেক্ষা।। অথচ এটি সন্তানৰ বাবে আমি কি কৰা নাই - ডাক্তৰ , কবিৰাজ সকলো ট্ৰাই কৰিছো।
সৃষ্টিকৰ্তাই কি মোক কোনো দিনে মা হবলৈ নিদিয়ে?? ইমান বিচাৰিলো , তাৰপিছতো নাই!
অথচ মোৰ বাইদেউৰ ছোৱালীজনী , যাক মই কোলাত লৈ লৈ মানুহ কৰিছো । বিয়াৰ তিনি মাহ পিছতে তাই কনচিভ কৰিচে।। মোক হাহি হাহি কলে -
দেখুৱাচোন খুৰী , কি কৰিছে এতিয়া ?
মই কওঁ- শুন পাগলী এয়া ভগবানৰ ইচ্ছা ।
তাই হাহি মাৰি কয় - ধুৰ, কি যে ক' -
মোৰ এতিয়াও মাষ্টাৰ্ছ কপ্লিট হোৱা নাই। তাৰ মাজতে বিয়া, বাচ্চা। না না মই এইবোৰ নোৱাৰো ।।
তোৰ এখেতে কি কয় ?
তেঁও আৰু কি কব খুৰী । এয়া তো এটা এক্সিডেন্ট ।। আমি দুয়োজনে মিলি ঠিক কৰিছো এবৰ্চন কৰিম ।
লাজ অপমানত মই ৰঙা হৈ যাও । বুকুৰ ভিতৰৰ কান্দোন বোৰে কুণ্ডলী পকায়।
মই বাইদেউৰ বুকুত মুখ গুজি পাতল হবলৈ চাঁও । কিন্তু যি দীর্ঘশ্বাস বুকুৰ গহীনত প্রথিত হৈ আছে সেয়া কি শেষ হব এতিয়া ? উভতি আহে বাৰবাৰ।
সিদিনা কাম কৰা পেহীয় চন্দ্ৰাই আমাৰ তাত আহি কান্দিছিল ।মই সুধিলোঁ কি হৈছে ?
মইনাৰ দেউতাকে নতুন বিয়া কৰাইছে । সি মোক এৰি গৈছে ।
মই কও , গৈছে ভালে হৈছে ।। কাম নকৰে । তোমাৰ টকাৰে নিচা কৰে। থাকিলে কি হব ??
- মোৰ পেটত ছয় মাহৰ বাচ্ছা আছে ।
মই কলো - আগতে কোৱা নাই কিয় ? আগত কলে কি কামত ৰাখিলে হয় নেকি ?
হয় ঠিকেইচোন সেইকাৰনেইতো দুই বছৰৰ কণমানি বাচ্চাসহ চন্দ্ৰাক কামত লৈছো বাবে অনুৰাগে মোক বহুত কথা শুনাইছে।। বাচ্চাসহ কিয় তাইক কামত ললো? আৰে কিয় লৈছো সেইটো কেনেকৈ তোমাক বুজাম অনুৰাগ !! ঘৰত এজন বাচ্চা থাকক এইটো কি তুমি অনুভব কৰিব নোৱাৰা নে ? হওক না সেইটো অন্যৰ।
চন্দ্ৰাৰ প্রগনেন্সিৰ কথা শুনি তাইক খেদি দিব নোৱাৰো । তাতকৈ কাম কাজ বিলাক আমি একেলগে ভাগাভগি কৰি কৰো ।। ভাল খাবলৈ দিয়ে। ডাক্তৰক দেখায়।।
এদিন সন্ধিয়াৰ সময়ত মোক ক'লে
- পেটত থকা টোক আপনাক দিম। দুখীয়া মানুহ আমি।। নিজেই চলিব নোৱাৰো ।। দুজনক লালন পালন কৰিম কেনেকৈ ?
ৰাতি অনুৰাগক ঘটনাটো খুলি কলো । সে খুব এটা ইন্টাৰেষ্ট নেদেখুৱালে আৰু একো নকলে।
মই নিজৰ মতে প্রস্তুতি লৈ থাকো। কিন্তু ছন্দ্ৰাক ইমান আদৰ যত্ন কৰিলো যে, বাচ্চা হোৱাৰ পিছতহে দেখিলো তাইৰ অন্য ৰূপ।
মাহীদেউ আপুনি মোক ক্ষমা কৰক।। নিজৰ কোলা খালি কৰি কোনো মায়ে বাচ্চা নিদিব মাহীদেউ।।
কিন্তু দিব বিচাৰিছিল কিয় ?
