Follow Us/ Join our Telegram/ Whatsapp Group. Check Here

Search Suggest

নাৰিকলৰ গাখীৰ খালে কি হয় জানেনে : Health Tips In Assamese

Health Tips In Assamese
coconut milk benefit assamese | Assamese Milk | Health tips Assamese


নাৰিকলৰ গাখীৰ খালে কি হয় জানেনে : Health Tips In Assamese


নাৰিকলৰ গাখীৰ হয়তো বহুতে খাইছে । সোৱাদো ভাল । আনৰ কথা নাজানো মই হলে বৰ ভাল পাও । আহক আজি এই বিষয়টোকে আলোচনা কৰো।

প্ৰথমে অন্নান্য গাখীৰৰ উপাদানৰ লগত তুলনা কৰি চাওঁ-----

গৰুৰ গাখীৰ --প্ৰটিন ৩•৩,স্নেহ পদাৰ্থ (fat) ৩•৬, শৰ্কৰা ৪•৮ধাতব লবন ৭•০  কেলৰি ৬৫ 

মহৰ গাখীৰ--প্ৰ:-৪•৩, স্নেহ-৮•৮, শৰ্কৰা-৫ •১ ধা:লবন-০•৮ কেলৰি ১১৭

ছাগলী গাখীৰ - প্ৰ: ৩•৭, স্নেহ৫৬ , শৰ্কৰা-৪•৭ , ধা: লবন-০•৮,কেলৰি ৮৪

মাতৃদুগ্ধ (মানুহৰ)-- প্ৰটিন ১•০, স্নেহ৩•৯ ,শৰ্কৰা ৭•০ , ধা:লবন ০•১ কেলৰি ৬৭ 

কৃত্ৰিম গাখীৰ -- প্ৰ:,৩৩•৮৮স্নেহ ১•০ , শৰ্কৰা ৫১•০ , ধা:লবন ৬°৮ ,কেলৰি ..

নাৰিকলৰ গাখীৰ -- প্ৰ:০•৯ , স্নেহ ৭•১,শৰ্কৰা ১•৮ , ধা:লবন ৫•৫ , কেলৰি ৫০-১০০

(কেচা আৰু পুৰঠ নাৰিকল ভেদে উপাদানৰ পৰিমানৰ হেৰফেৰ হব পাৰে) 

অন্যহাতে মানুহ বা যিকোনো জীৱজন্তুৰ দুগ্ধত থকা ভিটামিন,আইৰন, কেলচিয়াম, পটেচিয়াম ,মেগনেচিয়াম,ফচফৰাচ,এমাইনো এচিদ আদি পৰ্যাপ্ত পৌষ্টিক গুণাগুণ থকাৰ দৰে 

শিশুৰ উপযোগী নাৰিকলৰ গাখীৰৰ পুষ্টিগুণ


নাৰিকল দুগ্ধতো  নৱজাত শিশুৱে হজম কৰিব পৰা সকলো ধৰনৰ পৌষ্টিক গুণেৰে ভৰপুৰ মাত্ৰাত থাকে ।

আজিকালি বহুতো কাৰনত মহিলাৰ প্ৰসৱৰ পিছত ২-৪ বা ততোধিক দিনলৈ মাতৃ- দুগ্ধ কম বা নথকা পৰিলক্ষিত হয় ।

অন্যহাতে মাতৃহাৰা শিশুৰ ক্ষেত্ৰতো কৃত্ৰিম গাখীৰ খুউৱাব লগা হয় । 

ইয়াৰ অন্যথা গ্ৰাম্যাঞ্চলত গৰু,ছাগলী,ম'হ আদিৰ গাখীৰ পানী মিহলাই খুৱাব লগা হয় । জন্তু বা আন কোনো গাখীৰত প্ৰটিন বা আন উপাদানৰ মাত্ৰা অধিক হোৱাৰ বাবে নৱজাত শিশুৱে সহজে হজম কৰিব নোৱাৰে । 

এনে পৰিস্থিতিত সম্ভৱ হলে কম কম মাত্ৰাত প্ৰাকৃতিক ভাবে উৎপাদিত নাৰিকলৰ গাখীৰ( সমানে কুহুমীয়াগৰম পানী মিহলাই) কেচুৱাক খুৱাব পাৰি (

➡👭কবলৈ গলে নাৰিকল দুগ্ধ নবজাতক বা অন্যান্য সকলো শিশুৰ বাবে মাতৃদুগ্ধৰ সমানে গুনকাৰী পৌষ্টিকআহাৰ ।( যোগ গুৰু -শ্ৰীমৎ স্বামী শিৱানন্দ সৰস্বতী পৰামৰ্শমতে)

 নাৰিকল্ দুগ্ধৰ প্ৰস্তুত প্ৰনালী:-

নাৰিকল ৰুকি লৈ বা মিক্সিত মিহি কৰি পৰিস্কাৰ কাপোৰেৰে চেপি গাখীৰ উলিওৱা হয় । বেচি শুকান হলে কিছু পানী মিলাব পাৰে ।অধিক গাখীৰ নিষ্কাষনৰ বাবে পানী চতিয়াই ২-৩বাৰ চেপিব পাৰে । খোলা ঠাইত বেচিসময়লৈ সংৰক্ষন নকৰিব। ফ্ৰীজত ২-৩দিনলৈ থব পাৰিব । খাবৰ বাবে অধিক গৰম নকৰি সামান্য গৰম কৰিহে খাব । অইন খাদ্যত বা চাহত মিহলায়ো খাব পাৰে । 

