The Last Day Of My School | Assamese Story | স্কুলৰ শেষ দিনটো
--ৰোল নং 4
--ইয়েচ ছাৰ
--ৰোল নম্বৰ 5
--ইয়েচ ছাৰ
আৰু এদিন বন্ধ হৈ গৈছিল শেষ বাৰৰ বাবে হাজিৰা বহীখন। এতিয়া হয়টো
বিদ্যালয়ৰ কোনো এটা কোণত পৰি আছে । ইমানদিন ধৰি ধুলিৰে ভৰি
পৰি লেতেৰা হৈ যোৱা পুৰণি হাজিৰা বহীখনত এতিয়াও জমা হৈ আছে আমাৰ স্কুলীয়া
জীৱনৰ ১০ বছৰৰ মায়াজালত আবদ্ধ প্রিয় মানুহবোৰৰ নাম।আৰু এনেকৈ
সাক্ষী হৈ থাকিব স্কুল জীৱনত কটোৱা প্রত্যেকটো দিনৰ খবৰবোৰ
ইচ্ছা কৰিলেও আৰু আমি উভতি নাপাওঁ সেই দিনবোৰ। উভতি নাপাওঁ সেই প্ৰিয়
মানুহবোৰ। আৰু হয়তো কোনোদিনে কোৱা নহব ছাৰ বাইডেউ বা আচাৰ্য্য আচাৰ্য্যা ক দিয়া
বিভিন্ন মজাৰ নামবোৰ। আৰু নামবোৰকো সেই একেই মিচ্ কৰি ফুৰো। মিচ কৰো পাৰ
হৈ অহা স্কুল লাইফটোক। খুব ইচ্ছা হয় এবাৰ আকৌ হাল্লা হুলস্থুল কৰি একেলগে
আমিবোৰে এটা ক্লাছ কৰিম। কিন্তু নহয়। কিয়নো মুহুৰ্তবোৰ কেতিয়াওঁ উভতিয়েই নাহে।
কিয়নো হাজিৰা বহীখন বন্ধ হৈ যোৱাৰ দিনাখনেই হেৰাই গৈছিল আমাৰ জীৱনৰ পৰা
সোনালী দিনবোৰ । আজিকালি বহুতৰ সৈতে যোগাযোগ বন্ধ হৈছে। বহুতে বহুত ডাঙৰ হৈ
গৈছে। কিছুমান বিয়া হৈ গ'ল । কিছুমান বহু দুৰলৈ গুচি গল। এটা স্মৃতিৰ ডায়েৰীত
কিছুমান আকৌ স্মৃতি হৈ ৰ'ল। যি যতেই নাথাকক, ভালে থাকক ১০বছৰৰ
মায়াজালত আবদ্ধ আমাৰ প্রিয় মানুহবোৰ