আপোনাক কেনেকৈ বুজাম মাহীদেউ।। কোনে বুকু খালি কৰিব বিচাৰে কওঁকছোন ? মা হলে বুজিব পাৰিলে হেতেন মাহীদেউ ? কিমান কষ্ট?
ছন্দ্ৰাৰ কথাবিলাক মোৰ বুকু ভাঙি দিয়ে ।
ও মইতো মা নহয় !! বুজিম কেনেকৈ ? কাম কৰা চন্দ্ৰা পেহীও মোক কথা শুনায়।
অৱশ্যে কোনে মোক কথা নুশুনায় ?নিজৰ মা, ভনী, দাদা সকলোৱে।।শশুৰ, শাহুআই ,
হা হা হা। কথাবোৰ শুনি মোৰ গাৰ ভৰ বাঢ়ি গৈছে। কিন্তু হায় অনুৰাগ......অনুৰাগে মোক কোনো দিনে একো কোৱা নাই। কোনো কটু কথা শুনোৱা নাই। সঁচাকৈয়ে মোক ভালপায়। সেয়েইতো আজিও বাচি আছো। তেওঁৰ কষ্ট মই ফিল কৰিব পাৰো...
সেয়েইতো ময়ো পিৰিয়ড মিচিং হোৱা কথা এইবাৰ কোৱা নাই ।। যদি সি আকৌ কষ্ট পায়।। একে অভিজ্ঞতাতো ইয়াৰ আগেও হৈছে । বেচেৰাটো ।
এইবোৰ ভাবি ভাবি মই ৱাশ্বৰুমলৈ খোজ দিলো। ইউৰিণ চেম্পল লৈ আহি বিচনাত আহি বহিলো।।মোৰ হাত ভৰি কপি উঠিছে। পেকেটত লিখা ইনষ্টাকচন বোৰ ভালকৈ পঢ়ি ললো। । অনুৰাগৰ কথাবোৰে বাৰে বাৰে মোৰ কাণত বাজি আছে । নীলা লিটমাছ ৰঙা হবলৈ লাগিব ।। হবলৈ লাগিবই । কঁপা কঁপা হাতেৰে ইউৰিণ চেম্পল ঢালি দিলো । চকু বন্ধ কৰি অপেক্ষা কৰি আছো মই । আৰু দুই মিনিটৰ পিছত সকলো জনা যাব ।
আচ্ছা লিটমাচখন যদি কোনো যাদুৰ দ্বাৰা ৰঙ সলনি হৈ যায় ??
এনেকুৱা নহয় কিয় ?
মই সৃষ্টিকর্তাৰ ওচৰত প্রার্থনা কৰাৰ বাবে দু'হাত তুলিছো।। কিন্তু হায়। একো কবলৈ পৰা নাই। মাত্ৰ ওঠ দুটি অনবৰত কঁপিছে । বন্ধ চকুৰ কোণ এটাৰে তপত চকুলো এধাৰি নামি আহিছে ।। মই চকুটো সামান্য মেলি চালো । যেন অনন্ত কাল পিছত চকু মেলিছো । সিক্ত চকুৰে যি দেখিছো সেয়া অকল্পনীয়।। কি যে সতেজ ৰক্তজবা পৰি আছে মোৰ অত দিনৰ নীল ৰঙা অপৰাজিতাৰ বুকুত ।
ইমান আনন্দ মই সহ্য কৰো কিদৰে ।
আনন্দত কপি কপি অনুৰাগক ফোন কৰিলো । একে উশাহতে সকলো কৈ দিলো তেওঁক । মোৰ দুচকুৰ পানী তেতিয়া অযুত নিযুত ধাৰাত বহমান । সিটোমূৰত অনুৰাগেও একো কোৱা নাই ।মই নিশ্চিত মোৰ দৰেই তিতি গৈছে তাৰ দুচকু
মই ফোনৰ ইটোমুৰত থাকি তেওক আৰু অপ্ৰস্তুত কৰা নাই। কান্দক লৰাটোৱে ।কান্দক ।কান্দি কান্দি চিঞৰি উঠক সি ।কষ্ট বোৰক বাহিৰ কৰি দিয়ক না চকুৰ পানীৰ সৈতে।