👁👁 মনত ৰাখিব :- কাহ সৰ্দি ,হাইফাই,হাপানি ৰোগী বা যিকোনো লোকে অতিমাত্ৰা নাৰিকল নাখাব ॥ কাৰন খোৱা অভ্যাস নথকা লোকৰ পেটৰ অসুখ হব পাৰে । 

✅শিশুক নাৰিকল গাখীৰ খুৱাওতে প্ৰথমাৱস্থাত অতি কম মাত্ৰাত কুহুমীয়া গৰম পানী মিহলাই পনীয়াকৈ খুৱাব ।

ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে সীমিত দুগ্ধ উৎপাদনে গাখীৰৰ দৈনিক চাহিদা কোনোপধ্যে পুৰন কৰাব নোৱাৰে । চহৰ নগৰ এনেকি গাওঁৰ জনসাধাৰনেও গোদুগ্ধৰ অভাৱত কৃত্ৰিম পেকেট গাখীৰ খাবলগীয়া হৈছে ।

মাতৃদুগ্ধ এৰাৰ পিচত সাধাৰন পৰিয়ালৰ শিশু বা ছাত্ৰ ছাত্ৰীক এটুপী বিশুদ্ধ গাখীৰ খুৱাবলৈ নাই । সেয়ে নাতনিৰ সুযোগ লৈ বিভিন্ন বিজ্ঞাপনেৰে কোম্পেনী সমুহে কৃত্ৰীম শিশু খাদ্যৰ পোহাৰ মেলিছে ।এইবোৰৰ জুতি লৈ আজিকালি বহুতো

শিশুৱে শুদ্ধ গাখীৰ ,দৈ, ঘিউ আদি কোনোপধ্যে নোখোৱা হল । 

শিশু সকলক বাদেও দৈ ,ঘী ,মাখন আদি আজিকালি বহুতেই বেয়া পোৱা হল । 

👗বয়স্ক লোকৰ বাবেও বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে নাৰিকল ওষধী স্বৰুপ । (পিছৰ খন্ডত বৰ্নোৱা হব )

নাৰিকল গাখীৰৰ ভৰপুৰ পুষ্টিগুণৰ বাবে ৰাচিয়া আদি বিদেশৰ স্বাস্থ্যসজাগ দেশবোৰে নাৰিকল গাখীৰ সংৰক্ষন তথা সুলভ বিক্ৰী ব্যৱস্থা কৰিব ধৰিছে যি অন্য কৃত্ৰীম দুগ্ধতকৈ শ শ গুণে উ্ন্নত । ভাৰতৰ সকলো ৰাজ্যতে কমবেচিকৈ নাৰিকল উৎপাদন হয় । ইয়াক বহল ভাৱে উৎপাদন কৰি নাৰিকল তেল , প্ৰাকৃতিক পানীয় , শিশুখাদ্য আদিৰ লগতে গোদুগ্ধৰ নাতনি পুৰাবলৈ নাৰিকল গাখীৰৰ সংৰক্ষন তথা যোগান ব্যৱস্থাৰে কোটি কোটি পুষ্টিহীন 

শিশু' মাতৃ বালক বালিকা বা সাধাৰন লোকৰ সুস্বাস্থ্যৰ কথা ভাবিবলৈ চৰকাৰ পক্ষৰ আহৰি হবনে ? 

নিত্য ব্যৱহাৰ্য বিদেশী সামগ্ৰী ,ঔষধ,পথ্য আদি নিজাববীয়াকৈ উন্নত মানেৰে প্ৰস্তুত কৰাৰ কথা ভাৰতীয় গৱেষক সকলে কেতিয়াবা ভাবিবনে ?

সকলো সামগ্ৰী প্ৰস্তুতকৰনৰ পণ্যদ্ৰব্য ভাৰতৰ বনে জঙ্গলে উভৈনদী । সেইবোৰ আনক দি অধিক মুল্যত ৰেডিমেদ খাব এৰি কোনে ভাবে নিজে বনাবলৈ (?) 

বোধহয় আহৰিও নাই ভাবিবলৈ ।

বন্ধুসকল নাৰিকলৰ গুণাগুনৰ বিষয়ে জানিবলৈ বহুত তথ্য আছে -যিবোৰ চুটি লিখনীত সম্ভৱ নহয়। সেয়ে পিছৰ খন্ডত পুনৰ লিখিম । 

পিছে  মোৰ অনুৰোধ:--

নাৰিকল নিত্য খাদ্যৰ তালিকালৈ আনক ।

যদি আপোনাৰ উপযুক্ত ঠাই আছে সতি সন্ততিৰ নামত যত্নেৰে নাৰিকল গছ নিজেও ৰুব আনকো ৰুবলৈ কব । 

(যোগ গুৰু -শ্ৰীমৎ স্বামী শিৱানন্দ সৰস্বতী ৰচিত পুস্তিকাৰ সহায় লোৱা হৈছে)


আপোনাৰ সেৱাত 
শ্ৰী যতীন দাস। মালয়বাৰী 
কামৰূপ -ম(অসম)জুন-২০১৮ইং
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog

Post a Comment