Bohag Bihu Wishes 2021 | Rongali Bihu Quote |ৰঙালী বিহু sms
Happy Bihu 2020 Wishes Images, Quotes, Status, Wallpaper, SMS, Messages, Pics and Greetings
Bohag Bihu Wishes 2021 | Rongali Bihu Quote |ৰঙালী বিহু sms
বহাগ আমাৰ আয়ুস ৰেখা। ভাল লাগে বিহু বুলিলেই মন প্রাণ..বিহু আমাৰ কৃষ্টি আমাৰ অস্তিত্ব জীয়াই ৰখাৰ পৰম্পৰা। আমাৰ বিহু আমিয়েই ৰাখিব লাগিব চিৰকালৰ বাবে।
পাৰিলে আহক একেলগে উলাহেৰে গাই যাওঁ
“বিহুটি বছৰি আহিবা, অসমী আইকে জগাবা..................”
Happy Bihu 2021 Wishes Images, Quotes, Status, Wallpaper, SMS, Messages, Pics and Greetings image
ৰঙালী বিহুৰ শুভ কামনাৰে : happy rangali bihu 2021
সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ হওঁক সকলোৰে জীৱন, তাৰেই আন্তৰিক কামনাৰে…
সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক কামনাৰে.
Rongali Bihu Wishes
বহাগ, ব্ৰহ্মপুত্ৰ আৰু বৰাক-- অসমীয়া জাতিৰ প্ৰথম পৰিচয় । এই নতুন বহাগে সকলোলৈ কঢ়িয়াই আনক- সুখ, শান্তি আৰু সমৃদ্ধি । তাৰেই কামনা কৰি সকলোলৈ অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালো ।
বহাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ; অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণ জীৱনৰ ই সাহ। ” --ড° ভূপেন হাজৰিকাbihu wishes in assamese language
সকলোলৈ বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ । বিহুটিয়ে শান্তি-সম্পৃতি , ভাতৃত্ববোধ আৰু সংস্কৃতিৰ এনাজৰীডাল অধিক শক্তিশালী কৰিব ।
Bohag bihu wallpaper 2021
![]() |
bohag bihu wishes 2021 |
মৰমৰ দীঘ দি চেনেহৰ বাণী বৈ হেঁপাহৰ আঁচুৰে বোৱা,সপোন ফুলেৰে ফুলাম মোৰ এই বিহুৱান মন দি এবেলি লোৱা…
Rongali bihu images
![]() |
bihu wishes assamese new year | Rongali Bihu Quote
নাহৰ ফুল ফুলিবৰ বতৰ ঐ লাহৰী তগৰ ফুল ফুলিবৰ বতৰ,নাহৰৰ গোন্ধে পাই লাহৰীৰ ততে নাইগ ছকত ভাঙি যায় যঁতৰ…
![]() |
টকাৰ সৰু সৰু মাতে সমনীয়া টকাৰ সৰু সৰু মাত, টকাৰ মাতে শুনি ৰ’ব মই নোৱাৰি এৰি যাওঁ পেটৰে ভাত
পেঁপাটি বজাবৰ তিনিটি আঙুলি মাজৰটি আঙুলি লৰে,যেতেকে লৰিব পুৰুষৰ আঙুলি তেতেকে জেউতি চৰে…
গগণা আৰণি গগণা পুৰণি ঐ গগণা কিহেৰে বায়, দুফালে দুচাটি এফালে এচটি ঐ মুগা সূতা লগায়ে বায়…
সুতুলি সুতুলি মাটিৰে সুতুলি সুতুলি কিহেৰে বাওঁ,ককাঁলৰ খোচনিত মাটিৰে সুতুলি আঙুলি বোলায়ে বাওঁ…
ঢোলৰ নাম উৰুলি ঢোলৰ নাম কুৰুলি ঢোলত ধৰিলে ঘূণে,মৰাণৰ মুচিয়াৰ ঘৰত নাইকিয়া ঢোল চাই দিব কোনে?